আশা ভোছলেক শ্ৰদ্ধাঞ্জলি জনাবলৈ পত্নীৰ সৈতে উপস্থিত শচীন তেণ্ডুলকাৰ...

আশা ভোছলেক শ্ৰদ্ধাঞ্জলি জনাবলৈ পত্নীৰ সৈতে উপস্থিত শচীন তেণ্ডুলকাৰ…

ভাৰতীয় সংগীত জগতৰ এগৰাকী কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ ৯২ বছৰ বয়সত দেহৱসান ঘটে। আজি শিৱাজী পাৰ্কত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। নিজৰ সময়ৰ অন্যতম প্ৰভাৱশালী কণ্ঠশিল্পীৰ অন্যতম আশা ভোছলেৰ দেওবাৰে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৩ এপ্ৰিল সোমবাৰে সন্ধিয়া ৪ বজাত শিৱাজী পাৰ্কত

ভাৰতীয় সংগীত জগতৰ এগৰাকী কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ ৯২ বছৰ বয়সত দেহৱসান ঘটে। আজি শিৱাজী পাৰ্কত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

নিজৰ সময়ৰ অন্যতম প্ৰভাৱশালী কণ্ঠশিল্পীৰ অন্যতম আশা ভোছলেৰ দেওবাৰে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৩ এপ্ৰিল সোমবাৰে সন্ধিয়া ৪ বজাত শিৱাজী পাৰ্কত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। ইয়াৰ পূৰ্বে চেলিব্ৰিটি আৰু তেওঁৰ অনুৰাগীসকলক কিংবদন্তি গায়িকাগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ দিয়া হ’ব।ইফালে পত্নী অঞ্জলিৰ সৈতে শচীন তেণ্ডুলকাৰেও আশা ভোছলেক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয়।যাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত শচীন তেণ্ডুলকাৰক আৱেগিক হোৱা দেখিবলৈ পোৱা গৈছিল।চলিত বৰ্ষৰ ৫ মাৰ্চত শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰ আৰু সান্যা চান্দোকৰ বিয়াত শেষবাৰৰ বাবে আশা ভোছলেক ৰাজহুৱা স্থানত দেখিবলৈ  পোৱা গৈছিল। দম্পতীহালক আশীৰ্বাদ দিবলৈ তেওঁ এখন বগা শাৰী পৰিধান কৰি উপস্থিত হৈছিল। আশা ভোছলেৰ মৃত্যুত বলীউড, ৰাজনৈতিক মহল আৰু খেলৰ জগতটো শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক: আশা ভোছলেৰ মৃত্যুত শোকস্তব্ধ বলীউড; শ্বাহৰুখ খান, অনু মালিকৰ শোক প্ৰকাশ