বৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলাৰ অন্যতম স্থান হিচাপে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামকো অন্তৰ্ভুক্ত
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) ২৬ মাৰ্চত ঘোষণা কৰে টীম ইণ্ডিয়াৰ ঘৰুৱা ছিজনৰ সূচী অনুসৰি । ঘোষণা কৰা সূচী অনুসৰি ২০২৭ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া বৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলাৰ অন্যতম স্থান হিচাপে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামকো অন্তৰ্ভুক্ত কৰা হৈছে ।
জেষ্ঠ পুৰুষ দলটোৰ আগন্তুক ঘৰুৱা কেলেণ্ডাৰত পাঁচখন টেষ্ট, নখন এদিনীয়া আৰু আঠখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ অষ্ট্ৰেলিয়া শৃংখলাটো ২০২৭ চনৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত অনুষ্ঠিত হ’ব । পাঁচখনীয়া টেষ্ট শৃংখলাটো ২১ জানুৱাৰীত নাগপুৰত আৰম্ভ হ’ব আৰু ইয়াৰ পিছত ২৯ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ চেন্নাইত দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব । ১১ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব এই হাই-প্ৰফাইল শৃংখলাৰ তৃতীয়খন টেষ্ট । আনহাতে চতুৰ্থ আৰু পঞ্চমখন মেচ ক্ৰমান্বয়ে ৰাঁচী (১৯-২৩ ফেব্ৰুৱাৰী) আৰু আহমেদাবাদত (২৭ ফেব্ৰুৱাৰীৰ পৰা) অনুষ্ঠিত হ’ব । ২০২৫ চনৰ নৱেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এখন টেষ্ট আয়োজন কৰাৰ পিছতে গুৱাহাটীয়ে পুনৰ এই সুযোগ লাভ কৰিছে ।
অষ্ট্ৰেলিয়াৰ উপৰিও ভাৰতে এই ছিজনত ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকা আৰু জিম্বাবৱেক আতিথ্য দিব। এই সমগ্ৰ ছিজনত ১৭খন চহৰত মুঠ ২২খন আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হ’ব।
ছিজনটোৰ এদিনীয়া মেচসমূহে বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে, কিয়নো তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই আটাইকেইখন এদিনীয়া মেচতে খেলাৰ সম্ভাৱনা আছে । ঘৰুৱা ছিজনটো ২৭ ছেপ্টেম্বৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ ভ্ৰমণৰ জৰিয়তে আৰম্ভ হ’ব, য’ত তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচ থাকিব । এদিনীয়া মেচসমূহ তিৰুৱনন্তপুৰম, গুৱাহাটী আৰু নিউ চণ্ডীগড়ত অনুষ্ঠিত হোৱাৰ বিপৰীতে টি-২০ মেচসমূহ লক্ষ্ণৌ, ৰাঁচী, ইন্দোৰ, হায়দৰাবাদ আৰু বেংগালুৰুত অনুষ্ঠিত হ’ব ।
ইয়াৰ পিছত ডিচেম্বৰ মাহত ভাৰতে শ্ৰীলংকাক তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচৰ বাবে আতিথ্য দিব । এই মেচসমূহ দিল্লী, বেংগালুৰু, আহমেদাবাদ, ৰাজকোট, কটক আৰু পুনেত অনুষ্ঠিত হ’ব । ইফালে ২০২৭ চনৰ আৰম্ভণিতে জিম্বাবৱেৰ দলটো তিনিখন এদিনীয়া মেচৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব ।
লগতে পঢ়ক : ভাৰতৰ প্ৰস্তুতিৰ পৰা ৰোহিত-কোহলী ফেক্টৰলৈ… কেতিয়া, ক’ত আৰু কিয় বিশেষ হ’ব এদিনীয়া বিশ্বকাপ ?









