দিল্লীলৈ ৰাওনা শিৱকুমাৰ; সিদ্ধাৰমাইয়াই ক’লে, ‘মোক মাতিলে ময়ো যাম’
বিয়াত উপস্থিত থাকিম বুলি দিল্লীলৈ ৰাওনা শিৱকুমাৰ; সিদ্ধাৰমাইয়াই ক’লে, ‘মোক মাতিলে ময়ো যাম’
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদক লৈ কংগ্ৰেছ দলৰ ভিতৰত চলি থকা সংঘাত এতিয়া তীব্ৰতৰ হৈ পৰিছে। উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে বুধবাৰে বিয়লি দিল্লী অভিমুখে ৰাওনা হয়,যাৰ বাবে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি হৈছে।
শিৱকুমাৰে কয় যে,তেওঁ বিয়া এখনলৈ গৈ আছে,কিন্তু বিশ্বাস কৰা হৈছে যে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰি ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব। ইয়াৰ মাজতে, মুখ্যমন্ত্রী সিদ্ধাৰমাইয়াই কয় যে দলৰ হাইকমাণ্ডৰ ফোন আহিলেহে তেওঁ দিল্লীলৈ যাব৷
বেংগালুৰুত তেওঁ কয়, ‘মই দিল্লীলৈ ব্যক্তিগত বিয়াৰ অনুষ্ঠানলৈ গৈছো।১৪ ডিচেম্বৰত ৰামলীলা মৈদানত এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হ’ব,য’ত ‘ভোট চুৰি’ৰ বিৰুদ্ধে ৰেলী হ’ব’।
‘কৰ্ণাটকৰ পৰা কমেও ৩০০ লোক দিল্লীত উপস্থিত হ’ব লাগে।মই সকলো জিলা মন্ত্ৰী বিধায়কক সেই কথা কৈছো যে,তেওঁলোকে ইয়াক নিৰীক্ষণ কৰি দলীয় কৰ্মীক এই কাৰ্যসূচীলৈ লৈ যাব লাগে’।
‘মই তালৈ যাওঁ ব্যৱস্থা চাবলৈ আৰু কাইলৈ পুৱা কেবিনেট বৈঠকৰ বাবে বেংগালুৰুলৈ উভতি যাম।মই মাত্ৰ বিয়াত উপস্থিত থাকিম আৰু ২-৩ খন সৰু সৰু মিটিং কৰিম, তাৰ পিছত ঘূৰি আহিম’।
ইয়াৰ মাজতে, শিৱকুমাৰৰ দিল্লী ভ্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সিদ্ধাৰমাইয়াই কয়, ‘তেওঁক যাবলৈ দিয়ক। মই তেতিয়াহে যাম, যেতিয়া মোলৈ ফোন আহিব।এতিয়ালৈকে মোলৈ কোনো ফোন অহা নাই’।
আপোনালোকক জনাওঁ যে বিগত সময়ত শিৱকুমাৰে কে চি ভেনুগোপাল, মল্লিকাৰ্জুন খৰ্গেৰ দৰে নেতাৰ সৈতে খোদ বিমানবন্দৰতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে।
লগতে পঢ়ক: চৰকাৰী ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল নেহৰুৱেঃ ৰাজনাথ সিং
