মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংগছৰ খেলুৱৈয়ে আশা ভোছলেক দিলে শ্ৰদ্ধাঞ্জলি
আই পি এল ২০২৬ ছিজনৰ ২০ সংখ্যক মেচত মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ মাজত অনুষ্ঠিত হৈছে। য’ত আশা ভোছলেক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
সংগীত প্ৰেমীৰ বাবে ১২ এপ্ৰিলৰ দিনটো অতি দুখৰ দিন। কাৰণ নিজৰ কণ্ঠৰে সমগ্ৰ বিশ্বক মোহিত কৰা আশা ভোছলে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। আশা ভোছলেৰ মৃত্যুত ক্ৰিকেট জগতেও শোক প্ৰকাশ কৰে। মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত আই পি এল ২০২৬ ছিজনৰ ২০ সংখ্যক মেচত মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু দলে আশা ভোছলেক শ্ৰদ্ধাঞ্জলি জনাই।
মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত খেল আৰম্ভ হোৱাৰ পূৰ্বে আশা ভোছলেৰ মৃত্যুৰ বাবে ষ্টেডিয়ামত উপস্থিত থকা সকলো অনুৰাগীৰ লগতে দুয়োটা দলৰ খেলুৱৈয়ে এক মিনিট মৌন প্ৰাৰ্থনা কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনায়।ইয়াৰ বাহিৰেও মুম্বাই আৰু আৰ চি বি দুয়োটা দলৰ খেলুৱৈ এই মেচত শোক প্ৰকাশ কৰিবলৈ তেওঁলোকে ক’লা আৰ্মবেণ্ড পিন্ধি খেলপথাৰত নামিছে।
লগতে পঢ়ক: আম্পায়াৰৰ সৈতে নীতিশ ৰাণাৰ সংঘৰ্ষ ; বিচিচিআই এ বিহিলে শাস্তি