“কংগ্ৰেছত যি সন্মান ৩২ বছৰে নাপালো, বিজেপিত ৩২ ঘন্টাতে পালো”: ভূপেন বৰা
ভূপেন বৰাই শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পিছতে কংগ্ৰেছক লৈ বিস্ফোৰক মন্তব্য কৰিছে ভূপেন বৰাই।
বিজেপিত যোগদানৰ পূৰ্বে শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে ভূপেন বৰাই।কইনাধৰাৰ অতিথিশালাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গৃহমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি বিজেপিত যোগদান কথা আলোচনা কৰে। গৃহমন্ত্ৰী গৰাকীৰ সৈতে আলোচনাৰ অন্তত ভূপেন বৰাই বিস্ফোৰক মন্তব্য কৰিছে।
ভূপেন বৰাই কৈছে যে, ‘৩২ বছৰে মই কংগ্ৰেছত যি সন্মান পোৱা নাছিলো, সেই সন্মান মই বিজেপিত মাত্ৰ ৩২ ঘন্টাতে পালো।গৃহমন্ত্ৰী গৰাকীৰ সাক্ষাৎ পাই অভিভূত হৈ পৰিছো।
তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছো।গৃহমন্ত্ৰী গৰাকীক মই নিজৰ পৰিচয় দিয়াৰ পূৰ্বেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ সমগ্ৰ ৰাজনৈতিক পৰিক্ৰমাৰ পৰিচয় দিয়ে।
মই গৃহমন্ত্ৰী গৰাকীৰ আগত নিজৰ মনৰ ভাৱ ব্যক্তি কৰিবলৈ পাই যথেষ্ট সুখী। মই শুদ্ধ সময়ত শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিছো। জাতিটোৰ ভৱিষ্যতক লৈও কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে যথেষ্ট চিন্তা কৰিছে।
ভূপেন বৰাই লগতে কয় যে, ৮ মাৰ্চৰ পিছত কংগ্ৰেছত পুনৰ বৃহৎ খহনীয়া হ’ব। বৰ্তমান পাৰ্কুপাইন দি কংগ্ৰেছ দলটোক ধৰি ৰখা হৈছে। গৌৰৱ গগৈয়ে এতিয়া সকলোকে আলিংগন কৰি কংগ্ৰেছত ৰাখিব বিচাৰিছে।
কিন্তু ৮ মাৰ্চৰ পিছত পাৰ্কুপাইনেও কংগ্ৰেছক ৰখাব নোৱাৰিব।৮ মাৰ্চৰ বিতৰত ৫০% স্বাভিমানী কংগ্ৰেছী বিজেপিলৈ আহিব।
লগতে পঢ়ক: ‘দুই এদিনতে চূড়ান্ত হ’ব সমষ্টি’; ভূপেন বৰাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য