আশা ভোছলেৰ অনুৰাগীসকল এই খবৰত গভীৰ চিন্তিত হৈ পৰিছে
হঠাৎ অসুস্থ হৈ পৰিছে কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে । হাৰ্ট এটেকত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছে প্ৰখ্যাত কণ্ঠশিল্পীগৰাকী । শেহতীয়া তথ্য অনুসৰি অসুস্থ হৈ পৰাৰ পিছতে তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰা হৈছে । কণ্ঠশিল্পীগৰাকীৰ অৱস্থা সন্দৰ্ভত বৰ্তমান কোনো আপডেট প্ৰকাশ কৰা নাই চিকিৎসালয়খনে ।
যাদুকৰী কণ্ঠৰে দশক দশক ধৰি অগণন অনুৰাগীক মোহিত কৰি ৰখা কণ্ঠশিল্পীগৰাকীৰ এই অসুস্থতাৰ খবৰ ব্ৰিচ কেণ্ডি হাস্পতালৰ চিকিৎসকে নিশ্চিত কৰিছে । অৱশ্যে এই বিষয়ে কোনো সবিশেষ প্ৰকাশ কৰা নাই ।
ইতিমধ্যে চিকিৎসালয়ৰ বাহিৰত অনুৰাগীৰ লগতে সংবাদদাতা উপস্থিত হৈছে যদিও পৰিয়ালৰ কোনো সদস্যই এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই । আশা ভোছলেৰ অনুৰাগীসকল এই খবৰত গভীৰ চিন্তিত হৈ পৰিছে । কণ্ঠশিল্পীগৰাকীয়ে সংগীত জগতত যথেষ্ট খ্যাতি অৰ্জন কৰিছে, তেওঁৰ গীতসমূহ যথেষ্ঠ জনপ্ৰিয় । বিগত ৭০ বছৰতকৈও অধিক সময় ধৰি উদ্যোগটোত নিজৰ যাদুকৰী কণ্ঠৰে অসংখ্য অনুৰাগীৰ হৃদয়ত আধিপত্য বিস্তাৰ কৰি আহিছে বৰ্ষীয়ান কণ্ঠশিল্পীগৰাকীয়ে ।
আশা ভোছলে ১৯৪৮ চনত চুনাৰীয়া ছবিৰ “সাৱন আয়া হ্যেয়” গীতটিৰে নিজৰ সংগীত যাত্ৰা আৰম্ভ কৰিছিল । সমগ্ৰ কেৰিয়াৰত তেওঁ প্ৰায় ১৬ হাজাৰ গীত গাইছে । কেৱল হিন্দীতে নহয়, মাৰাঠী, বাংলা, গুজৰাটী, পাঞ্জাবী, ভোজপুৰী, তামিল, মালয়ালম, ইংৰাজী, ৰাছিয়ান আদি ভাষাতো গীত গাইছে তেওঁ ।
লগতে পঢ়ক : ভক্তিত নিমগ্ন ‘ধুৰন্ধৰ’ৰ অভিনেত্ৰী ছাৰা অৰ্জুন; মহাকালেশ্বৰ মন্দিৰ পৰিদৰ্শন









