ভক্তিত নিমগ্ন ‘ধুৰন্ধৰ’ অভিনেত্ৰী ছাৰা অৰ্জুন; মহাকাল দৰবাৰত উপস্থিত

 ভক্তিত নিমগ্ন ‘ধুৰন্ধৰ’ৰ অভিনেত্ৰী ছাৰা অৰ্জুন; মহাকালেশ্বৰ মন্দিৰ পৰিদৰ্শন

‘ধুৰন্ধৰ ২’ৰ সফলতাৰ মাজতে ছাৰা অৰ্জুনে উজ্জয়িনৰ শ্ৰী মহাকালেশ্বৰ মন্দিৰ পৰিদৰ্শন কৰে । মহাকাল বাবাৰ আশীৰ্বাদ লৈ তেওঁ কয় যে, তেওঁ অত্যন্ত সুখী, আৰু আগতে কেতিয়াও এনে অনুভৱ কৰা নাছিল। আদিত্য ধৰৰ ছবি ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ’এ ইতিহাসৰ সৃষ্টি কৰিছে।কেৱল হিন্দী সংস্কৰণেৰে ১০০০ কোটিৰ সীমা অতিক্ৰম

‘ধুৰন্ধৰ ২’ৰ সফলতাৰ মাজতে ছাৰা অৰ্জুনে উজ্জয়িনৰ শ্ৰী মহাকালেশ্বৰ মন্দিৰ পৰিদৰ্শন কৰে । মহাকাল বাবাৰ আশীৰ্বাদ লৈ তেওঁ কয় যে, তেওঁ অত্যন্ত সুখী, আৰু আগতে কেতিয়াও এনে অনুভৱ কৰা নাছিল।

আদিত্য ধৰৰ ছবি ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ’এ ইতিহাসৰ সৃষ্টি কৰিছে।কেৱল হিন্দী সংস্কৰণেৰে ১০০০ কোটিৰ সীমা অতিক্ৰম কৰা এইখন হৈছে প্ৰথম হিন্দী ছবি। বক্স অফিচত ছবিখনৰ সফলতাৰ মাজতে ‘ধুৰন্ধৰ ২’ৰ অভিনেত্ৰী ছাৰা অৰ্জুনে উজ্জয়িনৰ শ্ৰী মহাকালেশ্বৰ মন্দিৰ পৰিদৰ্শন কৰে।

মন্দিৰত ভস্ম আৰতিত অংশ লোৱাৰ লগতে তেওঁৰ ভ্ৰমণৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে।দৰ্শন আৰু আশীৰ্বাদ বিচৰাৰ পিছত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ অত্যন্ত সুখী আৰু ধনাত্মক অনুভৱ কৰে।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা কেইবাটাও ভিডিঅ’ত ছাৰা অৰ্জুনে শ্ৰী মহাকালেশ্বৰ মন্দিৰত ভস্ম আৰতিত অংশগ্ৰহণ কৰা দেখা গৈছে। এই সময়ছোৱাত অভিনেত্ৰী গৰাকীয়ে এখন সাধাৰণ বেঙুনীয়া ৰঙৰ শাৰী পৰিধান কৰিছিল।মন্দিৰৰ পৰা ওলাই তেওঁ কয়, “মোৰ ক’বলৈ শব্দ নাই।ইয়াৰ পৰা নিমন্ত্ৰণ আহিল, তাৰ পিছত মই ইয়ালৈ  আহিলোঁ।এই পৃথিৱীত এই অনুভৱতকৈ ডাঙৰ একো নাই।মোৰ আনন্দৰ সীমা নোহোৱা হৈছে”।

তেওঁ আৰু ক’লে, ‘মই ঈশ্বৰৰ পৰা কোনো নিৰ্দিষ্ট বস্তু বিচৰা নাই,মই কেৱল সুস্বাস্থ্য, ধন-সম্পত্তি আৰু সফলতাৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।এইটো সঁচাকৈয়ে এক মহৎ অভিজ্ঞতা আছিল, আৰু মই সম্পূৰ্ণ বাকৰুদ্ধ হৈ পৰিছো’।

লগতে পঢ়ক: কান্তাৰা বিতৰ্কঃ ৰণবীৰ সিঙে দাখিল কৰিব লাগিব নতুন মাফিনামা