বিহাৰৰ পৰাজয়ক লৈ কংগ্ৰেছৰ বৈঠকত লংকাকাণ্ড; দুই প্ৰাৰ্থীৰ গুলীচালনাৰ ধমকী

বিহাৰৰ পৰাজয়ক লৈ কংগ্ৰেছৰ বৈঠকত লংকাকাণ্ড; দুই প্ৰাৰ্থীৰ গুলীচালনাৰ ধমকি

বিহাৰৰ পৰাজয়ক লৈ কংগ্ৰেছৰ বৈঠকত লংকাকাণ্ড বিহাৰ বিধানসভা নিৰ্বাচনত হোৱা পৰাজয়ৰ পিছতে বৃহস্পতিবাৰে দিল্লীত কংগ্ৰেছ দলে আহ্বান কৰা এক পৰ্যালোচনা বৈঠক লংকাকাণ্ডলৈ পৰিণত হয়। জানিব পৰা মতে ৰাহুল গান্ধী অহাৰ পূৰ্বেই বিতৰ্কৰে বৈঠকখন আৰম্ভ হৈছিল।বিহাৰৰ বৈশালীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী অভিযন্তা সঞ্জীৱ আৰু পূৰ্ণীয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা

বিহাৰৰ পৰাজয়ক লৈ কংগ্ৰেছৰ বৈঠকত লংকাকাণ্ড

বিহাৰ বিধানসভা নিৰ্বাচনত হোৱা পৰাজয়ৰ পিছতে বৃহস্পতিবাৰে দিল্লীত কংগ্ৰেছ দলে আহ্বান কৰা এক পৰ্যালোচনা বৈঠক লংকাকাণ্ডলৈ পৰিণত হয়।

জানিব পৰা মতে ৰাহুল গান্ধী অহাৰ পূৰ্বেই বিতৰ্কৰে বৈঠকখন আৰম্ভ হৈছিল।বিহাৰৰ বৈশালীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী অভিযন্তা সঞ্জীৱ আৰু পূৰ্ণীয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছৰ জিতেন্দ্ৰ যাদৱৰ মাজত কথা-বতৰা ইমানেই ভয়ংকৰ হৈ পৰে যে পৰিৱেশটো উত্তপ্ত হৈ পৰে।  

অভিযন্তা সঞ্জীৱে অভিযোগ কৰে যে শেহতীয়াকৈ দলত যোগদান কৰা ১৮ গৰাকী নতুন মুখৰ বাবে কংগ্ৰেছৰ বিপুল লোকচান হয় আৰু অনভিজ্ঞ প্ৰাৰ্থীক টিকট দিয়াটো দলৰ বাবে বিপৰ্যয়জনক বুলি প্ৰমাণিত হ’ল।

তেওঁ কয় যে,সংগঠনটোৰ স্থল বাস্তৱতাক আওকাণ কৰি নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰাটোৱে বহু আসনত কংগ্ৰেছৰ যুঁজখন দুৰ্বল কৰি তুলিছিল।

এই সন্দৰ্ভত পূৰ্ণিয়া প্ৰাৰ্থী জিতেন্দ্ৰ যাদৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আমিও নতুন। আজি যিসকল পুৰণি নেতা আছে , তেওঁলোকো এসময়ত নতুন আছিল।

পৰাজয়ৰ বাবে নৱাগতক দোষাৰোপ কৰাটো ভুল।এই বিষয়টোক লৈ দুয়োগৰাকী নেতাৰ মাজত বিতৰ্ক তীব্ৰতৰ হৈ পৰে আৰু সেই কথাৰ কটাকটি তীব্ৰ কাজিয়ালৈ পৰিণত হয়।

বৈঠকত উপস্থিত থকা সূত্ৰই দাবী কৰা মতে এই কাজিয়া ইমানেই তীব্ৰতৰ হৈ পৰে যে অভিযন্তা সঞ্জীৱে জিতেন্দ্ৰ যাদৱক গুলীয়াই হত্যা কৰাৰ ভাবুকিও দিয়াৰ অভিযোগ উত্থাপন হৈছে।

অৱশ্যে পিছত অভিযন্তা সঞ্জীৱে স্পষ্ট কৰি দিয়ে যে কথা-বতৰাবোৰ বিকৃত কৰা হৈছে আৰু তেওঁ কোৱা কথাৰ ভুল ব্যাখ্যা কৰা হ’ল।তেওঁ কয় যে তেওঁ কাকো ভয় খুৱাবলৈ বা ভাবুকি দিয়াৰ উদ্দেশ্য নাছিল।

লগতে পঢ়ক: ‘ভুলতো যদি পুনৰবাৰ মুখ্যমন্ত্ৰী হও অসমত UCC বলৱৎ কৰিম’; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ