অশ্ৰুসিক্ত নয়নেৰে চিৰবিদায় সুৰৰ ৰাণীক, ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন আশা ভোছলেৰ
সোমবাৰে মুম্বাইৰ শিৱাজী পাৰ্ক শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় আশা ভোছলেৰ
কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেক সোমবাৰে মুম্বাইৰ শিৱাজী পাৰ্ক শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । আঠটা দশকতকৈও অধিক সময় ধৰি প্ৰজন্মৰ পিছত প্ৰজন্মক মোহিত কৰি ৰখা প্ৰসিদ্ধ কণ্ঠশিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ শোকাকুল গুণমুগ্ধৰ বৃহৎ সমাৱেশ ঘটা পৰিলক্ষিত হয় ।
ত্ৰিৰংগাৰে মেৰিয়াই থোৱা আশা ভোছলেৰ নশ্বৰ দেহ মুম্বাই আৰক্ষীৰ পৰম্পৰাগত গান চেল্যুটৰ পিছত দাহ কৰা হয় । অনুৰাগী, ৰাজনৈতিক নেতা আৰু চলচ্চিত্ৰ তথা সংগীত জগতৰ প্ৰসিদ্ধ ব্যক্তিসকলে সুৰৰ ৰাণীগৰাকীক শেষ বিদায় জনাবলৈ একত্ৰিত হোৱাৰ লগে লগে চহৰখনে এক আৱেগিক দিন প্ৰত্যক্ষ কৰে । তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে পুত্ৰ আনন্দে । কিংবদন্তি কণ্ঠশিল্পীগৰাকীক গায়ক ছান আৰু সুদেশ ভোছলেয়ে সাংগীতিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
শিৱাজী পাৰ্কত বিকি কৌশল, আমিৰ খান, বিবেক অবেৰয়, পদ্মিনী কোলহাপুৰী আৰু জেকী শ্ৰফৰ দৰে তাৰকাসকলক পুষ্পাঞ্জলি অৰ্পণ কৰা দেখা যায় । চলচ্চিত্ৰ জগতৰ উপৰিও কেইবাজনো জ্যেষ্ঠ ৰাজনৈতিক নেতা শ্মশানত উপস্থিত আছিল । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ আৰু উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেই অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰি প্ৰয়াত শিল্পীগৰাকীক পুষ্পাঞ্জলি অৰ্পণ কৰে । ইয়াৰ উপৰিও এন চি পি-এছ চি পিৰ সাংসদ সুপ্ৰিয়া চুলে, শিৱসেনা (ইউ বি টি)ৰ মুৰব্বী উদ্ধৱ ঠাকৰে, ৰশ্মি ঠাকৰে আৰু আদিত্য ঠাকৰেয়েও উপস্থিত হৈ কণ্ঠশিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে ।
অভিনেতা ৰণবীৰ সিং আৰু ৰিতেশ দেশমুখেও দিনৰ ভাগত তেওঁৰ বাসগৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে । প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা ৰাকেশ ৰোশনেও কণ্ঠশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় যাৰ কণ্ঠই হিন্দী চিনেমাৰ কেইবাটাও প্ৰজন্মক মোহিত কৰি ৰাখিছিল । ইয়াৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহ জনসাধাৰণৰ শ্ৰদ্ধাঞ্জলিৰ বাবে বাসগৃহত ৰখা হৈছিল । বাহিৰত গুণমুগ্ধৰ দীঘলীয়া শাৰী দেখা গৈছিল, য’ত বহুজনে চকুলোৰে তেওঁক স্মৰণ কৰিছিল । মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা আৰু ৰাজ্যিক মন্ত্ৰী মংগল প্ৰভাত লোধাইও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
উল্লেখ্য যে, ভাৰতীয় সংগীতৰ অন্যতম বহুমুখী কণ্ঠশিল্পী হিচাপে পৰিগণিত আশা ভোছলেৰ ভাণ্ডাৰত শাস্ত্ৰীয় সংগীত, গজল, কেবাৰে গীত আৰু সমসাময়িক পপ সংগীত অন্তৰ্ভুক্ত আছিল । আটাইতকৈ বেছি ষ্টুডিঅ’ ৰেকৰ্ডিং কৰাৰ বাবে তেওঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছে আৰু ভগ্নী লতা মংগেশকাৰৰ সৈতে হিন্দী চলচ্চিত্ৰ সংগীতৰ সোণালী যুগ গঢ়ি তোলাত সহায় কৰিছিল । কম বয়সতে নিজৰ সংগীত যাত্ৰা আৰম্ভ কৰি এক অনন্য উত্তৰাধিকাৰ গঢ়ি থৈ গৈছে যসস্বী কণ্ঠশিল্পীগৰাকীয়ে ।
লগতে পঢ়ক : কিংবদন্তি সংগীতশিল্পী আশা ভোছলেক শেষ বিদায় জনাবলৈ মুম্বাইত জনসমুদ্ৰ


