মাৱেশত তেওঁ বিজেপি কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমক প্ৰশংসা কৰাৰ লগতে কংগ্ৰেছক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে ।
শনিবাৰে অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও ডাঙৰ প্ৰকল্প মুকলি কৰি ৰাজ্যবাসীলৈ উচৰ্গা কৰে । লগতে তেওঁ গুৱাহাটীত অনুষ্ঠিত হোৱা জনসভাত ৰাইজক সম্বোধন কৰে । এই সমাৱেশত তেওঁ বিজেপি কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমক প্ৰশংসা কৰাৰ লগতে কংগ্ৰেছক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে । কংগ্ৰেছৰ শাসনৰ সময়ত ৰাজ্যখন উন্নয়নৰ পৰা বঞ্চিত হোৱাৰ লগতে কংগ্ৰেছে অসমৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰা বুলি অভিযোগ কৰে প্ৰধানমন্ত্ৰীয়ে । তেওঁ কয় যে, আজি ভাৰতে শত্ৰুক ঘৰত সোমাই আক্ৰমণ কৰে, আনহাতে কংগ্ৰেছে সন্ত্ৰাসবাদীক কান্ধত বহুৱাই লৈ ফুৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক দলৰ সাফল্যৰ সম্পূৰ্ণ কৃতিত্ব দি কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকৰ নিষ্ঠাবান কৰ্মীসকলৰ বাবেহে বৰ্তমানৰ উচ্চতাত উপনীত হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে সংগঠনৰ ভূমিকাত বিশেষ গুৰুত্ব আৰোপ কৰি বিজেপিয়ে ইয়াত দৃঢ় বিশ্বাস ৰাখে বুলি উল্লেখ কৰে । তেওঁ কয় যে, সংগঠনৰ শক্তিয়েই হৈছে ৰাষ্ট্ৰীয় জীৱনৰ পৰিৱৰ্তনৰ আটাইতকৈ শক্তিশালী ভেটি । এনে বৃহৎ সংখ্যক কৰ্মীক সাক্ষাৎ কৰাটো এক সৌভাগ্যৰ কথা বুলিও তেওঁ কয়, যিসকল দলৰ শক্তিৰ প্ৰমাণ ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত ১১ বছৰত কেন্দ্ৰীয় চৰকাৰে অসমৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে ৫.৫ লাখ কোটিতকৈ অধিক ধন আবণ্টন দিছে । কংগ্ৰেছ দলক লক্ষ্য কৰি তেওঁ কয়, “কংগ্ৰেছ এনে এটা দল যিয়ে অসমৰ উন্নয়নৰ বাবে পুঁজি যোগান ধৰিবলৈও কুণ্ঠাবোধ কৰে । গতিকে, তেওঁলোকে সঁচা অৰ্থত অসমৰ উন্নয়ন কৰিব পাৰিবনে ? এইবাৰৰ বাজেটত বিশেষভাৱে উত্তৰ-পূব ভাৰতৰ সংযোগ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । সংযোগ বৃদ্ধিয়ে কৰ্মসংস্থাপনৰ সুযোগো বৃদ্ধি কৰিব । সেয়ে অসমৰ পথ আৰু ঘাইপথ প্ৰকল্পৰ বাবে হাজাৰ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে ।“
কংগ্ৰেছক লৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?
গুৱাহাটীত কংগ্ৰেছ দলক তীক্ষ্ণ সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ কয়, “আজিৰ কংগ্ৰেছে দেশ বিভাজনৰ সপোন দেখাসকলক সমৰ্থন কৰে । উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰাৰ শ্লোগান দিয়াসকল কংগ্ৰেছৰ উপাসক হৈ পৰিছে । স্বাধীনতাৰ যুগত মুছলিম লীগে দেশখন বিভাজিত কৰিছিল; আজিৰ কংগ্ৰেছ ‘মুছলিম লীগ মাওবাদী কংগ্ৰেছ’ত পৰিণত হৈছে । গতিকে আমি কংগ্ৰেছৰ পৰা সতৰ্ক হ’ব লাগিব । কংগ্ৰেছ চৰকাৰে সেয়া অসমতে হওক বা দিল্লীতেই হওক, অসমক পৰিত্যাগ কৰিছে ।”
প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ উন্নয়নত ব্ৰহ্মপুত্ৰ নদীৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । তেওঁ কয়, “অসমৰ উন্নয়ন আৰু জনসাধাৰণৰ জীৱন সহজ কৰি তোলাত ব্ৰহ্মপুত্ৰই মুখ্য ভূমিকা পালন কৰিছে । অৱশ্যে কংগ্ৰেছৰ ৭০ বছৰীয়া শাসনকালত ব্ৰহ্মপুত্ৰ পাৰ হোৱাটো সদায় এক প্ৰত্যাহ্বান আছিল । প্ৰায় সাত দশকত কংগ্ৰেছ চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ তিনিখন দলং নিৰ্মাণ কৰিছিল । এনে পৰিস্থিতিত অসমৰ উন্নয়ন সম্ভৱ নেকি ?”
তেওঁ আৰু কয়, “২০১৪ চনত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল আছিল মোৰ দেশৰ সেৱাৰ সুযোগ । দুই-তিনি বছৰৰ পিছত বিজেপি কৰ্মীয়ে ডাবল ইঞ্জিন চৰকাৰ গঠন কৰিলে । ফলস্বৰূপে বিগত ১০ৰ পৰা ১১ বছৰত বিজেপি-এনডিএ চৰকাৰে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পাঁচখন ডাঙৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰিলে । য’ত কংগ্ৰেছে অসমক সমস্যা দিছিল, বিজেপিয়ে অসমক সমাধানৰ ব্যৱস্থা কৰিছে ।”
অসমে ৰাষ্ট্ৰ ৰক্ষা আৰু দেশৰ স্বাধীনতাৰ প্ৰতি উৎসৰ্গিত সন্তান প্ৰদান কৰিছে-
ভাষণত প্ৰধানমন্ত্ৰীয়ে অসমৰ ধৰ্ম, বিশ্বাস, সংস্কৃতিৰ ওপৰতো আলোকপাত কৰে । অন্যতম শক্তি পীঠ কামাখ্যা মন্দিৰৰ কথা উল্লেখ কৰি তেওঁ কয়, “মা কামাখ্যাই অসম, অসমৰ জনসাধাৰণ, দেশ আৰু নাগৰিকৰ প্ৰতি অতিশয় দয়ালু । তেওঁৰ আশীৰ্বাদত অসমে ৰাষ্ট্ৰ ৰক্ষা আৰু দেশৰ স্বাধীনতা আৰু সংস্কৃতিৰ কামত মহান হোৱা বহু সন্তানক দিছে ।”
লগতে পঢ়ক : গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ