নিৰ্বাচনী বিপৰ্যয়ৰ পিছত কংগ্ৰেছত হাহাকাৰ
বিহাৰ বিধানসভা নিৰ্বাচনত বিপৰ্যয়ৰ সন্মুখীন হোৱা শতিকা পুৰণি কংগ্ৰেছ দলে বৰ্তমান আভ্যন্তৰীণ ৰাজনীতিৰ সৈতে যুঁজি আছে । ইয়াৰ মাজতে দলটোৱে ৰাজ্যখনত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অনুশাসনহীনতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কংগ্ৰেছে বিহাৰৰ ৭ জন নেতাক সোমবাৰে দলৰ পৰা বহিষ্কাৰ কৰে ।
সোমবাৰে দলৰ মুখ্য মুখপাত্ৰ ৰাজেশ ৰাথোড়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে কংগ্ৰেছ দলৰ মৌলিক নীতি, অনুশাসন আৰু সাংগঠনিক শিষ্টাচাৰৰ প্ৰতি শিথিল মনোভাৱ গ্ৰহণ কৰাৰ লগতে দলৰ মঞ্চৰ বাহিৰত অবাঞ্চিত আৰু বিভ্ৰান্তিকৰ বক্তব্য অহৰহ প্ৰকাশ কৰাৰ অভিযোগত ৰাজ্যিক কংগ্ৰেছ অনুশাসন সমিতিয়ে সাতজন নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । তেওঁলোকক ছবছৰৰ বাবে কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি উল্লেখ কৰে মুখপাত্ৰগৰাকীয়ে ।
অনুশাসন সমিতিৰ অধ্যক্ষ কপিল দেৱপ্ৰসাদ যাদৱে জাৰি কৰা নিৰ্দেশত উল্লেখ কৰা হৈছে যে সংশ্লিষ্ট নেতাসকলৰ পৰা পোৱা ব্যাখ্যা সমিতিখনে সন্তোষজনক নহয় বুলি বিবেচনা কৰিছে । তেওঁলোকৰ এই কাৰ্য্য স্পষ্টভাৱে দলীয় অনুশাসন উলংঘা কৰাৰ পাঁচটা মাপকাঠীৰ ভিতৰত তিনিটাৰ অন্তৰ্গত ।
কমিটীয়ে লক্ষ্য কৰে যে নেতাসকলে দলীয় মঞ্চৰ বাহিৰত ধাৰাবাহিকভাৱে দলটোৰ কাৰ্যসূচী আৰু সিদ্ধান্ত বিৰোধী বক্তব্য দিছিল, ইচ্ছাকৃতভাৱে যোগ্য কৰ্তৃপক্ষৰ নিৰ্দেশনাক অৱজ্ঞা কৰিছিল, ছপা আৰু ছ’চিয়েল মিডিয়াত টিকট ক্ৰয়ৰ দৰে ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ অভিযোগ উত্থাপন কৰি দলৰ সুনামৰ গুৰুতৰ ক্ষতিসাধন কৰিছিল ।
এই সকলোবোৰ তথ্যৰ ওপৰত ভিত্তি কৰি ৰাজ্যিক কংগ্ৰেছ অনুশাসন সমিতিয়ে তেওঁলোকক কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদৰ পৰা ছবছৰৰ বাবে বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লৈছে । দলটোৱে বহিস্কাৰ কৰা নেতাসকলৰ ভিতৰত আছে কংগ্ৰেছ সেৱা দলৰ প্ৰাক্তন উপ সভাপতি আদিত্য পাছোৱান, ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন উপ সভাপতি শকীলুৰ ৰহমান, কিষাণ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাজ কুমাৰ শৰ্মা, ৰাজ্যিক যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাজ কুমাৰ ৰাজন, অতি পিছপৰা শ্ৰেণী বিভাগৰ প্ৰাক্তন সভাপতি কুন্দন গুপ্তা, বাংকা জিলা কংগ্ৰেছ সমিতিৰ সভাপতি কাঞ্চনা কুমাৰী আৰু নালন্দা জিলাৰ নেতা ৰবি গোল্ডেন ।
লগতে পঢ়ক : ২৬ৰ নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট; প্ৰাৰ্থী তালিকাত প্ৰাধান্য পাব নতুন মুখে









