দিল্লী বিস্ফোৰণ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰেডফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ সমীপত সোমবাৰে সন্ধিয়া (১০ নৱেম্বৰ, ২০২৫) সংঘটিত হয় এক শক্তিশালী বিস্ফোৰণ । এই ঘটনাত বৰ্তমানলৈ ১৩ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে আৰু কেইবাজনো আহত হৈছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিস্ফোৰণৰ প্ৰতিটো কোণৰ পৰা তদন্ত কৰা হ’ব বুলি উল্লেখ কৰে । তেওঁ লগতে কয় যে সমীপৱৰ্তী সকলো চিচিটিভি কেমেৰা পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “আজি সন্ধিয়া প্ৰায় ৭ বজাত দিল্লীৰ লালকিল্লাৰ সমীপৰ সুভাষ মাৰ্গ ট্ৰেফিক চিগনেলত এখন হুণ্ডাই i20 গাড়ীত বিস্ফোৰণ ঘটে । বিস্ফোৰণত একাংশ পথচাৰী আহত হোৱাৰ লগতে কিছু বাহনৰ ক্ষতিসাধন হয় । প্ৰাৰম্ভিক খবৰ অনুসৰি কিছু লোকে প্ৰাণ হেৰুৱাইছে । বিস্ফোৰণৰ তথ্য লাভ কৰাৰ ১০ মিনিটৰ ভিতৰতে দিল্লীৰ অপৰাধ শাখা আৰু দিল্লী বিশেষ শাখাৰ দলসমূ ঘটনাস্থলীত উপস্থিত হয় ।
গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “এফ এছ এলৰ সৈতে এন এছ জি আৰু এন আই এৰ দলে এতিয়া সম্পূৰ্ণ তদন্ত আৰম্ভ কৰিছে । ওচৰৰ সকলো চি চি টি ভি কেমেৰা পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । দিল্লী আৰক্ষী আয়ুক্ত আৰু বিশেষ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতেও কথা পাতিছো । আমি সকলো সম্ভাৱনা বিবেচনা কৰিছো আৰু সকলো কোণ মনত ৰাখি তদন্ত কৰা হ’ব ।”
ইফালে, আহতসকলক সাক্ষাৎ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এল এন জে পি হাস্পতালত উপস্থিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা ফোনযোগে পৰিস্থিতি সন্দৰ্ভত বুজ লয় । বিস্ফোৰণস্থলীত উপস্থিত হৈছে এন এছ জিৰ বিশেষজ্ঞ আৰু এন আই এৰ তদন্তকাৰী । এন এছ জিৰ দলটোত বিস্ফোৰক বিশেষজ্ঞ, এন আই এৰ দলত সন্ত্ৰাসবাদী গোচৰৰ অভিজ্ঞ তদন্তকাৰী অন্তৰ্ভুক্ত আছে ।
লগতে পঢ়ক : দিল্লী বিস্ফোৰণৰ পিছতে মুম্বাই-উত্তৰ প্ৰদেশত হাই এলাৰ্ট; স্পৰ্শকাতৰ অঞ্চলত নিশ্চিদ্ৰ তালাচী









