‘ইৰাণে তৎক্ষণাত আত্মসমৰ্পণ কৰক,অন্যথা মৃত্যু নিশ্চিত’; ইৰাণক হুংকাৰ ট্ৰাম্পৰ

ইৰাণত ইজৰাইলে আক্ৰমণ চলোৱাৰ পিছত ড’নাল্ড ট্ৰাম্পে হুংকাৰ প্ৰদান কৰিছে। ট্ৰাম্পে কৈছে যে, ‘ইৰাণে তৎক্ষণাত আত্মসমৰ্পণ কৰক,অন্যথা মৃত্যু নিশ্চিত’

ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইল সেনাই যৌথভাৱে বৃহৎ আক্ৰমণ চলাইছে। এই আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, কিছু সময়ৰ পিছত আমেৰিকাৰ সেনাই ইৰাণত বৃহৎ পৰিসৰৰ সামৰিক অভিযান আৰম্ভ কৰিছিল।আমাৰ লক্ষ্য হৈছে ইৰাণী শাসনে সৃষ্টি কৰা ভাবুকি দূৰ কৰি আমেৰিকাৰ জনসাধাৰণক সুৰক্ষা দিয়া।

ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে, ইৰাণে হয় অস্ত্ৰ পৰিহাৰ কৰক, অন্যথা নিশ্চিত মৃত্যুৰ বাবে সাজু হওক।ট্ৰাম্পে কয় যে নিশালৈ ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হ’ব। গতিকে ইৰাণৰ সাধাৰণ জনতা যাতে নিশা ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহে।

ড’নাল্ড ট্ৰাম্পে স্পষ্ট ভাষাৰে ইৰাণৰ সেনাবাহিনীক সকীয়াই দিছে। ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ সৈতে যৌথ আক্ৰমণত যোগদান কৰাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দাবী কৰিছে যে তেওঁলোকে ইৰাণৰ সকলো ক্ষেপণাস্ত্ৰ ধ্বংস কৰাৰ লগতে ইৰাণৰ ক্ষেপণাস্ত্ৰ উদ্যোগকো মাটিৰ লগত মিলাই দিয়া হ’ব।

ড’নাল্ড ট্ৰাম্পে ইৰাণক ভাবুকি দি কয় যে, “ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডৰ সদস্য, সশস্ত্ৰ বাহিনী আৰু সকলো আৰক্ষীক মই কওঁ যে, আপোনালোকে আত্মসমৰ্পণ কৰা উচিত। অন্যথা মৃত্যু নিশ্চিত।

লগতে পঢ়ক: ইৰাণে ইজৰাইলক দিছে প্ৰত্যুত্তৰ; ৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ,টেল আভিভত বাজিছে চাইৰেন

ইৰাণে ইজৰাইলক দিছে প্ৰত্যুত্তৰ; ৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ,টেল আভিভত বাজিছে চাইৰেন

ইজৰাইলৰ আক্ৰমণৰ পিছতেই এতিয়া ইৰাণে দিছে প্ৰত্যুত্তৰ। ইজৰাইলৰ জেৰুজালেমত বাজিছে চাইৰেন। সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থাৰ ঘোষণা ।

ইৰাণ আৰু ইজৰাইলৰ মাজত আৰম্ভ হৈছে যুদ্ধ।বৰ্তমান দুয়োখন দেশৰ মাজত তীব্ৰ যুদ্ধ চলি আছে।ইজৰাইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিশোধমূলক আক্ৰমণ চলাইছে ইৰাণে।

ইজৰাইললৈ ৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ইৰাণে।ইজৰাইলৰ সেনা আইডিএফে কয় যে ইৰাণৰ পৰা ইজৰাইল অভিমুখে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে,সমগ্ৰ দেশখনতে সক্ৰিয় কৰা হৈছে এলাৰ্ট।

ইৰাণৰ ক্ষেপণাস্ত্ৰৰ পৰিসৰৰ অধীনলৈ অহা ইজৰাইলৰ চহৰসমূহৰ ভিতৰত জেৰুজালেম, হাইফা, শ্বেফেলা আদি অন্যতম।বৰ্তমান জেৰুজালেমত ছাইৰেন বাজি আছে।ইফালে শেহতীয়া খবৰ অনুসৰি ইৰাণে দ্বিতীয়বাৰৰ বাবে ইজৰাইলৰ ফালে ক্ষেপণাস্ত্ৰৰ চালান প্ৰেৰণ কৰিছে।ইজৰাইলে নিজৰ সমস্ত শক্তিৰে ধ্বংস কৰি আছে ইৰাণৰ এই ক্ষেপণাস্ত্ৰ।

খবৰ অনুসৰি উত্তৰ ইজৰাইলত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে।ইজৰাইলে নিজৰ ক্ষেপণাস্ত্ৰ বিৰোধী প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে।ইজৰাইলে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে।

লগতে পঢ়ক: ‘ইৰাণৰ ক্ষেপণাস্ত্ৰক শেষ কৰি দিয়া হ’ব’; আক্ৰমণৰ পিছত ড’নাল্ড ট্ৰাম্পৰ প্ৰথম প্ৰতিক্ৰিয়া

‘ইৰাণৰ ক্ষেপণাস্ত্ৰক শেষ কৰি দিয়া হ’ব’; আক্ৰমণৰ পিছত ড’নাল্ড ট্ৰাম্পৰ প্ৰথম প্ৰতিক্ৰিয়া

ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই “বৃহৎ যুদ্ধ অভিযান” আৰম্ভ কৰিছে।তেওঁ দাবী কৰে যে ইয়াৰ লক্ষ্য হৈছে ইৰাণী শাসনে সৃষ্টি কৰা ভাবুকি দূৰ কৰা।

ইৰাণৰ ওপৰত আমেৰিকাৰ আৰু ইজৰাইলে আক্ৰমণৰ কৰাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা ডাঙৰ বিবৃতি দিছে।ট্ৰাম্পে কয় যে শেহতীয়াকৈ আমেৰিকাই ইৰাণত “বৃহৎ যুদ্ধ অভিযান” আৰম্ভ কৰিছে।

তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাত কয় যে,এই সামৰিক অভিযানৰ উদ্দেশ্য হৈছে আমেৰিকাৰ জনসাধাৰণক সুৰক্ষা দিয়া আৰু ইৰাণী শাসনে সৃষ্টি কৰা আগতীয়া ভাবুকিসমূহ দূৰ কৰা।

ট্ৰাম্পে ইৰাণৰ শাসন ব্যৱস্থাক “অতি কঠোৰ আৰু বিপজ্জনক গোট” বুলি অভিহিত কৰি কয় যে,আমেৰিকাই কেতিয়াও ইৰাণক পাৰমাণৱিক অস্ত্ৰ লাভ কৰিবলৈ নিদিয়ে।

তেওঁৰ মতে ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী পুনৰ সজীৱ কৰাৰ চেষ্টা কৰিছে আৰু ই দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ বিকশিত কৰি আছে,যিয়ে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।

ট্ৰাম্পে স্পষ্ট কৰি কৈছে যে, ‘আমি তেওঁলোকৰ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিম আৰু তেওঁলোকৰ ক্ষেপণাস্ত্ৰ উদ্যোগক মাটিত মিহলাই দিম।’

তেওঁ লগতে কয় যে, আমেৰিকাই ইৰাণৰ নৌসেনাক সম্পূৰ্ণৰূপে ধ্বংস কৰিব আৰু ই নিশ্চিত কৰিব যে তেহৰানে পাৰমাণৱিক অস্ত্ৰ লাভ নকৰে।তেওঁ ইৰাণৰ সেনাবাহিনী আই আৰ জি চিক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছে।

অৱশ্যে এই আক্ৰমণ ইজৰাইলৰ সৈতে যৌথভাৱে সংঘটিত হৈছে নে নাই সেই বিষয়ে ট্ৰাম্পে তেওঁৰ বিবৃতিত স্পষ্ট কৰা নাই।

আমেৰিকাৰ এগৰাকী বিষয়াই কয় যে ইৰাণৰ বিৰুদ্ধে আকাশ আৰু সাগৰীয় দুয়োটা পথতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।যোৱা কেইটামান সপ্তাহত আমেৰিকাই মধ্যপ্ৰাচ্যত নিজৰ সামৰিক সম্পদ ব্যাপকভাৱে নিয়োগ কৰিছে।ট্ৰাম্পে ইয়াক “বিশাল নৌসেনাৰ বহৰ” বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: আকৌ যুদ্ধ; ইৰাণৰ ওপৰত ইজৰাইল-আমেৰিকাৰ আক্ৰমণ, বিমানবন্দৰকে ধৰি ৩০টাকৈ স্থানত মিছাইল নিক্ষেপ

আকৌ যুদ্ধ; ইৰাণৰ ওপৰত ইজৰাইল-আমেৰিকাৰ আক্ৰমণ, বিমানবন্দৰকে ধৰি ৩০টাকৈ স্থানত মিছাইল নিক্ষেপ

ইজৰাইল আৰু আমেৰিকাই মিলি ইৰাণৰ ওপৰত মিছাইল আক্ৰমণ কৰিছে। একেলগে কমেও ৩০ টা স্থানত আক্ৰমণ কৰিছে।

ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে।ইজৰাইলে ইৰাণৰ ৰাষ্ট্ৰপতি ভৱনক লক্ষ্য কৰি লৈছে,ইয়াৰ উপৰিও ইৰাণৰ চোৰাংচোৱা সংস্থাৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হৈছে।

ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী অট্টালিকাক লক্ষ্য কৰি লোৱা হৈছে।জানিব পৰা মতে ইৰাণৰ উচ্চতম নেতা আলী খামেইনি এই সময়ত তেহৰাণত নাই।তেওঁক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে।

ইৰাণৰ ওপৰত ইজৰাইলে কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে।আক্ৰমণৰ পিছত ৰাজধানী তেহৰাণৰ কেইবাটাও স্থানত অট্টালিকাৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল।

জানিব পৰা মতে, আমেৰিকাৰ এফ-২২ ৰেপ্টৰ যুদ্ধ বিমানেও এই আক্ৰমণত অংশগ্ৰহণ কৰিছে। তেহৰাণৰ ৩০ স্থানত বেলিষ্টিক মিছাইলৰ সহায়ত একেলগে এই আক্ৰমণ সংঘটিত কৰিছিল।

ইয়াৰ পিছত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।আক্ৰমণৰ সময়ত আমেৰিকা আৰু ইজৰাইলে খামেইনিৰ কাৰ্যালয়কো লক্ষ্য কৰি লৈছিল।

লগতে পঢ়ক: ‘সংস্থাসমূহে এন্থ্ৰপিক প্ৰযুক্তি ব্যৱহাৰ কৰা বন্ধ কৰক’; ট্ৰাম্পে দিলে আলটিমেটাম

উত্তেজনাৰ মাজতে ৰাছিযাৰ সৈতে যুদ্ধভ্যাস ইৰাণৰ, পশ্চিম এছিয়াৰ কাষ চাপি আহিছে আমেৰিকাৰ যুদ্ধ জাহাজ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চুক্তিৰ আশা প্ৰকাশ কৰিছে যদিও ধৰি আলোচনা স্থবিৰ হৈ ৰৈছে

আমেৰিকাৰ বিমানবাহী যুদ্ধ জাহাজ পশ্চিম এছিয়াৰ কাষ চাপি অহাৰ সময়তে ইৰাণে বৃহস্পতিবাৰে ৰাছিয়াৰ সৈতে বাৰ্ষিক সামৰিক অনুশীলন অনুষ্ঠিত কৰে । ইফালে আমেৰিকা আৰু ইৰাণ দুয়োখন দেশেই তেহৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ আলোচনা বিফল হ’লে যুদ্ধৰ বাবে সাজু হোৱাৰ ইংগিত দিছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চুক্তিৰ আশা প্ৰকাশ কৰিছে যদিও ধৰি আলোচনা স্থবিৰ হৈ ৰৈছে । ইৰাণে আমেৰিকা আৰু ইজৰাইলৰ দাবীৰ ওপৰত আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে । ইৰাণক ক্ষেপণাস্ত্ৰ কাৰ্যসূচী বাতিল কৰাৰ লগতে সশস্ত্ৰ সংগঠনৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ আমেৰিকা আৰু ইজৰাইলে দাবী জনাইছে । যোৱা কেইটামান সপ্তাহত পৰোক্ষ আলোচনাই কোনো বিশেষ অগ্ৰগতি লাভ কৰা নাই । এই সময়খিনি দুয়োপক্ষই যুদ্ধৰ চূড়ান্ত প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰাৰ আশংকাও দেখা গৈছে ।

যোৱা বছৰ ইজৰাইল আৰু আমেৰিকাৰ সৈতে ১২ দিনীয়া সংঘাত আৰু জানুৱাৰী মাহত গণ প্ৰতিবাদৰ হিংসাত্মক দমনৰ পিছত ইৰাণ চৰকাৰ পূৰ্বতকৈ অধিক দুৰ্বল হৈ পৰিছে । ইয়াৰ পিছতো ইৰাণে ইজৰাইল আৰু আমেৰিকাৰ ঘাটি আক্ৰমণ কৰিবলৈ সক্ষম হৈ আছে আৰু যিকোনো আক্ৰমণে আঞ্চলিক যুদ্ধৰ সূচনা কৰিব পাৰে বুলি সকীয়াই দিছে । ইৰাণে এই সপ্তাহত হৰমুজ জলদ্বীপত লাইভ ফায়াৰ অনুশীলন চলাইছিল, যাৰ মাজেৰে বিশ্বৰ ব্যৱসায়িক তেলৰ এক পঞ্চমাংশ পাৰ হৈ যায় ।

ভূমধ্য সাগৰত আমেৰিকাৰ যুদ্ধজাহাজ-

আমেৰিকাই অধিক যুদ্ধজাহাজ আৰু বিমান নিয়োগ কৰিছে আৰু ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ড বিমানবাহী জাহাজ ভূমধ্য সাগৰত আছে । অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে আমেৰিকাই নিশ্চিতভাৱে ইৰাণক আক্ৰমণ কৰিব । কিন্তু ইমান বৃহৎ বাহিনী আৰু জাহাজৰ আগমনে ট্ৰাম্পৰ আক্ৰমণৰ ক্ষমতা অধিক শক্তিশালী কৰি তুলিছে । ইচ্ছা কৰিলে এতিয়া আমেৰিকাই ইৰাণ আক্ৰমণ কৰিব পাৰে ।

লগতে পঢ়ক : দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক যাৱজ্জীৱন কাৰাদণ্ড; দেশত জাৰি কৰিছিল সামৰিক আইন

ইৰাণৰ সৈতে আলোচনাৰ মাজতে মধ্যপ্ৰাচ্যত হাহাকাৰ; আমেৰিকাই প্ৰেৰণ কৰিলে ৫০খন যুদ্ধ বিমান

ইৰাণৰ সৈতে উত্তেজনাৰ মাজতে মধ্যপ্ৰাচ্যত (পশ্চিম এছিয়া) সামৰিক বাহিনীৰ উপস্থিতি বৃদ্ধি কৰিছে আমেৰিকাই।

ইৰাণৰ ওপৰত আক্ৰমণৰ জল্পনা-কল্পনাৰ মাজতে আমেৰিকাই পশ্চিম এছিয়াত তেওঁলোকৰ সামৰিক বাহিনীৰ সংখ্যা বৃদ্ধি কৰিছে।যোৱা ২৪ ঘণ্টাত আমেৰিকাই মধ্যপ্ৰাচ্যৰ ফালে ৫০খনতকৈও অধিক যুদ্ধ বিমান প্ৰেৰণ কৰিছে।

এই পদক্ষেপ এনে এটা সময়ত লোৱা হৈছে, যেতিয়া আমেৰিকাৰ আৰু ইৰাণৰ মাজত তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত নতুন কূটনৈতিক আলোচনা চলি আছে। আমেৰিকাৰ বিষয়াসকলৰ মতে,এই নিয়োগৰ লক্ষ্য হৈছে অঞ্চলটোত আকাশ আৰু নৌসেনাৰ শক্তি শক্তিশালী কৰা।

জানিব পৰা মতে,এফ ২২, এফ ৩৫ আৰু এফ ১৬ ৰ দৰে আধুনিক যুদ্ধ বিমান মধ্যপ্ৰাচ্যৰ দিশে যোৱা দেখা গৈছে।ইয়াৰ লগতে কেইবাখনো এয়াৰ ইন্ধন ভৰোৱা টেংকাৰো মধ্যপ্ৰাচ্যৰ দিশে গতি কৰা দেখা গৈছে। যাৰ পৰা উমান পোৱা যায় যে, আমেৰিকাৰ সৈন্যই দীৰ্ঘদিনৰ বাবে সামৰিক অভিযান চলাবলৈ প্ৰস্তুতি কৰিছে।

ইয়াৰ মাজতে, ছুইজাৰলেণ্ডৰ জেনেভাত শেহতীয়া আলোচনাৰ পিছত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে কয় যে, ইৰাণে এতিয়াও ৰাষ্ট্ৰপতি ট্ৰাম্পে নিৰ্ধাৰণ কৰা মূল চৰ্তসমূহ মানি ল’বলৈ সন্মত হোৱা নাই।

জে ডি ভ্যান্সে স্পষ্ট কৰি দিয়ে যে ট্ৰাম্পে কিছুমান ‘ৰেড লাইন’ নিৰ্ধাৰণ কৰিছে,যিবোৰ ইৰাণে এতিয়াই মানি ল’বলৈ সাজু নহয়।

লগতে পঢ়ক : ‘প্ৰিয় বন্ধু মেক্ৰন…’ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক ভাৰতলৈ আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

মধ্যপ্ৰাচ্যত আমেৰিকাৰ শক্তি প্ৰদৰ্শন, প্ৰেৰণ কৰিলে বিশ্বৰ সৰ্ববৃহৎ যুদ্ধজাহাজ

আমেৰিকাই এতিয়া নিজৰ সৰ্ববৃহৎ বিমানবাহী জাহাজ ইউ এছ এছ গেৰাল্ড আৰ ফৰ্ড ইৰাণৰ কাষৰীয়া অঞ্চললৈ প্ৰেৰণ কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে ।

আমেৰিকা আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা । ইফালে আমেৰিকাই মধ্যপ্ৰাচ্যত সামৰিক উপস্থিতিও বৃদ্ধি কৰিছে । শেহতীয়াকৈ আমেৰিকাই এতিয়া নিজৰ সৰ্ববৃহৎ বিমানবাহী জাহাজ ইউ এছ এছ গেৰাল্ড আৰ ফৰ্ড ইৰাণৰ কাষৰীয়া অঞ্চললৈ প্ৰেৰণ কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে ।

প্ৰকাশিত বাতৰি অনুসৰি এই যুদ্ধ জাহাজখন মধ্যপ্ৰাচ্যলৈ যাবলৈ এসপ্তাহ সময় লাগিব, য’ত ইতিমধ্যে আব্ৰাহাম লিংকন কেৰিয়াৰ আৰু অন্যান্য যুদ্ধ জাহাজ নিয়োজিত হৈ আছে । এই পদক্ষেপে ইৰাণৰ ওপৰত সাগৰ আৰু আকাশ উভয়ৰে পৰা সামৰিক হেঁচা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ।

বিমান পৰিবাহী এই যুদ্ধ জাহাজখন পাৰমাণৱিক শক্তিসম্পন্ন আৰু ইয়াত এফ-১৮ ছুপাৰ হৰ্নেট যুদ্ধ বিমান আৰু ই-২ হকআই আৰ্লি ৱাৰ্নিং বিমানকে ধৰি ৭৫খনতকৈও অধিক সামৰিক বিমান নিয়োগ কৰিব পৰা যায় । ইয়াৰ উপৰিও ইয়াত অত্যাধুনিক ৰাডাৰ ব্যৱস্থা আছে যিয়ে যুদ্ধ বিমান চলাচল আৰু নেভিগেচন নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

ইউ এছ এছ গেৰাল্ড আৰ ফৰ্ড প্ৰথমে ইউৰোপত নিয়োজিত হোৱাৰ কথা আছিল যদিও নৱেম্বৰ মাহত হঠাতে কেৰিবিয়ান সাগৰলৈ স্থানান্তৰ কৰা হয় । এই যুদ্ধ জাহাজে ভেনিজুৱেলাত আমেৰিকাৰ অভিযানতো অংশগ্ৰহণ কৰিছিল । ইয়াৰ উপৰিও যোৱা কেইটামান সপ্তাহত মধ্যপ্ৰাচ্যত কেইবাখনো গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ, যুঁজাৰু বিমান, নিৰীক্ষণ বিমান নিয়োগ কৰা হৈছে ।

উল্লেখ্য যে, আমেৰিকান নৌসেনাৰ ১১খন বিমানবাহী জাহাজ আছে, যাৰ বাবে ইয়াক এক মূল্যৱান সম্পদ হিচাপে পৰিগণিত কৰা হয় আৰু ইয়াৰ নিয়োগৰ সময়সূচী পূৰ্বনিৰ্ধাৰিত । যোৱা জুন মাহত যেতিয়া ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হৈছিল, তেতিয়া ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণৰ সময়ত এই অঞ্চলত আমেৰিকাৰ দুখন বিমানবাহী যুদ্ধ জাহাজ আছিল । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও কয় যে ইৰাণৰ সৈতে কোনো চুক্তি নহ’লে দ্বিতীয়খন কেৰিয়াৰ প্ৰেৰণ কৰাৰ কথা চিন্তা কৰিছে । তেওঁ কয় যে অহা এমাহৰ ভিতৰত ইৰাণৰ সৈতে চুক্তি হ’ব পাৰে, নহ’লে ইয়াৰ পৰিণতি ভয়াৱহ হ’ব ।

লগতে পঢ়ক : বাংলাদেশ নিৰ্বাচনত বিএনপিৰ আকৰ্ষণীয় প্ৰদৰ্শন, প্ৰধানমন্ত্ৰী হ’বলৈ সাজু তাৰিক ৰহমান

৭ বছৰৰ অতিৰিক্ত কাৰাদণ্ড; নোবেল বঁটা বিজয়ীক কঠোৰ শাস্তি প্ৰদান

শান্তিৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক ইৰাণত নতুন শাস্তি প্ৰদান কৰা হৈছে।নাৰ্গিছ মহম্মদীয়ে অনশন আৰম্ভ কৰাৰ পাছত তেওঁক অতিৰিক্ত ৭ বছৰৰ কাৰাদণ্ড বিহা হয়।

নাৰ্গিছ মহম্মদী ইৰাণৰ এগৰাকী বিশিষ্ট মানৱ অধিকাৰ কৰ্মী আৰু শান্তিৰ নোবেল বঁটা বিজয়ী মহিলা, যি ইৰাণত নাৰীৰ ওপৰত হোৱা অত্যাচাৰ আৰু ৰাজনৈতিক দমনৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ বাবে পৰিচিত।

সেই নাৰ্গিছ মহম্মদীক ইৰাণত ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে।যাৰ বাবে তেওঁ পুনৰবাৰ চৰ্চালৈ আহিছে। ২০২৩ চনত নাৰ্গিছ মহম্মদীয়ে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।

নাৰ্গিছ মহম্মদীৰ অধিবক্তাই এই শাস্তিৰ সন্দৰ্ভত জানিবলৈ দিয়াৰ পিছতেই ইৰাণী কৰ্তৃপক্ষৰ সৈতে দশকজুৰি চলি থকা তেওঁৰ যুদ্ধখন তীব্ৰতৰ হৈ পৰে।দৰাচলতে ইৰাণ চৰকাৰ আৰু নাৰ্গিছ মহম্মদীৰ মাজত বিগত কেইবা দশক ধৰি সংঘাত চলি আহিছে।

৫৩ বছৰীয়া অভিযন্তা আৰু লেখক নাৰ্গিছ মহম্মদী হিউমেন ৰাইটছ ডিফেণ্ডাৰছ চেণ্টাৰৰ উপ-সভাপতি আছিল,যাৰ প্ৰতিষ্ঠা নোবেল বঁটা বিজয়ী শ্বিৰিন এবাদীয়ে কৰিছিল।

নাৰ্গিছ মহম্মদীয়ে ইৰাণত মানৱ মৰ্যাদা আৰু নাৰীৰ অধিকাৰৰ বাবে চলি থকা সংগ্ৰামক প্ৰতিনিধিত্ব কৰে।তেওঁক ২০২৩ চনত ‘ইৰাণত নাৰীৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতাক প্ৰসাৰিত কৰাৰ বাবে’ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰিছিল।

নাৰ্গিছ মহম্মদীয়ে যোৱা দশকৰ বেছিভাগ সময় কাৰাগাৰত কটাবলগীয়া হৈছে ।তেহৰাণৰ ইভিন কাৰাগাৰত বন্দী হৈ থকাৰ সময়তে তেওঁৰ সন্তানসকলে অছল’ত তেওঁৰ হৈ এই বঁটা গ্ৰহণ কৰিছিল।

২০২৫ চনৰ ১২ ডিচেম্বৰত মছহাদত মানৱ অধিকাৰ অধিবক্তা খোছৰো আলিকোৰ্ডিৰ শোক সভাত অংশগ্ৰহণ কৰাৰ পিছতেই নাৰ্গিছ মহম্মদীক গ্ৰেপ্তাৰ কৰা হৈছিল।

নাৰ্গিছ মহম্মদীয়ে ‘উচটনিমূলক বক্তব্য’ দিয়াৰ লগতে সভাত উপস্থিত থকা লোকসকলক ‘নিয়ম উলংঘা কৰা শ্লোগান উত্থাপন’ আৰু ‘শান্তি বিঘ্নিত’ কৰিবলৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল।নতুন শাস্তি ঘোষণাৰ দিনাই মহম্মদীয়ে এসপ্তাহজোৰা অনশন বন্ধ কৰি দিয়ে।

লগতে পঢ়ক: জাপানত পুনৰ ছানাই তাকাইচিৰ চৰকাৰ; নিৰ্বাচনত অভিলেখ ভংগকাৰী জয়

এটা সৰু ভুল আৰু জ্বলি উঠিব আমেৰিকাঃ ট্ৰাম্পক চৰম সকীয়নি ইৰাণৰ

আমেৰিকাক সকীয়াই ইৰাণে কয় যে যদি কোনো ভুল হয় তেন্তে কোনো আমেৰিকান নিৰাপদ হৈ নাথাকিব আৰু অঞ্চলটোৰ জুইয়ে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক আগুৰি ধৰিব ।

ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনা শীৰ্ষবিন্দুত উপনীত হৈছে । ইৰাণৰ শীৰ্ষ সামৰিক বিষয়াই আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰি কয় যে যদি কোনো ভুল হয় তেন্তে কোনো আমেৰিকান নিৰাপদ নহয় আৰু অঞ্চলটোৰ জুইয়ে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক আগুৰি ধৰিব । উত্তেজনা নিৰাময়ৰ বাবে কূটনৈতিক প্ৰচেষ্টা অব্যাহত আছে । খবৰ অনুসৰি অনাগত দিনত দুয়োখন দেশৰ মাজত বৃহৎ আলোচনাৰ সম্ভাৱনা আছে ।

ইৰাণ সেনাৰ মুৰব্বী আব্দ আল ৰহিম মৌছাভিয়ে সোমবাৰে কয় যে, “শত্ৰুৰ সৰু ভুলে আমাক ব্যৱস্থা গ্ৰহণৰ স্বাধীনতা প্ৰদান কৰিব । যেতিয়া বিশ্বই শক্তিশালী ইৰাণৰ বেলেগ দিশ দেখিব, তেতিয়া কোনো আমেৰিকান নিৰাপদ হৈ নাথাকিব । তদুপৰি অঞ্চলটোৰ জুইয়ে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক আগুৰি ধৰিব ।”

যুদ্ধৰ সূচনা হ’লে আঞ্চলিক প্ৰতিৰোধৰ পুৰুষ-মহিলাই অঞ্চলটোত বাহিৰৰ যিকোনো উপস্থিতি সম্পূৰ্ণৰূপে নিঃশেষ কৰি পেলাব বুলিও তেওঁ কয় । তেওঁ জোৰ দি কয় যে ইৰাণৰ সশস্ত্ৰ বাহিনী যিকোনো আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ সম্পূৰ্ণৰূপে সাজু ।

ইৰাণৰ সমীপত আমেৰিকাৰ নৌসেনাই সামৰিক নিয়োগ বৃদ্ধি কৰাৰ সময়তে ইৰাণ সেনাবাহিনীৰ চীফ অফ ষ্টাফৰ এই বক্তব্য প্ৰকাশ পাইছে । যোৱা সপ্তাহত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল যে ইৰাণে ৱাশ্বিংটনৰ সৈতে আলোচনাত মিলিত হৈছে । অৱশ্যে ইৰাণৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা লোৱাৰ সম্ভাৱনা ট্ৰাম্পে নুই কৰা নাই ।

লগতে পঢ়ক : ‘আল্লাহে ইচ্ছা কৰিলে…’, ট্ৰাম্পক খামেইনীৰ মুকলি প্ৰত্যাহ্বান, মধ্যপ্ৰাচ্যত আলোড়ন