আই পি এল ২০২৬ৰ মিনি নিলামত কেৱল ৫ জন খেলুৱৈৰ বাবে ব্যয় কৰা হ’ল ৪০ শতাংশ ধন ।
মঙলবাৰে আবুধাবিৰ ইতিহাদ এৰিনাত অনুষ্ঠিত হয় আই পি এল ২০২৬ৰ খেলুৱৈ নিলাম । মুঠ ৩৬৯ জন খেলুৱৈৰ ওপৰত নিবিদা দিয়া হৈছিল আৰু ৭৭ জন বিক্ৰী হয় । বিক্ৰী হোৱা খেলুৱৈসকলৰ ভিতৰত আছিল ৪৮ জন ভাৰতীয় আৰু ২৯ গৰাকী বিদেশী তাৰকা । নিলামৰ সময়ত ফ্ৰেঞ্চাইজি দলসমূহে মুঠ ২১৫.৪৫ কোটি ব্যয় কৰে । কিন্তু এই মুঠ ধনৰ প্ৰায় ৪০ শতাংশ মাত্ৰ পাঁচজন খেলুৱৈৰ বাবে ব্যয় কৰা হৈছিল । জানক আই পি এল ২০২৬ৰ আটাইতকৈ দামী খেলুৱৈসকলৰ বিষয়ে ।
কেমেৰুন গ্ৰীনে লাভ কৰিলে ২৫.২০ কোটি-
এই নিলামত আটাইতকৈ দামী খেলুৱৈ আছিল কেমেৰুন গ্ৰীণ । কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক ২৫.২০ কোটি টকাত চুক্তিবদ্ধ কৰে । গ্ৰীণ আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী বিদেশী খেলুৱৈ হিচাপেও পৰিগণিত হয় । তেওঁৰ ভিত্তি মূল্য আছিল ২ কোটি টকা, কিন্তু তেওঁ বহু নিবিদা আকৰ্ষণ কৰিছিল । ইয়াৰ পূৰ্বে ২০২৩ চনত গ্ৰীণ বিক্ৰী হৈছিল ১৭.৫০ কোটি টকাত ।
মথিছা পাথিৰানাই লাভ কৰিলে ১৮ কোটি টকা-
কলকাতা নাইট ৰাইডাৰ্ছে আই পি এল ২০২৬ৰ দ্বিতীয় সৰ্বাধিক বিড দিছিল । শ্ৰীলংকাৰ বলাৰ মথিছা পাথিৰানাক ১৮ কোটি টকাত ক্ৰয় কৰে দলটোৱে । অৰ্থাৎ কে কে আৰে মাত্ৰ দুজন খেলুৱৈৰ বাবে ৪৩.২০ কোটি টকা খৰচ কৰে ।
দুজন আনকেপ খেলুৱৈৰ নামত চেন্নাইয়ে কৰিলে সৰ্বাধিক খৰচ-
চেন্নাই ছুপাৰ কিংছে ১৪.২০ কোটি টকাত ক্ৰয় কৰে তৃতীয় সৰ্বাধিক দামী খেলুৱৈ কাৰ্তিক শৰ্মাক । প্ৰশান্ত বীৰকো চেন্নাইয়ে একে পৰিমাণৰ ধনেৰে ক্ৰয় কৰে । অৰ্থাৎ চি এছ কেয়ে ২৮.৪০ কোটি টকাৰ বিনিময়ত দুজন আনকেপড খেলুৱৈ যোগ কৰে ।
লিভিংষ্টনৰ বাবে হায়দৰাবাদৰ যুঁজ-
নিলামৰ প্ৰথম ৰাউণ্ডত বিক্ৰী নোহোৱাকৈ আছিল লিয়াম লিভিংষ্টন । অৱশ্যে যেতিয়া পুনৰ নিলাম আৰম্ভ হয়, তেতিয়া তেওঁৰ ভাগ্যই লগ দিয়ে । ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁক ১৩ কোটি টকাত ক্ৰয় কৰে ।
৪০ শতাংশ ধন কেৱল পাঁচজন খেলুৱৈৰ হাতত-
এই ছিজনত আই পি এলৰ দলসমূহে শীৰ্ষ পাঁচজন খেলুৱৈৰ বাবে প্ৰায় ৮৬ কোটি টকা ব্যয় কৰে । মুঠ ২১৫ কোটিৰ নিবিদা হৈছিল । অৰ্থাৎ নিলামৰ ধনৰ ৪০ শতাংশ কেৱল পাঁচজন খেলুৱৈৰ বাবে ব্যয় কৰা হয় ।
লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰৱৰ্তী দুখন টি-২০ৰ পৰা বাহিৰ হ’ল এইগৰাকী অলৰাউণ্ডাৰ









