আমেৰিকা আৰু ইজৰাইলে ইৰাণত কৰা আক্ৰমণৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে স্পষ্ট কৰি দিছে যে বিনাচৰ্তে আত্মসমৰ্পণৰ বাহিৰে ইৰাণৰ সৈতে কোনো চুক্তি নহ’ব।
ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ বক্তব্য আগবঢ়াইছে।তেওঁ কয় যে, ইৰাণে বিনাচৰ্তত আত্মসমৰ্পণ কৰক,ইয়াৰ বাহিৰে আন কোনো চুক্তি নহ’ব।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথাউটত ট্ৰাম্পে লিখিছে -বিনাচৰ্তে আত্মসমৰ্পণৰ বাহিৰে ইৰাণৰ সৈতে কোনো চুক্তি নহ’ব।আমি এজন মহান আৰু গ্ৰহণযোগ্য নেতা নিৰ্বাচন কৰিম আৰু ইৰাণক ধ্বংসৰ সীমাৰ পৰা ঘূৰাই অনাৰ বাবে অক্লান্তভাৱে কাম কৰিম।
আমি ইৰাণক অৰ্থনৈতিকভাৱে পূৰ্বতকৈ বহু বেছি, ভাল আৰু শক্তিশালী কৰি গঢ়িম।ইৰাণৰ ভৱিষ্যত উজ্জ্বল হ’ব। লগতে ড’নাল্ড ট্ৰাম্পে ইৰাণৰ পৰৱৰ্তী সৰ্বোচ্চ নেতা নিৰ্বাচনৰ প্ৰক্ৰিয়াত আমেৰিকাক জড়িত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।

ট্ৰাম্পৰ মন্তব্যটো এনে সময়ত আহিছে যেতিয়া ইৰাণৰ ফালৰ পৰা এইটো কোৱা হৈছিল যে,তেওঁলোকে দেশখনত শান্তি বিচাৰে।
ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে ছ’চিয়েল মিডিয়াত লিখিছে- ‘কিছুমান দেশৰ পৰা মধ্যস্থতাৰ প্ৰচেষ্টা আৰম্ভ হৈছে।আমি তেওঁলোকক স্পষ্টকৈ ক’ব বিচাৰো যে আমি অঞ্চলটোত স্থায়ী শান্তিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, কিন্তু আমাৰ দেশৰ সন্মান আৰু অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ কোনো সংকোচ নাই।ইৰাণৰ ৰাষ্ট্ৰপতিৰ এই বক্তব্যৰ পিছত ট্ৰাম্পে স্পষ্টভাৱে কৈছিল যে ইৰাণে বিনাচৰ্তে আত্মসমৰ্পণ কৰিব লাগে।
লগতে পঢ়ক: ‘যদি যুদ্ধ ২-৩ সপ্তাহলৈকে চলি থাকে তেন্তে ধ্বংস নিশ্চিত’; কাটাৰৰ শক্তি মন্ত্ৰীৰ বিস্ফোৰক মন্তব্য









