'বৰ অসম গঢ়িবলৈ ৰেজাউল কৰিমৰ প্ৰয়োজন নাই'; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

‘বৰ অসম গঢ়িবলৈ ৰেজাউল কৰিমৰ প্ৰয়োজন নাই’; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছত যোগদান কৰিয়েই শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াক ধুবুৰী বনোৱাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰিছিল। তাকে লৈ ৰাজ্যজুৰি এক বিতৰ্কৰ সৃষ্টি হৈছে।ৰেজাউল কৰিমৰ এই মন্তব্যক লৈ

আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছত যোগদান কৰিয়েই শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াক ধুবুৰী বনোৱাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰিছিল।

তাকে লৈ ৰাজ্যজুৰি এক বিতৰ্কৰ সৃষ্টি হৈছে।ৰেজাউল কৰিমৰ এই মন্তব্যক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰেজাউল কৰিম সৰকাৰক তীক্ষ্ণ সমালোচনা কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘ৰেজাউল কৰিমে বৰ অসমৰ কথা কোৱা নাই।বৰ অসমৰ কথা ক’লে শংকৰদেৱৰ আদৰ্শৰ কথা ক’লেহেতেন। কিন্তু ৰেজাউল কৰিমে শিৱসাগৰক ধুবুৰী বনোৱাৰ কথা কৈছে।বৰ অসম গঢ়িবলৈ ৰেজাউল কৰিমৰ প্ৰয়োজন নাই’।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ‘ৰেজাউল কৰিমৰ পিতৃ-মাতৃয়ে শিৱসাগৰ বনাইছিল নেকি? ৰেজাউল কৰিমৰ দেউতাক-মাক বাংলাদেশৰ পৰা আহিছে।আৰু তেওঁলোকেই বৰ্তমান বৰ অসমৰ কথা কৈছে’।

‘ কিন্তু ৰেজাউল কৰিমে জনা উচিত যে,শিৱসাগৰখন তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়।  বৰ অসম কৰিবলৈ ৰেজাউল কৰিমৰ কোনো প্ৰয়োজন নাই’।তাৰ লগতে গৌৰৱ গগৈৰ মিঞাৰ প্ৰতি ইমান মৰম কিয় বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

লগতে পঢ়ক: এন ডি এয়েহে দিব পাৰিব সুৰক্ষা… কেৰালাত নিৰ্বাচনী ৰণশিঙা বজালে গৃহমন্ত্ৰী অমিত শ্বাহে  

শেহতীয়া প্ৰৱন্ধসমূহ