কিছুদিন পূৰ্বে ২৮ মাৰ্চৰ পৰা আই পি এল ২০২৬ আৰম্ভ হ’ব বুলি বাতৰি প্ৰকাশ পাইছিল
টি-২০ বিশ্বকাপ সমাপ্ত হোৱাৰ পিছৰে পৰা আই পি এল ২০২৬ৰ সূচী সন্দৰ্ভত চৰ্চা তীব্ৰতৰ হৈ পৰিছে । আগন্তুক ছিজনৰ সূচী শীঘ্ৰেই জানিবলৈ উত্ৰাৱল হৈ পৰিছে অনুৰাগী । শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই উল্লেখ কৰিছে যে ১২ মাৰ্চৰ ভিতৰত এই সূচী প্ৰকাশ পাব পাৰে । শেহতীয়াকৈ এক প্ৰতিবেদনত সূচী সন্দৰ্ভত এক উল্লেখযোগ্য সবিশেষ প্ৰকাশ পাইছে ।
ক্ৰিকবাজৰ মতে, ২০২৬ চনৰ আই পি এলৰ সূচী আজি অৰ্থাৎ ১১ মাৰ্চ বুধবাৰে প্ৰকাশ কৰা হ’ব । বৰ্তমান প্ৰথম পৰ্যায়ৰ সময়সূচীহে প্ৰকাশ কৰা হ’ব । দেৱজিৎ শইকীয়াই লগতে উল্লেখ কৰে যে প্ৰথম অৱস্থাত প্ৰতিযোগিতাখনৰ ২০ দিনীয়া সূচীহে ঘোষণা কৰা হ’ব ।
আই পি এলৰ সূচী ঘোষণা সন্ধিয়া ৭ বজাত হ’ব বুলি জানিব পৰা গৈছে । এই ঘোষণা ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ জৰিয়তে টিভিত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । JioHotstarৰ জৰিয়তে উপলব্ধ হ’ব লাইভ ষ্ট্ৰীমিং ।
কিছুদিন পূৰ্বে ২৮ মাৰ্চৰ পৰা আই পি এল ২০২৬ আৰম্ভ হ’ব বুলি বাতৰি প্ৰকাশ পাইছিল । মূলতঃ ২৬ মাৰ্চৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল যদিও পিছত দুদিন পিছুৱাই দিয়া হৈছিল । প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অহা ৩১ মে’ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।
বহু সংবাদ মাধ্যমত দাবী কৰা হৈছিল যে টি-২০ বিশ্বকাপৰ ফাইনেলৰ দিনটোত, ৮ মাৰ্চৰ সামৰণি অনুষ্ঠানৰ পূৰ্বে আই পি এলৰ সূচী প্ৰকাশ কৰা হ’ব যদিও সেয়া হৈ নুঠিল ।
লগতে পঢ়ক : বিশ্বকাপৰ পিছতেই আইচিচিয়ে প্ৰকাশ কৰিলে টি-২০ৰ ৰেংকিং, সঞ্জু ছেমছনৰ দীঘল জাঁপ









