গুৱাহাটী টেষ্টত পৰাজয়ৰ গৰাহত ভাৰতীয় দল! সন্মুখত বিশাল লক্ষ্য…

গুৱাহাটী টেষ্টত পৰাজয়ৰ গৰাহত ভাৰতীয় দল! সন্মুখত বিশাল লক্ষ্য…

পৰাজয়ৰ দিশে ভাৰতীয় দল! গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি আছে শৃংখলাৰ দ্বিতীয় তথা অন্তিম টেষ্ট । মঙলবাৰে (২৫ নৱেম্বৰ) খেলখনৰ চতুৰ্থ দিনটোত ভাৰতীয় দলে সন্মুখত লাভ কৰে ৫৪৯ ৰানৰ বিশাল বিজয় লক্ষ্য । ভাৰতীয় দলটো লক্ষ্যৰ পৰা এতিয়াও ৫২২ ৰান

পৰাজয়ৰ দিশে ভাৰতীয় দল!

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি আছে শৃংখলাৰ দ্বিতীয় তথা অন্তিম টেষ্ট । মঙলবাৰে (২৫ নৱেম্বৰ) খেলখনৰ চতুৰ্থ দিনটোত ভাৰতীয় দলে সন্মুখত লাভ কৰে ৫৪৯ ৰানৰ বিশাল বিজয় লক্ষ্য ।

ভাৰতীয় দলটো লক্ষ্যৰ পৰা এতিয়াও ৫২২ ৰান দূৰত । পঞ্চম দিনটোত ভাৰতীয় দলটোৱে কেনেদৰে খেলিব সেয়া লক্ষণীয় হ’ব ৷ চতুৰ্থ দিনা ষ্টাম্পত ভাৰতৰ স্ক’ৰ আছিল ২৭/২ । অপৰাজিত হৈ আছে ছাই সুদৰ্শন (২) আৰু কুলদীপ যাদৱ (৪) । আউট হোৱা বেটছমেন দুগৰাকী হ’ল যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল ।

ভাৰতৰ দ্বিতীয় ইনিংছ-

ভাৰতৰ দ্বিতীয় ইনিংছৰ আৰম্ভণি দুৰ্বল আছিল । কম সময়ৰ ভিতৰতে পেভিলিয়নমুখী হয় যশস্বী জয়ছোৱাল (১৩) । তেওঁ মাৰ্কো জেন্সেনৰ বলত উইকেটৰক্ষক কাইল ভেৰেইনৰ হাতত কেচ পেলাই । কিছু সময়ৰ পাছতে কে এল ৰাহুল (৬)কোছাইমন হাৰ্মাৰে বল্ড কৰি ভাৰতক আন এক আঘাত দিয়ে দক্ষিণ আফ্ৰিকাই ।

উইকেট পতনঃ ১-১৭ (যশস্বী জয়ছোৱাল, ৬.১ অভাৰ), ২-২১ (কে এল ৰাহুল, ৯.২ অভাৰ)।

এই টেষ্টত দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ৪৮৯ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে প্ৰথম ইনিংছত মাত্ৰ ২০১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । অৰ্থাৎ প্ৰথম ইনিংছৰ ভিত্তিত দক্ষিণ আফ্ৰিকাই ২৮৮ ৰানৰ বিশাল অগ্ৰগতি লাভ কৰে । দক্ষিণ আফ্ৰিকাই ২৬০/৫ ৰে দ্বিতীয় ইনিংছ ঘোষণা কৰে ফলত ভাৰতে এই টেষ্টত জয়ৰ বাবে ৫৪৯ ৰানৰ লক্ষ্য লাভ কৰে ।

ইফালে শৃংখলা ড্ৰ’ কৰিবলৈ হ’লে এই মেচখনত জয়ী হ’ব লাগিব টিম ইণ্ডিয়া । কলকাতাত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতীয় দলটোৱে ৩০ ৰানত পৰাজয় স্বীকাৰ কৰিছিল ।

দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছ-

ট্ৰিষ্টান ষ্টাবছৰ ৯৪ ৰানৰ সহায়ত দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত পাঁচ উইকেট হেৰুৱাই ২৬০ ৰান সংগ্ৰহ কৰে । ষ্টাবছ আউট হোৱাৰ পিছত টেম্বা বাভুমাই ইনিংছ ঘোষণা কৰে ।

দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাই স্থিৰ আৰম্ভণি কৰিছিল । তৃতীয় দিনৰ অন্তিম অধিবেশনত ৰিয়ান ৰিকেলটন আৰু এইডেন মাৰ্ক্ৰামে ভাৰতীয় বলাৰসকলক ব্যতিব্যস্ত কৰি ৰাখিছিল । কোনো উইকেট নেহেৰুৱাকৈ ৮ অভাৰ খেলে দলটোৱে । তাৰকা বেগী বলাৰ মহম্মদ চিৰাজ আৰু যশপ্ৰীত বুমৰাহে নতুন বলৰ সৈতে উইকেট দখলত ব্যৰ্থ হয় ।

খেলৰ চতুৰ্থ দিনটোত ভাৰতক প্ৰথমটো সফলতা প্ৰদান কৰে ৰবীন্দ্ৰ জাডেজাই । তেওঁ ৰিয়ান ৰিকেলটন (৩৫)ক মহম্মদ চিৰাজৰ হাতত কেচ আউট কৰোৱাই । প্ৰথম উইকেটত ৰিকেলটন আৰু এইডেন মাৰ্ক্ৰামে ৫৯ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছতে জাডেজাই পুনৰ নিজৰ স্পীন জালত পেলাই এইডেন মাৰ্কৰামক বল্ড কৰে ।

তাৰ কিছু সময়ৰ পিছতে টেম্বা বাভুমাক ৱাশ্বিংটন সুন্দৰে ৩ ৰানত আউট কৰে । তাৰ পিছত ষ্টাবছ আৰু টনি ডি জোৰ্জিয়ে ১০১ ৰানৰ দীঘলীয়া অংশীদাৰিত্ব গঢ়ে । অৱশ্যে ৰবীন্দ্ৰ জাডেজাই এই অংশীদাৰিত্বৰ অন্ত পেলাই জোৰজীক ৪৯ ৰানত আউট কৰে । দক্ষিণ আফ্ৰিকাই পঞ্চমটো আঘাতৰ সন্মুখীন হয় ষ্টাবছৰ ৰূপত, যিয়ে ১৮০ বলত ৯৪ ৰান সংগ্ৰহ কৰি জাডেজাৰ বলত পেভিলিয়নমুখী হয় । ভাৰতীয় দলৰ সৰ্বাধিক সফল বলাৰ জাডেজাই ৬২ ৰানত ৪টা উইকেট দখল কৰে ।

উইকেট পতন : ১-৫৯ (ৰিয়ান ৰিকেলটন, ১৮.৩ অভাৰ), ২-৭৪ (এইডেন মাৰ্ক্ৰাম, ২৮.১ অভাৰ), ৩-৭৭ (টেম্বা বাভুমা, ৩১.৩ অভাৰ), ৪-১৭৮ (টনি ডি জোৰ্জি, ৫৮.১ অভাৰ), ৫-২৬০ (ট্ৰিষ্টান ষ্টাবছ, ২৮.৩ অভাৰ)।

লগতে পঢ়ক : শৃংখলা হেৰুওৱাৰ দিশে ভাৰতীয় দল; বলিঙৰ পিছত বেটিঙতো শোচনীয় প্ৰদৰ্শন

শেহতীয়া প্ৰৱন্ধসমূহ