ভাৰতৰ প্ৰথটো Rail cum Road tunnel হ’ব অসমত; অসমবাসীক কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে

অসমত হ’ব দেশৰ প্ৰথমটো Rail cum Road tunnel পথ। ব্ৰহ্মপুত্ৰৰ ১৭৫ ফুট তলেৰে হ’ব সুৰংগ পথটো। মুখ্যমন্ত্ৰী গৰাকীয়ে অসমবাসীক দিলে কেইবাটাও ভাল খবৰ।

ৰাজ্যবাসীৰ বাবে কেইবাটাও ভাল খবৰ লৈ দেওবাৰে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমত শীঘ্ৰেই আৰম্ভ হ’ব দেশৰ প্ৰথমটো আৰু বিশ্বৰ দ্বিতীয়টো Rail cum Road tunnel য’ত ৰে’ল আৰু যান-বাহন একেলগে চলিব।

ব্ৰহ্মপুত্ৰৰ ১৭৫ ফুট তলেৰে হ’ব সুৰংগ পথটো। ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰিছে ৰাজ্য চৰকাৰে।

১৮,৬৬২ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব সুৰংগ পথ। এই সুৰংগ পথটোৱে গহপুৰৰ পৰা নুমলীগড়ক সংযোগ কৰিব। দেশৰ ভিতৰতে দীৰ্ঘতম সুৰংগ হ’ব এই গহপুৰ-নুমলীগড় সুৰংগ পথ।

গহপুৰ নুমলীগড় সংযোগী সুৰংগ পথৰ মুঠ দূৰত্ব হ’ব ৩৪ কিলোমিটাৰৰ। দেশৰ নিৰাপত্তাৰ বাবে এই প্ৰকল্প অতি গুৰুত্বপূৰ্ণ। শত্ৰু ৰাষ্ট্ৰৰে যুদ্ধ হ’লে এই প্ৰকল্পই সুৰক্ষা দিব উত্তৰ-পূবক।

বগীবিল আৰু কলিয়াভোমোৰা দলঙত বোমা দিলে বিচ্ছিন্ন হ’ব উত্তৰ-পূবৰ যোগাযোগ। এই  নদী সুৰংগ পথৰ নিৰ্মাণ হ’লে বিচ্ছিন্ন নহ’ব অসমৰ যোগাযোগ। সেই বাবে এই প্ৰকল্পৰ সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰিছে ভাৰতীয় সেনাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ফৰকাটিঙৰ পৰা গহপুৰ সংযোগী হ’ব নতুন ৰে’ল পথ। মাৰ্চত শিলচৰ-শ্বিলং-গুৱাহাটী হাইস্পীড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে মাৰ্চত শিলন্যাস কৰিব এই প্ৰকল্পৰ।

এই কৰিড’ৰটো ২২,৮৬৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব। আনহাতে বাইহাটা চাৰিআলিৰ পৰা দিছপুৰলৈ ৪টা লেনযুক্ত পথ,গুৱাহাটী ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিড’ৰ হ’ব।  

মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলখনত লগতে কয় যে, শীঘ্ৰে আৰম্ভ হ’ব কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ কাম। এতিয়া কামাখ্যা ৰ’পৱে নিৰ্মাণৰ বাবে থকা আইনী বাধা আঁতৰিল।

IIT গুৱাহাটী  আৰু NIH অধ্যয়নত কামাখ্যাৰ ক্ষতি নহয় বুল প্ৰতিবেদনত আহিছে।ন্যায়ালয়ৰ বাধা আঁতৰাৰ বাবে এতিয়া আৰম্ভ হ’ব নিৰ্মাণকাৰ্য। কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা ধামলৈ হ’ব ৰ’পৱে।

গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণৰ বাবে ৫৭২৯ কোটি টকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ব্যয় কৰিব। গুৱাহাটী ৰিং ৰোড প্ৰকল্পত নতুন সংযোজন হ’ব। বৰঝাৰ বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ হ’ব এলিভেটেড কৰিড’ৰ। এই এলিভেটেড কৰিড’ত ১৫০০কোটি টকা ব্যয় হ’ব।

লগতে পঢ়ক: গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

পুনৰবাৰ শাসনলৈ আহিলে নতুনকৈ দিয়া হ’ব ২ লাখ চাকৰিঃ প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

অসমত পুনৰ বিজেপি চৰকাৰ আহিলে উচ্ছেদকে ধৰি চৰকাৰী চাকৰি দিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখতে ডাঙৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ১৪ ফেব্ৰুৱাৰীৰ অসম ভ্ৰমণৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে । প্ৰধানমন্ত্ৰীৰ সন্মুখতে হিমন্ত বিশ্ব শৰ্মাই যদি অসমত পুনৰ বিজেপি চৰকাৰ আহে তেন্তে প্ৰায় পাঁচ লাখ ভূমি বেদখল মুক্ত কৰাৰ লগতে যোগ্য প্ৰাৰ্থীক দুই লাখ চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে । তেওঁ উল্লেখ কৰে যে আগন্তুক কাৰ্যকালত বেদখলকৃত ভূমি উদ্ধাৰ কৰিবলৈ আৰু যুৱক-যুৱতীসকলৰ বাবে বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ ।

অসমৰ প্ৰতি ৰঙা চকু দেখুওৱাসকলক সকীয়নি দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়-“বিজেপি চৰকাৰ পুনৰ আহি আছে । আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল’ম । এই অসম আৰু কেতিয়াও থমকি নৰয় ।“

এইবাৰ ডেঢ় লাখ বিঘা মাটিত উচ্ছেদ চলোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই অহা কাৰ্যকালত পাঁচ লাখ বিঘা মাটিত উচ্ছেদ চলোৱা হ’ব বুলি উল্লেখ কৰে ।

ইফালে চৰকাৰী নিযুক্তি সন্দৰ্ভতো ডাঙৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । অসমত পুনৰ বিজেপি চৰকাৰ হ’লে নিবনুৱা শিক্ষিত যুৱক-যুৱতীক ২ লাখ চাকৰি দিয়া হ’ব বুলি মন্তব্য কৰে তেওঁ । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-“এইবাৰ ডেঢ় লাখ চাকৰি দিয়া হ’ল, অহাবাৰ বিজেপি চৰকাৰ হ’লে দুই লাখ চৰকাৰী চাকৰি দিয়া হ’ব ।

ভূমি বেদখলমুক্ত কৰা আৰু কৰ্মসংস্থাপন সৃষ্টিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুষ্ঠানটোৰ কেন্দ্ৰীয় আকৰ্ষণ হৈ ৰয়, যিয়ে আগন্তুক কাৰ্যকালত ভূমি সংস্কাৰ আৰু চাকৰি সৃষ্টিৰ ওপৰত ৰাজ্য চৰকাৰৰ গুৰুত্বক প্ৰতিফলিত কৰিছে ।

লগতে পঢ়ক : গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

’২৬ ত ৰেকৰ্ড কৰি জয় লাভ কৰিম’; বিধানসভাৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য

বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে ২৬ ত ৰেকৰ্ড কৰি জয় লাভ কৰিম বুলি উল্লেখ কৰিছে।

খানাপাৰাত শুকুৰবাৰে অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ সভা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ২৬ ত বিজেপিৰ জয় নিশ্চিত। এইবাৰ আমি ৰেকৰ্ড কৰি জয়ী হ’ম।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, আমি যি বিচাৰিছো, প্ৰধানমন্ত্ৰী গৰাকীয়ে আমাক সকলো দিছে।প্ৰধানমন্ত্ৰীয়ে বিমান নামিব পৰা ঘাইপথ আমাক দিলে। ২৬ ত জয়ী হোৱাৰ পিছত ৫ লাখ বিঘা মাটিত উচ্ছেদ চলাম। লগতে ২ লাখ নিবনুৱাক চাকৰিও দিম।    

লগতে পঢ়ক: বাংলাদেশলৈ যাব নেকি প্ৰধানমন্ত্ৰী মোদী? তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানত নিমন্ত্ৰণৰ সম্ভাৱনা

‘মৰাণত বিমান অৱতৰণ কৰাটো ডাঙৰ কথা নহয়’; উন্নয়নৰ জয়যাত্ৰাক গৌৰৱ গগৈৰ উপলুঙা

মৰাণৰ  জৰুৰীকালীন বিমান অৱতৰণ(ELF) ৰ সূচল চাৰিলেনযুক্ত ৰাজপথ মুকলি কৰাৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উন্নয়নৰ জয়যাত্ৰাক উপলুঙা গৌৰৱ গগৈৰ

শনিবাৰে মৰাণৰ  জৰুৰীকালীন বিমান অৱতৰণ(ELF) ৰ সূচল চাৰিলেনযুক্ত ৰাজপথ উদ্ধোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ পিছতে এতিয়া এই উন্নয়নৰ জয়যাত্ৰাক উপলুঙা কৰিছে সাংসদ গৌৰৱ গগৈয়ে।মৰাণত হোৱা এয়াৰ শ্ব’ক তুচ্ছ তাচ্ছিল্য গোৰৱ গগৈৰ।

সাংবাদিকৰ প্ৰশ্ন গৌৰৱ গগৈয়ে দিয়া উত্তৰত অসমত হোৱা উন্নয়ণত তেওঁ যে সুখী নহয় তাক দেখিবলৈ পোৱা গৈছে।

গৌৰৱ গগৈয়ে কয় যে, ‘মৰাণত বিমান অৱতৰণ কৰাটো ডাঙৰ কথা নহয়, বিমানৰ ভাড়া কিমান সেয়াহে গুৰুত্বপূৰ্ণ।বিমান বন্দৰত একাপ চাহৰ দামো কিমান সেয়াহে বেছি গুৰুত্বপূৰ্ণ।

মৰাণত যুদ্ধবিমানৰ এয়াৰ শ্ব’ৰ পৰা অসমীয়াৰ কি লাভ হ’ব। মৰাণত বিমান অৱতৰণ কৰাতকৈ আমেৰিকাৰ জেফ্ৰি এপষ্টেইন ফাইলছ বেছি গুৰুত্বপূৰ্ণ। সাংসদ গৰাকীয়ে হাইৱেত বিমান নমালে অসমৰ কি উন্নয়ন হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰে।

লগতে পঢ়ক: মৰাণৰ আকাশত গৰজি উঠিল সুখয়, ৰাফেল আৰু হাৰ্কিউলিচ C 130J; ৰচনা হ’ল নতুন ইতিহাসৰ

গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি; মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা

গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ সৈতে জড়িত কোনো ৰাজহুৱা মন্তব্য বা বিবৃতি প্ৰদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰা ৫০০ কোটি টকীয়া মানহানিৰ গোচৰৰ সন্দৰ্ভত বৃহস্পতিবাৰে আদালতে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰাৰ লগতে বিষয়টোত অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰদান কৰে । আদালতৰ নিৰ্দেশ অনুসৰি, পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ সৈতে জড়িত কোনো ৰাজহুৱা মন্তব্য বা বিবৃতি প্ৰদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিং আৰু ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিৰুদ্ধেও অনুৰূপ নিৰ্দেশনা জাৰি কৰিছে আদালতে ।

আদালতে এই গোচৰৰ সন্দৰ্ভত ‘অসমীয়া প্ৰতিদিন’ৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাকো নিৰ্দেশ প্ৰদান কৰিছে । তদুপৰি, আদালতে গৌৰৱ গগৈকে ধৰি সাতজন ব্যক্তিক অহা ৯ মাৰ্চত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে, যিদিনা এই বিষয়টোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁৰ ব্যক্তিগত সম্পত্তি আৰু সততাৰ বিৰুদ্ধে তেওঁৰ ৰাজহুৱা ভাবমূৰ্তি নষ্ট কৰাৰ উদ্দেশ্যে অসত্য, মানহানিকাৰক আৰু বিদ্বেষপূৰ্ণ মন্তব্য কৰা বুলি অভিযোগ কৰি গৌৰৱ গগৈ, ভূপেশ বাঘেল আৰু জীতেন্দ্ৰ সিঙৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি মানহানিৰ গোচৰ ৰুজু কৰিছিল । উল্লেখ্য যে, অসমত বৃদ্ধি পোৱা ৰাজনৈতিক তৎপৰতাৰ মাজতে এই গোচৰটোৱে বিশেষ গুৰুত্ব বহন কৰিছে, য’ত যোৱা কেইবামাহধৰি শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত অভিযোগ আৰু প্ৰতি-অভিযোগ তীব্ৰতৰ হৈ পৰিছে ।

অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰদান কৰাৰ সময়ত আদালতে সংযম বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু চলি থকা ন্যায়িক প্ৰক্ৰিয়া যাতে ৰাজহুৱা বিবৃতি বা সংবাদ মাধ্যমৰ বাতৰিৰ দ্বাৰা প্ৰভাৱিত নহয় সেয়া নিশ্চিত কৰিবলৈ কয় ।

এই বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মৰ্যাদা ৰক্ষাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছিল আৰু দৃঢ়তাৰে কৈছিল যে ৰাজহুৱা ভাষণত উত্তৰদায়ীত্ব থাকিব লাগে, বিশেষকৈ যেতিয়া কোনো প্ৰমাণ অবিহনে গুৰুতৰ অভিযোগ উত্থাপন কৰা হয় ।

৯ মাৰ্চৰ পৰৱৰ্তী শুনানিৰ সময়ত আদালতে সকলো পক্ষৰ দাখিলসমূহ পুনৰ পৰীক্ষা কৰাৰ সম্ভাৱনা আছে, যিদিনা উত্তৰদাতাসকলক উপস্থিত থাকিবলৈ কোৱা হৈছে ।

লগতে পঢ়ক : ১৪ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী; অসমবাসীক দিব উপহাৰৰ টোপোলা

‘বেদখলকাৰীৰ বাবে কোনো সকাহ নাই, অসমত উচ্ছেদ চলি থাকিব’; মুখ্যমন্ত্ৰী

অসমত চলি থকা উচ্ছেদক লৈ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে।

উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে। এই ৰায়দানত ৰাজ্য চৰকাৰক বনাঞ্চলত উচ্ছেদ অভিযান অব্যাহত ৰাখিবলৈ অনুমতি দিয়াৰ লগতে এটা গাঁথনিগত পৰ্যালোচনা ব্যৱস্থা স্থাপন কৰাৰ বাবেও অনুমতি প্ৰদান কৰিছে। বুধবাৰে দিছপুৰ লোকসেৱা ভৱনত সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এতিয়াৰে পৰা বনাঞ্চলৰ ভূমিত উচ্ছেদ চলাবলৈ চৰকাৰৰ অধিকাৰ আছে।ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰিয়ে কমিটি গঠন কৰা হ’ব।

অভিযোগ আপত্তি নিষ্পত্তিৰ বাবে চৰকাৰক কমিতি গঠন কৰাৰ বাবে ন্যায়ালয়ে পৰামৰ্শ দিছে।   বনাঞ্চলৰ সীমা নিৰ্ধাৰণৰ বাবেই এই কমিটি গঠন কৰা হৈছে।এই কমিতিৰ সমৰ্থনৰ জৰিয়তে উচ্ছেদৰ জাননী দিব পাৰিব।

জিলা আয়ুক্ত আৰু বন বিভাগৰ নেতৃত্বত গঠন হ’ব কমিটি।জাননী পোৱাৰ ১৫দিনৰ ভিতৰতে চৰকাৰে চলাব পাৰিব উচ্ছেদ।  খিলঞ্জীয়া লোকক ফৰেষ্ট আইনৰ জৰিয়তে দিয়া হ’ব ভূমিৰ অধিকাৰ।

মুখ্যমন্ত্ৰীয়ে কয় যে গোলাঘাট আৰু নগাঁও জিলাত উচ্ছেদ অভিযান চলোৱাৰ পিছত, কিছুমান ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।কিন্তু আদালতৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰে এতিয়া সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অব্যাহত ৰাখিব পাৰিব।  

মুখ্যমন্ত্ৰী শৰ্মাই অৱগত কৰে যে সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ জৰিয়তে,চৰকাৰে এতিয়ালৈকে ১,২৫,৩২৬ বিঘা মাটি বেদখল মুক্ত কৰিছে।ৰাজহ ভূমিকে ধৰি পুনৰুদ্ধাৰ কৰা মুঠ মাটিকালি প্ৰায় ১.৬০ লাখ বিঘা।

লগতে পঢ়ক: ১৪ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী; অসমবাসীক দিব উপহাৰৰ টোপোলা  

১৪ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী; অসমবাসীক দিব উপহাৰৰ টোপোলা  

অসমবাসীলৈ কেইবাটাও উপহাৰৰ টোপোলা লৈ ১৪ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

অসমৰ বাবে ১৪ ফেব্ৰুৱাৰী হ’ব ঐতিহাসিক দিন।অসমবাসীলৈ কেইবাটাও উপহাৰৰ টোপোলা লৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

১৪ ফেব্ৰুৱাৰীৰ দিনা পুৱা  দিল্লীৰ পৰা পোনে পোনে  ৯.৫০ত চাবুৱাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। বুধবাৰে লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দিল্লীৰ পৰা পোনে পোনে মৰাণৰ ইমাৰজেন্সি লেণ্ডিং ফিল্ডত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান।

তাৰ পিছতেই আধাঘন্টাৰ ভিতৰত ১৬খন বিমান উৰিব মৰাণৰ আকাশত। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই পোনে পোনে গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী।

দুপৰীয়া ১ বজাত গুৱাহাটীত উপস্থিতি হৈ গুৱাহাটী-উত্তৰ গুৱাহাটী দলং মুকলি কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।মুকলিৰ পিছত কিছুসময় এই অত্যাধুনিক দলংখন পৰিদৰ্শন কৰিব মোদীয়ে।

তাৰ পিছত লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰী গৰাকীয়ে IIMৰ অস্থায়ী চৌহদ মুকলি কৰিব । ১৪ ফেব্ৰুৱাৰীৰ দিনাই জ্যোতিৰাদিত্য সিন্ধিয়াই এডভান্টেজ অসমত উল্লেখ কৰা DATA CENTER ৰ শুভ উদ্বোধন কৰিব তেওঁ।

ইয়াৰ লগতে তেওঁ গুৱাহাটীত ১০০খন বৈদ্যুতিক বাছৰ শুভাৰম্ভণিও কৰিব। আৰু শেষত দুপৰীয়া ২বজাত খানাপাৰাত বিজেপিৰ বুথ সন্মিলনত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে।

লগতে পঢ়ক: অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত নামিব যুদ্ধ বিমান : প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বায়ুসেনাই কৰিব শক্তি প্ৰদৰ্শন

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত নামিব যুদ্ধ বিমান : প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বায়ুসেনাই কৰিব শক্তি প্ৰদৰ্শন

বিগত ১১ বছৰৰ ভিতৰত এয়া হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ৩৮ সংখ্যক অসম ভ্ৰমণ । প্ৰধানমন্ত্ৰীৰ বিমান বিমানবন্দৰৰ পৰিৱৰ্তে ঘাইপথত নিৰ্মিত ইমাৰ্জেন্সী এয়াৰ ষ্ট্ৰীপত অৱতৰণ কৰিব ।

১৪ ফেব্ৰুৱাৰীত উন্নয় তথা বিকাশৰ বতৰা লৈ অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ ডিব্ৰুগড়-মৰাণ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা ইমাৰজেন্সী এয়াৰষ্ট্ৰীপত অৱতৰণ কৰিব । তেওঁ সেনাবাহিনীৰ বিমানযোগে এই এয়াষ্ট্ৰীপত অৱতৰণ কৰিব । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে প্ৰায় ৩০ৰ পৰা ৪০ মিনিটৰ বাবে বিশেষ ৰাফেল আৰু ছুখয় বিমানৰ প্ৰদৰ্শনীও অনুষ্ঠিত হ’ব । বিগত ১১ বছৰৰ ভিতৰত এয়া হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ৩৮ সংখ্যক অসম ভ্ৰমণ ।

উত্তৰ-পূব ভাৰতৰ এইটোৱেই হ’ব প্ৰথম এনে অনুষ্ঠান, য’ত প্ৰধানমন্ত্ৰীৰ বিমান বিমানবন্দৰৰ পৰিৱৰ্তে ঘাইপথত নিৰ্মিত ইমাৰ্জেন্সী এয়াৰ ষ্ট্ৰীপত অৱতৰণ কৰিব । এই অনুষ্ঠানত উত্তৰ-পূব অঞ্চলৰ কৌশলগত সামৰ্থ আৰু জৰুৰীকালীন প্ৰস্তুতি প্ৰদৰ্শন কৰাই নহয়, ঘাইপথ ভিত্তিক বিমানপথৰ উপযোগিতাৰ সামৰ্থও প্ৰদৰ্শিত হ’ব । প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক অঞ্চলটোৰ আন্তঃগাঁথনি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এক উল্লেখযোগ্য বাৰ্তা হিচাপে বিবেচিত হৈছে ।

উল্লেখ্য যে, ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যত নিৰ্মাণ কৰা হৈছে মৰাণ এয়াৰষ্ট্ৰীপ । ই ভাৰতীয় বায়ুসেনাৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধা । লগতে সামৰিক আৰু অসামৰিক উভয় বিমানৰ বাবে ইয়াক ডিজাইন কৰা হৈছে । জানিব পৰা মতে এই অনুষ্ঠানত  প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ৰাফেল আৰু ছুখয় যুদ্ধ বিমানৰ বিশেষ প্ৰদৰ্শন অনুষ্ঠিত হ’ব । এই অনুষ্ঠানৰ সময়ত যুদ্ধ বিমানসমূহে ঘাইপথত অৱতৰণ আৰু উৰণ প্ৰদৰ্শন কৰিব । এই প্ৰদৰ্শন প্ৰায় ৩০ৰ পৰা ৪০ মিনিটৰ হ’ব ।

ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদী অসমত উপস্থিত হ’ব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবৰ প্ৰথমটো ঘাইপথ ভিত্তিক জৰুৰীকালীন অৱতৰণ ষ্ট্ৰিপত অৱতৰণ কৰিব । বিশেষ আকাশী প্ৰদৰ্শনৰ অংশ হিচাপে ৰাফেল আৰু ছুখয়কে ধৰি যুদ্ধ বিমানো এই পথত অৱতৰণ কৰিব । এই ভ্ৰমণৰ সময়ত মোদীয়ে কুমাৰ ভাস্কৰ বাৰ্মা সেতু উদ্বোধন কৰিব, আই আই এম পলাশবাৰীত পাঠ্যক্ৰম আৰম্ভ কৰিব, গুৱাহাটীত ১০০খন বৈদ্যুতিক বাছৰ ফ্লেগ অফ কৰিব আৰু এন আই চি ডাটা চেণ্টাৰো উদ্বোধন কৰিব । ইয়াৰ পিছতে বিজেপিৰ বুথ অধিৱেশনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।

লগতে পঢ়ক : উখৰুলৰ হিংসাপীড়িত অঞ্চল ভ্ৰমণ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ, শান্তি, সম্প্ৰীতি, সংযম বৰ্তাই ৰখাৰ আহ্বান

‘তেওঁক তক্ষশীলালৈ যোৱাত কোনে সহায় কৰিছিল’; গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

গৌৰৱ গগৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ টুইট কৰিছে। য’ত মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈক তক্ষশীলালৈ যোৱাত কোনে সহায় কৰিছিল বুলি প্ৰশ্ন উত্থাপন কৰিছে।

গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সত এটা পোষ্ট দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে পোষ্টটোত লিখিছে যে,আজি সংবাদমেলত গৌৰৱ গগৈয়ে এনে এটা তথ্য প্ৰকাশ কৰিলে যিটো কথা আনকি ময়ো আগতে জনা নাছিলো।

প্ৰাচীন তক্ষশীলা ইছলামাবাদত নহয়, পঞ্জাৱৰ ৰাৱালপিণ্ডিহে অৱস্থিত। এই তথ্যই এটা গুৰুতৰ আৰু অনিবাৰ্য প্ৰশ্নৰ উত্থাপন কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈৰ ভিছা সন্দৰ্ভটো প্ৰশ্ন উত্থাপন কৰি লিখিছে যে, যদি তেওঁৰ পাকিস্তান ভিছাত স্পষ্টভাৱে কেৱল লাহোৰ, কৰাচী আৰু ইছলামাবাদ ভ্ৰমণৰহে অনুমতি আছিল , তেন্তে ইছলামবাগৰ ৰাজধানী ভূখণ্ডৰ বাহিৰত আৰু চতুৰ্ভুজভাৱে ৰাৱালপিণ্ডি জিলাৰ ভিতৰত অৱস্থিত তক্ষশীলা তেওঁ কেনেকৈ ভ্ৰমণ কৰিছিল,যি ইছলামবাগ ৰাজধানী ভূখণ্ডৰ বাহিৰত আৰু চতুৰ্ভুজভাৱে ৰাৱালপিণ্ডি জিলাৰ ভিতৰত অৱস্থিত?

পাকিস্তানৰ প্ৰব্ৰজন নিয়ম অনুসৰি ভিছা নিৰ্ধাৰিত চহৰৰ বাহিৰলৈ যোৱাৰ অনুমতি বিশেষ অনুমোদন অবিহনে কৰা নহয়।গতিকে প্ৰশ্নটো সহজ, বাস্তৱিক আৰু বৈধ:। তেওঁ

ৰাৱালপিণ্ডি জিলাৰ বাবে ভিছা ক্লিয়াৰেন্সৰ আপাত দৃষ্টিত অনুপস্থিত থকাৰ পিছতো গৌৰৱ গগৈক তক্ষশীলালৈ যোৱাৰ সুবিধা কোনে দিলে? এই ৰাওয়ালপিণ্ডিতেই পাকিস্তান সেনাৰ মুখ্য কাৰ্যালয় অৱস্থিত।যিটো আমাৰ কৰাণে অতি স্পৰ্শকাতৰ বিষয় ।

লগতে পঢ়ক: এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানলৈ প্ৰেৰণ কৰিছিল IBৰ গোপন ৰিপ’ৰ্ট! বিস্ফোৰক তথ্য ফাদিল