উকা হৈ পৰিল দেশৰ সংগীত জগত, কিংবদন্তী কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান

উকা হৈ পৰিল দেশৰ সংগীত জগত, কিংবদন্তী কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান

১৯৩৩ চনত জন্মগ্ৰহণ কৰা আশা ভোছলেয়ে অতি কম বয়সৰ পৰাই সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল ভাৰতীয় সংগীত জগত উকা কৰি চিৰ বিদায় ল’লে প্ৰসিদ্ধ কণ্ঠশিল্পী আশা ভোছলেই । ১২ এপ্ৰিল, দেওবাৰে ৯২ বছৰ বয়সত দেহাৱসান ঘটে কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ । তেওঁৰ দেহাৱসানৰ লগে লগে ভাৰতীয় চিনেমা আৰু

১৯৩৩ চনত জন্মগ্ৰহণ কৰা আশা ভোছলেয়ে অতি কম বয়সৰ পৰাই সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল

ভাৰতীয় সংগীত জগত উকা কৰি চিৰ বিদায় ল’লে প্ৰসিদ্ধ কণ্ঠশিল্পী আশা ভোছলেই । ১২ এপ্ৰিল, দেওবাৰে ৯২ বছৰ বয়সত দেহাৱসান ঘটে কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ । তেওঁৰ দেহাৱসানৰ লগে লগে ভাৰতীয় চিনেমা আৰু সংগীত জগতৰ আঠ দশকজোৰা এটা যুগৰ অৱসান ঘটিল । মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালৰ শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ কণ্ঠশিল্পীগৰাকীয়ে । হৃদযন্ত্ৰৰ সংক্ৰমণৰ বাবে তেওঁক শনিবাৰে সন্ধিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

১৯৩৩ চনত জন্মগ্ৰহণ কৰা আশা ভোছলেয়ে অতি কম বয়সৰ পৰাই সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু ১৯৫০ চনৰ পৰা এগৰাকী আগশাৰীৰ নেপথ্য গায়িকা হিচাপে বিশ্বজুৰি খ্যাতি লাভ কৰিছিল । তেওঁৰ আবেগিক তথা শক্তিশালী কণ্ঠস্বৰে ভাৰত আৰু বিদেশৰ কেইবাটাও প্ৰজন্মৰ সংগীতপ্ৰেমীক মোহিত কৰি ৰাখিছিল । নিজৰ সুদীৰ্ঘ কেৰিয়াৰত তেওঁ বিভিন্ন ভাৰতীয় ভাষাত হাজাৰ হাজাৰ গীত বাণীবদ্ধ কৰিছিল, য’ত শাস্ত্ৰীয় সংগীত, গজলৰ পৰা আৰম্ভ কৰি পপ আৰু লোকগীতলৈকে সকলো সমানেই জনপ্ৰিয় আছিল ।

দাদাচাহেব ফাল্কে বঁটা আৰু পদ্ম বিভূষণৰ দৰে সন্মানীয় বঁটাৰে বিভূষিত হোৱা আশা ভোছলেৰ নাম ২০১১ চনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত বিশ্বৰ সৰ্বাধিক গীত বাণীবদ্ধ কৰা শিল্পী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল । ‘দিল চিজ ক্যা হ্যায়’ৰ দৰে মৰ্মস্পৰ্শী গজলৰ পৰা ‘পিয়া তু অব তো আজা’ৰ দৰে চঞ্চল গীতলৈকে তেওঁৰ কণ্ঠ আছিল অপ্ৰতিৰোধ্য । তেওঁৰ বিয়োগত দেশজুৰি শোকৰ ছাঁ পৰিছে আৰু অনুৰাগীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে এই মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : হঠাৎ অসুস্থ কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে, চিকিৎসালয়ত ভৰ্তি

শেহতীয়া প্ৰৱন্ধসমূহ