'এইবাৰ জনসাধাৰণে TMC ক...';পশ্চিম বংগ নিৰ্বাচন সন্দৰ্ভত বিজেপি নেতাৰ বিস্ফোৰণ

‘এইবাৰ জনসাধাৰণে TMC ক…’;পশ্চিম বংগ নিৰ্বাচন সন্দৰ্ভত বিজেপি নেতাৰ বিস্ফোৰণ

‘এইবাৰ জনসাধাৰণে TMC ক বিদায় দিব। বিজেপিয়ে এইবাৰ পশ্চিম বংগত বিজয়ৰ বাবে দ্ৰুত প্ৰস্তুতি চলাইছে’ আন কেইবাখনো ৰাজ্যৰ লগতে এইবাৰ পশ্চিম বংগতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।য’ত মূল প্ৰতিদ্বন্দ্বিতা বিজেপি আৰু TMC ৰ মাজত হ’ব।বিজেপিয়ে এইবাৰ পশ্চিম বংগত বিজয়ৰ বাবে দ্ৰুত প্ৰস্তুতি চলাইছে। ইয়াৰ মাজতে পশ্চিম

‘এইবাৰ জনসাধাৰণে TMC ক বিদায় দিব। বিজেপিয়ে এইবাৰ পশ্চিম বংগত বিজয়ৰ বাবে দ্ৰুত প্ৰস্তুতি চলাইছে’

আন কেইবাখনো ৰাজ্যৰ লগতে এইবাৰ পশ্চিম বংগতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।য’ত মূল প্ৰতিদ্বন্দ্বিতা বিজেপি আৰু TMC ৰ মাজত হ’ব।বিজেপিয়ে এইবাৰ পশ্চিম বংগত বিজয়ৰ বাবে দ্ৰুত প্ৰস্তুতি চলাইছে।

ইয়াৰ মাজতে পশ্চিম বংগৰ বিজেপিৰ সভাপতি সমীক ভট্টাচাৰ্যই এক ডাঙৰ মন্তব্য কৰিছে। য’ত তেওঁ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীক লক্ষ্য কৰি লৈছে।

TMC ৰ নেতা অভিষেক বেনাৰ্জীৰ ভ্ৰমণ সন্দৰ্ভত সমীক ভট্টাচাৰ্যই কয় যেতেওঁ যিমান বিচাৰে ভ্ৰমণ কৰিব পাৰে কিন্তু এইবাৰ বংগবাসীয়ে টিএমচিক বিসৰ্জন দিয়াৰ প্ৰস্তুতি চলাইছে।

পশ্চিমবংগ বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে,এইবাৰ বংগত বিজেপি আৰু টিএমচিৰ মাজত যুঁজ নহয় বৰঞ্চ এইবাৰ কাজিয়া জনসাধাৰণ আৰু টিএমচিৰ মাজত সংঘৰ্ষ হ’ব আৰু ইয়াত জনসাধাৰণেই জয়ী হ’ব।

মমতা চৰকাৰক লক্ষ্য কৰি সমীক ভট্টাচাৰ্যই এইদৰে কয়,আমি মুছলমানসকলক সুধিব বিচাৰো যে মমতা বেনাৰ্জীয়ে আপোনাক কি দিলে।

ঈদৰ দিনা মমতা বেনাৰ্জীয়ে বিজেপিক গালি-গালাজ কৰি বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিব কিন্তু চাকৰিৰ বাবে কি কৰিলে? বংগত মুছলমান মৃত্যুমুখত পৰিছে আৰু তেওঁলোকক কেৱল মুছলমানেই হত্যা কৰিছে।

লগতে পঢ়ক: ‘কংগ্ৰেছ দলত টিকটৰ কাৰণে আৰম্ভ হৈছে দৰ-দাম’; মুখ্যমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ