কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ মৃত্যুত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটৰ জগতৰ অন্যতম সফল বলাৰ ব্ৰেট লীয়েও শোক প্ৰকাশ কৰিছে।
কিংবদন্তি গায়িকা আশা ভোছলে এতিয়া আৰু আমাৰ মাজত নাই।যোৱা ১২ এপ্ৰিলত মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত কণ্ঠশিল্পীগৰাকীয়ে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ পিছত সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে।আশা টাইৰ মৃত্যুৰ শোক মনোৰঞ্জন, ক্ৰীড়া, ৰাজনীতি, ব্যৱসায়ৰ জগতটো স্পষ্টভাৱে প্ৰকাশ পাইছে।
ইফালে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটৰ জগতৰ অন্যতম সফল বলাৰ ব্ৰেট লীয়েও আশা ভোছলেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।১৩ এপ্ৰিলত ব্ৰেট লীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰে আৰু, গধুৰ হৃদয়েৰে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।ব্ৰেট লীয়ে গায়িকাগৰাকীৰ সৈতে এখন স্মৰণীয় ফটো শ্বেয়াৰ কৰিছে। মন কৰিবলগীয়া যে ২০০৬ চনত ব্ৰেট লীয়ে আশা টাইৰ সৈতে এটা গীত গাইছিল।

আশা ভোছলেৰ মৃত্যুত ব্ৰেট লীয়ে লিখিছে, ২০০৬ চনত আশা ভোছলেৰ সৈতে মোৰ ‘ইউ আৰ দ্য ৱান ফৰ মি’ লিখি ৰেকৰ্ডিং কৰাৰ সৌভাগ্য হৈছিল।ইয়াৰ বাবে মই সদায় অত্যন্ত কৃতজ্ঞ হৈ থাকিম। তেওঁৰ অসাধাৰণ প্ৰতিভাই নহয়,বৰঞ্চ তেওঁৰ দয়া আৰু নম্ৰতায়েও মোক আকৰ্ষিত কৰিছিল। জীৱনত ইমানবোৰ সাফল্য লাভ কৰাৰ পিছতো তেওঁৰ আচৰণ অত্যন্ত মৰমলগা আৰু উদাৰ আছিল। এই দুখৰ সময়ত তেওঁলোকৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলো।এনে এগৰাকী বিশেষ ব্যক্তিৰ সৈতে কেইটামান মুহূৰ্ত কটাবলৈ সুযোগ পোৱাটো মই অতিশয় আনন্দিত হৈছো। এইটোত কোনো সন্দেহ নাই যে তেওঁৰ উত্তৰাধিকাৰ আগন্তুক প্ৰজন্মলৈকে জীয়াই থাকিব।
লগতে পঢ়ক: আশা ভোছলেক শ্ৰদ্ধাঞ্জলি জনাবলৈ পত্নীৰ সৈতে উপস্থিত শচীন তেণ্ডুলকাৰ…









