“মোৰ মা…”; কণ্ঠশিল্পী আশা ভোছলেৰ মৃত্যুৰ উৰাবাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ পুত্ৰৰ…

আশা ভোছলেৰ মৃত্যুৰ উৰাবাতৰি

প্ৰবীণ গায়িকা আশা ভোছলেৰ মৃত্যুৰ খবৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে ৰাইজ স্তম্ভিত হৈ পৰে।এই বিভ্ৰান্তি আৰম্ভ তেতিয়া হৈছিল যেতিয়া ফেচবুকৰ এজন ব্যৱহাৰকাৰীয়ে কণ্ঠশিল্পী গৰাকীৰ ফটোত মালা দি লিখিছিল যে,”প্ৰয়াত কিংবদন্তি গায়িকা আশা ভোছলে। এটা সংগীত যুগৰ অন্ত।”

সেই খবৰটো সামাজিক মাধ্যমত মূহুৰ্ততে ভাইৰেল হৈ পৰিছিল।  ভাইৰেল হোৱা পোষ্টটোক বহুলোকে সঁচা বুলি মানি লৈছিল।

বলীউডৰ কিংবদন্তি সংগীত সুৰকাৰগৰাকীৰ মৃত্যুক লৈ উৰাবাতৰি বিয়পি পৰাত অনুৰাগীসকল হতভম্ব হৈ পৰিছিল।  

এতিয়া কিংবদন্তি শিল্পী গৰাকীৰ পুত্ৰই ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত তেওঁ এই খবৰ সম্পূৰ্ণ মিছা আখ্যা দি কয় যে তেওঁৰ মাতৃ সম্পূৰ্ণ সুস্থ হৈ আছে।

এটা সাক্ষাৎকাৰত কণ্ঠশিল্পী গৰাকীৰ পুত্ৰ আনন্দ ভোছলেই মাতৃৰ মৃত্যুৰ উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।তেওঁ মৃত্যুৰ কথা নাকচ কৰি ক’লে, ‘এইবোৰ সকলো  মিছা । মোৰ মা এতিয়াও সম্পূৰ্ণ সুস্থ হৈ আছে’।

উল্লেখ্য যে, যোৱা মাহত তেওঁ ১৯৮১ চনৰ ৰেখাৰ ছবি ‘উমৰাও জন’ৰ থিয়েটাৰ ৰিলিজ প্ৰিমিয়াৰ প্ৰদৰ্শনত অংশ লৈছিল।

লগতে পঢ়ক: ‘কেপছ কেফে’ত গুলীচালনাৰ ফলত হাহাকাৰ; ঘটনাক লৈ কপিল শৰ্মাৰ প্ৰতিক্ৰিয়া