আই পি এল ২০২৬ৰ সময়সূচী ঘোষণা, গুৱাহাটীত অনুষ্ঠিত হ’ব তিনিখনকৈ মেচ

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ প্ৰথমখন মেচ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ প্ৰথম ২০খন খেলৰ সূচী প্ৰকাশ কৰিছে বিচিচিআইয়ে । প্ৰথমখন খেল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ প্ৰথমখন মেচ । বাকী মেচসমূহৰ সূচী পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ’ব । তামিলনাডু, পশ্চিমবংগ আৰু অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ তাৰিখৰ ওপৰত ভিত্তি কৰি বিচিচিআইয়ে ভৱিষ্যতৰ সূচী নিৰ্ধাৰণ কৰিব ।

চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছকে ধৰি বহু দলে ইতিমধ্যে আই পি এল ২০২৬ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু খেলুৱৈসকলে প্ৰশিক্ষণ শিবিৰত কঠোৰ অনুশীলন কৰি আছে । ২৮ মাৰ্চত প্ৰথমখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ডিফেণ্ডিং চেম্পিয়ন হিচাপে খেলিব ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ।

এই ১০ টা স্থানত অনুষ্ঠিত হ’ব খেল-

এই প্ৰথম পৰ্যায়ৰ সূচীত ১০টা স্থানত মুঠ ২০খন মেচ অনুষ্ঠিত হ’ব । এই খেলসমূহ বেংগালুৰু, মুম্বাই, গুৱাহাটী, নিউ চণ্ডীগড়, লক্ষ্ণৌ, কলকাতা, চেন্নাই, দিল্লী, আহমেদাবাদ আৰু হায়দৰাবাদত অনুষ্ঠিত হ’ব ।

২০খন খেলৰ সম্পূৰ্ণ সময়সূচী-

২৮ মাৰ্চ, ২০২৬ (শনিবাৰ)

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ — বেংগালুৰু

২৯ মাৰ্চ, ২০২৬ (দেওবাৰ)

মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ – মুম্বাই

৩০ মাৰ্চ, ২০২৬ (সোমবাৰ)

ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ – গুৱাহাটী

৩১ মাৰ্চ, ২০২৬ (মঙলবাৰ)

পাঞ্জাব কিংছ বনাম গুজৰাট টাইটানছ – মুলানপুৰ

১ এপ্ৰিল, ২০২৬ (বুধবাৰ)

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম দিল্লী কেপিটেলছ – লক্ষ্ণৌ

২ এপ্ৰিল, ২০২৬ (বৃহস্পতিবাৰ)

কলকাতা নাইট ৰাইডাৰ্ছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ – কলকাতা

৩ এপ্ৰিল, ২০২৬ (শুকুৰবাৰ)

চেন্নাই চুপাৰ কিংছ বনাম পঞ্জাব কিংছ – চেন্নাই

৪ এপ্ৰিল, ২০২৬ (শনিবাৰ)

দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ – দিল্লী

৪ এপ্ৰিল, ২০২৬ (শনিবাৰ)

গুজৰাট টাইটানছ বনাম ৰাজস্থান ৰয়েলছ – আহমেদাবাদ

৫ এপ্ৰিল, ২০২৬ (দেওবাৰ)

ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ – হায়দৰাবাদ

৫ এপ্ৰিল, ২০২৬ (দেওবাৰ, সন্ধিয়া)

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বনাম চেন্নাই ছুপাৰ কিংছ – বেংগালুৰু

৬ এপ্ৰিল, ২০২৬ (সোমবাৰ)

কলকাতা নাইট ৰাইডাৰ্ছ বনাম পঞ্জাব কিংছ – কলকাতা

৭ এপ্ৰিল, ২০২৬ (মঙলবাৰ)

ৰাজস্থান ৰয়েলছ বনাম মুম্বাই ইণ্ডিয়ানছ – গুৱাহাটী

৮ এপ্ৰিল, ২০২৬ (বুধবাৰ)

দিল্লী কেপিটেলছ বনাম গুজৰাট টাইটানছ – দিল্লী

৯ এপ্ৰিল, ২০২৬ (বৃহস্পতিবাৰ)

কলকাতা নাইট ৰাইডাৰ্ছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ – কলকাতা

১০ এপ্ৰিল, ২০২৬ (শুকুৰবাৰ)

ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – গুৱাহাটী

১১ এপ্ৰিল, ২০২৬ (শনিবাৰ)

পঞ্জাব কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ – মুলনপুৰ

১১ এপ্ৰিল, ২০২৬ (শনিবাৰ)

চেন্নাই ছুপাৰ কিংছ বনাম দিল্লী কেপিটেলছ – চেন্নাই

১২ এপ্ৰিল, ২০২৬ (দেওবাৰ)

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম গুজৰাট টাইটানছ – লক্ষ্ণৌ

১২ এপ্ৰিল, ২০২৬ (দেওবাৰ)

মুম্বাই ইণ্ডিয়ানছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – মুম্বাই

লগতে পঢ়ক : বিশ্বকাপৰ পিছতেই আইচিচিয়ে প্ৰকাশ কৰিলে টি-২০ৰ ৰেংকিং, সঞ্জু ছেমছনৰ দীঘল জাঁপ

কেতিয়া ঘোষণা হ’ব আই পি এল ২০২৬ৰ সূচী ? জানক সম্পূৰ্ণ আপডেট

কিছুদিন পূৰ্বে ২৮ মাৰ্চৰ পৰা আই পি এল ২০২৬ আৰম্ভ হ’ব বুলি বাতৰি প্ৰকাশ পাইছিল

টি-২০ বিশ্বকাপ সমাপ্ত হোৱাৰ পিছৰে পৰা আই পি এল ২০২৬ৰ সূচী সন্দৰ্ভত চৰ্চা তীব্ৰতৰ হৈ পৰিছে । আগন্তুক ছিজনৰ সূচী শীঘ্ৰেই জানিবলৈ উত্ৰাৱল হৈ পৰিছে অনুৰাগী । শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই উল্লেখ কৰিছে যে ১২ মাৰ্চৰ ভিতৰত এই সূচী প্ৰকাশ পাব পাৰে । শেহতীয়াকৈ এক প্ৰতিবেদনত সূচী সন্দৰ্ভত এক উল্লেখযোগ্য সবিশেষ প্ৰকাশ পাইছে ।

ক্ৰিকবাজৰ মতে, ২০২৬ চনৰ আই পি এলৰ সূচী আজি অৰ্থাৎ ১১ মাৰ্চ বুধবাৰে প্ৰকাশ কৰা হ’ব । বৰ্তমান প্ৰথম পৰ্যায়ৰ সময়সূচীহে প্ৰকাশ কৰা হ’ব । দেৱজিৎ শইকীয়াই লগতে উল্লেখ কৰে যে প্ৰথম অৱস্থাত প্ৰতিযোগিতাখনৰ ২০ দিনীয়া সূচীহে ঘোষণা কৰা হ’ব ।

আই পি এলৰ সূচী ঘোষণা সন্ধিয়া ৭ বজাত হ’ব বুলি জানিব পৰা গৈছে । এই ঘোষণা ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ জৰিয়তে টিভিত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । JioHotstarৰ জৰিয়তে উপলব্ধ হ’ব লাইভ ষ্ট্ৰীমিং ।

কিছুদিন পূৰ্বে ২৮ মাৰ্চৰ পৰা আই পি এল ২০২৬ আৰম্ভ হ’ব বুলি বাতৰি প্ৰকাশ পাইছিল । মূলতঃ ২৬ মাৰ্চৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল যদিও পিছত দুদিন পিছুৱাই দিয়া হৈছিল । প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অহা ৩১ মে’ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

বহু সংবাদ মাধ্যমত দাবী কৰা হৈছিল যে টি-২০ বিশ্বকাপৰ ফাইনেলৰ দিনটোত, ৮ মাৰ্চৰ সামৰণি অনুষ্ঠানৰ পূৰ্বে আই পি এলৰ সূচী প্ৰকাশ কৰা হ’ব যদিও সেয়া হৈ নুঠিল ।

লগতে পঢ়ক : বিশ্বকাপৰ পিছতেই আইচিচিয়ে প্ৰকাশ কৰিলে টি-২০ৰ ৰেংকিং, সঞ্জু ছেমছনৰ দীঘল জাঁপ

কেতিয়াৰ পৰা আৰম্ভ হ’ব আই পি এলৰ নতুন ছিজন? আগবাঢ়িব পাৰে দুটা দিন

ওচৰ চাপি আহিছে আই পি এল ২০২৬ৰ দিন। আই পি এল ২০২৬ ত অংশগ্ৰহণ কৰিব লগা দল সমূহে আৰম্ভ কৰিছে অনুশীলন। ইফালে প্ৰথমখন খেলৰ তাৰিখ এদিন বা দুদিন আগুৱাব পাৰে বুলিও খবৰ ওলাইছে।

ইতিমধ্যে আই পি এল ২০২৬ৰ প্ৰস্তুতি আৰম্ভ হৈছে।আনকি বহু দলে অনুশীলন আৰম্ভ কৰিছে। ইফালে, মাৰ্চ মাহৰ শেষ সপ্তাহৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা থকাৰ খবৰ ওলাইছে।

অৱশ্যে এই সময়সূচী এতিয়াও বিচিচিআইয়ে ঘোষণা কৰা নাই।এতিয়া পোহৰলৈ আহিছে যে আইপিএলৰ আৰম্ভণি দুটা দিন আগবাঢ়িব পাৰে। অৱশ্যে কোনদিনা প্ৰথমখন মেচ অনুষ্ঠিত হ’ব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।

আই পি এল ২০২৬ৰ প্ৰথমখন মেচ কেতিয়া অনুষ্ঠিত হ’ব বি চি চি আইয়ে সেয়া এতিয়াও ঘোষণা কৰা নাই ।যদিও পূর্বে আশা কৰা হৈছিল যে প্রথমখন খেল ২৬ মাৰ্চত অনুষ্ঠিত হ’ব,কিন্তু এতিয়া যেন দিনটো এদিন বা দুদিন আগবাঢ়িব পাৰে।

ক্ৰিকবাজে প্ৰকাশ কৰা অনুসৰি ২৮ মাৰ্চত বিচিচিআইয়ে প্ৰথমখন মেচ অনুষ্ঠিত কৰিব পাৰে,কিন্তু ২৯ মাৰ্চৰ কথাও বিবেচনা কৰা হৈছে।

ইফালে সমগ্ৰ আই পি এল ছিজনৰ সূচী বি চি চি আইয়ে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতেই ঘোষণা কৰিব বুলি আশা কৰা হৈছে।

যদিও বিচিচিআইয়ে ২৬ মাৰ্চৰ পৰা আইপিএল আৰম্ভ হোৱাৰ কথা ঘোষণা কৰা নাছিল,কিন্তু আভ্যন্তৰীণভাৱে আলোচনা হৈ আছিল।

প্ৰথমে ৩১ মে’ত ফাইনেল অনুষ্ঠিত হ’বলগীয়া আছিল,কিন্তু এতিয়া এনে লাগে যেন এইটোও আগুৱাই নিয়াৰ সম্ভাৱনা আছে।কিন্তু এই সকলোবোৰ এতিয়াও ঘোষণা কৰা হোৱা নাই।

লগতে পঢ়ত: ‘এই কঠিন সময়ত মোৰ প্ৰাৰ্থনা আপোনালোকৰ লগত’; ৰিংকু সিঙৰ পিতৃৰ মৃত্যুত বিৰাট কোহলীৰ শোক প্ৰকাশ

ৰাজস্থান ৰয়েলছে ঘোষণা কৰিলে নতুন অধিনায়ক;  ৰিয়ান পৰাগৰ হাতলৈ কামাণ্ড

আইপিএল ২০২৬ৰ পূৰ্বে ৰাজস্থান ৰয়েলছে দলটোৰ নতুন অধিনায়কৰ নাম ঘোষণা কৰিছে। অল ৰাউণ্ডাৰ ৰিয়ান পৰাগক দলটোৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিছে।

২০২৬ ৰ আইপিএলৰ বাবে ৰাজস্থান ৰয়েলছে নিজৰ অধিনায়কৰ নাম ঘোষণা কৰিছে। আইপিএল ২০২৬ ৰ পূৰ্বে দলটোৱে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি অল ৰাউণ্ডাৰ ৰিয়ান পৰাগক দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিছে।

এই পৰিৱৰ্তনটো তেতিয়া ঘটিছিল যেতিয়া দলটোৰ দীৰ্ঘদিন ধৰি অধিনায়কৰ দায়িত্ব লৈ থকা সঞ্জু চেমছনক ট্ৰেডৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছ (চি এছ কে)লৈ পঠিয়াই দিয়া হৈছিল।এই বাণিজ্যিক চুক্তিত ৰবীন্দ্ৰ জাডেজা আৰু ছেম কৰন ৰাজস্থানৰ দলত যোগদান কৰিছে।

আই পি এল ২০২৫ত সঞ্জু চেমছনৰ অনুপস্থিতিত কেইখনমান মেচত দলটোৰ অধিনায়কত্ব কৰিছিল ৰিয়ান পৰাগে।সেই সময়ছোৱাত ৰাজস্থান ৰয়েলছে আঠখন খেলৰ ভিতৰত দুখন খেলত জয়লাভ কৰিছিল।

ৰিয়ান পৰাগ ৰাজস্থানৰ অধিনায়কত্বৰ সপ্তমগৰাকী খেলুৱৈ।তেওঁৰ পূৰ্বে শ্বেন ৱাৰ্ণ, শ্বেন ৱাটছন, ৰাহুল দ্ৰাবিড়, ষ্টিভ স্মিথ, অজিংক্য ৰাহানে, সঞ্জু চেমছনে দলটোৰ অধিনায়ক হিচাপে কাম কৰিছে।

নতুন অধিনায়ক বাছনি কৰাৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক কুমাৰ সাংগাকাৰাই বহু খেলুৱৈৰ সাক্ষাৎকাৰ লৈছিল, ইয়াৰ পিছত অৱশেষত ৰিয়ান পৰাগক অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হয়।

২০১৯ চনত আই পি এলত অভিষেক ঘটাৰ পিছৰে পৰা ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ ধাৰাবাহিক অংশ হিচাপে পৰিগণিত হৈছে।এতিয়ালৈকে তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ ৮৪খন মেচত ২৬.১০ গড়ে ১৫৬৬ ৰান সংগ্ৰহ কৰিছে।

লগতে পঢ়ক: টি-২০ বিশ্বকাপ ২০২৬ত বৃহৎ অঘটন, অষ্ট্ৰেলিয়াক পৰাস্ত কৰি জিম্বাবুৱেই গঢ়িলে এই অভিলেখ

‘আই পি এল ২০২৬ এম এছ ধোনীৰ শেষ ছিজন হ’ব’; ৰবিন উথাপ্পাই লগালে মোহৰ!

এম এছ ধোনীৰ অৱসৰক লৈ বহু উৰাবাতৰি আহিছে। কিন্তু তাৰ মাজতে ৰবিন উথাপ্পাই এক চাঞ্চল্যকৰ মন্তব্য কৰিছে।

এম এছ ধোনীৰ ভৱিষ্যৎ পৰিকল্পনাক লৈ জল্পনা-কল্পনাৰ অন্ত নোহোৱা হৈছে,কিন্তু এইবাৰ উত্তৰটো আগতকৈ স্পষ্ট যেন লাগিছে।অন্ততঃ ধোনীৰ ঘনিষ্ঠ বুলি গণ্য কৰা এজন ব্যক্তিয়ে এইটোৱেই বিশ্বাস কৰে।

চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অ’পেনাৰ ৰবিন উথাপ্পাই বিশ্বাস কৰে যে আই পি এল ২০২৬ ধোনীৰ খেলুৱৈ হিচাপে শেষ ছিজন হ’ব।

 আই পি এল ২০২৬ৰ মিনি নিলামত CSK এ যুৱ খেলুৱৈৰ ওপৰত কৰা বৃহৎ বিনিয়োগৰ পৰিপ্ৰেক্ষিতত তেওঁ এই কথা কয়।

আই পি এল ২০২৬ৰ মিনি নিলাম কভাৰেজৰ সময়ত উথাপ্পাই কয়,এতিয়া ধোনীৰ ভৱিষ্যত সন্দৰ্ভত কোনো ধৰণৰ জল্পনা-কল্পনাৰ পৰিসৰ নাই।

মই ভাবো ছবিখন এতিয়া যথেষ্ট স্পষ্ট হৈ পৰিছে।এইটো স্পষ্টভাৱে এম এছ ধোনীৰ শেষৰটো ছিজন হ’ব। এতিয়া তেওঁ আৰু এবছৰ খেলিব নে নাই সেই সম্পৰ্কে কোনো জল্পনা-কল্পনা নাই, কোনো অনুমান নাই।এই বছৰৰ পাছত তেওঁ খেলৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ ল’ব।

লগতে পঢ়ক: আই পি এল ২০২৬ : নিলামৰ পিছত জানক ১০টা দলৰ স্কোৱাড ?  কোন কিমানত বিক্ৰী হ’ল ?

আই পি এল ২০২৬ : নিলামৰ পিছত জানক ১০টা দলৰ স্কোৱাড ?  কোন কিমানত বিক্ৰী হ’ল ?

সম্পন্ন হ’ল আই পি এল ২০২৬ৰ মিনি নিলাম । নিলামৰ পিছত এতিয়া জানক দলসমূহৰ সম্পূৰ্ণ স্কোৱাড আৰু কোন খেলুৱৈ কিমানত বিক্ৰী হ’ল জানক-

ক্ৰিকেট অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিল । সামৰণি পৰিল আই পি এল ২০২৬ৰ নিলাম প্ৰক্ৰিয়া । ১৬ ডিচেম্বৰত অনুষ্ঠিত হোৱা মিনি নিলামত মুঠ ৩৫৯ জন খেলুৱৈৰ ভাগ্য নিৰ্ণয় হৈছিল, য’ত ১৫৬ জন খেলুৱৈৰ ওপৰত নিলাম হৈছিল । আই পি এলৰ ১০টা দলে মিলি ২৯জন বিদেশী আৰু ৪৮জন ভাৰতীয় খেলুৱৈকে ধৰি মুঠ ৭৭জন খেলুৱৈ ক্ৰয় কৰে । এই নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰে অষ্ট্ৰেলিয়াৰ অল-ৰাউণ্ডাৰ কেমেৰুন গ্ৰীনে । গ্ৰীণৰ বাবে কেইবাটাও দলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও শেষত কলকাতা নাইট ৰাইডাৰ্ছ বিজয়ী হয় । ফ্ৰেঞ্চাইজিটোৱে ২৬ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীক তেওঁলোকৰ দলত অন্তৰ্ভূক্ত কৰিবলৈ ২৫.২০ কোটি টকা ব্যয় কৰে । আই পি এল ২০২৬ৰ নিলাম প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া দলৰবোৰৰ স্কোৱাডৰ বিষয়ে জানক :

মুম্বাই ইণ্ডিয়ানছৰ স্কোয়াড-

হাৰ্দিক পাণ্ডিয়া, ৰোহিত শৰ্মা, সূৰ্য্যকুমাৰ যাদৱ, তিলক বাৰ্মা, ৰিয়ান ৰিকেলটন, ৰবিন মিঞ্জ, ৰাজ বাৱা, ৰঘু শৰ্মা, মিচেল ছেণ্টনাৰ, কৰ্বিন বছ, নমন ধীৰ, যশপ্ৰীত বুমৰাহ, ট্ৰেণ্ট বল্ট, আল্লাহ ঘফানঝাৰ, অশ্বিনী কুমাৰ, দীপক চহৰ, উইল জেকছ, শ্বাৰফেন ৰাদাৰফোৰ্ড, মায়ংক মাৰ্কাণ্ডে, শ্বাৰদুল ঠাকুৰ, কুইণ্টন ডি কক, ডেনিছ মালেৱাৰ, মহম্মদ ইজহাৰ, অথৰভা অংকোলেকাৰ, আৰু মায়ংক ৰাৱাট ।

আই পি এল ২০২৬ৰ বাবে চেন্নাই ছুপাৰ কিংছৰ স্কোয়াড-

ৰুতুৰাজ গাইকোৱাড, আয়ুষ মাহাত্ৰে, এম এছ ধোনী, সঞ্জু চেমচন, দেৱাল্ড ব্ৰুইছ, উৰভিল পেটেল, শিৱম ডুবে, জেমী অভাৰটন, ৰামকৃষ্ণ ঘোষ, নূৰ আহমেদ, খলিল আহমেদ, অংশুল কাম্বোজ, গুৰজপনীত সিং, শ্ৰেয়াস গোপাল, মুকেশ চৌধুৰী, নাথান এলিছ, আকেল হোছেইন, প্ৰশান্ত বীৰ, কাৰ্তিক শৰ্মা, মেথিউ শ্বৰ্ট, অমন খান, ছৰফৰাজ খান, মেট হেনৰী, ৰাহুল চহৰ, আৰু জেক ফ’লকেছ ।

কলকাতা নাইট ৰাইডাৰ্ছৰ স্কোয়াড-

অজিংক্য ৰাহানে, অংকৃশ ৰঘুবংশী, অনুকুল ৰায়, হৰ্ষিত ৰাণা, মনীষ পাণ্ডে, ৰমনদ্বীপ সিং, ৰিংকু সিং, ৰভমান পাৱেল, সুনীল নাৰিন, উমৰাণ মালিক, বৈভৱ অৰোৰা, বৰুণ চক্ৰৱৰ্তী, কেমেৰুন গ্ৰীণ, ফিন এলেন, মথিছা পাথিৰানা, তেজস্বী সিং, কাৰ্তিক ত্যাগী, প্ৰশান্ত ছোলংকি, ৰাহুল ত্ৰিপাঠী, টিম ছেইফাৰ্ট, মুস্তাফিজুৰ ৰহমান, সৰ্থক ৰঞ্জন, দক্ষ কামৰা, ৰাচিন ৰবিন্দ্ৰ, আৰু আকাশ দীপ । (আই পি এল ২০২৬)

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ স্কোয়াড-

ৰজত পাটিদাৰ, বিৰাট কোহলী, দেৱদত্ত পাডিক্কল, ফিল ছল্ট, জিতেশ শৰ্মা, ক্ৰুনাল পাণ্ডিয়া, স্বপ্নীল সিং, টিম ডাভিদ, ৰোমাৰিঅ’ শ্বেফাৰ্ড, জেকব বেথেল, জোছ হেজলউড, যশ দয়াল, ভুৱনেশ্বৰ কুমাৰ, নুৱান থুছাৰা, ৰশিখ চালাম, অভিনন্দন সিং, সুৱাশ শৰ্মা, ভেংকটেশ আয়াৰ, জেকব ডাফী, সাত্বিক দেৱাল, মংগেশ যাদৱ, জৰ্ডান কক্স, ভিকি অষ্টৱাল, বিহান মালহোত্ৰা, আৰু কনিষ্ক চৌহান ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ স্কোয়াড-

পেট কামিন্স, ট্ৰেভিছ হেড, অভিষেক শৰ্মা, অনিকেত বাৰ্মা, আৰ স্মৰণ, ঈশান কিষন, হেইনৰিচ ক্লাচেন, নীতিশ কুমাৰ ৰেড্ডী, হৰ্ষ ডুবে, কামিন্দু মেণ্ডিছ, হৰ্ষাল পেটেল, ব্ৰাইডন কাৰ্ছে, জয়দেৱ উনাদকট, ঈশান মালিংগা, জীশন আনছাৰী, শিৱাং কুমাৰ, চেলিল অৰোৰা, ছাকিব হুছেইন, ওমকাৰ তাৰমালে, অমিত কুমাৰ, প্ৰফুল্ল হিংগ, ক্ৰেনছ ফুলেট্ৰা, লিয়াম লিভিংষ্টন, শিৱম মাভি, আৰু জেক এডৱাৰ্ডছ ।

আই পি এল ২০২৬ৰ বাবে পঞ্জাৱ কিংছৰ স্কোয়াড-

প্ৰভসিমৰন সিং, প্ৰিয়ংশ আৰ্য্য, শ্ৰেয়াছ আয়েৰ, শশাংক সিং, নেহাল ৱাধেৰা, মাৰ্কাছ ষ্টয়নিছ, আজমতুল্লাহ উমৰজাই, মাৰ্কো জেন্সেন, হৰপ্ৰীত ব্ৰাৰ, যুজবেন্দ্ৰ চাহাল, অৰ্শদীপ সিং, মুছিৰ খান, প্যালা অবিনাশ, হৰনুৰ পান্নু, সূৰ্য্যংশ শ্বেড, মিচেল ওৱেন, জেভিয়াৰ বাৰ্টলেট, লকি ফাৰ্গুচন, বিজয়কুমাৰ ব্যশক, যশ ঠাকুৰ, বিষ্ণু বিনোদ, কুপাৰ কনলি, বেন দ্বাৰশ্বুইছ, প্ৰবীণ ডুবে, আৰু বিশাল নিছাদ ।

আই পি এল ২০২৬ৰ বাবে ৰাজস্থান ৰয়েলছৰ স্কোয়াড-

ৰবীন্দ্ৰ জাডেজা, ছেম কাৰাণ, ড’নভান ফেৰেইৰা, সন্দীপ শৰ্মা, শুভম ডুবে, বৈভৱ সূৰ্যবংশী, লুয়ান-ড্ৰাইছ প্ৰিট’ৰিয়াছ, শ্বিমৰন হেটমায়াৰ, যশস্বী জয়ছোৱাল, ধ্ৰুৱ জুৰেল, ৰিয়ান পৰাগ, যুধবীৰ সিং চৰক, জোফ্ৰা আৰ্চাৰ, তুষাৰ দেশপাণ্ডে, কুৱেনা ম্ফাকা, নন্দ্ৰে বাৰ্গাৰ, ৰবি বিষ্ণয়, সুশান্ত মিশ্ৰ, যশ ৰাজ পুঞ্জা, ভিগনেশ পুথুৰ, ৰবি সিং, অমন ৰাও, ব্রিজেশ শর্মা, আদম মিলনে, আৰু কুলদীপ সেন ।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্কোয়াড-

আব্দুল ছামাদ, আয়ুষ বদোনি, এইডেন মাৰ্কৰাম, মেথিউ ব্ৰীট্জকে, হিম্মত সিং, ঋষভ পন্ট (অধিনায়ক), নিকোলাছ পুৰাণ, মিচেল মাৰ্ছ, শ্বাহবাজ আহমেদ, আৰ্শিন কুলকাৰ্ণী, মায়ংক যাদৱ, আবেশ খান, মহছিন খান, মণিমৰন সিদ্ধাৰ্থ, দিগবেশ ৰাথী, প্ৰিন্স যাদৱ, আকাশ সিং, মহম্মদ শামী, অৰ্জুন টেণ্ডুলকাৰ, ৱানিন্দু হাছাৰংগা, অনৰিচ নৰ্টজে, মুকুল চৌধুৰী, নমন তিৱাৰী, অক্ষত ৰঘুবংশী, আৰু জোছ ইংলিছ ।

আই পি এল ২০২৬ৰ বাবে দিল্লী কেপিটেলছৰ স্কোয়াড-

নীতিশ ৰাণা, অভিষেক পোৰেল, অজয় ​​মণ্ডল, আশুতোষ শৰ্মা, অক্ষৰ পেটেল, দুষমন্ত চমীৰা, কৰুণ নায়াৰ, কে এল ৰাহুল, কুলদীপ যাদৱ, মাধৱ তিৱাৰী, মিচেল ষ্টাৰ্ক, সমীৰ ৰিজৱী, টি নটৰাজন, ত্ৰিপুৰানা বিজয়, ত্ৰিস্তান ষ্টাবছ, বিপৰাজ নিগম, ডেভিদ মিলাৰ, বেন ডাকেট, আকিব নবী, পাথুম নিছাংকা, লুংগি ঙিদি, সাহিল পাৰাখ, পৃথ্বী শ্ব’, আৰু কাইল জেমিছন ।

আই পি এল ২০২৬ৰ বাবে গুজৰাট টাইটানছৰ স্কোয়াড-

শুভমন গীল, ছাই সুদৰ্শন, কুমাৰ কুশাগ্ৰা, অনুজ ৰাৱাত, জোছ বাটলাৰ, নিশান্ত সিন্ধু, ৱাশ্বিংটন সুন্দৰ, গ্লেন ফিলিপছ, আৰ্ছাদ খান, শ্বাহৰুখ খান, ৰাহুল তেৱতিয়া, কাগিছো ৰাবাদা, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, ঈশান্ত শৰ্মা, গুৰনুৰ সিং ব্ৰাৰ, ৰছিদ খান, মানৱ সুথাৰ, সাই কিশোৰ, জয়ন্ত যাদৱ, অশোক শৰ্মা, জেছন হোল্ডাৰ, টম বেণ্টন, পৃথ্বী ৰাজ য়েৰা  আৰু লুক উড ।

আই পি এল ২০২৬ৰ মিনি নিলামত এই খেলুৱৈসকলক ক্ৰয় কৰে দলসমূহে :

হায়দৰাবাদ-

লিয়াম লিভিংষ্টোন- ১৩ কোটি

জেক এডৱাৰ্ডছ – ৩ কোটি

সলিল অৰোৰা – ১.৫ কোটি

শিৱম মাবি – ৭৫ লাখ

ক্ৰেন্স ফুলেট্ৰা – ৩০ লাখ

প্ৰফুল্ল হাইঞ্জ – ৩০ লাখ

অমিত কুমাৰ – ৩০ লাখ

ওমকাৰ তৰ্মালে – ৩০ লাখ

চাকিব হুছেইন – ৩০ লাখ

শিৱাং কুমাৰ – ৩০ লাখ

কলকাতা-

কেমেৰন গ্ৰীণ – ২৫.২০ কোটি

মথিশা পথিৰানা – ১৮ কোটি টকা

মুস্তাফিজুৰ ৰহমান – ৯.২ কোটি

তেজস্বী সিং – ৩ কোটি

ৰচিন ৰবীন্দ্ৰ – ২ কোটি

ফিন এলেন – ২ কোটি

টিম ছেইফাৰ্ট – ১.৫ কোটি

আকাশ দীপ – ১ কোটি

ৰাহুল ত্ৰিপাঠী – ৭৫ লাখ

প্ৰশান্ত সোলংকী – ৩০ লাখ

দক্ষ কৰ্ম – ৩০ লাখ

সাৰ্থক ৰঞ্জন – ৩০ লাখ

কাৰ্তিক ত্যাগী – ৩০ লাখ

পঞ্জাৱ-

বেন দ্বাৰশ্বুইছ – ৪.৪ কোটি

কুপাৰ কনলি – ৩ কোটি

প্ৰবীণ ডুবে – ৩০ লাখ

বিশাল নিশাদ – ৩০ লাখ

দিল্লী-

আকিব দাৰ – ৮.৪ কোটি

পথুম নিছাংকা – ৪ কোটি

কাইল জেমিছন – ২ কোটি

বেন ডাকেট – ২ কোটি

ডেভিদ মিলাৰ – ২ কোটি

লুংগি ঙিডি – ২ কোটি

সাহিল পাৰিখ – ৩০ লাখ

পৃথ্বী শ্ব’ – ৭৫ লাখ

চেন্নাই-

কাৰ্তিক শৰ্মা – ১৪.২০ কোটি

প্ৰশান্ত বীৰ – ১৪.২০ কোটি

ৰাহুল চহৰ – ৫.২০ কোটি টকা

মেট হেনৰী – ২ কোটি

আকিল হুছেইন – ২ কোটি

মেথিউ শ্বৰ্ট – ১.৫ কোটি

ছৰফৰাজ খান – ৭৫ লাখ

জেক ফাউলাৰ – ৭৫ লাখ

অমন খান – ৪০ লাখ

গুজৰাট-

জেছন হোল্ডাৰ – ৭ কোটি টকা

টম বেণ্টন – ২ কোটি টকা

লুক উড – ৭৫ লাখ টকা

অশোক শৰ্মা – ৩০ লাখ টকা

পৃথ্বী ৰাজ ইয়াৰ্ৰা – ৩০ লাখ টকা

লক্ষ্ণৌ-

জোছ ইংলিছ – ৮.৬০ কোটি

মুকুল চৌধুৰী – ২.৬ কোটি

আকাশ ৰঘুবংশী – ২.২০ কোটি

এনৰিকে ন’কিয়া – ২ কোটি

ৱানিন্দু হাছাৰংগা – ২ কোটি

নমন তিৱাৰী – ১ কোটি

মুম্বাই-

কুইণ্টন ডি কক – ১ কোটি

অথৰ্ব অংকোলেকাৰ – ৩০ লাখ

ডেনিছ মালেৱাৰ – ৩০ লাখ

মহম্মদ ইজহাৰ – ৩০ লাখ

মায়ংক ৰাৱত – ৩০ লাখ

ৰাজস্থান-

ৰবি বিষ্ণোই – ৭.২০

এডাম মিলনে – ২.৪০ কোটি

ৰবি সিং – ৯৫ লাখ

কুলদীপ সেন – ৭৫ লাখ

সুশান্ত মিশ্ৰ – ৯০ লাখ

ভিগনেশ পুথুৰ – ৩০ লাখ

অমন ৰাও – ৩০ লাখ

যশ ৰাজ পুনিয়া – ৩০ লাখ

ব্ৰজেশ শৰ্মা – ৩০ লাখ

বাংগালুৰু-

ভেংকটেশ আয়েৰ – ৭ কোটি

মংগেশ যাদৱ – ৫.২০ কোটি

জেকব ডাফী – ২ কোটি

জৰ্ডান বক্স – ৭৫ লাখ

সাত্বিক দেৱাল – ৩০ লাখ

ভিকি অষ্টৱাল – ৩০ লাখ

বিহান মালহোত্ৰা – ৩০ লাখ

কনিষ্ক চৌহান – ৩০ লাখ

লগতে পঢ়ক : নিলামৰ ৪০ শতাংশ ধন কেৱল ৫ জন খেলুৱৈৰ হাতলৈ… জানক আই পি এল ২০২৬ৰ আটাইতকৈ দামী খেলুৱৈ

নিলামৰ ৪০ শতাংশ ধন কেৱল ৫ জন খেলুৱৈৰ হাতলৈ… জানক আই পি এল ২০২৬ৰ আটাইতকৈ দামী খেলুৱৈ

আই পি এল ২০২৬ৰ মিনি নিলামত কেৱল ৫ জন খেলুৱৈৰ বাবে ব্যয় কৰা হ’ল ৪০ শতাংশ ধন ।

মঙলবাৰে আবুধাবিৰ ইতিহাদ এৰিনাত অনুষ্ঠিত হয় আই পি এল ২০২৬ৰ খেলুৱৈ নিলাম । মুঠ ৩৬৯ জন খেলুৱৈৰ ওপৰত নিবিদা দিয়া হৈছিল আৰু ৭৭ জন বিক্ৰী হয় । বিক্ৰী হোৱা খেলুৱৈসকলৰ ভিতৰত আছিল ৪৮ জন ভাৰতীয় আৰু ২৯ গৰাকী বিদেশী তাৰকা । নিলামৰ সময়ত ফ্ৰেঞ্চাইজি দলসমূহে মুঠ ২১৫.৪৫ কোটি  ব্যয় কৰে । কিন্তু এই মুঠ ধনৰ প্ৰায় ৪০ শতাংশ মাত্ৰ পাঁচজন খেলুৱৈৰ বাবে ব্যয় কৰা হৈছিল । জানক আই পি এল ২০২৬ৰ আটাইতকৈ দামী খেলুৱৈসকলৰ বিষয়ে ।

কেমেৰুন গ্ৰীনে লাভ কৰিলে ২৫.২০ কোটি-

এই নিলামত আটাইতকৈ দামী খেলুৱৈ আছিল কেমেৰুন গ্ৰীণ । কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক ২৫.২০ কোটি টকাত চুক্তিবদ্ধ কৰে । গ্ৰীণ আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী বিদেশী খেলুৱৈ হিচাপেও পৰিগণিত হয় । তেওঁৰ ভিত্তি মূল্য আছিল ২ কোটি টকা, কিন্তু তেওঁ বহু নিবিদা আকৰ্ষণ কৰিছিল । ইয়াৰ পূৰ্বে ২০২৩ চনত গ্ৰীণ বিক্ৰী হৈছিল ১৭.৫০ কোটি টকাত ।

মথিছা পাথিৰানাই লাভ কৰিলে ১৮ কোটি টকা-

কলকাতা নাইট ৰাইডাৰ্ছে আই পি এল ২০২৬ৰ দ্বিতীয় সৰ্বাধিক বিড দিছিল । শ্ৰীলংকাৰ বলাৰ মথিছা পাথিৰানাক ১৮ কোটি টকাত ক্ৰয় কৰে দলটোৱে । অৰ্থাৎ কে কে আৰে মাত্ৰ দুজন খেলুৱৈৰ বাবে ৪৩.২০ কোটি টকা খৰচ কৰে ।

দুজন আনকেপ খেলুৱৈৰ নামত চেন্নাইয়ে কৰিলে সৰ্বাধিক খৰচ-

চেন্নাই ছুপাৰ কিংছে ১৪.২০ কোটি টকাত ক্ৰয় কৰে তৃতীয় সৰ্বাধিক দামী খেলুৱৈ কাৰ্তিক শৰ্মাক । প্ৰশান্ত বীৰকো চেন্নাইয়ে একে পৰিমাণৰ ধনেৰে ক্ৰয় কৰে । অৰ্থাৎ চি এছ কেয়ে ২৮.৪০ কোটি টকাৰ বিনিময়ত দুজন আনকেপড খেলুৱৈ যোগ কৰে ।

লিভিংষ্টনৰ বাবে হায়দৰাবাদৰ যুঁজ-

নিলামৰ প্ৰথম ৰাউণ্ডত বিক্ৰী নোহোৱাকৈ আছিল লিয়াম লিভিংষ্টন । অৱশ্যে যেতিয়া পুনৰ নিলাম আৰম্ভ হয়, তেতিয়া তেওঁৰ ভাগ্যই লগ দিয়ে । ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁক ১৩ কোটি টকাত ক্ৰয় কৰে ।

৪০ শতাংশ ধন কেৱল পাঁচজন খেলুৱৈৰ হাতত-

এই ছিজনত আই পি এলৰ দলসমূহে শীৰ্ষ পাঁচজন খেলুৱৈৰ বাবে প্ৰায় ৮৬ কোটি টকা ব্যয় কৰে । মুঠ ২১৫ কোটিৰ নিবিদা হৈছিল । অৰ্থাৎ নিলামৰ ধনৰ ৪০ শতাংশ কেৱল পাঁচজন খেলুৱৈৰ বাবে ব্যয় কৰা হয় ।

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰৱৰ্তী দুখন টি-২০ৰ পৰা বাহিৰ হ’ল এইগৰাকী অলৰাউণ্ডাৰ

আই পি এল ২০২৬ : মিনি নিলামত ১০টা দলৰ হাতত বন্দী ৩৬৯জন খেলুৱৈৰ ভাগ্য

আজি আবু ধাবিত নিৰ্ণয় হ’ব ৩৬৯ গৰাকী খেলুৱৈৰ ভাগ্য । দিনৰ ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৬ৰ মিনি নিলাম ।

১৬ ডিচেম্বৰ, মঙলবাৰে আবুধাবিত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ মিনি নিলাম । এই নিলামত বিশ্বমানৰ ফাষ্ট বলিং অলৰাউণ্ডাৰৰ সীমিত উপলব্ধতাৰ বাবে অষ্ট্ৰেলিয়াৰ কেমেৰুন গ্ৰীণৰ স্থিতি শক্তিশালী যেন দেখা গৈছে । কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ দৰে দলে তেওঁৰ বাবে যথেষ্ট নিবিদা দিয়াৰ সম্ভাৱনা আছে । নিলামত মুঠ ৭৭ জন খেলুৱৈৰ বাবে দহটা ফ্ৰেঞ্চাইজিয়ে অংশগ্ৰহণ কৰিব আৰু আটাইকেইটা দলৰ হাতত মুঠ ২৩৭ কোটি ৫৫ লাখ টকা উপলব্ধ আছে ।

সীমিত বাজেটৰ বাবে সীমিত হ’ব মুম্বাই ইণ্ডিয়ানছৰ ভূমিকা-

নিলামত মুম্বাই ইণ্ডিয়ানছৰ ভূমিকা সীমিত হোৱাৰ সম্ভাৱনা আছে, কিয়নো তেওঁলোকৰ পাৰ্চ মাত্ৰ ২ কোটি ৭৫ লাখ টকা উপলব্ধ আছে । ফলস্বৰূপে দলটোৱে বেছিভাগ আনকেপড খেলুৱৈকে তেওঁলোকৰ বেছ প্ৰাইচত ক্ৰয় কৰিব পাৰিব ।

গ্ৰীণ, ভেংকটেশ আৰু লিভিংষ্টনে কৰিব পাৰে আকৰ্ষণ-

কেমেৰুন গ্ৰীণৰ উপৰিও ভাৰতীয় অল-ৰাউণ্ডাৰ ভেংকটেশ আয়াৰ আৰু ইংৰাজ আগ্ৰাসী বেটছমেন লিয়াম লিভিংষ্টনেও উল্লেখযোগ্য নিবিদা আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে । ফাষ্ট বলিং অল ৰাউণ্ডাৰসকল ফ্ৰেঞ্চাইজিৰ বাবে সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে ।

কলকাতা আৰু চেন্নাইৰ মাজত হ’ব আটাইতকৈ ডাঙৰ যুঁজ-

কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত সৰ্বাধিক পাৰ্চ আছে । তেওঁলোকৰ হাতত ৬৪ কোটি ৩০ লাখ টকাৰ পাৰ্চ আছে আৰু তেওঁলোকৰ লাইনআপ পুনৰ নিৰ্মাণ কৰিবলৈ ১৩ জন খেলুৱৈ অধিগ্ৰহণ কৰিব লাগিব । ইফালে, চেন্নাই ছুপাৰ কিংছৰ হাতত ৪৩ কোটি ৪০ লাখ টকা উপলব্ধ আছে আৰু ই নিলামত কলকাতাৰ বাবে এক প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে ।

গ্ৰীণৰ আই পি এলৰ অভিলেখ আকৰ্ষণৰ কেন্দ্ৰবিন্দু-

কেমেৰন গ্ৰীনে আই পি এলৰ ২৯খন খেলত ৭০৪ ৰান সংগ্ৰহ কৰাৰ লগতে ১৬টা উইকেট দখল কৰিছে । তিনিওটা ফৰ্মেটতে তেওঁ অষ্ট্ৰেলিয়াৰ নিয়মীয়া খেলুৱৈ, যাৰ ফলত তেওঁৰ চাহিদা আৰু অধিক বৃদ্ধি পাইছে ।

ভেংকটেশ আয়াৰৰ দামত সকলোৰে থাকিব দৃষ্টি-

ভেংকটেশ আয়াৰৰ ক্ষেত্ৰত তেওঁৰ বিড ১০ কোটিতকৈ অধিক হয় নে নহয় তাত সকলোৰে দৃষ্টি থাকিব । যোৱা ছিজনটো তেওঁৰ বাবে বিশেষ ভাল নাছিল, গতিকে এই ছিজনে তেওঁৰ প্ৰকৃত মূল্য প্ৰকাশ কৰিব ।

আৰ টি এম বিকল্প নাই, পোনপটীয়াকৈ নিবিদা দিব লাগিব ফ্ৰেঞ্চাইজিসমূহে-

আই পি এলৰ মিনি নিলামত উপলব্ধ নহয় ৰাইট টু মেচ (আৰ টি এম) কাৰ্ড । কলকাতা নাইট ৰাইডাৰ্ছে যদি ভেংকটেশ আয়াৰক ধৰি ৰাখিব বিচাৰে তেন্তে পোনপটীয়াকৈ আৰু বুদ্ধিমত্তাৰে নিবিদা দিব লাগিব ।

৯ কোটিৰো অধিক হ’ব পাৰে লিভিংষ্টন আৰু ডি ককৰ মূল্য-

ইংলেণ্ডৰ লিয়াম লিভিংষ্টন আৰু দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি ককেও ৯ কোটি পৰ্যন্ত বিড কমাণ্ড কৰিব পাৰে । বেটিং আৰু উইকেট কিপিং দুয়োটা দিশতে নিজকে প্ৰমাণ কৰি দেখুৱাইছে ডি ককে ।

অনকেপড ভাৰতীয় খেলুৱৈৰ ওপৰতো গুৰুত্ব-

এইবাৰৰ আই পি এল মিনি নিলামত অনকেপিং ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত প্ৰশান্ত বীৰ, মুকুল চৌধুৰী আৰু অশোক শৰ্মাই ভাল বিড আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে । পৃথ্বী শ্ব’ আৰু ছৰফৰাজ খানে নিজৰ কম ভিত্তি মূল্যত ক্ৰেতা বিচাৰি পোৱাৰ আশা কৰিব ।

কাৰ হাতত কিমান টকা বাকী আছে ?

কে কে আৰ – ৬৪.৩ কোটি টকা

চি এছ কে – ৪৩.৪ কোটি টকা

এছ আৰ এইচ – ২৫.৫ কোটি

এল এছ জি – ২২.৯৫ কোটি টকা

ডি চি – ২১.৮ কোটি টকা

আৰ চি বি – ১৬.৪ কোটি টকা

আৰ আৰ – ১৬.০৫ কোটি টকা

জি টি – ১২.৯ কোটি টকা

পি বি কে এছ – ১১.৫ কোটি

এম আই – ২.৭৫ কোটি টকা

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰৱৰ্তী দুখন টি-২০ৰ পৰা বাহিৰ হ’ল এইগৰাকী অলৰাউণ্ডাৰ

আই পি এলৰ বাবে আবুধাবিত খেলুৱৈৰ বজাৰ, মিনি নিলামৰ পূৰ্বে জানক সকলো

১৬ ডিচেম্বৰত আবু ধাবিত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ মিনি নিলাম । এই নিলামৰ পূৰ্বে জানক সকলো প্ৰশ্নৰ উত্তৰ…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ মিনি নিলাম আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান ঘন্টা বাকী । ১০টা ফ্ৰেঞ্চাইজিৰ ৭৭টা খেলুৱৈৰ স্লটৰ বাবে এই নিলাম অনুষ্ঠিত হ’ব । এই নিলামৰ বাবে মুঠ খৰচৰ সীমা ২৩৭.৫৫ কোটি  নিৰ্ধাৰণ কৰা হৈছে । আগন্তুক ছিজন ২০২৬ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে আৰম্ভ হোৱাৰ কথা ।

কলকাতা নাইট ৰাইডাৰ্ছে এতিয়ালৈকে ৬৪.৩ কোটি টকাৰ সৰ্ববৃহৎ পাৰ্চ লৈ মিনি নিলামত প্ৰৱেশ কৰিছে, যিয়ে নিবিদাৰ দিশ নিৰ্ণয় কৰাত নিৰ্ণায়ক ভূমিকা ল’ব পাৰে । ইফালে, চেন্নাই ছুপাৰ কিংছৰো যথেষ্ট বাজেট আছে, যাৰ ফলত খেলুৱৈ নিৰ্বাচনত যথেষ্ট ক্ষমতা আছে ।

অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ কেমেৰুন গ্ৰীনে সৰ্বাধিক বিড লোৱাৰ কৰাৰ সম্ভাৱনা আছে, আনহাতে ভেংকটেশ আয়াৰ, লিয়াম লিভিংষ্টন, ৰবি বিষ্ণয়ৰ দৰে খেলুৱৈও ফ্ৰেঞ্চাইজিৰ দৃষ্টিত থাকিব পাৰে । যথেষ্ট পৰিমাণৰ ধন উপলব্ধ হোৱাৰ বাবে দলসমূহে হয়তো আনকেপড আৰু উদীয়মান খেলুৱৈ লাভ কৰিবলৈ আগ্ৰহী হ’ব পাৰে, যাৰ ফলত আশাব্যঞ্জক যুৱ খেলুৱৈৰ বাবে তীব্ৰ নিবিদা হ’ব পাৰে ।

মাৰ্চ মাহৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনত স্মাৰ্ট বিনিয়োগে দলসমূহক নিৰ্ণায়ক দিশ প্ৰদান কৰিব পাৰে । সামগ্ৰিকভাৱে ২০২৬ চনৰ আই পি এলৰ মিনি নিলাম হ’ব এক উচ্চ বাজিৰ, য’ত ফ্ৰেঞ্চাইজিসমূহে নিজৰ আৰ্থিক সম্পদ ব্যৱহাৰ কৰি তাৰকা খেলুৱৈ আৰু উদীয়মান প্ৰতিভা উভয়কে সুৰক্ষিত কৰিব ।

আই পি এল ২০২৬ৰ নিলাম কেতিয়া ?

-১৬ ডিচেম্বৰ মঙলবাৰে অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম ।

-ক’ত হ’ব আই পি এল ২০২৬ৰ নিলাম ?

এইবাৰৰ নিলাম অনুষ্ঠিত হ’ব ইউ এ ইৰ আবুধাবিত ।

কিমান বজাত আৰম্ভ হ’ব আই পি এল ২০২৬ৰ নিলাম ?

-নিলাম আৰম্ভ হ’ব ২:৩০ বজাৰ পৰা ।

ক’ত চাব আইপিএল ২০২৬ৰ নিলাম ?

-ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত উপলব্ধ হ’ব এই লাইভ টেলিকাষ্ট ।

ক’ত চাব আই পি এল ২০২৬ৰ নিলামৰ লাইভ ষ্ট্ৰীম ?

-আপুনি ইয়াক JioHotstar এপ আৰু ৱেবছাইটত লাইভ ষ্ট্ৰীম চাব পাৰিব ।

আই পি এল ২০২৬ৰ নিলামৰ বাবে দলসমূহৰ হাতত কিমান টকা আছে ?

কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ) – ৬৪.৩ কোটি (১৩টা স্লট)

চেন্নাই ছুপাৰ কিংছ (চি এছ কে) – ৪৩.৪ কোটি (৯টা স্লট)

ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) – ২৫.৫ কোটি  (১০ স্লট)

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি) – ২২.৯৫ কোটি (৬টা স্লট)

দিল্লী কেপিটেলছ (ডি চি) – ২১.৮ কোটি  (৮ স্লট)

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) – ১৬.৪ কোটি (৮টা স্লট)

ৰাজস্থান ৰয়েলছ (আৰ আৰ) – ১৬.০৫ কোটি  (৯ স্লট)

গুজৰাট টাইটানছ (জিটি) – ১২.৯ কোটি (৫টা স্লট)

পঞ্জাব কিংছ (পিবিকেএছ) – ১১.৫ কোটি (৪টা স্লট)

মুম্বাই ইণ্ডিয়ানছ (এম আই) – ২.৭৫ কোটি (৫টা স্লট)

এইবাৰ নিলামৰ তালিকাত মুঠ ৩৫০ জন খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে যদিও ফ্ৰেঞ্চাইজি দলসমূহে সৰ্বাধিক ৭৭জন খেলুৱৈৰ ওপৰতহে সফলতাৰে নিবিদা দিব পাৰিব । ইয়াৰে বিদেশী খেলুৱৈৰ সংখ্যা ৩১ জনতকৈ অধিক হ’ব নোৱাৰিব । চৰ্টলিষ্ট কৰা ৩৫০ গৰাকী খেলুৱৈৰ ভিতৰত আছে ২৪০ জন ভাৰতীয় আৰু ১১০ গৰাকী বিদেশী খেলুৱৈ । অৰ্থাৎ এইবাৰো নিলামত ভাৰতীয় খেলুৱৈয়ে আধিপত্য বিস্তাৰ কৰাৰ সম্ভাৱনা আছে, আনহাতে সীমিত স্লটৰ বাবে বিদেশী খেলুৱৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ফুটবল কিংবদন্তি লিয়নেল মেছিক টিম ইণ্ডিয়াৰ জাৰ্চি উপহাৰ দিলে জয় শ্বাহে, টি-২০ বিশ্বকাপলৈয়ো জনালে নিমন্ত্ৰণ