জুবিন গাৰ্গ হত্যাৰ ঘটনাৰ তদন্ত লৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস ৰাখিছে। তাৰ মাজতে তেওঁ এক বিস্ফোৰক মন্তব্য কৰিছে।
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ হত্যাৰ ঘটনাৰ তদন্ত লৈ এক বিস্ফোৰক মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে কৈছে যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তেওঁৰ বিশ্বাস আছে।জুবিন গাৰ্গে ন্যায় পাবই।
কিন্তু তেওঁ বিচাৰে যে ‘জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তক ফুৰাবলৈ নিয়ক। অসমৰ জনগণে যিটো বিচাৰিছে সেইটো দিয়ক।
জুবিন গাৰ্গৰ ন্যায়ক লৈ অসমবাসীৰ মনত এতিয়াও জুই জ্বলি আছে।জুবিন গাৰ্গক লৈ কোনোধৰণৰ ৰাজনীতি হোৱাতো নিবিচাৰোঁ।
তেওঁ লগতে কয় যে, চৰকাৰৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে।দীঘলীয়া চাৰ্জশ্বীটক লৈ সম্পূৰ্ণ আস্থা আছে। কিন্তু অসমৰ ৰাইজে যি বিচাৰিছে সেইটো চৰকাৰে দিব লাগে।
লগতে পঢ়ক: জুবিন হত্যাৰ আজি প্রথম শুনানি, ভার্চুৱেলী হাজিৰ কৰা হ’ব ৭ অভিযুক্তক









