শনিবাৰে চেন্নাই ছুপাৰ কিংছৰ হাতত ২৩ ৰানত দিল্লী কেপিটেলছ পৰাস্ত হয় ।খেলখনৰ অন্তত নীতিশ ৰাণাক জৰিমনা বিহা হয়।
চেন্নাই ছুপাৰ কিংছ বনাম দিল্লী কেপিটেলছৰ খেলখনৰ পিছত নীতিশ ৰাণা বিপদত পৰিছে। এই মেচখনত নীতিশ ৰাণা দিল্লীৰ প্লেইং একাদশত অন্তৰ্ভুক্তও নাছিল আৰু ইমপেক্ট প্লেয়াৰ হিচাপেও খেলা নাছিল।কিন্তু তাৰ পিছটো বিচিচিআই এ নীতিশ ৰাণাক মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহিছে।
আই পি এলৰ আচৰণ বিধি লেভেল ১ ভংগ কৰাৰ বাবেও তেওঁক এটা ডিমেৰিট পইণ্ট দিয়া হৈছিল। দৰাচলতে ট্ৰিষ্টান ষ্টাবছ আউট হোৱাৰ পিছত নীতিশ ৰাণাক বাউণ্ডেৰীত আম্পায়াৰৰ সৈতে তৰ্ক কৰা দেখা গৈছিল।তেওঁ খঙত আছিল আৰু অশ্লীল শব্দ ব্যৱহাৰ কৰিছিল।
আই পি এলৰ এক বিবৃতিত কোৱা হৈছে যে, দিল্লী কেপিটেলছৰ বেটছমেন নীতিশ ৰাণাক মেচ মাচুলৰ ২৫% জৰিমনা বিহা হৈছে আৰু লগতে আই পি এলৰ খেলুৱৈৰ বাবে থকা আচৰণ বিধিৰ লেভেল ১ উলংঘা কৰাৰ বাবে এটা ডিমেৰিট পইণ্টো জাৰি কৰা হৈছে।
ৰাণাই আই পি এলৰ আচৰণ বিধিৰ ২.৩ অনুচ্ছেদ উলংঘা কৰা বুলি ধৰিছে, যিটো মেচৰ সময়ত চিঞৰি চিঞৰি অশ্লিল শব্দ ব্যৱহাৰৰ সৈতে জড়িত।এই ঘটনাটো ১৯ নং অভাৰত সংঘটিত হয়, যেতিয়া ৰাণা ফৰ্থ আম্পায়াৰৰ সৈতে বহু সময় ধৰি কাজিয়াত লিপ্ত হয়।
অৱশ্যে আই পি এলৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে নীতিশ ৰাণাই নিজৰ ভুল স্বীকাৰ কৰি আৰোপ কৰা শাস্তি মানি লৈছে।
লগতে পঢ়ক: সঞ্জু চেমছনৰ শতকেৰে চেন্নাইয়ে খুলিলে জয়ৰ একাউন্ট, ২৩ ৰানত পৰাস্ত দিল্লী কেপিটেলছ









