বিশ্বকাপ দলৰ পৰা কিয় বাদ পৰিল শুভমন গীল ? জনালে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে

শনিবাৰে টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলৰ পৰা বাদ পৰিল তাৰকা বেটছমেন শুভমন গীল । খেলুৱৈগৰাকীক নিৰ্বাচন নকৰা সন্দৰ্ভত অজিত আগাৰকাৰে প্ৰকাশ কৰিলে এই কথা…

আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল । সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টিম ইণ্ডিয়াই নিজৰ খিতাপ অক্ষুন্ন ৰখাৰ উদ্দেশ্যৰে যুঁজত নামিব । অধিনায়ক সূৰ্য্য, মুখ্য নিৰ্বাচক অজিত আগৰকাৰ, বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়া উপস্থিত থকা সংবাদমেলত এই দলটো ঘোষণা কৰা হয় । সংবাদমেলত আটাইতকৈ ডাঙৰ আলোচনাৰ বিষয় আছিল শেহতীয়াকৈ টি-২০ দলৰ সহ-অধিনায়ক হিচাপে দায়িত্বত থকা তাৰকা বেটছমেন শুভমন গীল দলৰ পৰা বাদ পৰাটো । মুখ্য নিৰ্বাচক অজিত আগৰকাৰে গীল বিশ্বকাপৰ দলৰ পৰা বাদ পৰাৰ মূল কাৰণ ব্যাখ্যা কৰে ।

কিয় বাদ দিয়া হ’ল শুভমন গীলক ?

মুখ্য নিৰ্বাচক অজিত আগৰকাৰে শুভমন গীল বাদ পৰাৰ কাৰণ প্ৰকাশ কৰি কয় যে গীলৰ শেহতীয়া ছন্দ আৰু দলৰ সংমিশ্ৰণৰ বাধাই এই সিদ্ধান্তৰ আঁৰৰ কাৰণ । অজিত আগৰকাৰে কয়, “আমি জানো যে তেওঁ কিমান মানসম্পন্ন খেলুৱৈ, কিন্তু হয়তো তেওঁ এই মুহূৰ্তত তেওঁৰ কেইটামান ৰান কম আছে । যোৱা বিশ্বকাপতো বাদ পৰাটো দুৰ্ভাগ্যজনক আছিল, কিয়নো আমি বিভিন্ন কম্বিনেচনৰ সৈতে গৈছিলো । কিন্তু এই সিদ্ধান্ত আন সকলোতকৈ বেছি কম্বিনেচনৰ বাবেই লোৱা হৈছে । যেতিয়া ১৫জন বাছনি কৰা হয়, তেতিয়া কোনোবা বাদ পৰিব লগা হয় হয় আৰু দুৰ্ভাগ্যজনকভাৱে, এইবাৰ গীলৰ ক্ষেত্ৰত এনে হয় ।”

উল্লেখ্য যে, শুভমন গীলৰ শেহতীয়া প্ৰদৰ্শন যথেষ্ট দুৰ্বল । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল । তেওঁ মাত্ৰ ৪, ৪, ০, আৰু ২৮ ৰানৰ ইনিংছ খেলিছিল । তদুপৰি ২০২৫ চনত টি-২০ ফৰ্মেটত তেওঁ এটাও ডাঙৰ ইনিংছ খেলিব পৰা নাছিল, এটাও অৰ্ধশতক অৰ্জন কৰিব পৰা নাছিল । ইয়াৰ ফলত নিৰ্বাচকসকলে এই উল্লেখযোগ্য সিদ্ধান্ত ল’বলৈ বাধ্য হয় । পৰৱৰ্তী সময়ত তেওঁ আঘাতৰ বাবে চূড়ান্ত মেচত অংশ লোৱাত ব্যৰ্থ হয় ।

আনহাতে, উইকেটকীপাৰ-বেটছমেন জিতেশ শৰ্মাও দলত স্থানৰ পৰা বঞ্চিত হয় । আগৰকাৰে কয় যে তেওঁ শীৰ্ষ ক্ৰমত অধিক উইকেটৰক্ষক থকাতো বিচাৰে আৰু তেনে কৰিবলৈ তেওঁ এজন মূল বেটছমেনক ত্যাগ কৰিব লগা হয় । আগৰকাৰে কয়, “আমি কম্বিনেচনটো চাইছো । জিতেশে বিশেষ ভুল কৰা নাই । অৱশ্যে তেওঁ নিম্ন ক্ৰমত বেটিং কৰে আৰু শীৰ্ষ ক্ৰমত উইকেটকীপাৰ-বেটছমেনৰ প্ৰয়োজনীয়তাৰ বাবে ঈশান কিষনক তেওঁৰ ঠাইত সুযোগ দিয়া হৈছে ।”

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, বাদ পৰিল কেইবাজনো খেলুৱৈ

২০২৬ৰ টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাক ডাঙৰ দায়িত্ব; আই চি চিৰ অধ্যক্ষৰ ঘোষণা

ৰোহিত শৰ্মাক ডাঙৰ দায়িত্ব

ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা দুবাৰৰ টি-২০ বিশ্বকাপ বিজয়ী ৰোহিত শৰ্মাক আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ টুৰ্ণামেণ্টত ডাঙৰ দায়িত্ব প্ৰদান কৰা হৈছে । হিটমেন হিচাবে পৰিচিত ৰোহিতক টি-২০ বিশ্বকাপ ২০২৬ৰ টুৰ্ণামেন্ট এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে ।

২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ প্ৰতিযোগিতা । ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগা এই প্ৰতিযোগিতাৰ ফাইনেল ৮ মাৰ্চত অনুষ্ঠিত হ’ব । ১৫ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত গ্ৰুপ পৰ্যায়ৰ হাই ভল্টেজ মেচ অনুষ্ঠিত হ’ব ।

২০২৪ চনৰ টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাই নেতৃত্ব দিছিল টিম ইণ্ডিয়াক । ৪,২৩১ ৰান সংগ্ৰহ কৰি টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে ৰোহিতে । এই ফৰ্মেটত তেওঁৰ গড় ৩২.০১ আৰু ষ্ট্ৰাইক ৰেট ১৪০.৮৯ ।

উল্লেখ্য যে, ভাৰতৰ হৈ দুটা বিশ্বকাপ জয়ৰ সৈতে জড়িত আছিল হিটমেন ৰোহিত শৰ্মা । ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ অভিষেক মেচতে তেওঁ দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছিল । য’ত তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫০* আৰু পাকিস্তানৰ বিৰুদ্ধে ফাইনেলত ৩০* ৰান সংগ্ৰহ কৰিছিল ।

২০২৪ চনৰ টি-২০ বিশ্বকাপত ভাৰতৰ অধিনায়ক হিচাপে তেওঁ ১১ বছৰৰ পাছত ভাৰতক আই চি চি ট্ৰফীলৈ প্ৰদান কৰে । এই প্ৰতিযোগিতাত ১৫৬.৭০ ষ্ট্ৰাইক ৰেটেৰে ২৫৭ ৰান সংগ্ৰহ কৰি ভাৰতৰ সৰ্বাধিক স্ক’ৰাৰ হিচাপে পৰিগণিত হয় ৰোহিত । তেওঁৰ স্মৰণীয় ইনিংছ আছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯২ (৪১) আৰু ইংলেণ্ডৰ বিৰুদ্ধে ৫৭ (৩৯) ৰান । বিশ্বকাপ জয়ৰ পিছতে ৰোহিতে টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ।

টুৰ্ণামেন্ট এম্বেছাদৰ হোৱাৰ পিছত ৰোহিত শৰ্মাই কয়, “এই প্ৰতিযোগিতাখন ভাৰতলৈ ঘূৰি অহাটো বৰ ভাল কথা । নতুন ৰূপত এই ফৰ্মেটত জড়িত হোৱাটো এক সন্মানৰ বিষয় । সকলো খেলুৱৈলৈ শুভেচ্ছা । আশাকৰোঁ তেওঁলোকে ভাৰতৰ আতিথ্য উপভোগ কৰিব আৰু স্মৰণীয় স্মৃতি ঘৰলৈ লৈ যাব ।”

লগতে পঢ়ক : ঘোষণা হ’ল আই চি চি টি ২০ বিশ্বকাপৰ দিন; ১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ যুঁজ

ঘোষণা হ’ল আই চি চি টি ২০ বিশ্বকাপৰ দিন; ১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ যুঁজ

আই চি চি টি ২০ বিশ্বকাপ

অহা বছৰ অনুষ্ঠিত হ’বলগা আই চি চি টি ২০ বিশ্বকাপৰ সময়সূচী মঙলবাৰে ঘোষণা কৰা হয় । ২০টা দলৰ এই বিশ্বকাপ প্ৰতিযোগিতা ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিব । খিতাপ ৰক্ষাৰ উদ্দেশ্যেৰে এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিব ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় দলে । ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে ২০২৪ চনত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি এই ট্ৰফী লাভ কৰিছিল । এইবাৰ এই প্ৰতিযোগিতাৰ দশম সংস্কৰণ অনুষ্ঠিত হ’ব । ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই টি-২০ বিশ্বকাপ প্ৰতিযোগিতা ।

কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আই চি চি টি ২০ বিশ্বকাপ ২০২৬ৰ সূচী প্ৰকাশ কৰা হয় । এই অনুষ্ঠানত আই চি চিৰ অধ্যক্ষ জয় শ্বাহ, ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, ২০২৪ চনৰ টি ২০ বিশ্বকাপক নেতৃত্ব দিয়া ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা, বৰ্তমানৰ ভাৰতীয় টি-২০ অধিনায়ক সূৰ্যকুমাৰ যাদৱ, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ মিথুন মানহাছ, সচিব দেৱজিৎ শইকীয়া, উপাধ্যক্ষ ৰাজীৱ শুক্লা আদিয়ে অংশগ্ৰহণ কৰে ।

আঠটা স্থানত অনুষ্ঠিত হ’ব মেচ-

আই চি চিৰ সভাপতি জয় শ্বাহে উল্লেখ কৰে যে ২০২৬ চনৰ টি ২০ বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাৰ আঠটা স্থানত অনুষ্ঠিত হ’ব । ভাৰতত মুঠ পাঁচটা স্থানত খেল অনুষ্ঠিত হ’ব, আনহাতে শ্ৰীলংকাৰ তিনিটা স্থানত এই প্ৰতিযোগিতাৰ বাবে মেচ অনুষ্ঠিত হ’ব । ভাৰতত দিল্লী, মুম্বাই, চেন্নাই, কলকাতা আৰু আহমেদাবাদত খেল অনুষ্ঠিত হ’ব । ইফালে শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাছা আৰু এছ স্প’ৰ্টছ ক্লাবত মেচ অনুষ্ঠিত হ’ব, আনহাতে কেণ্ডিৰ পালেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামতো মেচ অনুষ্ঠিত হ’ব ।

প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব ইটালীয়ে-

যোৱাবাৰৰ দৰেই ২০টা দলে টি ২০ বিশ্বকাপত অংশগ্ৰহণ কৰিছে । এই সকলোবোৰ দলকে চাৰিটা গ্ৰুপত ভাগ কৰা হৈছে, প্ৰতিটো গ্ৰুপত পাঁচটা দল ৰখা হৈছে । গ্ৰুপ পৰ্যায়ৰ পিছত ছুপাৰ এইট পৰ্যায়ৰ মেচ অনুষ্ঠিত হ’ব । প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে এই পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব । ছুপাৰ এইট পৰ্যায়ত আঠটা দলক দুটা গ্ৰুপত ভাগ কৰা হ’ব, প্ৰতিটো গ্ৰুপত চাৰিটা দল থাকিব ।

প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দল ছেমি ফাইনেলত প্ৰৱেশ কৰিব, তাৰ পিছত দুটা দলে ফাইনেল খেলিব । এইবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহৰ ভিতৰত আছে ভাৰত, নামিবিয়া, নেদাৰলেণ্ড, পাকিস্তান, আমেৰিকা, বাংলাদেশ, ইটালী, ইংলেণ্ড, নেপাল, ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, ওমান, শ্ৰীলংকা, জিম্বাবুৱে, আফগানিস্তান, কানাডা, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, আৰু ইউ এ ই ।

একেটা গ্ৰুপত ভাৰত-পাকিস্তান-

ভাৰত আৰু পাকিস্তান এই প্ৰতিযোগিতাৰ একেটা গ্ৰুপতে আছে । ভাৰতৰ উপৰিও গ্ৰুপ এত পাকিস্তান, আমেৰিকা, নেদাৰলেণ্ড, নামিবিয়া আছে । গ্ৰুপ বিত আছে অষ্ট্ৰেলিয়া, সহ-আয়োজক শ্ৰীলংকা, আয়াৰলেণ্ড, জিম্বাবুৱে, আৰু ওমান । গ্ৰুপ চিত আছে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ, নেপাল, আৰু ইটালী । গ্ৰুপ ডিত নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, আফগানিস্তান, কানাডা, ইউ এ ই আছে ।

কলম্বোত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ মেচ-

ভাৰতে অহা ৭ ফেব্ৰুৱাৰীৰ পৰা আমেৰিকাৰ বিৰুদ্ধে টুৰ্ণামেণ্টত নিজৰ অভিযান আৰম্ভ কৰিব । এই মেচখন মুম্বাইত অনুষ্ঠিত হ’ব । ইয়াৰ পিছতে ১২ ফেব্ৰুৱাৰীত নতুন দিল্লীত মুখামুখি হ’ব ভাৰত আৰু নামিবিয়া । আনহাতে ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰতিযোগিতাখনৰ হাইভল্টেজ মেচখন ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

আই চি চি, বি চি চি আই, আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মাজত হোৱা চুক্তি অনুসৰি ২০২৭ চনলৈকে ভাৰত-পাকিস্তানৰ সকলো খেল নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব । এই বাবেই কলম্বোৱে দুয়োটা দলৰ মাজত খেলখন আয়োজন কৰিব । অহা ১৮ ফেব্ৰুৱাৰীত আহমেদাবাদত ভাৰতৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেল অনুষ্ঠিত হ’ব ।

ৰোহিত শৰ্মা টুৰ্ণামেণ্টৰ এম্বেছাদৰ-

আই চি চিৰ অধ্যক্ষ জয় শ্বাহে ঘোষণা কৰে যে ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰিবলগীয়া টি-২০ বিশ্বকাপৰ বাবে ৰোহিত শৰ্মাক এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে । শ্বাহে কয় যে ২০২৪ চনৰ টি-২০ বিশ্বকাপ বিজয়ী অধিনায়ক আৰু এতিয়ালৈকে ৯টা সংস্কৰণতে খেলা খেলুৱৈতকৈ এই ইভেণ্টৰ উত্তম প্ৰতিনিধি থাকিব নোৱাৰে ।

লগতে পঢ়ক : গুৱাহাটী টেষ্টত পৰাজয়ৰ গৰাহত ভাৰতীয় দল! সন্মুখত বিশাল লক্ষ্য…

টি-২০ বিশ্বকাপৰ এবছৰ সম্পূৰ্ণ… ৰোহিত শৰ্মাই শ্বেয়াৰ কৰিলে আৱেগিক ভিডিঅ’

টি-২০ বিশ্বকাপৰ এবছৰ সম্পূৰ্ণ

২৯ জুন ভাৰতীয় ক্ৰিকেট ইতিহাসৰ এক ঐতিহাসিক দিন । এই দিনটোতে ৰোহিত শৰ্মাৰ অধিনায়কত্বত টিম ইণ্ডিয়াই ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপ ২০২৪ খিতাপ দখল কৰিছিল । ১৭ বছৰৰ বহু অপেক্ষাৰ অন্তত ভাৰতে এই ট্ৰফী লাভ কৰে । আজি এই ঐতিহাসিক মুহূৰ্তৰ এবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে ৰোহিতে সামাজিক মাধ্যমত এটা আৱেগিক ভিডিঅ’ শ্বেয়াৰ কৰিছে ।

এয়া আছিল অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ প্ৰথম আই চি চি ট্ৰফী । ১৩ বছৰৰ পাছত ভাৰতে আই চি চিৰ ট্ৰফী লাভ কৰে । এই জয় গুৰুত্বপূৰ্ণ আছিল কাৰণ এবছৰ পূৰ্বে ঘৰুৱা ক্ষেত্ৰত এদিনীয়া বিশ্বকাপৰ ফাইনেলত টিম ইণ্ডিয়া পৰাস্ত হৈছিল । সেই সময়ত খেলুৱৈকে ধৰিসকলো অনুৰাগী দুখত ভাগি পৰিছিল । ২০২৪ চনৰ ২৬ জুনত লাভ কৰা এই বিজয়ে সেই পৰাজয়ৰ দুখ পাহৰি যোৱাৰ সুযোগ দিছিল ।

ৰোহিত শৰ্মাই শ্বেয়াৰ কৰিলে ভিডিঅ’-

ৰোহিত শৰ্মাই ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, “মোৰ বাবে এইটো আৰু বিশেষ কাৰণ মই এই দলৰ অধিনায়ক আছিলো । এই জয়ে সমগ্ৰ দেশক সুখী কৰি তুলিলে । এই সকলোবোৰ লিখা হৈছিল, এই সকলোবোৰ নিয়তিত আছিল ।” এই ভিডিঅ’টোত তেওঁ ফাইনেলৰ স্মৰণীয় মুহূৰ্তসমূহ অন্তৰ্ভুক্ত কৰিছে ।

তেওঁ বিৰাট কোহলীৰ লগতে আন খেলুৱৈৰ সৈতে ট্ৰফী হাতত লৈ থিয় হৈ নাচি আছে । হাৰ্দিক পাণ্ডিয়াই চকুলো টুকিছে আৰু ৰোহিতে তেওঁক সাৱটি ধৰিছে । এখন ফটোত তেওঁ নিজেই আৱেগিক আৰু চকুত চকুলো টুকিছে ।

এক বাৰ্তালাপত ৰোহিতে সেই স্মৰণীয় দিনটোৰ কথা মনত পেলাই । তেওঁ কয় যে যেতিয়া সূৰ্য্যকুমাৰ যাদৱে সেই কেচটো বাউণ্ডেৰীত ধৰিছিল আৰু তাৰ পিছত সেইটো চেক কৰা হৈছিল, তেতিয়া যথেষ্ট উত্তেজনা হৈছিল । “মই সূৰ্য্যক সুধিলোঁ যে তেওঁ কেচটো শুদ্ধকৈ লৈছে নে, তেওঁ হয় বুলি ক’লে আৰু তাৰ পিছত মই শুনিলোঁ যে তেওঁ কেচটো শুদ্ধকৈ লৈছে নে নাই সেই বিষয়ে কথা পাতিছে । অৱশেষত তৃতীয় আম্পায়াৰে আউট দিয়ে ।”

ৰোহিত শৰ্মাই লাভ কৰিছে ৪ টা আই চি চি ট্ৰফী-

অধিনায়ক হিচাপে ৰোহিত শৰ্মাই ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত ২০২৫ চনত চেম্পিয়নছ ট্ৰফী লাভ কৰে । ইয়াৰ উপৰিও তেওঁ ২০০৭ চনৰ টি-২০ বিশ্বকাপ আৰু ২০১৩ চনত চেম্পিয়নছ ট্ৰফী বিজয়ী দলৰ অংশ আছিল । মুঠ ৪ টা আই চি চি ট্ৰফী বিজয়ী দলৰ অংশ আছিল তেওঁ ।

লগতে পঢ়ক : WTC পইন্ট টেবুল : শীৰ্ষত অষ্ট্ৰেলিয়া-ইংলেণ্ড, তালিকাত বাংলাদেশৰো তলত ভাৰত

ভাৰতীয় জীয়ৰীয়ে ৰচিব পাৰিব নে ইতিহাস?  আহিব নেকি বছৰৰ প্ৰথমটো বিশ্বকাপ?

আইচিচি মহিলা অনুৰ্ধ ১৯ টি-২০ বিশ্বকাপ ২০২৫ ত খিতাপৰ ঘড়ীটো ওচৰ চাপি আহিছে।এই বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দলটোৱে দেওবাৰে (২ ফেব্ৰুৱাৰী) দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’বলৈ সাজু হৈছে।

ভাৰতীয় সময় অনুসৰি, এই খেলখন দুপৰীয়া ১২ বজাৰ পৰা কুয়ালালামপুৰৰ বায়ুমাছ ওভালত অনুষ্ঠিত হ’ব।আইচিচি অনুৰ্ধ-১৯ মহিলা টি-২০ বিশ্বকাপৰ এইখ দ্বিতীয় সংস্কৰণ।

পূৰ্বৱৰ্তী সংস্কৰণটো ২০২৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল।য’ত ভাৰতীয় মহিলা দলটোৰ শেফালী বাৰ্মাৰ অধিনায়কত্বত চেম্পিয়ন হৈছিল।

এইবাৰো, ভাৰতীয় দলৰ প্ৰদৰ্শন এতিয়ালৈকে উৎকৃষ্ট হৈছে আৰু প্ৰতিযোগিতাখনত তেওঁলোকে ছয়খন মেচতে জয়লাভ কৰিছে।নিকি প্ৰসাদৰ নেতৃত্বত দলটোৱে এতিয়ালৈকে তিনিওটা বিভাগতে ভাল প্ৰদৰ্শন কৰিছে।

অপেনাৰ বেটাৰ গংডি তৃষা সুন্দৰ ফৰ্মত আছে, তেওঁ ৬ টা ইনিংছত ৬৬.২৫গড়ে ২৬৫ ৰাণ সংগ্ৰহ কৰিাছে।তেওঁ চলিত টুৰ্ণামেণ্টত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী খেলুৱৈ হৈ পৰিছে।

তেওঁলোকৰ প্ৰাৰম্ভিক অংশীদাৰ কামালিনীয়ে তেওঁলোক ভালদৰে সমৰ্থন কৰিছে।বাওঁহাতিয়া বেটাৰ কামালিনীয়ে ছয়টা ইনিংছত ৪৫ ৰ গড়ত ১৩৫ ৰাণ সংগ্ৰহ কৰিছে।

অৱশ্যে, মিডল অৰ্ডাৰৰ বেটছমেনসকল ভাৰতৰ বাবে চিন্তাৰ কাৰণ, কিয়নো তেওঁলোকে এতিয়ালৈকে খেলিবলৈ খুব কম সুযোগ পাইছে।

ভাৰতীয় মহিলা দলৰ বলাৰসকলেও যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে।দলটোৰ স্পিনাৰ বৈষ্ণৱী শৰ্মা আৰু আয়ুষী শুক্লাই সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষ দুটা স্থান দখল কৰিছে।

আয়ুষী শুক্লা আৰু বৈষ্ণৱী শৰ্মাই ফাইনেলতো ধীৰ আৰু টাৰ্ণিং উইকেটত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

২০২৪: টি-২০ত ভাৰতৰ বাবে স্বৰ্ণিম বছৰ…বাৰ্বাডোছত উৰিছিল ত্ৰিৰংগা

২০২৪ বৰ্ষটো শেষ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে । এই বছৰটো বহু দিশত স্মৰণীয় হ’ব য’ত ভাৰতে ক্ৰীড়াতো বহু কৃতিত্ব অৰ্জন কৰিছিল । প্ৰায় ছমাহ পূৰ্বে ২০২৪ চনৰ ৩০ জুনত ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে বাৰ্বাডোছত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেল মেচত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল ।

২০২৩ চনৰ এদিনীয়া বিশ্বকাপত পৰাজয়ৰ ছমাহৰ পিছত সফলতা-

ভাৰতে যোৱা বছৰ ঘৰুৱা ক্ষেত্ৰত এদিনীয়া বিশ্বকাপৰ চেম্পিয়ন হোৱাৰ পৰা বঞ্চিত হৈছিল যদিও এইবাৰ ভাৰত চেম্পিয়ন হ’ল আৰু আই চি চিৰ ট্ৰফী জয়ৰ ১১ বছৰীয়া খৰাং পৰিস্থিতিৰ অন্ত পেলায় । ইয়াৰ পূৰ্বে ভাৰতে ২০১৩ চনত চেম্পিয়নছ ট্ৰফী লাভ কৰিছিল । এই জয় ভাৰতৰ ক্ৰিকেট অনুৰাগী আৰু ভাৰতীয় দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । দলটোৰ অংশ হিচাপে থকা অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীয়ে খিতাপ দখল কৰি টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ গ্ৰহণ কৰে । এই সিদ্ধান্তত অনুৰাগীসকলে দুখ প্ৰকাশ কৰিছিল, কিয়নো ৰোহিত আৰু বিৰাটক আৰু ভাৰতৰ হৈ টি-২০ খেলা দেখা নাযাব । কিন্তু তেওঁলোকে এই ফৰ্মেটৰ পৰা চেম্পিয়ন হিচাপে বিদায় লোৱাক লৈ সন্তুষ্টিৰ সৃষ্টি হৈছিল ।

১৭ বছৰৰ পিছত টি-২০ বিশ্বকাপ জয়-

২০২৪ চনক যেতিয়াই স্মৰণ কৰা হ’ব, তেতিয়াই ভাৰতৰ এই বিজয় সদায় প্ৰতিজন ভাৰতীয়ৰ অন্তৰত থাকিব । এই বছৰটোতে ভাৰতে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে । ইয়াৰ পূৰ্বে ২০০৭ চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত দলটোৱে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল । সেই সময়তো ৰোহিত দলৰ অংশ আছিল । এইদৰে ভাৰতে ১৭ বছৰৰ পাছত টি-২০ বিশ্বকাপ জয় কৰে । কেৱল এয়াই নহয়, ভাৰতীয় দলে যিকোনো বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ দীঘলীয়া ১৩ বছৰ সময় লাগিছিল কাৰণ ইয়াৰ পূৰ্বে ২০১১ চনত ৫০ অভাৰৰ বিশ্বকাপত জয়ী হৈছিল । ইয়াৰ লগে লগে টিম ইণ্ডিয়াই দুবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰা তৃতীয়টো দল হিচাপে পৰিগণিত হয় । ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজ (২০১২, ২০১৬) আৰু ইংলেণ্ডে (২০১০, ২০২২) এই অভিলেখ গঢ়িছিল ।

ৰোমাঞ্চকৰ ফাইনেলত ভাৰতে জয়লাভ কৰে-

বাৰ্বাডোছত খেলা ৰোমাঞ্চকৰ ফাইনেলত টিম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰে । টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত ভাৰতে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাৰ দলটোৱে ২০ অভাৰত ৮ উইকেটত ১৬৯ ৰান সংগ্ৰহ কৰে ।

১৭ নম্বৰ অভাৰত ভাৰতে খেলখন নিজৰ হাতলৈ আনে । ১৬ অভাৰৰ ভিতৰত দক্ষিণ আফ্ৰিকাই ৪ উইকেটত ১৫১ ৰান সংগ্ৰহ কৰিছিল । তাৰ পিছত মিলাৰ আৰু ক্লাচেন ক্ৰীজত আছিল । দক্ষিণ আফ্ৰিকাক শেষৰ ২৪টা বলত ২৬ ৰানৰ প্ৰয়োজন হৈছিল । পিছত ১৭ নং অভাৰত হাৰ্দিকে ক্লাচেনক আউট কৰি মাত্ৰ চাৰি ৰানহে দিয়ে । ১৮ নং অভাৰত বুমৰাহে জেন্সেনক আউট কৰি দুই ৰান দিয়ে । ১৯ অভাৰত অৰ্শদীপে ৪ ৰান দিয়ে । দক্ষিণ আফ্ৰিকাক শেষ অভাৰত ১৬ ৰানৰ প্ৰয়োজন হৈছিল । প্ৰথম বলত হাৰ্দিকে মিলাৰক আউট কৰে । দ্বিতীয় বলত ৰাবাদাই ৪ ৰান সংগ্ৰহ কৰে । তৃতীয় বলত ৰাবাদাই এটা চিংগল লয় । চতুৰ্থ বলত মহাৰাজে চিংগল লয় । পিছৰ বলটো ৱাইড হৈছিল । পঞ্চম বলত হাৰ্দিকে ৰাবাদাক আউট কৰে । শেষৰ বলত এটা ৰান আহিছিল আৰু ভাৰতে ৭ ৰানত জয়লাভ কৰে ।