‘তেওঁক তক্ষশীলালৈ যোৱাত কোনে সহায় কৰিছিল’; গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

গৌৰৱ গগৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ টুইট কৰিছে। য’ত মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈক তক্ষশীলালৈ যোৱাত কোনে সহায় কৰিছিল বুলি প্ৰশ্ন উত্থাপন কৰিছে।

গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সত এটা পোষ্ট দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে পোষ্টটোত লিখিছে যে,আজি সংবাদমেলত গৌৰৱ গগৈয়ে এনে এটা তথ্য প্ৰকাশ কৰিলে যিটো কথা আনকি ময়ো আগতে জনা নাছিলো।

প্ৰাচীন তক্ষশীলা ইছলামাবাদত নহয়, পঞ্জাৱৰ ৰাৱালপিণ্ডিহে অৱস্থিত। এই তথ্যই এটা গুৰুতৰ আৰু অনিবাৰ্য প্ৰশ্নৰ উত্থাপন কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈৰ ভিছা সন্দৰ্ভটো প্ৰশ্ন উত্থাপন কৰি লিখিছে যে, যদি তেওঁৰ পাকিস্তান ভিছাত স্পষ্টভাৱে কেৱল লাহোৰ, কৰাচী আৰু ইছলামাবাদ ভ্ৰমণৰহে অনুমতি আছিল , তেন্তে ইছলামবাগৰ ৰাজধানী ভূখণ্ডৰ বাহিৰত আৰু চতুৰ্ভুজভাৱে ৰাৱালপিণ্ডি জিলাৰ ভিতৰত অৱস্থিত তক্ষশীলা তেওঁ কেনেকৈ ভ্ৰমণ কৰিছিল,যি ইছলামবাগ ৰাজধানী ভূখণ্ডৰ বাহিৰত আৰু চতুৰ্ভুজভাৱে ৰাৱালপিণ্ডি জিলাৰ ভিতৰত অৱস্থিত?

পাকিস্তানৰ প্ৰব্ৰজন নিয়ম অনুসৰি ভিছা নিৰ্ধাৰিত চহৰৰ বাহিৰলৈ যোৱাৰ অনুমতি বিশেষ অনুমোদন অবিহনে কৰা নহয়।গতিকে প্ৰশ্নটো সহজ, বাস্তৱিক আৰু বৈধ:। তেওঁ

ৰাৱালপিণ্ডি জিলাৰ বাবে ভিছা ক্লিয়াৰেন্সৰ আপাত দৃষ্টিত অনুপস্থিত থকাৰ পিছতো গৌৰৱ গগৈক তক্ষশীলালৈ যোৱাৰ সুবিধা কোনে দিলে? এই ৰাওয়ালপিণ্ডিতেই পাকিস্তান সেনাৰ মুখ্য কাৰ্যালয় অৱস্থিত।যিটো আমাৰ কৰাণে অতি স্পৰ্শকাতৰ বিষয় ।

লগতে পঢ়ক: এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানলৈ প্ৰেৰণ কৰিছিল IBৰ গোপন ৰিপ’ৰ্ট! বিস্ফোৰক তথ্য ফাদিল

এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানলৈ প্ৰেৰণ কৰিছিল IBৰ গোপন ৰিপ’ৰ্ট! বিস্ফোৰক তথ্য ফাদিল

গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক লৈ আন এক বিস্ফোৰক তথ্য ফাদিল হৈছে। IBৰ গোপন ৰিপ’ৰ্ট পাকিস্তানী এজেন্ট আলী তৌকিৰ শ্বেখলৈ প্ৰেৰণ কৰিছিল এলিজাবেথে।

ফাদিল হ’ল এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানলৈ প্ৰেৰণ কৰা বিস্ফোৰক তথ্য । ২০১৪ত IBৰ অতি গোপনীয় নথি আলী তৌকী শ্বেখলৈ প্ৰেৰণ কৰিছিল এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে ।

এলিজাবেথে ৪৫ পৃষ্ঠাজোৰা এই IBৰ গোপন ৰিপ’ৰ্ট পাকিস্তানী এজেন্ট আলী তৌকিৰ শ্বেখলৈ প্ৰেৰণ কৰিছিল। আৰু এই কথা দেওবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদমেলখনত উল্লেখ কৰিছে।

এতিয়া এলিজাবেথ ক’লবাৰ্নে ২০১৪ চনত আলী তৌকিৰ শ্বেখৰ বাবে পাকিস্তানলৈ প্ৰেৰণ কৰা আই বি (ইণ্টেলিজেন্স ব্যুৰ’) ৰিপ’ৰ্টৰ অৰিজিনেল ডকুমেণ্ট  আহি পৰিছে ৷  

এই প্ৰতিবেদনত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পক্ষ আৰু চোৰাংচোৱা সংস্থাৰ বহু তথ্য এলিজাবেথে পাকিস্তানলৈ  প্ৰেৰণ কৰিছিল। ই প্ৰমাণ কৰে যে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ কেৱল এটা সাধাৰণ ভ্ৰমণ নাছিল । এই ভ্ৰমণৰ সময়ত গৌৰৱ গগৈয়ে পাকিস্তানৰ স্পৰ্শকাতৰ অঞ্চল ভ্ৰমণ কৰিছিল ।

যদি এলিজাবাথ ক’লবাৰ্ন গগৈয়ে এই তথ্য প্ৰেৰণ কৰিছিল বুলি প্ৰমাণ হয়, তেনেহলে হয়টো ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হ’ব পাৰে ।

লগতে পঢ়ক: ‘পিতৃ-মাতৃয়ে সন্তানৰ ধৰ্ম পৰিৱৰ্তন কৰিব নোৱাৰে’; মুখ্যমন্ত্ৰী

গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ক লৈ সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ, প্ৰকাশ কৰিলে বহু চাঞ্চল্যকৰ তথ্য

গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ গগৈক লৈ বিস্ফোৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰিলে বহু চাঞ্চল্যকৰ তথ্য ।  

বিগত কেইবাদিনো ধৰি অসমৰ ৰাজনীতি উত্তাল কৰি ৰখা গৌৰৱ গগৈৰ ‘পাকিস্তান লিংকক লৈ সংবাদমেল সম্বোধন কৰে । সংবাদমেলত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ গগৈক লৈ বিস্ফোৰণ ঘটায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰিলে বহু চাঞ্চল্যকৰ তথ্য ।  

মুখ্যমন্ত্ৰী উল্লেখ কৰে যে, সামাজিক মাধ্যমত প্ৰকাশ হোৱা এখন ফটোৰ পৰা পোহৰলৈ আহিছিল গৌৰৱ গগৈৰ পাকিস্তান লিংক । পাকিস্তান হাই কমিচনলৈ ২০১৫ চনত গৌৰৱ গগৈয়ে লৈ গৈছিল একাংশ যুৱক-যুৱতীক । শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ কাৰ্যালয়লৈ যুৱক-যুৱতীসকলক কিয় নিয়া হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

মুখ্যমন্ত্ৰীয়ে কয়, “মই অসমত বিনিয়োগৰ প্ৰস্তাৱ লৈ ছিংগাপুৰত আছিলোঁ । সেই সময়তে অসমৰ সাংসদ গৌৰৱ গগৈয়ে একাংশ যুৱক-যুৱতীক পাকিস্তান দূতাবাসলৈ লৈ যোৱাৰ এখন ফটো ভাইৰেল হৈছিল । সেই সময়ত ভাৰতত পাকিস্তানৰ উচ্চায়ুক্ত আছিল আব্দুল বাছিদ । প্ৰথমে ছবিখন ফটোশ্বপ কৰা হৈছে বুলি ভাবিছিলো । কিন্তু পৰৱৰ্তী সময়ত এই ছবিখন সঁচা বুলি প্ৰমাণিত হয় ।“

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে এলিজাবেথ কলবাৰ্ণ গগৈয়ে ২০১১ চনৰ ১৮ মাৰ্চৰ পৰা ২০১২ চনৰ ১৭ মাৰ্চলৈ পাকিস্তানত কাম কৰিছিল আৰু তেওঁৰ পৰিয়ালৰ আলী তৌকীৰ শ্বেখৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল । তেওঁ কয় যে, পাকিস্তানৰ নাগৰিক তথা প্ৰভাৱশালী আলী তৌকীৰ শ্বেখৰ LEAD পাকিস্তানত চাকৰি কৰিছিল এলিজাবেথে । ইয়াৰ পিছত ২০১২ চনত ভাৰতলৈ আহিছিল এলিজাবেথ ।

তেওঁ লগতে দাবী কৰে যে, ভাৰতত থকাৰ সময়ত পাকিস্তানৰ পৰাই দৰমহা লৈ আছিল এলিজাবেথ কলবাৰ্ণে । প্ৰায় ২ লাখ ৫০  হাজাৰ টকা দৰমহা লৈছিল এলিজাবেথে । ২০১৩ চনত গৌৰৱ গগৈৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় এলিজাবেথ । গৌৰৱ গগৈৰ পত্নী হোৱাৰ পিছতো কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰিছিল এলিজাবেথে । মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত দাবী কৰে যে, ভাৰতত কাম কৰি থাকোতে ৬বাৰকৈ ইছলামাবাদলৈ গৈছিল এলিজাবেথ । চাকৰি সলনি কৰাৰ পিছতো ৩ বাৰকৈ ইছলামাবাদলৈ গৈছিল এলিজাবেথ । মুঠ ৯ বাৰকৈ এলিজাবেথে পাক ভ্ৰমণ কৰিছে ।  

তেওঁ আলী তৌকীৰ শ্বেখৰ পৰিৱেশবিদ হিচাপে থকা বৈধতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “তেওঁ কেতিয়াও পৰিৱেশবিদ নাছিল; তেওঁ সিন্ধু জল চুক্তি আৰু ভাৰত-পাকিস্তানৰ মাজত চলি থকা সংঘাতৰ অন্যান্য বিষয়সমূহৰ ওপৰত পাকিস্তানৰ পক্ষ লৈ আছিল ।”

ইফালে ভাৰতৰ বহু গোপন তথ্য পাকিস্তানক এলিজাবেথে যোগান ধৰিছিল বুলি বিস্ফোৰণ ঘটায় মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে, ভাৰতৰ বহু গোপন তথ্য পাকিস্তানত যোগান ধৰিছিল এলিজাবেথ গগৈয়ে । IBৰ তথ্যৰ ওপৰত ভিত্তি কৰি ৪৫ পৃষ্ঠাৰ প্ৰতিবেদন এলিজাবেথে দিছিল আলী তৌকীৰ শ্বেখক । লগতে মোদী চৰকাৰ অহাৰ পিছত ভিজিবিলিটী কমাবলৈ পাকিস্তানক পৰামৰ্শ দিছিল এলিজাবেথ গগৈয়ে ।

আনহাতে এলিজাবেথ ভাৰতত থকাৰ সময়ত গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে । আটাৰী সীমান্তৰে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল দাবী কৰে তেওঁ । মুখ্যমন্ত্ৰীৰ দাবী অনুসৰি ১০ দিনৰ বাবে পাকিস্তানত আছিল গৌৰৱ গগৈ । এই ১০ দিন পাকিস্তানৰ ইছলামাবাদ আৰু কৰাচীলৈ গৈছিল তেওঁ । কিন্তু অনুমতি লোৱা হৈছিল লাহোৰ ভ্ৰমণৰ বাবে ।

এই ১০টা দিন গৌৰৱ গগৈ পাকিস্তানৰ ক’ত আছিল বুলি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে, SITৰ আগত এই কথা ক’বলৈ অস্বীকাৰ কৰিছিল গৌৰৱ পত্নী এলিজাবেথে । পাকিস্তানত ১০ দিন গৌৰৱ গগৈয়ে কি কৰিছিল এই কথা ৰাজহুৱা কৰিবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান জনায় মুখ্যমন্ত্ৰী ড০ শৰ্মাই । মুখ্যমন্ত্ৰীৰ অভিযোগ এই ১০ দিনত গৌৰৱ গগৈয় পাক সেনা নাইবা পাক চোৰাংচোৱা ISIৰ পৰা প্ৰশিক্ষণ লৈছিল ।

সংবাদমেলত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আন এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ অভিযোগ অনুসৰি পাকিস্তানৰ পৰা উভতি আহি সদনত গৌৰৱ গগৈয়ে সুধিছিল কেতবোৰ চাঞ্চল্যকৰ প্ৰশ্ন । ভাৰতৰ ইউৰেনিয়াম, ছাবমেৰিন, এয়াৰ ডিফেন্স আদিৰ ওপৰত সদনত প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে । পাকিস্তান হাই কমিচনত চোৰাংচোৱাগিৰি হৈছে নেকি বুলিও সদনত প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে । পাকিস্তানৰ পৰা আহিয়েই ভাৰতৰ যুৱ প্ৰজন্মক পাকিস্তান হাই কমিচনলৈ লৈ যোৱা হৈছিল বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।

আনহাতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথে বিবাহৰ পিছতো ভাৰতীয় নাগৰিকত্ব লোৱা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । তেওঁ কয় যে, ব্ৰিটিছ নাগৰিক এলিজাবেথ এগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী মহিলা । লগতে গৌৰৱ গগৈৰ পুত্ৰ আৰু কন্যাও ব্ৰিটিছ নাগৰিক । কন্যা জন্মৰ পৰাই খ্ৰীষ্টান, পুত্ৰৰ ধৰ্ম সলনি কৰা হ’ল । প্ৰথমে পুত্ৰৰ ধৰ্ম হিন্দু আছিল, কিন্তু এতিয়া নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে । ইফালে পুত্ৰৰ ভাৰতীয় নাগৰিকত্ব গৌৰৱ গগৈয়ে নিজেই আঁতৰাইছিল বুলিও চাঞ্চল্যকৰ দাবী কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

ইফালে শনিবাৰে কেবিনেট বৈঠকৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এছ আই টিৰ তদন্ত কেন্দ্ৰীয় সংস্থালৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছিল ।

লগতে পঢ়ক : গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ হ’ব গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ৰ তদন্ত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ৰ ৰহস্য আজি হ’ব ফাদিল ! SIT-ৰ গোপন ফাইল লৈ সাজু মুখ্যমন্ত্ৰী

সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ আজি হ’ব পাৰে চূড়ান্ত বিস্ফোৰণ ।

অসমৰ ৰাজনৈতিক আকাশত এতিয়া ধুমুহাৰ সংকেত। সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ আজি হ’ব পাৰে চূড়ান্ত বিস্ফোৰণ । বিশেষ তদন্তকাৰী দলৰ (SIT) বন্ধ ফাইলৰ তথ্য লৈ আজি পুৱা ১০:৩০ বজাত সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

কি আছে SIT-ৰ গোপন প্ৰতিবেদনত ?

দীৰ্ঘদিন ধৰি চৰ্চিত হৈ থকা গৌৰৱ গগৈৰ তথাকথিত ‘পাকিস্তান সম্পৰ্ক’ৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিছিল এক বিশেষ তদন্তকাৰী দল (SIT) । জানিব পৰা মতে এই প্ৰতিবেদনত কেইবাটাও বিস্ফোৰক তথ্য সন্নিৱিষ্ট হৈছে ।

ইফালে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নৰ পাকিস্তানত আজিও সক্ৰিয় বেংক একাউণ্ট থকাৰ অভিযোগ উত্থাপন হৈছে । এগৰাকী ভাৰতীয় সাংসদৰ পত্নীৰ শত্ৰু ৰাষ্ট্ৰৰ সৈতে এনে আৰ্থিক লেনদেনৰ উদ্দেশ্য কি, তাক লৈ প্ৰশ্ন তুলিছে বিজেপি চৰকাৰে ।

আনহাতে অভিযোগ উত্থাপন হৈছে যে গৌৰৱ গগৈৰ পত্নী আৰু দুই সন্তান ভাৰতীয় নাগৰিক নহয় । এজন লোকসভা সাংসদৰ পৰিয়ালৰ তিনিজনকৈ সদস্য বিদেশী নাগৰিক হৈ থকাটোৱে দেশৰ সুৰক্ষাত প্ৰভাৱ পেলাব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বেও ইংগিত দিছিল ।

উল্লেখ্য যে, সংবাদমেলৰ পূৰ্বে শনিবাৰে নিশা কেবিনেট বৈঠক অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যিক কেবিনেটে এই SIT প্ৰতিবেদনৰ তথ্যসমূহ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ  প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে NIA বা CBI-ৰ দৰে কেন্দ্ৰীয় সংস্থাই ইয়াৰ গভীৰ তদন্ত কৰিব পাৰে ।

লগতে পঢ়ক : গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত সক্ৰিয় বেংক একাউণ্ট! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

১৫ বছৰৰ পিছত দিল্লীলৈ পঠোৱা হ’ব হিমন্ত বিশ্ব শৰ্মাক ! বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীক লৈ ডাঙৰ মন্তব্য মন্ত্ৰী ৰণজিৎ দাসৰ

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লৈ কৰা এক বিশেষ মন্তব্যই চৰ্চা লাভ কৰিছে । মন্ত্ৰী দাসৰ মতে আৰু ১৫ বছৰৰ পাছতেই দিল্লীলৈ পঠোৱা হ’ব হিমন্ত বিশ্ব শৰ্মাক ।

২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ হৈছে । ইতিমধ্যে নিৰ্বাচনত এঘড়ী যুঁজিবলৈ সাজু হৈছে শাসক-বিৰোধী । ইয়াৰ মাজতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লৈ কৰা এক বিশেষ মন্তব্যই চৰ্চা লাভ কৰিছে । মন্ত্ৰী দাসৰ মতে, অসমৰ বিকাশৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ড০ শৰ্মাক আৰু ১৫ বছৰৰ প্ৰয়োজন আছে, কিন্তু তাৰ পাছতেই তেওঁক কেন্দ্ৰীয় ৰাজনীতিলৈ পঠিওৱা হ’ব ।

স্মাৰ্ট মুখ্যমন্ত্ৰী আহি আছে !

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আত্মবিশ্বাসেৰে কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাই হ’ব অসমত বিজেপিৰ পৰা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহা প্ৰথমগৰাকী নেতা । মন্ত্ৰীগৰাকীৰ মতে, অসমক উন্নয়নৰ শিখৰলৈ নিবলৈ ড০ শৰ্মাক ১৫ বছৰৰ প্ৰয়োজন । তেওঁ কয়, “মই মুখ্যমন্ত্ৰীক কৈছো যে ১৫ বছৰ একেটা চোলা কিমান পিন্ধি থাকিব ? ১৫ বছৰৰ পিছত তেওঁক দিল্লীলৈ পঠোৱা হ’ব । এয়া মোৰ সিদ্ধান্ত আৰু তেওঁকো এই কথা কোৱা আছে । ইয়াৰ পিছত এজন স্মাৰ্ট মুখ্যমন্ত্ৰী আহি আছে ।”

কংগ্ৰেছক সমালোচনা-

ইফালে কংগ্ৰেছে ‘হু ইজ হিমন্ত বিশ্ব শৰ্মা’ বুলি কৰা প্ৰশ্নৰ সমালোচনা কৰি মন্ত্ৰী দাসে মন্তব্য কয় যে, হিমন্ত বিশ্ব শৰ্মা কোন হয় সেয়া অসমবাসীয়ে জানে । যিয়ে হাজাৰ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰিলে, যিয়ে ব্ৰক্ষ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং নিৰ্মাণ কৰিলে, যিয়ে ৰাজ্যত কেইবাখনো মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ কৰিলে, যাৰ নেতৃত্বত কেইবাটাও আয়ুক্ত কাৰ্যালয় নিৰ্মাণ হ’ল, যাৰ নেতৃত্বত কেইবাটাও ষ্টেডিয়াম, কেইবাখনো বিদ্যালয় নিৰ্মাণ হ’ল । এই কথাখিনি সকলোৱে জানে ।

আনহাতে কংগ্ৰেছে বৰ্তমান যি প্ৰস্তুতি চলাই আছে, সেয়া ২০২৬ নহয়, বৰঞ্চ ২০৩৬ চনৰ বাবেহে চলাইছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত সক্ৰিয় বেংক একাউণ্ট! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

নিৰ্বাচনৰ পিছতে অসমত হ’ব SIR, মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য

SIR সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে । তেওঁ কয় যে অসমত অতি পুংখানুপুংখভাৱে SIR পৰিচালিত কৰা হ’ব ।

SIR সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে । তেওঁ কয় যে অসমত অতি পুংখানুপুংখভাৱে SIR পৰিচালিত কৰা হ’ব । বুধবাৰে এক চৰকাৰী অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে বিধানসভা নিৰ্বাচনৰ পিছত ৰাজ্যত SIR  হ’ব । বৰ্তমান অসমত নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম চলি আছে ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত SIR অতি বৃহৎ পৰিসৰত আৰু সঠিকভাৱে পৰিচালিত হ’ব ৷ মই নিৰ্বাচন আয়োগক এতিয়াও এছ আই আৰ চলোৱাৰ বাবে অনুৰোধ জনাইছিলো, কিন্তু এন আৰ চি প্ৰকাশ নোহোৱাৰ বাবে তেওঁলোকে বিশেষ পুনৰীক্ষণ কৰিলে । আমি SIR আদৰণি জনাইছো ।

উল্লেখ্য যে, ১৯,০৬,৬৫৭ জন লোকক বাদ দি যোৱা ৩১ আগষ্ট, ২০১৯ত চূড়ান্ত এন আৰ চি প্ৰকাশ কৰা হয় । ৩,৩০,২৭,৬৬১ গৰাকী আবেদনকাৰীৰ ভিতৰত মুঠ ৩,১১,২১,০০৪ জনৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । কিন্তু আজিলৈকে ভাৰতৰ মহাপঞ্জীয়ৰ দ্বাৰা ইয়াক নটিফাই কৰা হোৱা নাই ।

ইফালে বিশেষ পুনৰীক্ষণৰ পিছত খচৰা তালিকাত মুঠ ২,৫২,০১,৬২৪ জন ভোটাৰ আছিল, যিটো ২০২৫ চনৰ জানুৱাৰী মাহত প্ৰকাশ পোৱা পূৰ্বৰ চূড়ান্ত তালিকাৰ তুলনাত ১.৩৫ শতাংশ বৃদ্ধি প্ৰতিফলিত কৰে । যোৱা বছৰৰ ৬ জানুৱাৰীৰ পৰা ২৭ ডিচেম্বৰলৈকে মুঠ ৭,৮৬,৮৪১ জনৰ নাম সংযোজন কৰা হৈছিল আৰু ৪,৪৭,১৯৬ জনৰ নাম বাদ দিয়া হৈছিল ।

বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত ৪৭৮,৯৯২ জন মৃত ভোটাৰ আৰু ৫২৩,৬৮০ জন স্থানচ্যুত ভোটাৰ চিনাক্ত কৰা হৈছে । ইয়াৰ উপৰিও ৫৩,৬১৯ টা নামো চিনাক্ত কৰা হৈছে যিবোৰ একাধিকবাৰ পঞ্জীয়ন কৰা হৈছিল ।

অৱশ্যে নিৰ্বাচন আয়োগে উল্লেখ কৰিছে যে এই নামসমূহ এতিয়াও আঁতৰোৱা হোৱা নাই । বৰ্তমানৰ দাবী আৰু আপত্তিৰ সময়ছোৱাত আনুষ্ঠানিক আবেদন লাভ কৰাৰ পিছতহে সেইবোৰ আঁতৰোৱা বা স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব । ১০ ফেব্ৰুৱাৰীত চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ হোৱাৰ কথা ।

লগতে পঢ়ক : গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত সক্ৰিয় বেংক একাউণ্ট! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত সক্ৰিয় বেংক একাউণ্ট! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু তেওঁৰ ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্ণৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । মুখ্যমন্ত্ৰীয়ে জনায় যে এয়া কেৱল আৰম্ভণিহে ।

অসমৰ ৰাজনীতিত পুনৰ এক তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু তেওঁৰ ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্ণৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । মুখ্যমন্ত্ৰীৰ দাবী অনুসৰি, এলিজাবেথ কলবাৰ্ণৰ পাকিস্তানত এতিয়াও এটা সক্ৰিয় বেংক একাউণ্ট আছে ।

আজি আজাৰা বিমানবন্দৰ মণ্ডলৰ ৩২ নম্বৰ বুথত আয়োজিত বিজেপিৰ ‘বুথ বিজয় সভা’ত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড° শৰ্মাই এই বিষয়টোক অত্যন্ত “বিপজ্জনক” বুলি অভিহিত কৰে । এজন ব্যক্তিৰ পাকিস্তানৰ সৈতে এনে ধৰণৰ আৰ্থিক লেনদেন থকাৰ আঁৰত কি ৰহস্য থাকিব পাৰে, তাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

মুখ্যমন্ত্ৰীৰ মূল অভিযোগসমূহ:

৮ ফেব্ৰুৱাৰীত অধিক তথ্য প্ৰকাশ : অসমৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়া এক বিবৃতিত অহা ৮ ফেব্ৰুৱাৰীত এক বিশেষ তথ্য প্ৰকাশ কৰাৰ কথা সদৰী কৰিছে । তেওঁৰ মতে, গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে থকা ‘পাকিস্তান সংযোগ’ৰ তথ্যই বিশেষ চৰ্চা লাভ কৰিব । ইয়াক এক “ডাঙৰ বিস্ফোৰণ” আখ্যা দি তেওঁ প্ৰমাণসহ সকলো তথ্য ৰাজহুৱা কৰিব বুলি জানিবলৈ দিছে ।

আইনী ব্যৱস্থা গ্ৰহণ : যোৱা ৪ ফেব্ৰুৱাৰীত গুৱাহাটীত সংবাদমেল পাতি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে “অসত্য আৰু মানহানিকাৰক” মন্তব্য কৰাৰ বাবে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, জীতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলৰ বিৰুদ্ধে ৯ ফেব্ৰুৱাৰীত আইনী গোচৰ তৰিব বুলিও তেওঁ ঘোষণা কৰে ।

কংগ্ৰেছক প্ৰত্যাহ্বান : কংগ্ৰেছৰ শেহতীয়া আক্ৰমণৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান জনায় যে তেওঁৰ বিৰুদ্ধে থকা যিকোনো অনিয়মৰ প্ৰমাণ দিয়ক । তেওঁ প্ৰশ্ন কৰে, “অৰুণোদয় আঁচনি দিয়া, উদ্যোগীক প্ৰসাৰিত কৰা বা ১.৫ লাখ চাকৰি দিয়াটো জানো অন্যায় ?”

কংগ্ৰেছৰ অভিযানক সমালোচনা

কংগ্ৰেছৰ নতুন অভিযান “সময় পৰিৱৰ্তনৰ”কো তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই । তেওঁ কয় যে বৰ্তমান অসমত উন্নয়নৰ যি ধাৰা চলিছে, তাত নতুনকৈ পৰিৱৰ্তন কৰিবলগীয়া একো নাই । কংগ্ৰেছে কেৱল ৰাজ্যখনক পিছলৈহে লৈ যাব বিচাৰিছে বুলি তেওঁ মন্তব্য কৰে ।

একেদৰে, কংগ্ৰেছে মুকলি কৰা ৱেবচাইটটো ৩০ মিনিটৰ ভিতৰতে বিকল হোৱা ঘটনাটোক লৈয়ো তেওঁ সমালচোনা কৰে । তেওঁৰ মতে, ৰাজীৱ ভৱন এতিয়া “অসম বিৰোধী” চিন্তাধাৰাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

লগতে পঢ়ক : চিকেন নেক’ত ভূগৰ্ভস্থ ৰে’ল লাইন : উত্তৰ-পূবলৈ সুৰক্ষিত কৰিড’ৰৰ আশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘মিঞা বুলি মুছলমানক অত্যাচাৰ নকৰিব’; শিৱসাগৰত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

অবৈধ মিঞাৰ বিৰুদ্ধে দিনে দিনে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শিৱসাগৰৰ পৰা মিঞাক আশ্ৰয় নিদিবলৈ ৰাজ্যবাসীক কৰিলে আহ্বান।

মিঞাক সকীয়নি দি শিৱসাগৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, মিঞা অসমত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিব লাগে।

মিঞাক মাটি, গাড়ী, ৰিক্সা, ঠেলা একোৱেই নিদিব।বাংলাদেশীবোৰক লাইন লগাই ৰে’লত বহোৱাই বাংলাদেশলৈ পঠিয়াই  দিবতো নোৱাৰি।গতিকে মিঞাৰ লগতে এনেকুৱা পৰিস্থিতি সৃষ্টি কৰিব লাগিব যে, বাংলাদেশীবোৰে নিজেই অসম এৰি গুচি যায়।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মিঞা খেদিব লাগিব কিন্তু মিঞা বুলি মুছলমানক অত্যাচাৰ নকৰিব। আকৌ মুছলমান বুলি মিঞাক ৰক্ষণাবেক্ষণো নিদিব।ৰিক্সাত উঠাব সময়ত কাৰ ৰিক্সাত উঠিব সেই কথাও চিন্তা কৰক।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,প্ৰত্যেক দিনে অসমৰ পৰা ২০-২৫টা বাংলাদেশী গৈ আছে।এতিয়ালৈকে ডেৰ লাখ বিঘা মাটি খালী কৰা হ’ল।এই উচ্ছেদ চলি থাকিব। যদি বাংলাদেশী হয় তেনেহলে মিঞাক কেতিয়াও আশ্ৰয় নিদিব।

লগতে পঢ়ক: চিকেন নেক’ত ভূগৰ্ভস্থ ৰে’ল লাইন : উত্তৰ-পূবলৈ সুৰক্ষিত কৰিড’ৰৰ আশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 

চিকেন নেক’ত ভূগৰ্ভস্থ ৰে’ল লাইন : উত্তৰ-পূবলৈ সুৰক্ষিত কৰিড’ৰৰ আশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চিকেন নেক কৰিড’ৰত প্ৰস্তাৱিত ভূগৰ্ভস্থ ৰে’ল সংযোগে উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে এক নিৰাপদ আৰু সুৰক্ষিত পথ নিশ্চিত কৰিব ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ “চিকেন নেক” কৰিড’ৰত প্ৰস্তাৱিত ভূগৰ্ভস্থ ৰে’ল সংযোগে উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা এক নিৰাপদ আৰু সুৰক্ষিত পথ নিশ্চিত কৰিব । তেওঁ ইয়াক ভাৰতৰ নিৰাপত্তা আৰু কৌশলগত শক্তিৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে দশক দশক ধৰি “চিকেন নেক” কৰিড’ৰক লৈ ৰাষ্ট্ৰ বিৰোধী শক্তিয়ে ভয় দেখুৱাই হেঁচা প্ৰয়োগ কৰি আহিছে । তেওঁ কয় যে এই সংকীৰ্ণ ভূ-খণ্ড ভাৰতৰ বাবে এক কৌশলগত দুৰ্বলতা হৈ পৰিছে যিটো বহু আগতেই সমাধান হ’ব লাগিছিল ।

“এয়া এক ডাঙৰ কৌশলগত পৰিৱৰ্তন”

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰস্তাৱিত ভূগৰ্ভস্থ ৰে’ল সংযোগ এক ঐতিহাসিক কৌশলগত সাফল্য । ইয়াৰ জৰিয়তে উত্তৰ-পূব আৰু দেশৰ বাকী অংশৰ মাজত এক নিৰাপদ আৰু নিৰ্ভৰযোগ্য পৰিবহণ কৰিডৰ সৃষ্টি হ’ব । লগতে তেওঁ কয় যে ১৯৭১ চনৰ পিছতে এই দুৰ্বলতা দূৰ কৰিব লাগিছিল, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে এই দিশত নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে ।

প্ৰধানমন্ত্ৰী আৰু ৰে’ল মন্ত্ৰীক ধন্যবাদ-

এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ধন্যবাদ জনাই কয় যে এই পদক্ষেপে দীৰ্ঘদিনীয়া কৌশলগত প্ৰত্যাহ্বান বহুলাংশে দূৰ কৰিব । তেওঁ পূৰ্বৰ বক্তব্যৰ উল্লেখ কৰি কয় যে ১৯৭১ চনৰ যুদ্ধৰ পিছত যদি তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বিচৰা হেঁতেন এই কৰিড’ৰটো সম্প্ৰসাৰণ কৰিব পৰা গ’লহেঁতেন, যাৰ ফলত উত্তৰ-পূবৰ নিৰ্ভৰশীলতাৰ অন্ত পৰিলহেঁতেন ।

প্ৰকল্পৰ সবিশেষ প্ৰকাশ ৰে’ল মন্ত্ৰীৰ-

সোমবাৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰে যে চৰকাৰে প্ৰায় ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ “চিকেন নেক” কৰিডৰৰ কাষত মাটিৰ তলত ৰে’লপথ স্থাপনৰ পৰিকল্পনাত কাম কৰি আছে । ইয়াৰোপৰি বৰ্তমানৰ ৰে’ল লাইন চাৰিটা লাইনলৈ ৰূপান্তৰিত কৰাৰ প্ৰস্তাৱো অন্তৰ্ভূক্ত আছে ।

লগতে পঢ়ক : মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব য়ুমনাম খেমচান্দ সিং; এবছৰৰ পাছত ৰাজ্যখনৰ পৰা আতঁৰিব ৰাষ্ট্ৰপতি শাসন