‘ছিংগাপুৰে যি কাম কৰিব নোৱাৰিলে অসমে সেই কাম কৰি দেখুৱালে’: মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ মৃত্যুক ছিংগাপুৰে স্বাভাৱিক বুলি কোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰৰ তদন্তক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি উল্লেখ কৰিছিল।

সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,  ‘ছিংগাপুৰে যি কাম কৰিব নোৱাৰিলে অসমে সেই কাম কৰি দেখুৱালে।ছিংগাপুৰতকৈ আমি ভাল কাম কৰিছো। আমি ৭ অভিযুক্তক জে’লত ৰাখিছো। যাৰ বাবে সকলোৱে আমাক ধন্যবাদ দিব লাগে। ‘

লগতে পঢ়ক: দ্বিতীয় বিবাহ কৰা স্বামীসকল সাৱধান; আহি গ’ল মুখ্যমন্ত্ৰীৰ হেল্পলাইন নাম্বাৰ

‘অসুৰ বধ হ’বই লাগিব’; গৰিমা শইকীয়া গাৰ্গৰ ডাঙৰ মন্তব্য

জুবিন গাৰ্গৰ শুনানিৰ পৰা ওলাই ক্ষোভ প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ।সিহঁত অসুৰ আৰু অসুৰ বধ হ’বই লাগিব।

আজি সম্পন্ন হয় জুবিন গাৰ্গৰ মৃত্যু-ঘটনাৰ শুনানি প্ৰক্ৰিয়া। এই শুনানিৰ বাবে পুৱাই আদালতত উপস্থিত হৈছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ শুনানিৰ পৰা ওলাই ক্ষোভ প্ৰকাশ গৰিমাৰ।

তেওঁ কয় যে,জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত ৭ অভিযুক্তৰ মুখত কোনো অনুশোচনা নাই।পূৰ্বতে তেওঁলোক যেনেদৰে আছিলে এতিয়া তেনেদৰেই আছে।আচলতে সিহঁতক দোষী বুলি ক’লে মানুহৰ শাৰীত পৰিব।সেইকেইটা অসুৰ আৰু অসুৰ বধ হ’বই লাগিব।

 ইফালে চৰকাৰক শীঘ্ৰেই ফাষ্টট্ৰেক কোৰ্ট গঠনৰ বাবে আহ্বান জনাই ।তেওঁ কয় যে, আইনী প্ৰক্ৰিয়াৰ মাজত থাকিয়েই আমি এই যুঁজ খন কৰিব লাগিব।

কিন্তু ইয়াৰ বাবে আমাক শক্তিশালী দল লাগিব। জুবিন গাৰ্গৰ হত্যাৰে জড়িত সকলোৱে উচিত শাস্তি পাব লাগিব।জুবিন কেৱল মোৰ স্বামীয়েই নাছিল। জুবিন অসমবাসীৰো প্ৰাণ আছিল।  

লগতে পঢ়ক: জামিন বিচাৰি আদালতত আবেদন অমৃতপ্ৰভা মহন্তৰ…

জামিন বিচাৰি আদালতত আবেদন অমৃতপ্ৰভা মহন্তৰ…

জামিন বিচাৰি আদালতত আবেদন দাখিল কৰিলে জুবিন গাৰ্গৰ হত্যাৰে অভিযুক্ত অমৃতপ্ৰভা মহন্তই। জুবিন ঘটনাৰ ৭ অভিযুক্তৰ বিৰুদ্ধে আজি হ’ব চাৰ্জফ্ৰেম

জুবিন গাৰ্গ হত্যাৰ শুনানিৰ আজি তৃতীয়টো দিন। সত্ৰ ন্যায়াধীশৰ আদালতত জামিন বিচাৰি আবেদন অমৃতপ্ৰভা মহন্তৰ।

ন্যায়াধীশ গৌতম বৰাৰ আদালতত ইতিমধ্যে দাখিল কৰিছে জামিন আবেদন।অমৃতপ্ৰভাৰ সপক্ষে আদালতত জ্যেষ্ঠ অধিবক্তা আনন্দ কুমাৰে ভূঞাই দাখিল কৰে আবেদন।

জুবিন গাৰ্গৰ হত্যাৰ ৭ অভিযুক্তৰ বিৰুদ্ধে আজি হ’ব চাৰ্জফ্ৰেম। ইতিমধ্যে সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত হৈছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ, খুড়াক মনোজ বৰঠাকুৰ, অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ অধিবক্তাকে ধৰি SITৰ বিষয়া।

লগতে পঢ়ক: ‘উত্তৰ-পূবৰ বিষয়ে জনাটো আন ৰাজ্যৰ বাবেও গুৰুত্বপূৰ্ণ’… নৱবৰ্ষৰ দিনটোতে কিয় ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 

‘জুবিনক লুটি-পুটি খোৱা সকলৰো তদন্ত হ’ব লাগিব’; মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

জুবিন গাৰ্গৰ হত্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আকৌ এক ডাঙৰ মন্তব্য কৰিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ পুনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, জুবিনৰ বিহু ফাংছনৰ টকা কোনে খালে ? জুবিনক লুটি-পুটি খোৱা সকলৰো তদন্ত হ’ব লাগিব।

জুবিনক কোনে হত্যা কৰিলে আদালতত সেই সকলো কথা ওলাই পৰিব। কিন্তু এতিয়া একাংশ লোকে আচামীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেহে উঠি-পৰি লাগিছে।

তৰুণ গগৈ, হিতেশ্বৰ শইকীয়াৰ দিনত ডাঙৰ ডাঙৰ দুৰ্ধৰ্ষ অপৰাধীয়েও দুই-আঢ়ৈমাহত জামিন পাইছিল।কিন্তু আজিৰ তাৰিখত এটাও অপৰাধী জামিনত ওলাই আহিব পৰা নাই। মোৰ আদালতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, জুবিন গাৰ্গে ন্যায় পাবই।

আনহাতে তেওঁ কয় যে, ছিংগাপুৰতকৈ ভাৰতৰ আইন ব্যৱস্থা বহু ওপৰত।ছিংগাপুৰৰ পুলিচ অসমত অহা নাই, কিন্তু আমাৰ পুলিচ চিংগাপুৰত গৈছিল।

ছিংগাপুৰৰ বিচাৰ প্ৰক্ৰিয়া আৰু  ভাৰতৰ বিচাৰ প্ৰক্ৰিয়া যথেষ্ট পৃথক।অসমৰ আৰক্ষী হে ছিংগাপুৰলৈ গৈছিল কিন্তু ছিংগাপুৰৰ কোনো আৰক্ষী অসমত আহি তদন্ত কৰা নাই।

লগতে পঢ়ক: ‘জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তক ফুৰাবলৈ নিয়ক’; শৃংখল চলিহা

‘জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তক ফুৰাবলৈ নিয়ক’; শৃংখল চলিহা

জুবিন গাৰ্গ হত্যাৰ ঘটনাৰ তদন্ত লৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস ৰাখিছে। তাৰ মাজতে তেওঁ এক বিস্ফোৰক মন্তব্য কৰিছে।

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ হত্যাৰ ঘটনাৰ তদন্ত লৈ এক বিস্ফোৰক মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে কৈছে যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তেওঁৰ বিশ্বাস আছে।জুবিন গাৰ্গে ন্যায় পাবই।

কিন্তু তেওঁ বিচাৰে যে ‘জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তক ফুৰাবলৈ নিয়ক। অসমৰ জনগণে যিটো বিচাৰিছে সেইটো দিয়ক।

জুবিন গাৰ্গৰ ন্যায়ক লৈ অসমবাসীৰ মনত এতিয়াও জুই জ্বলি আছে।জুবিন গাৰ্গক লৈ কোনোধৰণৰ ৰাজনীতি হোৱাতো নিবিচাৰোঁ।

তেওঁ লগতে কয় যে, চৰকাৰৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে।দীঘলীয়া চাৰ্জশ্বীটক লৈ সম্পূৰ্ণ আস্থা  আছে। কিন্তু অসমৰ ৰাইজে যি বিচাৰিছে সেইটো চৰকাৰে দিব লাগে।  

লগতে পঢ়ক: জুবিন হত্যাৰ আজি প্রথম শুনানি, ভার্চুৱেলী হাজিৰ কৰা হ’ব ৭ অভিযুক্তক

জুবিন হত্যাৰ আজি প্রথম শুনানি, ভার্চুৱেলী হাজিৰ কৰা হ’ব ৭ অভিযুক্তক

জুবিন হত্যাৰ প্রথমটো শুনানি আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অনুষ্ঠিত হ’ব ৷ ভার্চুৱেলী ভিডিঅ’ কনফাৰেঞ্চিঙৰ যোগেদি অভিযুক্তকেইজনক আজিৰ শুনানিত হাজিৰ হোৱাৰ নির্দেশ ।

প্রাণৰ শিল্পী জুবিন গার্গৰ ন্যায় প্রাপ্তিৰ ক্ষেত্রত আৰু এখোজ আগবাঢ়িছে এছ আই টি ৷ কিয়নো হত্যাকাণ্ডৰ গোচৰৰ প্রথমটো শুনানি আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অনুষ্ঠিত হ’ব ৷ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, এছআইটিয়ে যোৱা ১২ ডিচেম্বৰত ১২,২৭০ পৃষ্ঠাজোৰা বৃহৎ কলেৱৰৰ অভিযোগনামা আদালতত দাখিল কৰিছিল ৷

উল্লেখ্য যে আদালতৰ নিয়ম অনুসৰি আজি হ’বলগীয়া প্রথমটো শুনানিত ৭ অভিযুক্ত ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, সন্দীপন গার্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক শাৰীৰিকভাৱে আদালতত হাজিৰ কৰিব লাগিছিল ৷ আদালতে অভিযুক্ত সাতজনক সোঁশৰীৰে হাজিৰ হোৱাৰ নির্দেশ প্রদান কৰিছিল যদিও অভিযুক্তকেইজনৰ জীৱনৰ প্রতি থকা ভাবুকিৰ প্রতি লক্ষ্য ৰাখি সোঁশৰীৰে উপস্থিত হোৱাৰ সলনি ভার্চুৱেলী ভিডিঅ’ কনফাৰেঞ্চিঙৰ যোগেদি অভিযুক্তকেইজনক আজিৰ শুনানিত হাজিৰ হোৱাৰ নির্দেশ আদালতে প্রদান কৰিছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে জুবিন হত্যাকাণ্ডৰ অন্যতম চাৰি অভিযুক্ত ক্রমে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাক বাক্সা জিলা কাৰাগাৰত ৰখাৰ লগতে হাফলঙৰ উপ–কাৰাগাৰত ৰখা হৈছে শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্তক ৷ আনহাতে, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বাক্সা জিলাৰ কাৰাগাৰতে ৰখা হৈছে ৷

লগতে পঢ়ক : বিদ্যালয়ত অনুপস্থিত থাকিলেই অভিভাৱকলৈ যাব মেছেজ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু : চার্জশ্বীটৰ প্রতিলিপি বিচাৰি তিনি শতাধিকৰ আবেদন

জুবিন গাৰ্গ কাণ্ডৰ বহুচৰ্চিত অভিযোগনামা এছ আই টিয়ে শুকুৰবাৰে আদালতত দাখিল কৰে । ইয়াৰ পিছতেই এতিয়া তিনি শতাধিক লোকে অভিযোগনামাৰ প্ৰতিলিপি বিচাৰি আদালতত আৱেদন কৰিছে ।

অগণিত অনুৰাগীৰ অধীৰ অপেক্ষাৰ অন্তত এছ আই টিয়ে আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বহুচর্চিত অভিযোগনামা দাখিল কৰাৰ ২৫ ঘণ্টা পাৰ নৌহওঁতেই তিনি শতাধিক লোকে অভিযোগনামাৰ প্রত্যায়িত প্রতিলিপি বিচাৰি আদালতত দাখিল কৰিছে আবেদন ৷ ৰাজনৈতিক–ৰাজনৈতিক সংগঠনৰ পৰা আৰম্ভ কৰি ব্যক্তিবিশেষলৈ বিভিন্ন পক্ষই অতি শীঘ্রেই আদালতৰ পৰা প্রত্যায়িত প্রতিলিপি বিচাৰি আবেদন জনোৱা কার্যই প্রকৃতার্থত প্রতিপন্ন কৰিছে প্রিয় শিল্পীক লৈ অসমৰ ৰাইজ কিমান সচেতন ৷

এছ আই টিৰ অভিযোগনামাৰ প্রত্যায়িত প্রতিলিপি বিচাৰি আদালতত আবেদন জনোৱা আছাম পাব্লিক ৱর্কছৰ সভাপতি অভিজিৎ শর্মাই কয় যে প্রিয় শিল্পীৰ মৃত্যু সন্দর্ভত হাইক’টত আমি ৪৬/২০২৫ নম্বৰৰ এখন পি আই এল তৰিছোঁ ৷ অহা ১৭ ডিচেম্বৰত দ্বিতীয়টো শুনানি আছে ৷ সমগ্র হত্যাকাণ্ডটোৰ আমি চিবিআই তদন্ত বিচাৰিছোঁ ৷ সেইবাবেই অভিযোগনামাৰ প্রত্যায়িত প্রতিলিপিখন বিচাৰি আবেদন কৰিছোঁ ৷ আশা কৰিছোঁ সোনকালেই আমি সেইখন পাবলৈ সক্ষম হ’ম ৷

এপিডব্লিউৰ সাধাৰণ সম্পাদক ধ্রুৱজ্যোতি তালুকদাৰে কয় যে অভিযোগনামাখনৰ প্রতিলিপি লাভ কৰাৰ পাছতে আমি সেইখন পুংখানুপুংখভাৱে অধ্যয়ন কৰিম ৷ প্রাণৰ শিল্পীৰ ন্যায়ৰ বাবে যিমানখিনি সম্ভৱপৰ সকলোখিনিয়ে এ পি ডব্লিউৱে কৰিব ৷ উল্লেখ্য যে দালাল শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ কুটিল ষড়যন্ত্রত অকালতে মৃত্যুক সাবটিবলগীয়া হৈছিল অসমীয়াৰ আৱেগ জুবিন গার্গে ৷ অভিযোগনামাত বিএনএছৰ ১০৩(১)নং ধাৰা ধৃত ৪ অভিযুক্তৰ বিৰুদ্ধে ৰুজু হোৱাৰ পাছতে এই কথা স্পষ্ট হৈ পৰিছে৷ কিন্তু অগণিত অনুৰাগীয়ে জানিবলৈ উৎকণ্ঠিত হৈ আছে প্রকৃততে ১৯ ছেপ্ঢেম্বৰৰ দিনা য়াট পার্টীত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল ?  সেয়ে বহু লোকে প্রত্যায়িক প্রতিলিপি বিচাৰি আদালতত আবেদন জনাইছে ৷

লগতে পঢ়ক : কোনে, কিয়, কেনেকৈ হত্যা কৰিছিল জুবিন গাৰ্গক? SIT ৰ ৪ টা বাকচত আছে ৰহস্যজনক তথ্য

অধিবক্তা বিচাৰি শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ হাবাথুৰী…

অধিবক্তা বিচাৰি এতিয়া হাহাকাৰ কৰিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই। মানৱীয়তাৰ খাতিৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ জনাইছে আহ্বান।

জুবিন গাৰ্গৰ হত্যাৰ সন্দৰ্ভত অভিযুক্ত স্বামী শ্যামকানু মহন্তৰ বাবে অধিবক্তা বিচাৰি হাবাথুৰি খাইছে পত্নী অনিতা ডেকা মহন্তই। হাইক’ৰ্ট বাৰ এছ’চিয়েশ্যনৰ কাষ চাপিছে শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্তৰ।

উকীল সন্থাৰো কাষ চাপিছে শ্যামকানুৰ পত্নীৰ। অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি মানৱীয়তাৰ খাতিৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ জনাইছে আহ্বান।

দৰাচলতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ৰাজ্যৰ উকীল সন্থাই ৭ অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত লৈছিল। যাৰ বাবে এতিয়া উকীল সন্থাৰ কাষ চাপিছে শ্যামকানুৰ পত্নী।  

উল্লখ্য যে, জুবিন গাৰ্গৰ হত্যাৰ গোচৰত ইতিমধ্যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্রভা, শেখৰজ্যোতিৰ বিৰুদ্ধে  BNSSৰ ১০৩ ধাৰা আৰোপ কৰা হয়।

লগতে পঢ়ক: কোনে, কিয়, কেনেকৈ হত্যা কৰিছিল জুবিন গাৰ্গক? SIT ৰ ৪ টা বাকচত আছে ৰহস্যজনক তথ্য  

কোনে, কিয়, কেনেকৈ হত্যা কৰিছিল জুবিন গাৰ্গক? SIT ৰ ৪ টা বাকচত আছে ৰহস্যজনক তথ্য  

CJM আদালতত আজি SIT এ দাখিল কৰিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ তদন্তৰ অভিযোগনামা।

কোনে, কিয়, কেনেকৈ হত্যা কৰিছিল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক? সেই প্ৰশ্নৰ যেন অন্ত পৰিব আজি। প্ৰায় ৩ মাহ জোৰা তদন্তৰ অন্তত আজি চি জে এম আদালতত SIT এ দাখিল কৰিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ তদন্তৰ অভিযোগনামা।

প্ৰায় ৩৫০০পৃষ্ঠা জোৰা এই অভিযোগনামা ৪টাকৈ বাকচত লৈ আদালতত উপসস্থিত হৈছে এছ আই টি ৰ দলটো।এই চাৰ্জশ্বীটত কাৰ ভুলৰ বাবে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হ’ল তাৰ পুংখানুপুংখভাৱে তথ্যসহ বিৱৰণ দিয়া হৈছে।

ইয়াত দুই শতাধিক লোক সাক্ষ্য সন্নিৱিষ্ট কৰা হৈছে। আদালতত এই চাৰ্জশ্বীট দাখিল কৰাৰ পিছতেই অৱসান ঘটিব তিনিমাহজোৰা উৎকণ্ঠাৰ।

লগতে পঢ়ক: অপেক্ষা মাত্ৰ কেইটামান ঘণ্টা; কাইলৈ দিনৰ ১১ বজাত দাখিল হ’ব জুবিন হত্যাৰ চাৰ্জশ্বীট