‘ ইৰাণে তেল বন্ধ কৰিলে ২০ গুণ বেছি হ’ব ধ্বংস’; শীঘ্ৰে যুদ্ধৰ অন্তৰ প্ৰতিশ্ৰুতি দি নতুন আল্টিমেটাম জাৰি ট্ৰাম্পৰ

ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধ শীঘ্ৰেই বন্ধ হ’ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মন্তব্য কৰিছিল। কিন্তু সোমবাৰে আকৌ ৰাষ্ট্ৰপতি গৰাকীয়ে আল্টিমেটাম জাৰি কৰিছে যে যদি ইৰাণে তেল বন্ধ কৰে তেন্তে আমেৰিকাই ইৰাণক পূৰ্বতকৈ ২০গুণ বেছি শক্তিৰে আক্ৰমণ কৰিব।

ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ মুঠ ১০ দিন পাৰ হৈ গ’ল আৰু মধ্যপ্ৰাচ্যৰ এই সংঘৰ্ষই একাদশ দিনত উপনীত হৈছে।ইয়াৰ পিছতো আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মূল লক্ষ্য কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই যে তেওঁলোকে কি বিচাৰে।

সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয় যে ইৰাণৰ বিৰুদ্ধে যুদ্ধ শীঘ্ৰে শেষ হ’ব পাৰে,কিন্তু তেওঁ বিশ্বব্যাপী তেল যোগানত ইৰাণে ব্যাঘাত জন্মালে যুদ্ধ তীব্ৰতৰ কৰাৰ সম্ভাৱনাও থকাৰ লগতে মুকলি ভাবুকিও দিছে।

সোমবাৰে ড’নাল্ড ট্ৰাম্পে কয় যে ইৰাণত চলি থকা আমেৰিকাৰ সামৰিক অভিযান অতি সোনকালে শেষ হ’ব।তেওঁ কয় যে ইয়াৰ দ্বাৰা বজাৰসমূহে আস্থা লাভ কৰিব, কাৰণ মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই বজাৰসমূহত বিশৃংখলতাৰ সৃষ্টি কৰিছে।

ফ্ল’ৰিডাত এখন সংবাদমেলত ট্ৰাম্পে কয়- “যুদ্ধখন সোনকালে শেষ হ’ব, আৰু যদি পুনৰ আৰম্ভ হয় তেন্তে তেওঁলোকক (ইৰাণ) আৰু অধিক কঠোৰ আক্ৰমণ কৰা হ’ব।” ইয়াৰ পূৰ্বে তেওঁ আমেৰিকাৰ সাংসদসকলক জনাইছিল যে এই অভিযান হ’ব “হ্ৰস্বম্যাদী অভিযান”।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত লিখিছে যে যদি ইৰাণে হৰমুজ প্ৰণালীত তেলৰ যোগান বন্ধ কৰিবলৈ চেষ্টা কৰে তেন্তে আমেৰিকাই ইৰাণক পূৰ্বতকৈ ২০গুণ বেছি শক্তিৰে আক্ৰমণ কৰিব।

তেওঁ কয় যে আমেৰিকাইও এনে ঘাটি ধ্বংস কৰিব পাৰে যাৰ ফলত ইৰাণৰ বাবে দেশখন পুনৰ নিৰ্মাণ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিব।তেওঁ সকীয়াই দিছিল যে ইৰাণৰ ওপৰত “মৃত্যু, জুই আৰু ধ্বংস” ৰ বৰষুণ হ’ব পাৰে, কিন্তু আশা প্ৰকাশ কৰে যে এনে হ’ব নালাগে।

লগতে পঢ়ক: হৰমুজ প্ৰণালীত তীব্ৰতৰ হৈ উঠিছে যুদ্ধ, ভাৰতত স্তব্ধ হৈ পৰিব পাৰে ইণ্টাৰনেট!

ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মোজতাবা খামেনেইক শুভেচ্ছা পুটিনৰ

ভ্লাদিমিৰ পুটিনে মোজতাবা খামেনেইক ইৰাণৰ নতুন নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাই

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মোজতাবা খামেনেইক ইৰাণৰ নতুন নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাই । পুটিনে শুভেচ্ছা বাৰ্তাত কয় যে তেওঁ নিজৰ পিতৃৰ কাম সন্মানেৰে অব্যাহত ৰাখিব বুলি আত্মবিশ্বাসী । উল্লেখ্য যে, ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আলী খামেনেইৰ পুত্ৰ মোজতাবা খামেনেই । ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত নিহত হৈছিল আলী খামেনেই । তেতিয়াৰ পৰাই মোজতাবা খামেনেইৰ নাম ইৰাণৰ সৰ্বোচ্চ নেতা হিচাবে চৰ্চা চলিছিল ।

ইৰাণৰ উচ্চতম নেতা হিচাপে মোজতাবা খামেনেইক অভিনন্দন জনোৱা বিশ্বৰ প্ৰথম নেতাসকলৰ ভিতৰত পুটিন অন্যতম । ক্ৰেমলিনে প্ৰকাশ কৰা এক বিবৃতিত পুটিনে কয় যে, “মই নিশ্চিত যে আপুনি আপোনাৰ পিতৃৰ কাম সন্মানেৰে অব্যাহত ৰাখিব আৰু কঠিন পৰিস্থিতিত ইৰাণৰ জনসাধাৰণক একত্ৰিত কৰিব ।”

ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কয়, “মোৰ ফালৰ পৰা মই তেহৰাণৰ প্ৰতি আমাৰ অটল সমৰ্থন আৰু আমাৰ ইৰাণী বন্ধুসকলৰ সৈতে আমাৰ সংহতি পুনৰ দৃঢ় কৰিব বিচাৰিছো ।” উল্লেখ্য যে, আমেৰিকাৰ হেঁচা সত্ত্বেও ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে মোজতাবা খামেনেইক অভিনন্দন জনোৱাটোৱে ৰাছিয়াৰ স্থিতি স্পষ্টভাৱে প্ৰমাণ কৰিছে ।

ট্ৰাম্পৰ হুংকাৰ-

ইফালে ইৰাণৰ নতুন নেতা তেওঁ বাছনি কৰিব বুলি উল্লেখ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে । তেওঁ মোজতাবা খামেনেইক ভাবুকি দি কয় যে তেওঁও আমেৰিকাৰ আক্ৰমণত নিহত হ’ব ।

দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ৱাশ্বিংটনৰ অনুমোদন অবিহনে ইৰাণৰ পৰৱৰ্তী নেতা “বহু দিন টিকি নাথাকিব” । এক সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে তেওঁ আমাৰ পৰা অনুমতি ল’ব লাগিব । “যদি তেওঁ আমাৰ পৰা অনুমোদন নাপায় তেন্তে তেওঁ বৰ বেছি দিন নাথাকিব ।”

আনহাতে আমেৰিকাৰ তীব্ৰ হেঁচাৰ পাছতো পুটিনে ইৰাণৰ নতুন নেতাক অভিনন্দন জনাই ৰাছিয়াৰ অটল সমৰ্থনৰ প্ৰতিশ্ৰুতি দিয়ে । পুটিনে কয় যে, “ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ ছেইয়দ মোজতাবা হোছেইনী খামেনেই… ইৰাণৰ সৰ্বোচ্চ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মোৰ অভিনন্দন গ্ৰহণ কৰক ।”

পুটিনে কয় যে ৰাছিয়াই তেহৰাণৰ সৈতে থিয় দিব । তেওঁ তেহৰাণৰ প্ৰতি অটল সমৰ্থন আৰু আমাৰ ইৰাণী বন্ধুসকলৰ সৈতে সংহতি নিশ্চিত কৰিব বিচাৰে বুলি কয় ।

লগতে পঢ়ক : ইৰানৰ নতুন সৰ্বোচ্চ নেতা হ’ল মোজতাবা খেমেইনী; আনুষ্ঠানিকতাৰ পিছতেই ট্ৰাম্পৰ ভাবুকি

‘খেমেইনীৰ হত্যাৰ প্ৰতিশোধ লোৱা হ’ব,ইয়াৰ মূল্য দিব লাগিব’; ট্ৰাম্পৰ ভাবুকি ইৰাণৰ

ইৰাণৰ জ্যেষ্ঠ নেতা আলী লাৰীজানীয়ে তেহৰানে তেওঁক ৰেহাই নিদিয়ে বুলি ড’নাল্ড ট্ৰাম্পক সকীয়নী দিছে।সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ হত্যাৰ মূল্য তেওঁ দিব লাগিব।

মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে ইৰাণৰ জ্যেষ্ঠ নেতা তথা নিৰাপত্তাৰক্ষী মুৰব্বী আলী লাৰীজানীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ কঠোৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

তেওঁ কৈছে যে,তেহৰানে তেওঁক এৰি নিদিয়ে,আৰু ট্ৰাম্পে উচ্চতম নেতা আয়াতুল্লাহ আলী খেমেইনীৰ হত্যাৰ মূল্য দিব লাগিব।শনিবাৰে লাৰীজানীয়ে কয় যে ইৰাণে নিজৰ নেতাৰ তেজৰ প্ৰতিশোধ ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ।

ইৰাণৰ চৰকাৰী টেলিভিছনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আলী লাৰীজানীয়ে অভিযোগ কৰে যে ড’নাল্ড ট্ৰাম্পে ইৰাণৰ প্ৰতিক্ৰিয়াক ভুলকৈ লৈছে। এই যুঁজখন অতি সোনকালে শেষ হ’ব নোৱাৰে।

তেওঁ লগতে কয়, “ভেনিজুৱেলাত কি হৈছিল তাৰ এটা ধাৰণা ট্ৰাম্পৰ আছিল।তেওঁলোকৰ ভাল লাগিল।এই যুঁজখন সোনকালে শেষ হ’ব নোৱাৰে।তেওঁলোকে অনুভৱ কৰিছিল যে ইৰাণতো অতি সোনকালে একে কাম কৰিব পাৰিব।কিন্তু এতিয়া তেওঁ নিজেই বেয়াকৈ আবদ্ধ হৈ পৰিছে।”

আলী লাৰীজানীয়ে আৰু কয়, “আমি তেওঁক এৰি নিদিও। তেওঁ যি কৰিছে তাৰ মূল্য দিব লাগিব।তেওঁ যি কৰিছে তাৰ মূল্য দিব লাগিব।তেওঁ আমাৰ নেতাক হত্যা কৰাৰ লগতে আমাৰ ১০০০ৰো অধিক লোকক শ্বহীদ কৰিলে।” ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সতো তেওঁ সতৰ্কবাণী দিছে।

তেওঁ লিখিছে যে  যেতিয়ালৈকে ইৰাণে নিজৰ নেতাৰ তেজৰ প্ৰতিশোধ নলয়, তেতিয়ালৈকে তেহৰান শান্ত নহয়। তেওঁ আৰু লিখিছে যে, “তেওঁলোকে কৰা কামৰ প্ৰতিশোধ নোলোৱালৈকে আমি তেওঁলোকক অকলে এৰি নাযাওঁ।”

লগতে পঢ়ক: নৰৱেৰ আমেৰিকান দূতাৱাসৰ সমীপত ভয়ংকৰ বিস্ফোৰণ

ট্ৰাম্পৰ সকীয়নিৰ পিছতে ইৰাণত আমেৰিকা-ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, কঁপি উঠিল তেহৰাণ

শনিবাৰে গভীৰ নিশা আমেৰিকা আৰু ইজৰাইলৰ সামৰিক বাহিনীয়ে ইৰাণৰ ৰাজধানী তেহৰাণত ব্যাপক বিমান আক্ৰমণ চলায়

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই এতিয়া আটাইতকৈ বিধ্বংসী ৰূপ ধাৰণ কৰিছে । শনিবাৰে গভীৰ নিশা আমেৰিকা আৰু ইজৰাইলৰ সামৰিক বাহিনীয়ে ইৰাণৰ ৰাজধানী তেহৰাণত ব্যাপক বিমান আক্ৰমণ চলায় । এইবাৰ আক্ৰমণৰ মূল লক্ষ্য আছিল ইৰাণৰ জীৱনৰেখা বুলি গণ্য কৰা তেল ডিপো আৰু শক্তিৰ আন্তঃগাঁথনি ।

আক্ৰমণৰ পিছত সমগ্ৰ ৰাজধানীত বিস্ফোৰণৰ শব্দ শুনা যায় আৰু দূৰ-দূৰণিৰ পৰাও জুইৰ শিখা আৰু ধোঁৱা দেখা যায় । ইৰাণৰ চৰকাৰী সংবাদ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি দক্ষিণ তেহৰাণৰ তেল ডিপো আৰু উত্তৰ-পশ্চিম অঞ্চলৰ শ্বাহৰাণ তেল ডিপোত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰা হৈছে ।

আক্ৰমণ ইমানেই নিখুঁত আৰু বিধ্বংসী আছিল যে চুবুৰীয়া চহৰ কাৰাজলৈকে বিস্ফোৰণৰ শব্দ শুনা গৈছিল । ছ’চিয়েল মিডিয়াৰ ফুটেজত দেখা গৈছে যে তেহৰাণৰ আকাশ বিশাল জুইৰ গোলক আৰু ক’লা ধোঁৱাৰ ঢৌৱে আৱৰি ধৰিছে ।

ইজৰাইলৰ সেনাই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি দাবী কৰিছে যে ইৰাণৰ সশস্ত্ৰ বাহিনীয়ে ব্যৱহাৰ কৰি থকা ইন্ধন সংৰক্ষণ কেন্দ্ৰসমূহক লক্ষ্য কৰি লোৱা হৈছে । তেহৰাণৰ সমীপৰ ‘শ্বাহৰ-ই-ৰে’ জিলাৰ মূল শোধনাগাৰ আৰু আলবৰ্জ প্ৰদেশৰ কেইবাটাও তেল ডিপো আক্ৰমণৰ সন্মুখীন হৈছে ।

বিশেষজ্ঞসকলৰ মতে শক্তিৰ সুবিধাসমূহৰ ওপৰত এই প্ৰত্যক্ষ আক্ৰমণ ইৰাণৰ অৰ্থনীতি আৰু সামৰিক সামৰ্থ্যক ক্ষতিগ্ৰস্ত কৰাৰ এক ইচ্ছাকৃত কৌশল । বিগত সপ্তাহৰ সংঘাতত ইৰাণৰ শক্তি আন্তঃগাঁথনিক এই পৰিসৰত লক্ষ্য কৰি লোৱা হৈছে ।

লগতে পঢ়ক : ক্ষমা খোজাৰ পাছতো অব্যাহত আক্ৰমণ, ডুবাইৰ মেৰিনা টাৱাৰত ইৰাণী ড্ৰোনৰ আঘাত

ক্ষমা খোজাৰ পাছতো অব্যাহত আক্ৰমণ, ডুবাইৰ মেৰিনা টাৱাৰত ইৰাণী ড্ৰোনৰ আঘাত

উপসাগৰীয় আৰব ৰাষ্ট্ৰসমূহৰ ফালে এতিয়াও ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ অব্যাহত ৰাখিছে ইৰাণে

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে শনিবাৰে চুবুৰীয়া দেশসমূহৰ ওপৰত আক্ৰমণৰ বাবে ক্ষমা বিচাৰিছিল যদিও উপসাগৰীয় আৰব ৰাষ্ট্ৰসমূহৰ ফালে দেশখনে এতিয়াও ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ইৰাণে পুনৰবাৰ ডুবাইত আক্ৰমণ চলাইছে । এই আক্ৰমণত এজন লোকৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ পাইছে । ডুবাই চৰকাৰে এই কথা নিশ্চিত কৰি কয় যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই আক্ৰমণক সফলতাৰে বাধা দিছিল যদিও সৰি পৰা ধ্বংসাৱশেষে মেৰিনাৰ এটা টাৱাৰৰ বাহিৰৰ অংশৰ ক্ষতিসাধন কৰে ।

ইউ এ ইৰ বিষয়াসকলে জনোৱা মতে, ডুবাইত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত ধ্বংসাৱশেষৰ আঘাতত এজন ব্যক্তিৰ মৃত্যু হয় । মৃত লোকজন এছিয়াৰ নাগৰিক আৰু উপসাগৰীয় চহৰখনৰ প্ৰধান আল বাৰ্ছা অঞ্চলত গাড়ী চলাই থকাৰ সময়তে মৃত্যু হয় ।

উল্লেখ্য যে, ইৰাণৰ উপসাগৰীয় আৰব দেশসমূহৰ ফালে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ অব্যাহত থকাৰ সময়তে দেশখনৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে চুবুৰীয়া দেশসমূহৰ ওপৰত আক্ৰমণৰ বাবে শনিবাৰে ক্ষমা বিচাৰিছিল । ইয়াৰ পৰা বুজা যায় যে তেহৰাণৰ ৰাজনৈতিক নেতৃত্বৰ ইৰাণৰ সশস্ত্ৰ বাহিনীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ অভাৱ । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে কৰা আত্মসমৰ্পণৰ দাবীও নাকচ কৰে পেজেস্কিয়ানে ।

লগতে পঢ়ক : ইৰাণৰ ওপৰত আজি হ’ব ভীষণ আক্ৰমণঃ ড’নাল্ড ট্ৰাম্পৰ হুংকাৰ

ইৰাণৰ ওপৰত আজি হ’ব ভীষণ আক্ৰমণঃ ড’নাল্ড ট্ৰাম্পৰ হুংকাৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে এতিয়ালৈকে তেওঁৰ আটাইতকৈ কঠোৰ সতৰ্কবাণী জাৰি কৰিছে

পশ্চিম এছিয়াত অব্যাহত থকা উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে এতিয়ালৈকে তেওঁৰ আটাইতকৈ কঠোৰ সতৰ্কবাণী জাৰি কৰিছে । ট্ৰাম্পে স্পষ্টকৈ উল্লেখ কৰিছে যে আজি ইৰাণক তীব্ৰ আক্ৰমণেৰে আক্ৰমণ কৰা হ’ব । তেওঁ ইৰাণক “পশ্চিম এছিয়াৰ লুজাৰ” বুলি অভিহিত কৰি কয় যে তেওঁলোকৰ অহংকাৰ এতিয়া শেষ হৈছে । ইৰাণে চুবুৰীয়া উপসাগৰীয় দেশসমূহৰ ওচৰত ক্ষমা বিচৰাৰ পিছতে ট্ৰাম্পৰ এই মন্তব্য প্ৰকাশ পাইছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম “ট্ৰুথ ছ’চিয়েল”ত ইৰাণক তীব্ৰ সমালোচনা কৰে । ট্ৰাম্পে কয় যে ইৰাণ এতিয়া পশ্চিম এছিয়াত গুৰু্ত্বপূৰ্ণ শক্তি নহয়, বৰঞ্চ ইৰাণ “পৰাজিত” খেলুৱৈ হৈ পৰিছে । ট্ৰাম্পৰ মতে ইৰাণৰ এই দুৰ্দশাৰ কাৰণ হৈছে আমেৰিকা আৰু ইজৰাইলৰ সামৰিক এক্সন । তেওঁ দাবী কৰে যে ইৰাণক যুদ্ধত তীব্ৰ প্ৰহাৰ কৰাৰ বাবেই চুবুৰীয়া ৰাষ্ট্ৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে ।

ট্ৰাম্পে নিজৰ পোষ্টত লিখিছে যে হাজাৰ হাজাৰ বছৰৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ইৰাণক চুবুৰীয়া মধ্যপ্ৰাচ্যৰ দেশসমূহৰ হাতত এনেদৰে পৰাস্ত কৰা হৈছে । তেওঁ কয়, “ইৰাণে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে আৰু নিজৰ চুবুৰীয়া দেশসমূহৰ ওপৰত আক্ৰমণ নকৰে । তেওঁলোকৰ সমগ্ৰ পশ্চিম এছিয়া জয় কৰি শাসন কৰাৰ সপোন এতিয়া ছিন্নভিন্ন হৈ পৰিছে ।”

ট্ৰাম্প লগতে তেওঁ ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ ভাবুকি দিয়ে । তেওঁ ঘোষণা কৰে যে ইৰাণে সম্পূৰ্ণৰূপে আত্মসমৰ্পণ নকৰালৈকে বা সম্পূৰ্ণৰূপে ধ্বংস নোহোৱালৈকে ইৰাণ “পৰাজিত” হৈ থাকিব । তেওঁ কঠোৰ শব্দৰে কয় যে ইৰাণ এতিয়া “সম্পূৰ্ণ ধ্বংস আৰু নিশ্চিত মৃত্যু”ৰ সীমাত থিয় দিছে ।

বক্তব্যৰ শেষত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে আজি ইৰাণক ভয়াৱহ আঘাত কৰা হ’ব । তেওঁৰ বক্তব্যৰ পিছতে সমগ্ৰ বিশ্বৰ দৃষ্টি পশ্চিম এছিয়ালৈ কেন্দ্ৰীভূত হৈছে । আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে ইৰাণৰ বিৰুদ্ধে বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে । ট্ৰাম্পৰ আগ্ৰাসী স্থিতিৰ পৰা স্পষ্ট হৈ পৰিছে যে তেওঁ যিকোনো মূল্যৰ বিনিময়ত ইৰাণক ৰেহাই দিবলৈ ইচ্ছুক নহয় ।

লগতে পঢ়ক : যুদ্ধৰ মাজতে ডুমছডে ক্ষেপণাস্ত্ৰ পৰীক্ষণ আমেৰিকাৰ, হিৰোচিমাতকৈ সৃষ্টি কৰিব পাৰে অধিক ধ্বংসলীলাৰ

চুবুৰীয়া দেশসমূহক নকৰে আক্ৰমণ, বিচাৰিলে ক্ষমা ; ইৰাণৰ ৰাষ্ট্ৰপতিৰ বিস্ফোৰক মন্তব্য

ইৰাণ আৰু সমগ্ৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে এক গুৰুত্বপূৰ্ণ বিবৃতি প্ৰকাশ কৰিছে।ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্ট কৰি দিছে যে ইৰাণে আৰু কোনো চুবুৰীয়া দেশক আক্ৰমণ নকৰে।

ইৰাণৰ পৰা  এক বৃহৎ আৰু চাঞ্চল্যকৰ কূটনৈতিক বিবৃতি আহিছে।ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে দেশখনক টেলিভিছনযোগে দিয়া ভাষণত ঘোষণা কৰে যে ইৰাণে চুবুৰীয়া দেশৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।তেওঁলোকে চুবুৰীয়া দেশসমূহক ক্ষমা বিচৰাই নহয়, বৰঞ্চ আন কোনো দেশক আক্ৰমণ কৰাৰ ইৰাণৰ  কোনো উদ্দেশ্য নাই বুলিও স্পষ্ট কৰি দিলে।

ৰাষ্ট্ৰপতি পেজেস্কিয়ানে তেওঁৰ ভাষণত শান্তিৰ হাত আগবঢ়ায়, আনহাতে, ইয়াৰ সাৰ্বভৌমত্বৰ সন্দৰ্ভতো কঠোৰ স্থিতি গ্ৰহণ কৰিছিল।তেওঁ কয় যে, “যিসকলে আমি বিনাচৰ্তৰে আত্মসমৰ্পণ কৰাৰ সপোন দেখিছে, এই সপোনটো তেওঁলোকে নিজৰ কবৰলৈ লগত লৈ যাব।”

চুবুৰীয়া দেশসমূহক সম্বোধন কৰি তেওঁ কয় যে ইৰাণ এখন শান্তিপ্ৰেমী দেশ আৰু সামৰিক ব্যৱস্থা বন্ধ কৰাৰ সিদ্ধান্ত আঞ্চলিক স্থিতিশীলতাৰ স্বাৰ্থত লোৱা হৈছে। সমগ্ৰ অঞ্চলটোত যুদ্ধৰ আশংকা তীব্ৰতৰ হৈ পৰাৰ সময়তে এই বিবৃতি প্ৰকাশ কৰিছে। এই পৰিস্থিতি তেতিয়ালৈকে বলবৎ থাকিব যেতিয়ালৈকে ইৰাণৰ ওপৰত কৰা আক্ৰমণ সেইখন চুবুৰীয়া দেশৰ মাটিৰ পৰা সংঘটিত নহয়।

মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে ৰাষ্ট্ৰপতি পেজেস্কিয়ানে স্পষ্টভাৱে কৈছে যে ইৰাণে কোনো ধৰণৰ হেঁচাত শিৰনত নকৰে।ইৰাণে ইজৰাইল বা আমেৰিকাৰ কাৰোৰে ওচৰত আত্মসমৰ্পণ নকৰে বুলিও তেওঁ কয়।

লগতে পঢ়ক: মধ্য প্ৰাচ্যৰ যুদ্ধত এণ্ট্ৰি মাৰিব পাৰে পাকিস্তানে; ছৌদি আৰৱত উপস্থিত পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনিৰ

ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ প্ৰস্তুতি চলাইছে ট্ৰাম্প!অস্ত্ৰৰ উৎপাদন চাৰিগুণ বৃদ্ধি কৰিব আমেৰিকাই

ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ প্ৰতিৰক্ষা কোম্পানীসমূহৰ সৈতে হোৱা বৈঠকত ‘এক্সকুইজিট ক্লাছ’ অস্ত্ৰৰ উৎপাদন চাৰিগুণ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশৰ বৃহত্তম প্ৰতিৰক্ষা উৎপাদন কোম্পানীসমূহৰ মুৰব্বীৰ সৈতে সাক্ষাৎ কৰে।এই বৈঠকত কোম্পানীসমূহে উচ্চ শ্ৰেণীৰ অস্ত্ৰৰ উৎপাদন ৪ গুণ বৃদ্ধি কৰিবলৈ সন্মত হৈছে।

ইয়াৰ সম্পূৰ্ণ বিৱৰণ ট্ৰুথ ছ’চিয়েল পোষ্টত দি ট্ৰাম্পে লিখিছে, ‘আমেৰিকাৰ বৃহত্তম প্ৰতিৰক্ষা উৎপাদন কোম্পানীসমূহৰ সৈতে আমাৰ এক অতি গুৰুত্বপূৰ্ণ বৈঠক হৈছিল।আমি উৎপাদন আৰু উৎপাদনৰ সময়সূচীৰ বিষয়ে আলোচনা কৰিলোঁ।তেওঁলোকে ‘এক্সকুইজিট ক্লাছ’ ৰ অস্ত্ৰৰ উৎপাদন ৪ গুণ বৃদ্ধি কৰিবলৈ সন্মত হৈছে।যাতে আমি যিমান পাৰো সোনকালে আৰু অধিক অস্ত্ৰ নিৰ্মাণ কৰিব পাৰো’।

ট্ৰাম্পে লগতে লিখিছে যে, ‘বৈঠকৰ তিনিমাহ আগৰ পৰাই অস্ত্ৰ উৎপাদন বৃদ্ধি আৰম্ভ হৈছিল আৰু ইতিমধ্যে বহু অস্ত্ৰ উদ্যোগ আৰু উৎপাদন চলি আছিল।আমাৰ হাতত মধ্যম আৰু উচ্চ মধ্যম শ্ৰেণীৰ অস্ত্ৰ-শস্ত্ৰৰ যথেষ্ট যোগান আছে,যিবোৰ আমি ব্যৱহাৰী কৰি আছো আৰু শেহতীয়াকৈ ভেনিজুৱেলাতো ইয়াৰ ব্যৱহাৰ কৰা হৈছে।ইয়াৰ উপৰিও আমি এই স্তৰত অৰ্ডাৰো বৃদ্ধি কৰিছো।’

ট্ৰাম্পে কয় যে, এই বৈঠকত বিএই চিষ্টেমছ, বয়িং, হানিৱেল এৰ’স্পেচ, এল ৩হেৰিছ মিছাইল ছলিউচন, লকহিড মাৰ্টিন, নৰ্থৰপ গ্ৰুম্মন আৰু ৰেথিয়ন গ্ৰুপৰ চিইঅ’ ই অংশগ্ৰহণ কৰে।

লগতে পঢ়ক: ‘সাহস আছে যদি তেল টেংকাৰক ‘এছকৰ্ট’ দি দেখুৱাওক…’; হৰমুজ প্ৰণালীৰ সন্দৰ্ভত ট্ৰাম্পক মুকলি প্ৰত্যাহ্বান ইৰাণৰ

‘সাহস আছে যদি তেল টেংকাৰক ‘এছকৰ্ট’ দি দেখুৱাওক…’; হৰমুজ প্ৰণালীৰ সন্দৰ্ভত ট্ৰাম্পক মুকলি প্ৰত্যাহ্বান ইৰাণৰ

হৰমুজ প্ৰণালীক লৈ ইৰাণে এতিয়া আমেৰিকাক মুকলিলৈ প্ৰত্যাহ্বান জনাইছে। ইৰাণৰ সামৰিক বিষয়াসকলে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ যদি সাহস আছে তেন্তে আমেৰিকাৰ যুদ্ধজাহাজৰ সুৰক্ষাত এই পথটোৰে তেল টেংকাৰসমূহক নি দেখুৱাওক।

হৰমুজ প্ৰণালীৰ সন্দৰ্ভত ইৰাণে আমেৰিকা আৰু ইজৰাইললৈ নতুন সতৰ্কবাণী জাৰি কৰিছে। মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’লান্ড ট্ৰাম্পে হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজক ‘এছকৰ্ট’ দিয়াৰ কথা উল্লেখ কৰিছিল।

তাৰ পিছতেই এতিয়া এই ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ইৰাণে প্ৰত্যাহ্বান জনোৱা হৈছে যে তেওঁলোকে তেল টেংকাৰক ‘এছকৰ্ট’ দি দেখাওক।  

দৰাচলতে, হৰমুজ প্ৰণালী হৈছে বিশ্বব্যাপী তেল বাণিজ্যৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কৰিডৰ।যুদ্ধ আৰম্ভ হোৱাৰ পিছতেই ইৰাণে সকীয়াই দিছিল যে যদি ইয়াৰ ক্ষতি হয় তেন্তে তেওঁলোকে হৰমুজৰ মাজেৰে যোৱা জাহাজবোৰ বন্ধ কৰিব পাৰে। ইয়াৰ পিছত শ শ জাহাজ হৰমুজত আবদ্ধ হৈ পৰে,ইয়াৰ বাবে খাৰুৱা তেলৰ যোগানো প্ৰভাৱিত হৈছিল।

এতিয়া ইৰাণৰ এজন জ্যেষ্ঠ সামৰিক বিষয়াই স্পষ্ট কৰি দিছে যে ইৰানে হৰমুজ প্ৰণালী বন্ধ কৰা নাই। কিন্তু ইজৰাইল আৰু আমেৰিকাৰ জাহাজবোৰ তাৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে।

ইয়াৰ উপৰিও ইৰাণ ৰিভল্যুচনেৰী গাৰ্ডছৰ এগৰাকী মুখপাত্ৰই কয় যে,আমি ট্ৰাম্পক প্ৰত্যাহ্বান জনাইছো যে তেওঁ হৰমুজৰ পৰা পৰা তেল টেংকাৰসমূহ আঁতৰাবলৈ আমেৰিকাৰ জাহাজক ‘এছকৰ্ট’ হিচাপে ব্যৱহাৰ কৰি দেখাওক।

আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেচেণ্টেও হৰমুজ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে। তেওঁ কয় যে,সেই পথেদি জাহাজসমূহ সুৰক্ষিত ভাৱে উলিয়াই আনিবলৈ আমেৰিকাই চেষ্টা কৰি আছে আৰু সোনকালেই ইয়াৰ সমাধান ওলাব।

লগতে পঢ়ক: “বিনাচৰ্তত আত্মসমৰ্পণৰ বাহিৰে ইৰাণৰ সৈতে কোনো চুক্তি নহ’ব”; যুদ্ধৰ মাজতে ট্ৰাম্পৰ ডাঙৰ ঘোষণা