জুবিন গাৰ্গ কাণ্ডৰ বহুচৰ্চিত অভিযোগনামা এছ আই টিয়ে শুকুৰবাৰে আদালতত দাখিল কৰে । ইয়াৰ পিছতেই এতিয়া তিনি শতাধিক লোকে অভিযোগনামাৰ প্ৰতিলিপি বিচাৰি আদালতত আৱেদন কৰিছে ।
অগণিত অনুৰাগীৰ অধীৰ অপেক্ষাৰ অন্তত এছ আই টিয়ে আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বহুচর্চিত অভিযোগনামা দাখিল কৰাৰ ২৫ ঘণ্টা পাৰ নৌহওঁতেই তিনি শতাধিক লোকে অভিযোগনামাৰ প্রত্যায়িত প্রতিলিপি বিচাৰি আদালতত দাখিল কৰিছে আবেদন ৷ ৰাজনৈতিক–ৰাজনৈতিক সংগঠনৰ পৰা আৰম্ভ কৰি ব্যক্তিবিশেষলৈ বিভিন্ন পক্ষই অতি শীঘ্রেই আদালতৰ পৰা প্রত্যায়িত প্রতিলিপি বিচাৰি আবেদন জনোৱা কার্যই প্রকৃতার্থত প্রতিপন্ন কৰিছে প্রিয় শিল্পীক লৈ অসমৰ ৰাইজ কিমান সচেতন ৷
এছ আই টিৰ অভিযোগনামাৰ প্রত্যায়িত প্রতিলিপি বিচাৰি আদালতত আবেদন জনোৱা আছাম পাব্লিক ৱর্কছৰ সভাপতি অভিজিৎ শর্মাই কয় যে প্রিয় শিল্পীৰ মৃত্যু সন্দর্ভত হাইক’টত আমি ৪৬/২০২৫ নম্বৰৰ এখন পি আই এল তৰিছোঁ ৷ অহা ১৭ ডিচেম্বৰত দ্বিতীয়টো শুনানি আছে ৷ সমগ্র হত্যাকাণ্ডটোৰ আমি চিবিআই তদন্ত বিচাৰিছোঁ ৷ সেইবাবেই অভিযোগনামাৰ প্রত্যায়িত প্রতিলিপিখন বিচাৰি আবেদন কৰিছোঁ ৷ আশা কৰিছোঁ সোনকালেই আমি সেইখন পাবলৈ সক্ষম হ’ম ৷
এপিডব্লিউৰ সাধাৰণ সম্পাদক ধ্রুৱজ্যোতি তালুকদাৰে কয় যে অভিযোগনামাখনৰ প্রতিলিপি লাভ কৰাৰ পাছতে আমি সেইখন পুংখানুপুংখভাৱে অধ্যয়ন কৰিম ৷ প্রাণৰ শিল্পীৰ ন্যায়ৰ বাবে যিমানখিনি সম্ভৱপৰ সকলোখিনিয়ে এ পি ডব্লিউৱে কৰিব ৷ উল্লেখ্য যে দালাল শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ কুটিল ষড়যন্ত্রত অকালতে মৃত্যুক সাবটিবলগীয়া হৈছিল অসমীয়াৰ আৱেগ জুবিন গার্গে ৷ অভিযোগনামাত বিএনএছৰ ১০৩(১)নং ধাৰা ধৃত ৪ অভিযুক্তৰ বিৰুদ্ধে ৰুজু হোৱাৰ পাছতে এই কথা স্পষ্ট হৈ পৰিছে৷ কিন্তু অগণিত অনুৰাগীয়ে জানিবলৈ উৎকণ্ঠিত হৈ আছে প্রকৃততে ১৯ ছেপ্ঢেম্বৰৰ দিনা য়াট পার্টীত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল ? সেয়ে বহু লোকে প্রত্যায়িক প্রতিলিপি বিচাৰি আদালতত আবেদন জনাইছে ৷
লগতে পঢ়ক : কোনে, কিয়, কেনেকৈ হত্যা কৰিছিল জুবিন গাৰ্গক? SIT ৰ ৪ টা বাকচত আছে ৰহস্যজনক তথ্য









