পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ; ভৰিব লাগিব জৰিমনা
পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ব্যৱস্থা গ্ৰহণ কৰিছে। বিচিচিআইয়ে বিহিলে ১২ লাখ টকাৰ জৰিমনা।
৩১ মাৰ্চত (মঙলবাৰ) অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ চতুৰ্থখন খেলত পঞ্জাব কিংছে গুজৰাট টাইটানছ (জিটি)ৰ বিৰুদ্ধে ৩ উইকেটত জয়লাভ কৰে। মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত পঞ্জাৱ কিংছক জয়ৰ বাবে ১৬৩ ৰান লক্ষ্য বান্ধি দিছিল,যিটো তেওঁলোকে পাঁচটা বল বাকী থকা অৱস্থাত অৰ্জন কৰিছিল।
গুজৰাট টাইটানছৰ বিৰুদ্ধে পঞ্জাব কিংছৰ জয়ৰ পাছতো অধিনায়ক শ্ৰেয়াছ আয়াৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।লেহেমীয়া অভাৰ ৰেটৰ বাবে এতিয়া অধিনায়ক গৰাকীয়ে মূল্য দিবলগীয়া হৈছে।এই মেচখনত পঞ্জাব কিংছে নিৰ্ধাৰিত সময়ৰ ভিতৰত অভাৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে।
আই পি এলৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদৰ অধীনত এইটোৱেই আছিল এইটো ছিজনৰ দলটোৰ প্ৰথমটো অপৰাধ। ফলস্বৰূপে পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে।
এই ছিজনত যদি পঞ্জাব কিংছে দ্বিতীয়বাৰৰ বাবে লেহেমীয়া অভাৰ ৰেটৰ অপৰাধ সংঘটিত কৰে তেন্তে শ্ৰেয়াছ আয়াৰৰ ওপৰত ২৪ লাখ টকা জৰিমনা বিহা হ’ব।ইয়াৰ উপৰিও ৬ লাখ টকা জৰিমনা বা তেওঁলোকৰ মেচ মাচুলৰ ২৫ শতাংশ (যিটো কম)দলৰ সদস্যসকলৰ ওপৰত আৰোপ কৰা হ’ব।
আনহাতে, যদি তৃতীয়বাৰৰ বাবে দলটোক লেহেমীয়া অভাৰ ৰেট কৰাৰ বাবে দোষী সাব্যস্ত কৰা হয়, তেন্তে হয়টো অধিনায়ক শ্ৰেয়াছ আয়াৰে এখন মেচৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব।
লগতে পঢ়ক: আই পি এলত আজি পঞ্জাৱ কিংছ আৰু গুজৰাট টাইটানছৰ যুঁজ
