ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন ভাৰতীয় দল, বাংলাদেশক পৰাস্ত কৰি জিনিলে খিতাপ

এই প্ৰতিযোগিতাত ভাৰতীয় দল একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হৈছে ।

দেওবাৰে এ চি চি মহিলা এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছ ২০২৬ৰ ফাইনেলত ইণ্ডিয়া এৰ মুখামুখি হয় বাংলাদেশ এ । বেংককৰ টেৰ্ডথাই ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা খেলখনত ইণ্ডিয়া এ ৪৬ ৰানত জয়লাভ কৰে । ইণ্ডিয়া এয়ে বাংলাদেশক জয়ৰ বাবে ১৩৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যদিও ১৯.১ অভাৰত ৮৮ ৰানত অল আউট হয় দলটো ।

শ্ৰীলংকা এক ৫ উইকেটত পৰাস্ত কৰি ইণ্ডিয়া এ ফাইনেলত প্ৰৱেশ কৰে । ছেমি ফাইনেলত বাংলাদেশ এয়ে পাকিস্তান এক ৫৪ ৰানত পৰাস্ত কৰে । এই প্ৰতিযোগিতাত ভাৰতীয় দল একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হৈছে । ২০২৩ চনত হংকঙত অনুষ্ঠিত হোৱা এ চি চি মহিলা এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছৰ প্ৰথম ছিজনত ইণ্ডিয়া এয়ে বাংলাদেশ এক ৩১ ৰানত পৰাস্ত কৰি খিতাপ দখল কৰিছিল ।

ৰান চেজত বাংলাদেশ এৰ হৈ উইকেটকীপাৰ বেটছমেন ছামিমা চুলতানাই তিনিটা চাৰিৰ সহায়ত ২০ ৰান সংগ্ৰহ কৰে । ছামিমাৰ উপৰিও কেৱল ছাৰমীন চুলতানা (১৮), ফাহিমা খাতুন (১৪), আৰু ছাদিয়া আখতাৰ (১০)হে দহকৰ ঘৰত উপনীত হয় । প্ৰেম ৰাৱটে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । তনুজা কানৱাৰ আৰু ছোনিয়া মেন্ধিয়াই দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ছাইমা ঠাকুৰ, মিন্নু মণি আৰু ৰাধা যাদৱে এটাকৈ উইকেট দখল কৰে ।

টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় আৰু ৭ উইকেটত ১৩৪ ৰান সংগ্ৰহ কৰে । ইণ্ডিয়া এৰ হৈ তেজল হাছাবনিছে ৩৪টা বলত অপৰাজিত ৫১ ৰান সংগ্ৰহ কৰে । অধিনায়ক ৰাধা যাদৱে ৩০টা বলত ৩৬ ৰানৰ অৰিহণা যোগাই, য’ত তিনিটা চাৰি আৰু এটা ছয় আছিল ।

পঞ্চম উইকেটৰ বাবে তেজল হাছাবনিছ আৰু ৰাধা যাদৱে ৬৯ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব সংযোজন কৰে । অ’পেনাৰ বৃন্দা দিনেশেও (১৯ ৰান) ডাবল ফিগাৰত উপনীত হয় । বাংলাদেশ এৰ হৈ অধিনায়ক ফাহিমা খাতুনে ৪টা উইকেট দখল কৰাৰ বিপৰীতে ফাতিমা জাহান ছোনিয়া আৰু ফাৰ্জানা ইছমিনে এটাকৈ উইকেট দখল কৰে ।

প্ৰতিযোগিতাখনত ইণ্ডিয়া এৰ আৰম্ভণি দুৰ্বল আছিল । প্ৰথমখন মেচত সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ হাতত ৭ উইকেটত পৰাস্ত হৈছিল দলটো । ইয়াৰ পিছতে ইণ্ডিয়া এয়ে পাকিস্তান এক ৮ উইকেটত পৰাস্ত কৰে । গ্ৰুপৰ অন্তিমখন খেলত নেপালৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ কৰি ইণ্ডিয়া এ ছেমি ফাইনেলৰ স্থান নিশ্চিত কৰে ।

পাকিস্তান এ, নেপাল আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ সৈতে ইণ্ডিয়া-এ দলে এ গ্ৰুপত স্থান লাভ কৰিছিল । গ্ৰুপ বিত থাইলেণ্ড, মালয়েছিয়া, বাংলাদেশ এ, আৰু শ্ৰীলংকা এ আছিল । গ্ৰুপ এৰ পৰা ভাৰত-এ আৰু পাকিস্তান-এ, আৰু গ্ৰুপ বি-ৰ পৰা বাংলাদেশ-এ আৰু শ্ৰীলংকা-এ, ছেমিফাইনেলত প্ৰৱেশ কৰে । ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ছেমিফাইনেল ।

লগতে পঢ়ক : বৰষুণৰ বাবে পৰিত্যক্ত চুপাৰ-৮ৰ প্ৰথমখন মেচ, বাতিল নিউজীলেণ্ড-পাকিস্তানৰ খেল

ঘৰৰ মাটিতে ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলা হেৰুৱালে অষ্ট্ৰেলিয়াই, স্মৃতি মন্ধানাই ভংগ কৰিলে ছবছৰীয়া অভিলেখ

এই মেচতে তাৰকা বেটছমেন স্মৃতি মন্ধানাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক উজ্জ্বল ইনিংছেৰে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

চলি থকা টি-২০ শৃংখলাত ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিছে অষ্ট্ৰেলিয়া দলে । শনিবাৰে অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয় তথা নিৰ্ণায়ক মেচত ১৭ ৰানত বিজয় সাব্যস্ত কৰে ভাৰতীয় দলে । ইফালে এই মেচতে ভাৰতীয় দলৰ তাৰকা বেটছমেন স্মৃতি মন্ধানাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক উজ্জ্বল ইনিংছেৰে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

২১ ফেব্ৰুৱাৰীত এডিলেইড অভেলত অনুষ্ঠিত হৈছিল এই মেচখন । প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই মাত্ৰ ১৫৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়  আৰু ভাৰতে ১৭ ৰানত খেলখনত জয়লাভ কৰি শৃংখলা হস্তগত কৰে ।

এই জয়েৰে টিম ইণ্ডিয়াই ঘৰুৱা মাটিত অষ্ট্ৰেলিয়াক ২-১ ব্যৱধানত পৰাস্ত কৰে । মন্ধানাই ৫৫টা বলত ৮২ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । তেওঁৰ এই ইনিংছত ৮টা চাৰি আৰু ৩টা ছয় আছিল । তেওঁৰ এই ইনিংছ দলটোৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হয় ।

৬ বছৰীয়া অভিলেখ ভংগ মন্ধানাৰ-

অষ্ট্ৰেলিয়াত এগৰাকী ভাৰতীয় বেটছমেনে সৰ্বাধিক ব্যক্তিগত স্ক’ৰ সংগ্ৰহত মন্ধানাই ৬ বছৰীয়া অভিলেখ ভংগ কৰে । ইয়াৰ পূৰ্বে ২০২০ চনত মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত ৩৭টা বলত ৬৬ ৰান সংগ্ৰহ কৰিছিল তেওঁ । ৮২ ৰান সংগ্ৰহ কৰি এতিয়া অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতীয় মহিলা বেটছমেনৰ সৰ্বাধিক ব্যক্তিগত স্ক’ৰ ৰেকৰ্ড কৰিছে মন্ধানাই ।

ইয়াৰ লগে লগে তেওঁ ৩৩ সংখ্যক টি-২০ আন্তঃৰাষ্ট্ৰীয় অৰ্ধশতকো সম্পূৰ্ণ কৰে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এইটোৱেই আছিল মন্ধানাৰ অষ্টমটো ৫০+ স্ক’ৰ, যিটো নিজৰ বাবেই এক অভিলেখ ।

অ’পেনিঙৰ চতুৰ্থ বলত এটা চাৰিৰে মন্ধানাই ইনিংছৰ আৰম্ভণি কৰে । তৃতীয় অভাৰত মাত্ৰ ৭ ৰান সংগ্ৰহ কৰি শ্বেফালী বাৰ্মাক আউট হয় । ইয়াৰ পাছত মন্ধানাই দায়িত্বশীল ইনিংছেৰে জেমিমাহ ৰড্ৰিগোজৰ সৈতে ৮২টা বলত দ্বিতীয় উইকেটৰ বাবে ১২১ ৰানৰ এক উজ্জ্বল অংশীদাৰিত্ব গঢ়ে ।

পাৱাৰপ্লেৰ অন্তিম অভাৰত মন্ধানাই ছফী মলিনেক্সৰ বলত একেৰাহে তিনিটা চাৰি কোবাই । ৩৮ বলত এটা ছয়ৰে অৰ্ধশত সংগ্ৰহ কৰে মন্ধানাই ।

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচৰ পূৰ্বে বিপদত ভাৰতীয় দল, আঘাতপ্ৰাপ্ত এইগৰাকী তাৰকা খেলুৱৈ

বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ, ৬ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে হাইভল্টেজ মেচ

ক্ৰমাগত ষষ্ঠবাৰৰ বাবে ভাৰতীয় দলে খিতাপৰ মেচ খেলিব, যিটো এক উল্লেখযোগ্য কৃতিত্ব । পৰিসংখ্যা ভাৰতৰ পক্ষত হ’ব পাৰে যদিও ফাইনেলত যিকোনো অঘটন ঘটাৰ সম্ভাৱনা আছে ।

২০২৬ চনৰ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ অন্তিম পৰ্যায়ত উপনীত হৈছে । এই প্ৰতিযোগিতাৰ ফাইনেল মেচখন ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব । সমগ্ৰ প্ৰতিযোগিতাখনত দুয়োটা দল উৎকৃষ্ট ফৰ্মত আছে আৰু এখনো মেচত পৰাস্ত নোহোৱাকৈয়ে ফাইনেলত প্ৰৱেশ কৰিছে । সেয়েহে ক্ৰিকেট অনুৰাগীসকলে এক ৰোমাঞ্চকৰ প্ৰতিযোগিতা আশা কৰিছে ।

অভিলেখৰে ফাইনেলত প্ৰৱেশ ভাৰতীয় দল-

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলটোৱে ছেমি ফাইনেলত আফগানিস্তানক পৰাস্ত কৰি অভিলেখসংখ্যক দশমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে । ক্ৰমাগত ষষ্ঠবাৰৰ বাবে ভাৰতীয় দলে খিতাপৰ মেচ খেলিব, যিটো এক উল্লেখযোগ্য কৃতিত্ব । ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই ছবাৰ ফাইনেলত প্ৰৱেশ কৰি এই কৃতিত্ব অৰ্জন কৰিছিল যদিও এই ক্ষেত্ৰত ভাৰত আগবাঢ়ি আছে ।

শক্তিশালী ফৰ্মত ইংলেণ্ড-

আনহাতে, ইংলেণ্ডে ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। সমগ্ৰ প্ৰতিযোগিতাখনত ইংৰাজী দলটোৱে এখনো মেচত পৰাস্ত হোৱা নাই। তেওঁলোকৰ বেটিং লাইন আপ আৰু বলিং ইউনিট দুয়োটাই ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে। ফলস্বৰূপে ইংলেণ্ডে ফাইনেলত ভাৰতৰ সন্মুখত কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।

ফলাফল কাৰ পক্ষত ?

১৯ বছৰ অনুৰ্ধ যুৱ এদিনীয়াত দুয়োটা দলৰ মাজত হোৱা মেচবোৰ যদি বিবেচনা কৰায় হয়, তেন্তে ফলাফল ভাৰতৰ পক্ষত দেখা যায় । ভাৰত আৰু ইংলেণ্ডে এই পৰ্যন্ত ৫৫ বাৰ মুখামুখি হৈছে, ইয়াৰে ৪১ বাৰ ভাৰতে জয়লাভ কৰিছে । ইংলেণ্ডে ১৩খন মেচত জয়লাভ কৰাৰ বিপৰীতে এখন মেচ ড্ৰ’ত সমাপ্ত হৈছে । পৰিসংখ্যা ভাৰতৰ পক্ষত হ’ব পাৰে যদিও ফাইনেলত যিকোনো অঘটন ঘটাৰ সম্ভাৱনা আছে ।

ফাইনেল কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব ?

৬ ফেব্ৰুৱাৰী শুকুৰবাৰে জিম্বাবুৱেৰ হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব ২০২৬ চনৰ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেল । স্থানীয় সময় অনুসৰি পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন । ভাৰতীয় সময় অনুসৰি দিননৰ ১:০০ বজাৰ পৰা মেচখন অনুষ্ঠিত হ’ব । টছ ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২.৩০ বজাত অনুষ্ঠিত হ’ব ।

চূড়ান্ত মেচৰ বাবে ভাৰতীয় দল-

আয়ুষ মাহাত্ৰে (অধিনায়ক), আৰ অম্বৰীশ, কনিষ্ক চৌহান, ডি দীপেশ, মহম্মদ ইমান, এৰন জৰ্জ, অভিজ্ঞান কুণ্ডু, কিষাণ কুমাৰ সিং, বিহান মালহোত্ৰা, উদয় মোহন, হেমিল পেটেল, খিলান এ পেটেল, হৰ্ষবৰ্ধন সিং, বৈভৱ সূৰ্য্যবংশী, বেদান্ত ত্ৰিবেদী ।

লগতে পঢ়ক : মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ মহাৰণঃ ট্ৰফী দখলৰ যুঁজত আজি মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু আৰু দিল্লী কেপিটেলছ

‘ না সন্মান পালো না সমৰ্থন…’; যুৱৰাজ সিঙে প্ৰকাশ কৰিলে ক্ৰিকেট এৰাৰ প্ৰকৃত কাৰণ

বহু বছৰ পিছত ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ আঁৰৰ কাৰণ উদঙালে যুৱৰাজ সিঙে। ক’লে কৰ্কট ৰোগৰ পিছত অহা সমস্যাৰ কথা।

যুৱৰাজ সিঙক ভাৰতৰ মহান অলৰাউণ্ডাৰৰ ভিতৰত গণ্য কৰা হয়। যুৱৰাজ সিঙে নিজৰ উজ্জ্বল প্ৰদৰ্শনেৰে বহুবাৰ টিম ইণ্ডিয়াক জয়ৰ সোৱাদ দিছিল।

কিন্তু এই যুৱৰাজ সিঙে ২০১৯ চনৰ জুন মাহত এদিনীয়া বিশ্বকাপৰ মাজতে অৱসৰৰ কথা ঘোষণা কৰিছিল আৰু অৱসৰৰ বহু বছৰৰ পাছত এতিয়া তেওঁ নিজৰ সিদ্ধান্তৰ আঁৰৰ কাৰণৰ পৰা পৰ্দা আতৰাইছে।

যুৱৰাজে কয় যে তেওঁ সেই সময়ত নিজকে বিচ্ছিন্ন অনুভৱ কৰিছিল। যুৱৰাজ সিঙে অনুভৱ কৰিছিল যে তেওঁৰ খেলক কোনেও সন্মান কৰা নাই।

২০১৯ চনত আই পি এল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট দুয়োটাৰে পৰা যুৱৰাজ সিঙে অৱসৰ গ্ৰহণ কৰিছিল।২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীত খেলিছিল যদিও পৰৱৰ্তী সময়ত তেওঁক বাদ দিয়া হৈছিল।

এটা সাক্ষাৎকাৰ যুৱৰাজ সিঙে কয় যে, “সঁচা কথা ক’বলৈ গ’লে সেই সময়ত মোৰ খেল উপভোগ কৰা নাছিলোঁ। মই নিজকে সুধিলোঁ যে মই কিয় খেলি আছো।তেতিয়া মই না কাৰোৰে পৰা সমৰ্থন পাইছিলো না সন্মান”।

” তেতিয়া ভাবিলোঁ যেতিয়া মই আগবাঢ়িব পৰা নাই তেনেহলে নিজকে কিয় জোৰ কৰিম।আনহাতে এই খেলখনে মোক বহুত দিছে।যিটো কাম কৰি আনন্দ পোৱা নাই সেইটোত কিয় লাগি থাকো”।

“মই কিয় খেলিব লাগে। মই কি প্ৰমাণ কৰিব লাগিব? মই শাৰীৰিক আৰু মানসিকভাৱে ইয়াতকৈ বেছি কৰিব নোৱাৰো।এই কথাত মোৰ অশান্তি লাগিছিল। আৰু যিদিনা মই ৰৈ দিলোঁ, সেইদিনা মই নিজকে অনুভৱ কৰিবলৈ ধৰিলোঁ”।

যুৱৰাজ সিঙে কয় যে যেতিয়া তেওঁ অনুভৱ কৰিছিল যে সেয়া আৰু সম্ভৱ নহয়, তেতিয়াই তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছিল।

ক্ৰিকেটৰ পিছত গলফ খেলাৰ অভিজ্ঞতা শ্বেয়াৰ কৰি যুৱৰাজে কয় যে এই খেল তেওঁৰ বাবে স্বাধীনতাৰ দৰে।যিটো তেওঁ কেৱল নিজৰ বাবে খেলে।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ পূৰ্বে মেচ ফিক্সিং ; এৰন জ’নছক নিষিদ্ধ ICC ৰ

টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বাংলাদেশ…

আইচিচিৰ সকীয়নিৰ পিছতো নিজৰ স্থিতিত অটল থকাৰ সিদ্ধান্ত লৈছে বাংলাদেশে । ইয়াৰ পিছতে এতিয়া টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছে দেশখন ।

ভাৰতৰ বিৰোধিতা কৰিবলৈ গৈ মুখ থেকেচা খালে বাংলাদেশে । আইচিচিয়ে বান্ধি দিয়া সিদ্ধান্ত তথা সময়সীমা মানি নোলোৱাৰ পিছতেই টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশ বাহিৰ হৈছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সকীয়নি আৰু আল্টিমেটামৰ পিছতো বাংলাদেশ ক্ৰিকেট ব’ৰ্ড (বিচিবি), খেলুৱৈ আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ ক্ৰীড়া উপদেষ্টাই টি-২০ বিশ্বকাপ সন্দৰ্ভত নিজৰ স্থিতিত অটল থকাৰ সিদ্ধান্ত লৈছে । বাংলাদেশে স্পষ্ট কৰি দিছে যে যদিহে খেলসমূহৰ স্থান ভাৰতৰ পৰা শ্ৰীলংকালৈ স্থানান্তৰিত নহয় তেন্তে দলটোৱে বিশ্বকাপত অংশগ্ৰহণ নকৰে ।

খেলুৱৈসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আছিফ নাজৰুলে আইচিচিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেওঁ উল্লেখ কৰে যে আইচিচিয়ে বাংলাদেশক ন্যায় দিয়া নাই আৰু খেলুৱৈসকলৰ সুৰক্ষাক অৱহেলা কৰা হৈছে । আছিফ নাজৰুলৰ মতে, কোনো কাৰণতে নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ নহ’ব বুলি চৰকাৰ, ক্ৰিকেট ব’ৰ্ড, খেলুৱৈসকলে সকলোৱে সহমত প্ৰকাশ কৰিছে ।

আছিফ নাজৰুলে স্পষ্টভাৱে কয় যে, “আমি কাৰো হেঁচাত তল মূৰ নকৰো । বাংলাদেশে বিশ্বকাপ খেলিব নোৱাৰিলে ইয়াৰ পৰিণতি বিশ্বই বুজিব লাগে । আমি আমাৰ খেলুৱৈৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰিব নোৱাৰো ।”

বৈঠকৰ অন্তত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডেও এই সিদ্ধান্তত অটল থকাৰ কথা ঘোষণা কৰে । ব’ৰ্ডে উল্লেখ কৰে যে সাম্প্ৰতিক পৰিস্থিতিত খেলিবলৈ ভাৰতলৈ যোৱাটো নিৰাপদ নহয় আৰু সেয়েহে স্থান শ্ৰীলংকালৈ সলনি কৰিব লাগে । অৱশ্যে প্ৰতিযোগিতাখনৰ খেলসমূহ ভাৰতৰ বাহিৰলৈ স্থানান্তৰ কৰা নহ’ব বুলি ইতিমধ্যে আইচিচিয়ে স্পষ্ট কৰি দিছে ।

আইচিচিৰ এই কঠোৰ সতৰ্কবাণীৰ পিছতো বাংলাদেশে নিজৰ সিদ্ধান্তত অটল থকাৰ কথা ঘোষণা কৰিছে । এই সমগ্ৰ বিতৰ্কই টি-২০ বিশ্বকাপৰ ওপৰত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । সকলোৰে দৃষ্টি এতিয়া আইচিচিৰ পৰৱৰ্তী পদক্ষেপ আৰু এই সংঘাতৰ সমাধানৰ ওপৰত থাকিব ।

টি-২০ বিশ্বকাপৰ সূচী অনুসৰি বাংলাদেশক প্ৰথমে গ্ৰুপ C-ত স্থান দিয়া হৈছিল । ইয়াৰ প্ৰথম তিনিখন মেচ কলকাতাত অনুষ্ঠিত হোৱাৰ কথা আছিল । ইয়াৰ পিছত ১৭ ফেব্ৰুৱাৰীত মুম্বাইত নেপালৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেল খেলাৰ কথা আছিল বাংলাদেশে ।

লগতে পঢ়ক : আইচিচি ৰেংকিঙত অৱনমিত বিৰাট কোহলী, হেৰুৱালে এদিনীয়াৰ শীৰ্ষস্থান

জয়েৰে বছৰৰ আৰম্ভণি ভাৰতীয় দলৰ… ৪ উইকেটত ধৰাশায়ী কিৱি বাহিনী

দেওবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত কিৱিৰ বিৰুদ্ধে ৪ উইকেটত জয়লাভ ভাৰতীয় দলৰ । এই মেচত মাত্ৰ ৭ ৰানৰ বাবে শতক বঞ্চিত হয় বিৰাট কোহলী ।

জয়েৰে নতুন বছৰৰ আৰম্ভণি কৰিছে ভাৰতীয় ক্ৰিকেট দলে । বদোদৰাত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত ভাৰতীয় দলে ৪ উইকেটত দৰ্শনীয় বিজয় সাব্যস্ত কৰে । এই জয়ৰ লগে লগে ভাৰতীয় দলটোৱে তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে । বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখন । প্ৰথমে বেটিং কৰি নিউজীলেণ্ডে ভাৰতৰ সন্মুখত ৩০১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । আলহী দলৰ হৈ ডেৰিল মিচেলে ৮৪ সৰ্বাধিক ৰান সংগ্ৰহ । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে কিং কোহলীৰ ৯৩, গীলৰ ৫৬ আৰু শ্ৰেয়াছ আয়াৰৰ ৪৯ ৰানৰ সহায়ত এটা অভাৰ বাকী থকা অৱস্থাত ৬ টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় । বিৰাট কোহলী প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ।

উল্লেখ্য যে, এইখন আছিল ভাৰতীয় ক্ৰিকেট দলৰ নতুন বছৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ । গীল ব্ৰিগেডে বছৰটোৰ আৰম্ভণি জয়েৰে কৰে । এই খেলখন কোটাম্বি ষ্টেডিয়ামৰ বাবেও বিশেষ আছিল, কিয়নো ইয়াত প্ৰথমবাৰৰ বাবে পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে ।

ভাৰতৰ ইনিংছ-

নিউজীলেণ্ডৰ ৩০১ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে শক্তিশালী আৰম্ভণি কৰে । ৰোহিত আৰু গীলে স্থিৰ আৰম্ভণি কৰে । ৰোহিতৰ ফৰ্ম ভাল দেখা গৈছিল যদিও নৱম অভাৰত দলীয় ৩৯ ৰানত তেওঁৰ উইকেটৰ পতন ঘটে । ৰোহিতে ২৬ ৰান সংগ্ৰহ কৰে, য’ত দুটা ছয় আৰু তিনিটা চাৰি আছিল । ইয়াৰ পাছত বিৰাট কোহলী আৰু শুভমন গীলে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়ায় । তেওঁলোকে এশ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ইয়াৰ উপৰিও এই মেচতে কোহলীয়ে ২৮ হাজাৰ আন্তঃৰাষ্ট্ৰীয় ৰান সম্পূৰ্ণ কৰে । গীলেও অৰ্ধ শতক অৰ্জন কৰে । অৱশ্যে ২৭ নং অভাৰত ব্যক্তিগত ৫৬ ৰানত গীলে নিজৰ উইকেট হেৰুৱাই ।

ইয়াৰ পিছতে শ্ৰেয়াছ আয়েৰে বিৰাট কোহলীৰ সৈতে দলৰ দায়িত্ব লয় । তেওঁলোকে ৭৭ ৰানৰ অংশীদাৰিত্ব গঢ়ে । অৱশ্যে এই মেচত কোহলীয়ে মাত্ৰ ৭ ৰানৰ বাবে শতক বঞ্চিত হয় । ৪০ নং অভাৰত তেওঁৰ ৯৩ ৰানত নিজৰ উইকেট বিসৰ্জন দিয়ে । কোহলীয়ে নিজৰ ইনিংছত ৮টা চাৰি আৰু এটা ছয় কোবাই ।

ইয়াৰ পিছতে জাডেজাই মাত্ৰ চাৰিটা ৰানতে পেভিলিয়নমুখী হয় । ইয়াৰ পিছৰ অভাৰত শ্ৰেয়াছ আয়াৰো ৪৯ ৰানতে আউট হোৱাৰ লগে লগে ভাৰতৰ কিছু সমস্যাত পৰে । নিউজীলেণ্ডে ধাৰাবাহিকভাৱে ভাৰতীয় দলৰ উইকেট দখল কৰি খেলখনলৈ উভতি আহে । ইয়াৰ পাছতে হৰ্ষিত ৰাণাই ২৯ ৰানৰ এক বিস্ফোৰক প্ৰদৰ্শনেৰে ভাৰতক পুনৰ জয়ৰ দিশে আগুৱাই লৈ যায় । হৰ্ষিতৰ উইকেট পতনৰ সময়ত  ভাৰতক ২২টা বলত ২২ ৰানৰ প্ৰয়োজন হৈছিল । ইয়াৰ পিছতে কে এল ৰাহুল আৰু আঘাতপ্ৰাপ্ত ৱাশ্বিংটন সুন্দৰে ৪৯ অভাৰত ভাৰতৰ জয় নিশ্চিত কৰে ।

নিউজীলেণ্ডৰ ইনিংছ-

প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ পোৱা নিউজীলেণ্ডে এক সুন্দৰ আৰম্ভণি কৰে । প্ৰথম উইকেটৰ বাবে অ’পেনাৰ ডেভন কনৱে আৰু হেনৰী নিকোলছে ১১৭ ৰানৰ অংশীদাৰিত্ব স্থাপন কৰে । এই অংশীদাৰিত্বৰ সময়ছোৱাত দুয়োজন খেলুৱৈয়ে ৬০টা বলত অৰ্ধশতক অৰ্জন কৰে । এই অংশীদাৰিত্ব হৰ্ষিত ৰাণাই হেনৰী নিকোলছৰ উইকেট দখল কৰি ভংগ কৰে । নিকোলছে ৮টা চাৰিৰ সহায়ত ৬৯টা বলত ৬২ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছত হৰ্ষিতে কনৱেকো আউট কৰে । কনৱেই ৬৭টা বলত ৬টা চাৰি আৰু এটা ৬ৰ সহায়ত ৫৬ ৰান সংগ্ৰহ কৰে । ২৮ নং অভাৰত উইল ইয়ঙক আউট কৰে ছিৰাজে । ইয়ঙে ১২ ৰান সংগ্ৰহ কৰে ।

তাৰ পাছত ৩৪ নং অভাৰত কুলদীপ যাদৱে গ্লেন ফিলিপছক আউট কৰে । সেই সময়ত নিউজীলেণ্ডৰ স্ক’ৰ আছিল ১৭০ । তাৰ পাছত ৩৮ নং অভাৰত প্ৰসিদ্ধে মিচেল হেক বল্ড কৰে, তেওং ১৮ ৰান সংগ্ৰহ কৰে । ৪৩ নং অভাৰত ব্ৰেচৱেল ৰান আউট হোৱাৰ লগে লগে কিৱি বাহিনীৰ ষষ্ঠটো উইকেটৰ পতন ঘটে । তাৰ পিছৰ অভাৰত ছিৰাজে জাকাৰীক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পাছতে নিউজীলেণ্ডে ৪৮ নং অভাৰত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়, যেতিয়া ডেৰিল মিচেলে ৭১টা বলত ৮৪ ৰান কৰি আউট হয় । শেষত নিউজীলেণ্ডে ৩০০ ৰান কৰিবলৈ সক্ষম হয় ।

বদোদৰা এদিনীয়াৰ বাবে ভাৰতৰ মূল একাদশ :

শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, হৰ্ষিত ৰানা, কুলদীপ যাদৱ, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ চিৰাজ ।

লগতে পঢ়ক : ‘ভাগ্যত লিখা কথা কোনেও কাঢ়ি নিব নোৱাৰে’;টি-২০ বিশ্বকাপৰ পৰা বাদ পৰাৰ পিছত শুভমান গিলৰ দুখ প্ৰকাশ

আই চি চিৰ সৈতে বৈঠকত বহিব বাংলাদেশ ক্ৰিকেট বৰ্ড, ভাৰতত মেচ নেখেলাৰ সিদ্ধান্তক লৈ হ’ব আলোচনা

আই চি চি আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ মাজত টি–২০ বিশ্বকাপৰ মেচ খেলিবলৈ অস্বীকাৰ কৰা বিষয়টোলৈ বৈঠক অনুষ্ঠিত হ’ব । খেলুৱৈসকলৰ সুৰক্ষাক অজুহাত হিচাপে দেখুৱাই বি চি বিয়ে মেচৰ স্থান সলনি কৰাৰ দাবী উত্থাপন কৰিছিল ।

ভাৰতত টি–২০ বিশ্বকাপৰ মেচ খেলিবলৈ অস্বীকাৰ কৰা বিষয়টোলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই চি চি) আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ড (বি চি বি)ৰ মাজত বৈঠক অনুষ্ঠিত হ’ব । নিৰাপত্তাৰ অজুহাত দেখুৱাই বাংলাদেশে ভাৰতত নিজৰ মেচসমূহ নেখেলাৰ দাবী উত্থাপন কৰিছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, এই সন্দৰ্ভত মঙলবাৰে আলোচনা হোৱাৰ সম্ভাৱনা আছে । বৈঠকত আই চি চিয়ে বি চি বিক বাংলাদেশ দলটোৱে বৰ্তমানৰ সূচী অনুসাৰেই যাতে ভাৰতত নিজৰ গ্ৰুপ পৰ্যায়ৰ মেচসমূহ খেলিবলৈ সন্মতি প্ৰদান কৰে তাৰ বাবে অনুৰোধ জনাব ।

ভাৰতত খেলিব লাগিব চাৰিখন মেচ

টি–২০ বিশ্বকাপৰ আৰম্ভণি ৭ ফেব্ৰুৱাৰীৰ পৰা হ’ব । ভাৰত আৰু শ্ৰীলংকালৈ যৌথভাৱে টি-২০ বিশ্বকাপৰ এই সংস্কৰণ আয়োজন কৰিছে । বাংলাদেশে নিজৰ চাৰিখন লীগ মেচৰ ভিতৰত তিনিখন কলকাতাত আৰু এখন মুম্বাইত খেলিব লাগিব । বাংলাদেশৰ লীগ মেচসমূহ কলকাতাত ৱেষ্ট ইণ্ডিজ (৭ ফেব্ৰুৱাৰী), ইটালী (৯ ফেব্ৰুৱাৰী) আৰু ইংলেণ্ড (১৪ ফেব্ৰুৱাৰী)ৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব আৰু মুম্বাইত নেপাল (১৭ ফেব্ৰুৱাৰী)ৰ বিৰুদ্ধে খেলিব দলটোৱে । উল্লেখ্য যে, বাংলাদেশক গ্ৰুপ ‘চি’ত ইটালী, নেপাল, ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছে ।

আই চি চিলৈ পত্ৰ প্ৰেৰণ কৰিছিল বাংলাদেশ ক্ৰিকেট বৰ্ডে-

ইয়াৰ পূৰ্বে দেওবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে (বি চি বি) আই চি চিলৈ পত্ৰ প্ৰেৰণ কৰি অনুৰোধ জনাইছিল যে ভাৰতৰ সলনি বাংলাদেশৰ মেচসমূহ শ্ৰীলংকাত অনুষ্ঠিত কৰা হওক । খেলুৱৈসকলৰ সুৰক্ষাক অজুহাত হিচাপে দেখুৱাই বাংলাদেশ ক্ৰিকেট বৰ্ডে মেচৰ স্থান সলনি কৰাৰ দাবী উত্থাপন কৰিছিল ।

প্ৰকৃততে, আই পি এলৰ পৰা মুস্তাফিজুৰ ৰহমানক বাহিৰ কৰা পিছৰে পৰাই বাংলাদেশ ক্ৰিকেট বৰ্ড অসন্তুষ্ট হৈ পৰিছে । ভাৰত আৰু বাংলাদেশৰ মাজত বিতৰ্ক তেতিয়াৰে পৰা অধিক তীব্ৰ হৈছে যেতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) আই পি এল ফ্ৰেঞ্চাইজী কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ক বাংলাদেশৰ ফাষ্ট বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা বাদ দিবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখযোগ্য যে, কে কে আৰে যোৱা মাহত অনুষ্ঠিত হোৱা মিনি নিলামত মুস্তাফিজুৰক ৯.২০ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছিল । কিন্তু বি চি চি আইৰ নিৰ্দেশ অনুসৰি কে কে আৰে এই বাংলাদেশী বলাৰগৰাকীক দলৰ পৰা বাহিৰ কৰি দিয়ে ।

আই চি চিলৈ প্ৰেৰণ কৰা পত্ৰত বি চি বিয়ে উল্লেখ কৰে যে, বৰ্তমানৰ পৰিস্থিতি বিবেচনা কৰি ভাৰতত থকা বা ভাৰতলৈ যোৱা বাংলাদেশী নাগৰিকসকলৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰা বাংলাদেশ চৰকাৰৰ পৰামৰ্শ অনুসৰি তেওঁলোকে এই সিদ্ধান্ত লৈছে । অৱশ্যে বি চি বিয়ে সতর্কতামূলক অৱস্থান গ্ৰহণ কৰিছে যদিও বাংলাদেশ চৰকাৰে এতিয়ালৈকে কোনো ভ্ৰমণ পৰামৰ্শ জাৰি কৰা নাই আৰু নিজৰ নাগৰিকসকলৰ ভাৰতলৈ অহা-যোৱা বা ভাৰতত থকাৰ ক্ষেত্ৰতো কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাই ।

আই চি চিৰ উত্তৰৰ অপেক্ষা

এই বিষয়টোৰ সন্দৰ্ভত আই চি চিয়ে এতিয়ালৈকে কোনো ৰাজহুৱা মন্তব্য কৰা নাই আৰু উত্থাপিত প্ৰশ্নসমূহৰো উত্তৰ দিয়া নাই । সোমবাৰে মুম্বাইস্থিত বি চি চি আইৰ মুখ্য কাৰ্যালয়ত আই চি চিৰ শীৰ্ষ বিষয়াসকল (অধ্যক্ষ জয় শ্বাহো আছে)এই ঘটনাক্ৰম আৰু আগলৈ ল’বলগীয়া পদক্ষেপসমূহ সন্দৰ্ভত আলোচনা কৰিবলৈ উপস্থিত আছিল ।

বি চি বিৰ ক্ষেত্ৰত বুজা গৈছে যে এই বিষয়ত আই চি চি আৰু বাংলাদেশ চৰকাৰৰ সৈতে আলোচনাৰ বাবে বৰ্ডৰ সভাপতি আমিনুল ইছলাম আৰু মুখ্য কাৰ্যবাহী বিষয়া নিজামুদ্দিন চৌধুৰীকহে অধিকাৰ দিয়া হৈছে ।

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বে শ্ৰেয়াছ আয়াৰৰ শক্তিশালী প্ৰত্যাৱৰ্তন…

৬৭ বছৰীয়া হ’ল কপিল দেৱ… ‘হাৰিয়ানা হাৰিকেন’লৈ শুভেচ্ছাৰ ঢল

ক্ৰিকেটৰ কিংবদন্তিসকলৰ পৰা আৰম্ভ কৰি সাধাৰণ অনুৰাগীলৈকে সকলোৰে শুভেচ্ছাৰে ভৰি পৰিল আজিৰ দিনটো । ১৯৮৩ চনত ভাৰতক প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয়ৰ সোৱাদ দি ইতিহাস ৰচনা কৰা কিংবদন্তি কপিল দেৱে আজি তেওঁৰ ৬৭তম জন্মদিন উদযাপন কৰিছে ।

ভাৰতীয় ক্ৰিকেটৰ উজ্জ্বল নক্ষত্ৰ তথা দেশৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কপিল দেৱে আজি নিজৰ ৬৭তম জন্মদিন উদযাপন কৰিছে। ‘হাৰিয়ানা হাৰিকেন’ হিচাপে জনাজাত এই কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ জন্মদিন উপলক্ষে দেশ-বিদেশৰ ক্ৰিকেট অনুৰাগী আৰু খেলজগতৰ বহু বিশিষ্ট ব্যক্তিৰ পৰা শুভেচ্ছাৰ ঢল বৈ আহিছে।

কপিল দেৱৰ অধিনায়কত্বতেই ভাৰতে ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰিছিল। বেট আৰু বলে সমান দক্ষতা দেখুৱাই তেওঁ কঠিন প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি ভাৰতীয় দলক বিশ্বজয়ৰ শীৰ্ষত উপনীত কৰাইছিল। ফাষ্ট বলিং আৰু আগ্ৰাসী বেটিঙৰ বাবে পৰিচিত কপিল দেৱ আজিও ক্ৰিকেট অনুৰাগী তথা নতুন প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস।

১৯৫৯ চনৰ ৬ জানুৱাৰীত চণ্ডীগড়ত জন্মগ্ৰহণ কৰা কপিল দেৱ ৰামলাল নিখাঞ্জে ঘৰুৱা ক্ৰিকেটত চমকপ্ৰদ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ১৯৭৮ চনৰ অক্টোবৰ মাহত তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ লগতে একে বছৰতে টেষ্ট ক্ৰিকেটতো খেলা আৰম্ভ কৰে। পাকিস্তানৰ বিৰুদ্ধে দুয়োটা ফৰ্মেটতে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটে।

নিজৰ তৃতীয়খন টেষ্ট মেচতেই কপিলে পাকিস্তানৰ বিৰুদ্ধে মাত্ৰ ৩৩টা বলত অৰ্ধশতক অৰ্জন কৰি ভাৰতৰ দ্ৰুততম টেষ্ট অৰ্ধশতকৰ অভিলেখ গঢ়ে। ১৯৭৯–৮০ চনৰ পাকিস্তানৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত তেওঁ অলৰাউণ্ড প্ৰদৰ্শন কৰি ৩২টা উইকেট দখল কৰাৰ লগতে ২৭৮ ৰান সংগ্ৰহ কৰে। ছয়খন মেচৰ এই শৃংখলাত ভাৰতে ২–০ ব্যৱধানত জয়লাভ কৰিছিল। ফাষ্ট আৰু ছুইং বলিঙৰ লগতে মেচ-বিজয়ী ইনিংছ খেলাৰ দক্ষতাৰ বাবে কপিল দেৱ বিশেষভাৱে পৰিচিত আছিল। ইয়াৰ উপৰিও এগৰাকী উৎকৃষ্ট ফিল্ডাৰ হিচাপেও তেওঁ নিজকে প্ৰতিষ্ঠিত কৰিছিল।

১৯৮৩ চনৰ ১৮ জুনত অনুষ্ঠিত বিশ্বকাপৰ এখন মেচত জিম্বাবুৱেৰ বিৰুদ্ধে কপিল দেৱে খেলিছিল এক অবিস্মৰণীয় ইনিংছ। সেই মেচত ভাৰতে মাত্ৰ ১০৩ ৰানতে পাঁচটা উইকেট হেৰুৱাই সংকটত পৰিছিল। শীৰ্ষস্থানীয় বেটছমেনসকল ব্যৰ্থ হোৱাৰ পিছত পৰাজয় প্ৰায় নিশ্চিত যেন লাগিছিল। কিন্তু অধিনায়ক কপিল দেৱে অপৰাজিত ১৭৫ ৰানৰ এক ঐতিহাসিক ইনিংছ খেলি দলক শক্তিশালী অৱস্থালৈ লৈ যায়। ১৩৮টা বলত ছয়টা ছয় আৰু ১৬টা চাৰিৰে তেওঁ এই ইনিংছ খেলে আৰু ভাৰতে ৬০ অভাৰত ২৬৬/৮ ৰান সংগ্ৰহ কৰে।

পিছত জিম্বাবুৱে ৫৭ অভাৰত মাত্ৰ ২৩৫ ৰানতে অলআউট হয় । সেই মেচত বলিঙতো কপিল দেৱে উৎকৃষ্ট প্ৰদৰ্শন কৰি ১১ অভাৰত ৩২ ৰান খৰচ কৰি এটা উইকেট দখল কৰে। অসাধাৰণ অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে তেওঁ ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত হয় । অৱশ্যে, বি বি চিৰ ধৰ্মঘটৰ বাবে এই ঐতিহাসিক মেচখন টেলিভিছনত সম্প্ৰচাৰিত নহ’ল ।

এইদৰেই কপিল দেৱৰ নেতৃত্বত ভাৰতে ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ জয় কৰি দেশৰ ক্ৰিকেট ইতিহাসত এক স্বৰ্ণালী অধ্যায় সংযোজন কৰিছিল ।

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বে শ্ৰেয়াছ আয়াৰৰ শক্তিশালী প্ৰত্যাৱৰ্তন…

দুমাহৰ পিছত দললৈ প্ৰত্যাৱৰ্তন শ্ৰেয়াছ আয়াৰৰ… কিন্তু খেলপথাৰত নামিবলৈ পূৰণ কৰিব লাগিব এই চৰ্ত

শনিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে আগন্তুক নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা এদিনীয়া শৃংখলাৰ বাবে দল ঘোষণা কৰে । প্ৰায় দুমাহৰ বিৰতিৰ অন্তত এই দললৈ ঘূৰি আহিছে বিস্ফোৰক বেটছমেন শ্ৰেয়াছ আয়াৰ । দলটোৰ সহ-অধিনায়ক হিচাবে ঘূৰি আহিছে যদিও কিন্তু এটা বিশেষ চৰ্ততহে শ্ৰেয়াছ খেলপথাৰত নামিবলৈ সুযোগ পাব…

নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শনিবাৰে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে । দীৰ্ঘদিনৰ বিৰতিৰ অন্তত দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে বিস্ফোৰক বেটছমেন শ্ৰেয়াছ আয়াৰে । আয়াৰক এই দলৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । উল্লেখ্য যে, অক্টোবৰ মাহত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত আয়াৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁ খেলপথাৰৰ পৰা আঁতৰি আছে । অৱশ্যে এতিয়া নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে তেওঁ পুনৰ দললৈ ঘূৰি আহিছে । অৱশ্যে বি চি চি আইয়ে আয়াৰৰ ওপৰত এক চৰ্ত আৰোপ কৰিছে ।

নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা তিনিখন মেচৰ এই এদিনীয়া শৃংখলা ১১ জানুৱাৰীৰ পৰা বাডোদৰাত আৰম্ভ হ’ব । ইয়াৰ পিছত ৰাজকোট আৰু ইন্দোৰত অনুষ্ঠিত হ’ব শৃংখলাৰ দ্বিতীয় আৰু তৃতীয়খন মেচ । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ সময়ত পোৱা আঘাতৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা শ্ৰেয়াছ আয়াৰে এই শৃংখলাত খেলপথাৰত অৱতীৰ্ণ হোৱাৰ পূৰ্বে চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা ফিটনেছ ক্লিয়াৰেন্স লাভ কৰিবলৈ চলিত মাহত বিজয় হাজাৰে ট্ৰফীত নিজৰ মেচ ফিটনেছ প্ৰমাণ কৰিব লাগিব ।

দল ঘোষণা কৰি বি চি চি আইয়ে কয় যে, ‘শ্ৰেয়াছ আয়াৰৰ উপলব্ধতা বি চি চি আইৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা ফিটনেছ ক্লিয়াৰেন্সৰ ওপৰত নিৰ্ভৰ কৰিব ।’

নিউজীলেণ্ড শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দল-

শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল (উইকেটকীপাৰ), শ্ৰেয়াছ আয়াৰ (সহ-অধিনায়ক; ফিটনেছ ক্লিয়াৰেন্সৰ অধীনত), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, মহম্মদ চিৰাজ, হৰ্ষিত ৰাণা, প্ৰসিদ্ধ কৃষ্ণ, কুলদীপ যাদৱ, ঋষভ পন্ট (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, অৰ্শদ্বীপ সিং, যশস্বী জয়ছোৱাল ।

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা… শ্ৰেয়াছ-ঋষভৰ প্ৰত্যাৱৰ্তন