আগন্তুক নিৰ্বাচনী যুঁজ অনুপ্ৰৱেশক ভিত্তি কৰি হ’ব, ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়… বংগ নিৰ্বাচন সন্দৰ্ভত অমিত শ্বাহ

কলকাতাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেল । অনুপ্ৰৱেশক লৈ সংবাদমেলত তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে শ্বাহে । এই সমস্যা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰে তেওঁ…

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ পশ্চিম বংগত ৰাজনৈতিক উত্তেজনা তীব্ৰতৰ হৈ পৰিছে । নিৰ্বাচনৰ ৰাজনৈতিক দলসমূহে নিজৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । ইফালে অভিযোগ-প্ৰতিঅভিযোগ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । ইয়াৰ মাজতে মঙলবাৰে কলকাতাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এখন সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যখনৰ শাসকীয় দল তৃণমূল কংগ্ৰেছ লক্ষ্য কৰি লয় । অনুপ্ৰৱেশ, দুৰ্নীতি, প্ৰশাসনিক বিষয়কে ধৰি কেইবাটাও বিষয়ত মমতা বেনাৰ্জী চৰকাৰক সমালোচনা কৰে শ্বাহে ।

শ্বাহে কয় যে মমতা বেনাৰ্জীয়ে নিৰ্বাচনী লাভৰ বাবে বাংলাদেশী অনুপ্ৰৱেশক উৎসাহিত কৰিছে । পশ্চিম বংগ চৰকাৰে আমাক মাটি নিদিয়াৰ বাবে আমি বাংলাদেশ সীমান্তৰ বেৰ সম্পূৰ্ণ কৰিব পৰা নাই । ২০২৬ চনত বংগত বিজেপিয়ে চৰকাৰ গঠন কৰিব । ২০২৬ চনৰ পশ্চিম বংগৰ নিৰ্বাচন অনুপ্ৰৱেশ বন্ধ কৰাৰ বিষয়ৰ ওপৰত ভিত্তি কৰি হ’ব বুলিও তেওঁ কয় ।

বংগৰ সাধাৰণ নাগৰিকৰ মাজত উদ্বিগ্নতাৰ পৰিবেশঃ শ্বাহ

অমিত শ্বাহে আৰু কয় যে আজিৰে পৰা এপ্ৰিল মাহলৈকে বংগৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো এই সময়ছোৱাত ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা । তেওঁ অভিযোগ কৰে যে বিগত ১৫ বছৰৰ ভিতৰত টি এম চি চৰকাৰৰ অধীনত সমগ্ৰ ৰাজ্যতে ভয়, দুৰ্নীতি, অপশাসন বিয়পি পৰিছে, যাৰ ফলত সাধাৰণ নাগৰিকৰ মাজত উদ্বেগৰ পৰিৱেশ সৃষ্টি হৈছে । শ্বাহে উল্লেখ কৰে যে দুৰ্নীতিয়ে বংগৰ উন্নয়ন স্থবিৰ কৰি তুলিছে । টোল ছিণ্ডিকেটৰ চিকাৰ হৈছে প্ৰধানমন্ত্ৰী মোদীৰ জনকল্যাণমূলক আঁচনি । বিগত ১৪ বছৰে বংগ ভয় আৰু দুৰ্নীতিৰ বাবে পৰিচিত হৈ পৰিছে ।

অনুপ্ৰৱেশ সমস্যাৰ বিষয়ে কি ক’লে শ্বাহে ?

অমিত শ্বাহে পশ্চিম বংগ চৰকাৰে বাংলাদেশ সীমান্তত বেৰ দিয়াৰ বাবে ভূমি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে ৰাজ্য চৰকাৰে বাংলাদেশ সীমান্তত বেৰ দিয়াৰ বাবে মাটিৰ ব্যৱস্থা কৰা নাই, যাৰ বাবে এই সমস্যা অব্যাহত আছে ।

অমিত শ্বাহে প্ৰশ্ন উত্থাপন কৰে যে ত্ৰিপুৰা, অসম, ৰাজস্থান, পঞ্জাৱ, কাশ্মীৰ আৰু গুজৰাট সীমান্তত এই সমস্যা কিয় বন্ধ হৈ গৈছে, কিন্তু পশ্চিম বংগত কিয় হোৱা নাই । তেওঁ উল্লেখ কৰে যে বংগত অনুপ্ৰৱেশ ৰাজ্য চৰকাৰৰ জ্ঞাতে হৈ আছে আৰু জনগাঁথনি সলনি কৰি ভোটবেংক শক্তিশালী কৰা ইয়াৰ লক্ষ্য । তেওঁ উল্লেখ কৰে যে আগন্তুক নিৰ্বাচনত অনুপ্ৰৱেশ বন্ধ কৰা আৰু অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ বিষয়ত যুঁজ দিয়া হ’ব । অমিত শ্বাহে স্পষ্টকৈ উল্লেখ কৰিছে যে বংগ সীমান্তৰ পৰা অনুপ্ৰৱেশ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় আৰু ইয়াক সহজভাৱে ল’ব নোৱাৰি ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ সাতখন চিঠি লিখিছিলোঁ- শ্বাহ

এটা প্ৰশ্নৰ উত্তৰত শ্বাহে কয় যে ভাৰত-বাংলাদেশ সীমান্তত বেৰ নিৰ্মাণৰ সন্দৰ্ভত তেওঁ নিজে মমতা বেনাৰ্জীলৈ সাতখন চিঠি লিখিছিল যদিও ৰাজ্য চৰকাৰে এতিয়াও ভূমি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে । অমিত শ্বাহে আঙুলিয়াই দিয়ে যে বিগত ছবছৰত গৃহ সচিবগৰাকীয়ে তিনিবাৰকৈ বংগ ভ্ৰমণ কৰি ৰাজ্যখনৰ মুখ্য সচিবৰ সৈতে বৈঠকত মিলিত হৈছিল, তথাপিও কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । ভূমি প্ৰদানৰ ক্ষেত্ৰত টি এম চি চৰকাৰৰ ভয় কিয় আৰু ৰাজ্য চৰকাৰৰ কোনো দায়িত্ব নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ।

অমিত শ্বাহে অভিযোগ কৰে যে বংগ চৰকাৰে অনুপ্ৰৱেশকাৰীক নথিভুক্ত কৰি আছে, যাৰ ফলত অনুপ্ৰৱেশ অব্যাহত থাকিবলৈ অনুমতি দিছে । তেওঁ কয় যে টি এম চি চৰকাৰে অনুপ্ৰৱেশ বন্ধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু ইয়াৰ ফলত বংগৰ জনসংখ্যাৰ গাঁথনি দ্ৰুতগতিত সলনি হৈছে, যিটো অত্যন্ত চিন্তনীয় ।

লগতে পঢ়ক : এটা এটাকৈ অসমৰ পৰা অবৈধ বাংলাদেশীক খেদি পঠিওৱা হ’ব… গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ

আজিৰে পৰা তিনিদিনীয়া বংগ ভ্ৰমণত অমিত শ্বাহ… নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত চৰ্চা

অসম ভ্ৰমণ সামৰি পশ্চিম বংগত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ । ৰাজ্যখনৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ দলীয় কৰ্মীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব ।

২০২৬ চনত পশ্চিম বংগত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’  আৰু ইয়াৰ বাবে সকলো ৰাজনৈতিক দলে সাজু হৈছে । ইফালে, সোমবাৰৰ পৰা আৰম্ভ হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তিনিদিনীয়া পশ্চিম বংগ ভ্ৰমণ । আজি সন্ধিয়া তেওঁ কলকাতাত উপস্থিত হৈ ৩১ ডিচেম্বৰলৈকে তাতেই থাকিব । এই ভ্ৰমণৰ সময়ত শ্বাহে অহা বছৰ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব ।

সোমবাৰে সন্ধিয়া কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । ইয়াৰ পিছতে তেওঁ কলকাতাৰ ছল্ট লেক পাৰ্টিৰ কাৰ্যালয়ত বিজেপিৰ পশ্চিম বংগ ইউনিটৰ মূল দলৰ সৈতে বৈঠকত মিলিত হৈ নিৰ্বাচনৰ প্ৰস্তুতি আৰু সাংগঠনিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব । এই বৈঠক আজি নিশা অনুষ্ঠিত হ’ব ।

ৰাজ্যিক সমিতিৰ এগৰাকী সদস্যৰ মতে, গৃহমন্ত্ৰীয়ে দলটোৰ সাংগঠনিক শক্তি পুনৰীক্ষণ কৰি বিজেপিৰ ৰাজ্যিক সমিতিৰ গঠন সন্দৰ্ভত চূড়ান্ত পৰামৰ্শ আগবঢ়াব বুলি আশা কৰা হৈছে । তদুপৰি ৰাজ্যখনত চলি থকা এছ আই আৰৰ সৈতে জড়িত স্পৰ্শকাতৰ বিষয়সমূহৰ সমাধানৰ বাবে তেওঁ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে । তেওঁ ২০২৬ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ সামগ্ৰিক প্ৰচাৰ কৌশলৰ ৰূপৰেখা দাঙি ধৰিব, বিশেষকৈ আলোকপাত কৰিবলগীয়া মূল বিষয়সমূহ ।

কিন্তু নৱবৰ্ষৰ পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি তিনিদিনীয়া ভ্ৰমণৰ সময়ত অমিত শ্বাহে কোনো ৰাজহুৱা সভা, ৰোড শ্ব’, ৰাজহুৱা সভাত ভাষণ নিদিয়ে । ​​মঙলবাৰে (৩০ ডিচেম্বৰ), পুৱা ১১:৩০ বজাত কলকাতাৰ হোটেল অল্ট-এয়াৰত সংবাদ মাধ্যমক সম্বোধন কৰিব শ্বাহে । ১:৩০ বজাত তেওঁ হোটেল অল্ট-এয়াৰত ৰাজ্যিক মূল সমিতিৰ বৈঠক অনুষ্ঠিত কৰিব । তদুপৰি তেওঁ ইস্কন মন্দিৰ আৰু কলকাতাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যালয় পৰিদৰ্শন কৰিব, য’ত তেওঁ সংগঠনটোৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰিব ।

লগতে পঢ়ক : এটা এটাকৈ অসমৰ পৰা অবৈধ বাংলাদেশীক খেদি পঠিওৱা হ’ব… গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ

এটা এটাকৈ অসমৰ পৰা অবৈধ বাংলাদেশীক খেদি পঠিওৱা হ’ব… গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ

অবৈধ অনুপ্ৰৱেশকাৰীক কঠোৰ সকীয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ । এটা এটাকৈ অবৈধ বাংলাদেশীক অসমৰ পৰা খেদি পঠিওৱা হ’ব বুলি হুংকাৰ গৃহমন্ত্ৰীৰ ।

অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গৰজি উঠিল গৃহমন্ত্ৰী অমিত শ্বাহ । সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমবাসীক সম্বোধন কৰি এক বিশেষ আহ্বান জনায় । তেওঁ অহা বছৰৰ বিধানসভা নিৰ্বাচনত ৰাইজক নিজৰ ভোটাধিকাৰ বিচাৰ-বিবেচনাৰে প্ৰয়োগ কৰিবলৈ আহ্বান জনায় । ৰাজ্যখনত অনুপ্ৰৱেশৰ সমস্যাৰ বিৰুদ্ধে দৃঢ় স্থিতি লোৱা আৰু অসমৰ উন্নয়নক অগ্ৰাধিকাৰ দিয়া চৰকাৰ এখন ৰাইজে নিৰ্বাচন কৰিব লাগে বুলি উল্লেখ কৰে শ্বাহে ।

কি ক’লে গৃহমন্ত্ৰীয়ে ?

গৃহমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে বিগত দশকত অসমত অভূতপূৰ্ব অগ্ৰগতি দেখা গৈছে । তেওঁ কয়, “ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দহ বছৰ আৰু কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ এঘাৰ বছৰত অসমে অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে ।”

গুৱাহাটীত শ্বাহে কয়, “অহা বছৰৰ মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত এনে এখন চৰকাৰ নিৰ্বাচন কৰক যিয়ে অনুপ্ৰৱেশ ৰোধ কৰিব আৰু অসমৰ প্ৰগতিৰ বাবে কাম কৰিব ।” তেওঁ আৰু কয়, “বিগত ১০ বছৰত বিজেপি চৰকাৰৰ নেতৃত্বত অসমত বহু উন্নয়ন হৈছে । বিজেপিক আৰু পাঁচ বছৰৰ আশীৰ্বাদ দিয়ক, প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি উভতাই পঠিওৱা হ’ব ।” লগতে অসমত এটাও অবৈধ বাংলাদেশী নাথাকিব বুলি উল্লেখ কৰে তেওঁ ।

কংগ্ৰেছক আক্ৰমণ গৃহমন্ত্ৰীৰ-

অসমত অনুপ্ৰৱেশৰ সমস্যাৰ বাবে কংগ্ৰেছ দলক জগৰীয়া কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ চলায় । তেওঁ অভিযোগ কৰে যে, “ভোটৰ লোভত কংগ্ৰেছে অনুপ্ৰৱেশক উৎসাহিত কৰিছিল, যিটোৱে আজি অসমৰ পৰিচয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।”

শ্বাহে জোৰ দি কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে এতিয়া ৰাজ্যখনৰ “সাংস্কৃতিক আৰু অৰ্থনৈতিক নৱজাগৰণ”ৰ বাবে কাম কৰি আছে । এই অনুষ্ঠানত উদ্বোধন কৰা জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ ৰাজ্যখনৰ উন্নয়নৰ প্ৰতীক বুলিও তেওঁ কয় ।

লগতে পঢ়ক : এঞ্জেল চাকমা হত্যাকাণ্ড… মুখ্যমন্ত্রী ধামীক ব্যৱস্থা গ্ৰহণৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ

অসমতেই নহয় সমগ্ৰ দেশতে আমি বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিম… বটদ্ৰৱাৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ

বটদ্ৰৱাত গৃহমন্ত্ৰী অমিত শ্বাহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰে । তেওঁ কয়- কেৱল অসমৰ পৰাই নহয়, সমগ্ৰ ভাৰতৰ সকলো বাংলাদেশী অনুপ্ৰৱেশকাৰীক আমি চিনাক্ত কৰিম ।

প্ৰতিকূল বতৰকো নেওচি সোমবাৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃমন্ত্ৰী অমিত শ্বাহ । বিমানবন্দৰত গৃহমন্ত্ৰীগৰাকীক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায় । অ,মত উপস্থিতহোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে ।

বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰথমে বটদ্ৰৱালৈ যায় । বটদ্ৰৱাত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰে । ২২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই অভিলাষী প্ৰকল্প । এই সময়ছোৱাত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকে ।

শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ পুনৰ উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ-

বটাদ্ৰৱত উপস্থিত হোৱাৰ লগে লগে গৃহমন্ত্ৰীগৰাকীক ‘গায়ন-বায়ন’ৰে আদৰণি জনোৱা হয় । শ্বাহে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানৰ পুনৰ উন্নয়ন প্ৰসল্পৰ শুভাৰম্ভ কৰে । উদ্বোধনী অনুষ্ঠানৰ পাছত শ্বাহে ‘গুৰু আসন থকা কেন্দ্ৰীয় ভৱনো পৰিদৰ্শন কৰে । ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ’ নামেৰে এই স্থানৰ পুনৰ উন্নয়নৰ সিদ্ধান্ত প্ৰথমে ২০২১-২২ চনৰ ৰাজ্যৰ বাজেটত প্ৰস্তাৱ কৰা হৈছিল ।

এই প্ৰকল্পটো কেৱল ঐতিহাসিক স্থান নহয়, পৰ্যটনৰ এক প্ৰধান স্থান হিচাপেও গঢ়ি তোলা হৈছে । ইয়াত শংকৰদেৱৰ জীৱন, আদৰ্শ আৰু কলাত্মক ঐতিহ্যৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক পৰম্পৰাও প্ৰদৰ্শন কৰা হৈছে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই প্ৰকল্পটোৱে শংকৰদেৱৰ আদৰ্শক সন্মান জনোৱাৰ লগতে “অসমৰ সত্ৰ, নামঘৰ আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি আমাৰ দায়বদ্ধতাক শক্তিশালী কৰিছে ।”

বেদখলৰ পৰা মুক্ত এক লাখ বিঘা মাটি-

শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ মুকলি কৰাৰ পিছতে এখন বিশাল ৰাজহুৱা সভাত ভাষণ দিয়ে অমিত শ্বাহে । সভাত ৰাইজক সম্বোধন কৰি শ্বাহে কয় যে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বেদখলৰ পৰা মুক্ত হৈছে । শ্ৰীমন্ত শংকৰদেৱে ‘এক ভাৰত’ৰ আহ্বান জনাইছিল, যাৰ পিছত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক অনুসৰণ কৰিছে । অমিত শ্বাহে দাবী কৰে যে অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ পৰা ১ লাখ বিঘাৰো অধিক মাটি মুকলি কৰিছে । তেওঁ কয়- কেৱল অসমৰ পৰাই নহয়, সমগ্ৰ ভাৰতৰ সকলো বাংলাদেশী অনুপ্ৰৱেশকাৰীক আমি চিনাক্ত কৰিম । শ্বাহে লগতে কয় আমি উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছো; এই চুক্তিৰ ৯২% চৰ্ত পূৰণ হৈছে ।”

সমগ্ৰ দেশতে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা হ’ব-

শ্বাহে কয়, “বিজেপিয়ে সমগ্ৰ দেশৰ পৰা সকলো অনুপ্ৰৱেশকাৰীক আঁতৰাৰ সংকল্প লৈছে । শংকৰদেৱৰ এই স্থানত বাংলাদেশী অনুপ্ৰৱেশকাৰী উপস্থিত থকাটো সঁচা আছিল নেকি ?  ইয়াৰ পৰা অনুপ্ৰৱেশকাৰীক আঁতৰাই নামঘৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছো । এক লাখতকৈয়ো অধিক বিঘা মাটি অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত হৈছে । কংগ্ৰেছে ইমান বছৰে শাসন কৰিছিল, কিন্তু অসম আন্দোলনত নিজৰ প্ৰাণ আহুতি দিয়াসকলৰ বাবে তেওঁলোকে একোৱেই কৰা নাছিল । কংগ্ৰেছ দলে বছৰ বছৰ ধৰি অনুপ্ৰৱেশকাৰীক ৰক্ষা কৰিছিল আৰু ১৯৮৩ চনত আই এম ডি টি আইন প্ৰৱৰ্তন কৰি অনুপ্ৰৱেশকাৰীসকলৰ বাবে ইয়াত বসতি স্থাপনৰ এক আইনী উপায় সৃষ্টি কৰিছিল ।”

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, “আজি পণ্ডিত জৱাহৰলাল নেহৰুক অসমক ভাৰতৰ ভিতৰত ৰাখিবলৈ বাধ্য কৰা ভাৰত ৰত্ন গোপীনাথজীক অতি শ্ৰদ্ধাৰে স্মৰণ কৰিছো । গোপীনাথজী নথকা হেতেন অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল হয়তো আজি ভাৰতৰ অংশ নহ’লহেঁতেন ।”

লগতে গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, অসম এতিয়া আন্দোলনৰ ভূমি নহয়, উন্নয়নৰ ভূমিলৈ ৰূপান্তৰিত হৈছে । অসম উত্তৰ-পূব ভাৰতৰ বিকাশৰ ইঞ্জিন হৈ দেশৰ উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হৈ পৰিছে ।

লগতে পঢ়ক : ফ্ৰান্স-আমেৰিকাৰ পৰা ওমানলৈকে… ২০২৫ বৰ্ষত কোন কোন দেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

“ৰাহুল বাবা, এতিয়াই ভাগৰি নপৰিব, আৰু হাৰিব লাগিব…”ৰাহুল গান্ধীক কটাক্ষ গৃহমন্ত্ৰী অমিত শ্বাহৰ

বিৰোধী দলপতি তথা লোকসভাৰ সাংসদ ৰাহুল গান্ধীক কটাক্ষ গৃহমন্ত্ৰী অমিত শ্বাহৰ । পৰাজয়ৰ বাবে ৰাহুলক এতিয়াই ভাগৰি নপৰিবলৈ কয় শ্বাহে । তেওঁ কয় যে, বংগ আৰু তামিলনাডুতো পৰাস্ত হ’বলৈ বাকী আছে…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰি কয় যে, “এতিয়াই পৰাজিত হৈ ভাগৰি নাযাব । বংগ আৰু তামিলনাডুতো পৰাস্ত হ’ব লাগিব ।” আহমেদাবাদত এক অনুষ্ঠানত অমিত শ্বাহে কয় যে ২০২৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ এবাৰ বিজেপি চৰকাৰ গঠন হ’ব ।

“ৰাহুল বাবা, এতিয়াই ভাগৰি নপৰিব…”

দেওবাৰে আহমেদাবাদ পৌৰ নিগমৰ ৩৩০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অমিত শ্বাহে । এই অনুষ্ঠানত ভাষণত তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰে । তেওঁ কয়, “ৰাহুল বাবা, এতিয়াই ভাগৰি নপৰিবা । পৰাজয়ত ভাগৰি নাযাবা । বংগ আৰু তামিলনাডুতো পৰাজিত হ’ব লাগিব ।” তেওঁ লগতে কয়, “২০২৯ চনত পুনৰবাৰ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰিব । ইয়াৰ কাৰণ হৈছে বিজেপিৰ নীতি, যাৰ সৈতে জনসাধাৰণ সংযুক্ত হৈ আছে ।”

‘কংগ্ৰেছে বিজেপিৰ প্ৰতিটো সিদ্ধান্তৰ বিৰোধিতা কৰিছিল’

গৃহমন্ত্ৰীগৰাকীয়ে কয়, “যেতিয়া বিজেপিয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল তেতিয়া কংগ্ৰেছে প্ৰতিবাদ কৰিছিল । পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইকৰ বিৰোধিতা কৰিছিল । কংগ্ৰেছে বিমান আক্ৰমণৰো প্ৰতিবাদ কৰিছিল । বাংলাদেশী অনুপ্ৰৱেশকাৰীক আঁতৰোৱাৰ কথা চৰ্চা হ’লে বিৰোধিতা কৰিছিল । কাশীত নতুন মন্দিৰ নিৰ্মাণ হ’লেও বিৰোধিতা কৰিছিল । কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সময়তো কংগ্ৰেছে প্ৰতিবাদ কৰিছিল । তিনি তালাক বিলুপ্ত হোৱাৰ সময়তো বিৰোধিতা কৰিছিল । যেতিয়া কমন চিভিল কোড প্ৰৱৰ্তন কৰা হৈছিল, তেতিয়াও বিৰোধিতা কৰিছিল ।”

“ৰাহুল বাবাক বুজোৱাৰ ক্ষমতা মোৰ নাই”

অমিত শ্বাহে কয়, “ৰাহুল গান্ধী আৰু কংগ্ৰেছে জনসাধাৰণে যি ভাল পায় তাৰ বিৰোধিতা কৰে, গতিকে ভোট কেনেকৈ পাব ?”  তেওঁ আৰু কয়, “ৰাহুল বাবাক বুজোৱাৰ ক্ষমতা মোৰ নাই, কাৰণ যিসকলক তেওঁৰ নিজৰ দলে পতিয়ন নিয়াব নোৱাৰিলে, তেওঁলোকক তেওঁ কেনেকৈ পতিয়ন নিয়াব ?”

লগতে পঢ়ক : সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰাৰ চেষ্টা… বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিজেপিৰ মুখ্য কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰিলে নীতিন নবীনে, শ্বাহ-নাড্ডাই জনালে শুভেচ্ছা

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাবে নিযুক্তি পোৱা নীতিন নবীনে সোমবাৰে মুখ্য কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰে । এই সময়ত তেওঁৰ সৈতে উপস্থিত থাকে জেপি নাড্ডাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ।

ভাৰতীয় জনতা পাৰ্টিৰ নৱ নিযুক্ত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি তথা বিহাৰ চৰকাৰৰ মন্ত্ৰী নীতিন নবীনে সোমবাৰে দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত দায়িত্বভাৰ গ্ৰহণ কৰে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নীতিন নবীনক পাগুৰি আৰু ফুলৰ থোপা উপহাৰ দি দায়িত্ব প্ৰদান কৰে ।

ইয়াৰ পিছতে দলৰ কাৰ্যালয়ত বিজেপিৰ কেইবাজনো নেতাই নবীনক দলৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি পদ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায় । নীতিন কাৰ্যকৰী সভাপতি হোৱাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৫ বছৰ বয়সতে নীতিনে ৰাষ্ট্ৰীয় বিজেপিৰ এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠীত হয় ।

ইয়াৰ পূৰ্বে দিল্লীত বিহাৰ চৰকাৰৰ মন্ত্ৰী নীতিন নবীনক বিজেপিৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে এক উষ্ম আদৰণি জনোৱা হয় । দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সছদেৱে নবীনক দিল্লীত উপস্থিত হোৱাৰ লগে লগে বিমানবন্দৰত আদৰণি জনায় । বিহাৰত সবল সাংগঠনিক উপস্থিতি থকা এজন নিকা নেতা হিচাপে নবীনৰ সুনাম আছে ।

লগতে পঢ়ক : কেৰালাত বাওঁপন্থীৰ অক্ষত দুৰ্গত মোক্ষম আঘাত, অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

দোষীক পাতালৰ পৰা হ’লেও বিচাৰি উলিওৱা হ’ব… দিল্লী বিস্ফোৰণক লৈ অমিত শ্বাহৰ ডাঙৰ মন্তব্য

দিল্লী বিস্ফোৰণক লৈ গৃহমন্ত্ৰীৰ মন্তব্য

দিল্লী বিস্ফোৰণ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে এক ডাঙৰ মন্তব্য কৰিছে । ফৰিদাবাদত অনুষ্ঠিত নৰ্থান জ’নেল কাউন্সিলৰ বৈঠকৰ সময়ত তেওঁ উল্লেখ কৰে যে দিল্লী বিস্ফোৰণৰ দোষীক পাতালৰ পৰা হ’লেও বিচাৰি উলিওয়া হ’ব । সভাৰ আৰম্ভণিতে শেহতীয়াকৈ দিল্লীত সংঘটিত বোমা বিস্ফোৰণ আৰু জম্মু-কাশ্মীৰৰ নৌগাম থানাত হোৱা বিস্ফোৰণত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু দুই মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সন্ত্ৰাসবাদ নিৰ্মূল কৰাটো আমাৰ উল্লেখযোগ্য প্ৰতিশ্ৰুতি । মোদী চৰকাৰৰ এতিয়ালৈকে থকা ৰেকৰ্ড মতেই দিল্লী বিস্ফোৰণৰ দোষীয়ে সম্ভৱপৰ কঠোৰতম শাস্তি লাভ কৰিব ।

উল্লেখ্য যে দিল্লী আৰক্ষীৰ লগতে সমগ্ৰ দেশৰ আন কেইবাটাও বৃহৎ তদন্তকাৰী সংস্থাই দিল্লী বোমা বিস্ফোৰণৰ তদন্ত অব্যাহত ৰাখিছে । বিগত কিছুদিনত বিভিন্ন কেইবাখনো ৰাজ্যৰ পৰা কেইবাটাও সন্ত্ৰাসবাদী আৰু সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ধৃত এই সন্দেহযুক্ত লোকৰ জেৰা অব্যাহত আছে ।

ইফালে আজি শ্ৰীনগৰৰ পৰা NIA-এ গ্ৰেপ্তাৰ কৰে আন এটা সন্ত্ৰাসবাদীক । জানিব পৰা মতে ধৃত সন্ত্ৰাসবাদীটো দিল্লী বোমা বিস্ফোৰণৰ সৈতে জড়িত সন্ত্ৰাসবাদী উমৰৰ সহযোগী আছিল । উল্লেখ্য যে, দিল্লী বোমা বিস্ফোৰণত পোন্ধৰজন লোক নিহত হয় আৰু কেইবাজনো লোক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে ।

অমিত শ্বাহে ১৩ নৱেম্বৰত বিস্ফোৰণত জড়িত সন্ত্ৰাসবাদী সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে । সেই সময়ত তেওঁ কয় যে এই ঘটনাৰ লগত জড়িতসকলক ইমানেই কঠোৰ শাস্তি দিয়া হ’ব যে ভৱিষ্যতে এনে আক্ৰমণৰ চেষ্টা কৰাৰ আগতে দুবাৰ ভাবিব লাগিব । তেওঁ লগতে উল্লেখ কৰে যে দোষীক দিয়া শাস্তিয়ে বিশ্ববাসীৰ বাবেও বাৰ্তা হিচাপে কাম কৰিব । উল্লেখ্য যে শেহতীয়াকৈ দিল্লীত সংঘটিত বিস্ফোৰণৰ পিছৰে পৰা দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণৰ গোচৰত আন এক সফলতা; শ্ৰীনগৰত গ্ৰেপ্তাৰ ওমৰৰ সহযোগী

দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ বৈঠক অমিত শ্বাহৰ; NIAক তদন্তৰ দায়িত্ব

দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ বৈঠক

সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে ৰাজধানী চহৰখনকে ধৰি দেশৰ কেইবাখনো চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছে । এই ঘটনা সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় । এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, ইন্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকা, দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচা, এন আই এৰ ডি জি সদানন্দ বসন্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে । জম্মু-কাশ্মীৰৰ ডিজিপি নলিন প্ৰভাতেও ভাৰ্চুৱেলী এই বৈঠকত অংশগ্ৰহণ কৰে ।

দিল্লী বিস্ফোৰণৰ তদন্ত কৰিব এন আই এয়ে-

বৈঠকত শীৰ্ষ বিষয়াসকলে দিল্লী বিস্ফোৰণৰ পিছৰ পৰিস্থিতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে । বৈঠকৰ অন্তত গৃহ মন্ত্ৰালয়ে দিল্লী বিস্ফোৰণৰ তদন্ত এন আই এ তথা ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাৰ হাতত অৰ্পণ কৰে । উল্লেখ্য যে,  সোমবাৰে সন্ধিয়া ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ সমীপৰ ট্ৰেফিক চিগনেলত এখন গাড়ীত হোৱা বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাখনো বাহন ধ্বংস হয় আৰু আন কেইবাজনো লোক আহত হয় ।

বিস্ফোৰণত নিহত ৬ জন লোকক চিনাক্ত

দিল্লীত বিস্ফোৰণৰ পিছত সোমবাৰে নিশা গৃহমন্ত্ৰী অমিত শ্বাহে ঘটনাস্থলী পৰিদৰ্শন কৰে । দিল্লী বিস্ফোৰণত নিহত ১২ জন লোকৰ ভিতৰত ৬ জনক চিনাক্ত কৰা হৈছে । ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হ’ব তিনিটা মৃতদেহ । সতৰ্কতাৰে দিল্লী মেট্ৰ’ৰ ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ১ আৰু ৪ নং গেট বন্ধ কৰা হৈছে । লালকিল্লালৈ যোৱা সকলো পথ বন্ধ কৰি দিয়া হৈছে আৰু লালকিল্লাত ৰাজহুৱা প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । ঘটনাস্থলীৰ তদন্ত অব্যাহত ৰাখিছে ফৰেনছিক দলে ।

সোমবাৰৰ নিশাৰ বিস্ফোৰণৰ পিছতে আৰক্ষীয়ে প্ৰথমে বিস্ফোৰক আইনৰ কিছু ধাৰাত গোচৰ ৰুজু কৰে । অৱশ্যে অধিক তদন্তৰ অন্তত অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে । ঘটনাস্থলীত দিল্লী আৰক্ষী, ফৰেনছিক দল আৰু নেশ্যনেল ছিকিউৰিটি গাৰ্ড (এন এছ জি) উপস্থিত হৈ প্ৰমাণ সংগ্ৰহৰ চেষ্টা চলাইছে । দিল্লীৰ জনবহুল অঞ্চল, যেনে বাছ ষ্টেচন, ৰেল ষ্টেচনত নিৰীক্ষণ বৃদ্ধি কৰা হৈছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিস্ফোৰণৰ সৈতে জড়িত চাৰিজন সন্দেহযুক্ত লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণৰ পিছতে মুম্বাই-উত্তৰ প্ৰদেশত হাই এলাৰ্ট; স্পৰ্শকাতৰ অঞ্চলত নিশ্চিদ্ৰ তালাচী

‘প্ৰতিটো কোণৰ পৰা তদন্ত হ’ব’… দিল্লী বিস্ফোৰণ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰথমটো প্ৰতিক্ৰিয়া

দিল্লী বিস্ফোৰণ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰেডফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ সমীপত সোমবাৰে সন্ধিয়া (১০ নৱেম্বৰ, ২০২৫) সংঘটিত হয় এক শক্তিশালী বিস্ফোৰণ । এই ঘটনাত বৰ্তমানলৈ ১৩ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে আৰু কেইবাজনো আহত হৈছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিস্ফোৰণৰ প্ৰতিটো কোণৰ পৰা তদন্ত কৰা হ’ব বুলি উল্লেখ কৰে । তেওঁ লগতে কয় যে সমীপৱৰ্তী সকলো চিচিটিভি কেমেৰা পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “আজি সন্ধিয়া প্ৰায় ৭ বজাত দিল্লীৰ লালকিল্লাৰ সমীপৰ সুভাষ মাৰ্গ ট্ৰেফিক চিগনেলত এখন হুণ্ডাই i20 গাড়ীত বিস্ফোৰণ ঘটে । বিস্ফোৰণত একাংশ পথচাৰী আহত হোৱাৰ লগতে কিছু বাহনৰ ক্ষতিসাধন হয় । প্ৰাৰম্ভিক খবৰ অনুসৰি কিছু লোকে প্ৰাণ হেৰুৱাইছে । বিস্ফোৰণৰ তথ্য লাভ কৰাৰ ১০ মিনিটৰ ভিতৰতে দিল্লীৰ অপৰাধ শাখা আৰু দিল্লী বিশেষ শাখাৰ দলসমূ ঘটনাস্থলীত উপস্থিত হয় ।

গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “এফ এছ এলৰ সৈতে এন এছ জি আৰু এন আই এৰ দলে এতিয়া সম্পূৰ্ণ তদন্ত আৰম্ভ কৰিছে । ওচৰৰ সকলো চি চি টি ভি কেমেৰা পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । দিল্লী আৰক্ষী আয়ুক্ত আৰু বিশেষ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতেও কথা পাতিছো । আমি সকলো সম্ভাৱনা বিবেচনা কৰিছো আৰু সকলো কোণ মনত ৰাখি তদন্ত কৰা হ’ব ।”

ইফালে, আহতসকলক সাক্ষাৎ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এল এন জে পি হাস্পতালত উপস্থিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা ফোনযোগে পৰিস্থিতি সন্দৰ্ভত বুজ লয় । বিস্ফোৰণস্থলীত উপস্থিত হৈছে এন এছ জিৰ বিশেষজ্ঞ আৰু এন আই এৰ তদন্তকাৰী । এন এছ জিৰ দলটোত বিস্ফোৰক বিশেষজ্ঞ, এন আই এৰ দলত সন্ত্ৰাসবাদী গোচৰৰ অভিজ্ঞ তদন্তকাৰী অন্তৰ্ভুক্ত আছে ।

লগতে পঢ়ক : দিল্লী বিস্ফোৰণৰ পিছতে মুম্বাই-উত্তৰ প্ৰদেশত হাই এলাৰ্ট; স্পৰ্শকাতৰ অঞ্চলত নিশ্চিদ্ৰ তালাচী