কাইলৈ ন্যায়ালয়ত দাখিল হ’ব জুবিন হত্যাৰ চাৰ্জশ্বীট। কি আছে এই চাৰ্জশ্বীটত? চাৰ্জশ্বীটৰ পাতে পাতে আছে নেকি ভয়ংকৰ তথ্য?
জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, কাইলৈ দিনৰ ১১ বজাত দাখিল হ’ব জুবিন গাৰ্গৰ চাৰ্জশ্বীট।
ন্যায়ালয়ত SIT-এ দাখিল কৰিব চাৰ্জশ্বীট। প্ৰায় তিনিমাহজোৰা তদন্তৰ অন্তত SIT এ শুকুৰবাৰে আদালতত দাখিল কৰিব জুবিন হত্যাৰ চাৰ্জশ্বীট।
এই চাৰ্জশ্বীটত কি আছে তাক তন্ন তন্নকৈ পৰীক্ষা কৰিব ন্যায়ালয়ে।এই চাৰ্জশ্বীট দাখিল কৰাৰ পিছতেই কোনে কিয় জুবিনক হত্যা কৰিছিল ফাদিল হ’ব সকলো তথ্য।
এই চাৰ্জশ্বীটৰ পাতে পাতে থাকিব পাৰে ভয়ংকৰ তথ্য। যাৰ বাবে প্ৰতিজন অসমীয়াৰ দৃষ্টি নিৱদ্ধ হৈ আছে ১২ ডিচেম্বৰৰ দিনটোত।কাইলৈ ৰাইজৰ পদূলিৰ পৰা আদালতলৈ ধাৱমান হ’ব জুবিন গাৰ্গৰ ন্যায়িক যাত্ৰা।
লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ, কেতিয়া দাখিল হ’ব চাৰ্জশ্বীট ?









