আজৱঃ বাংলাদেশৰ জাতীয় সংগীতেৰে আৰম্ভ হ’ল কংগ্ৰেছৰ সভা

বাংলাদেশৰ জাতীয় সংগীতেৰে আৰম্ভ কংগ্ৰেছৰ সভা শেহতীয়াকৈ কংগ্ৰেছ দলৰ এক আজৱ কাণ্ডই চকু কপালত তুলিছে সকলোৰে । শ্ৰীভূমি জিলাত কংগ্ৰেছ দলে সংঘটিত কৰিলে এক আজৱ ঘটনা । জিলাখনৰ ইন্দিৰা ভৱনত বাংলাদেশৰ জাতীয় সংগীতেৰে সভা আৰম্ভ কৰে কংগ্ৰেছ দলে । এই ঘটনাক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ

বাংলাদেশৰ জাতীয় সংগীতেৰে আৰম্ভ কংগ্ৰেছৰ সভা

শেহতীয়াকৈ কংগ্ৰেছ দলৰ এক আজৱ কাণ্ডই চকু কপালত তুলিছে সকলোৰে । শ্ৰীভূমি জিলাত কংগ্ৰেছ দলে সংঘটিত কৰিলে এক আজৱ ঘটনা । জিলাখনৰ ইন্দিৰা ভৱনত বাংলাদেশৰ জাতীয় সংগীতেৰে সভা আৰম্ভ কৰে কংগ্ৰেছ দলে । এই ঘটনাক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে শ্ৰীভূমিৰ জিলা কংগ্ৰেছ দলে ইন্দিৰা ভৱনত আয়োজন কৰিছিল কাৰ্যনিৰ্বাহক সভা । এই সভাতৰ আৰম্ভণিতে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ পৰিৱৰ্তেল হোৱা হ’ল বাংলাদেশৰ জাতীয় সংগীত ।

কংগ্ৰেছৰ সেৱা দলৰ মুৰব্বী দীপ বায়নৰ উপস্থিতিতেই বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশনেৰে আৰম্ভ কৰে সেৱা দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা । কংগ্ৰেছৰ জিলা পৰ্যায়ৰ নেতা-কৰ্মীৰ সন্মুখতে এই ঘটনা ঘটে যদিও কোনোৱে এই কাৰ্যৰ বিৰোধিতা নকৰিলে । কংগ্ৰেছৰ এই কাণ্ডই এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : বিহাৰত বিদ্ৰোহীৰ বিৰুদ্ধে বিজেপিৰ ব্যৱস্থা; দলৰ পৰা বহিষ্কাৰ ৪ নেতাক