নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভেচ্ছাঃ ভূপেন বৰাক বিজেপিলে আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক বিজেপিত আদৰণি জনাই ।

কংগ্ৰেছত ভেটিত কঁপনি তুলি দেওবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাক বিজেপিত আদৰণি জনাই কয় যে আজিৰ পৰা বৰাই এক নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব ।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভূপেন বৰাৰ অভিজ্ঞতাক স্বীকাৰ কৰি কয় যে তেওঁ কংগ্ৰেছ দললৈ বহু অৱদান আগবঢ়াইছে । তেওঁ কয়, “ভূপেন কুমাৰ বৰাই কংগ্ৰেছ দলৰ বাবে বহুত অৱদান আগবঢ়াইছে । তেওঁ ৩২ বছৰ ধৰি কংগ্ৰেছ দলত সেৱা আগবঢ়াইছিল । আজিৰ পৰা তেওঁ এক নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব । মই তেওঁলৈ শুভকামনা জনাইছো ।”

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ উপস্থিতিত ভূপেন বৰাই আজি বিজেপিত যোগদান কৰে । ইয়াৰ পূৰ্বে মঙলবাৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পিছত বৰাই বিজেপিত যোগদান কৰিব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ভূপেন কুমাৰ বৰাক তেওঁৰ নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ । আজিৰে পৰা তেওঁৰ কংগ্ৰেছৰ পৰিচয় সম্পূৰ্ৰূপে নোহোৱা হ’ল । এতিয়া আমি এগৰাকী গৌৰৱী বিজেপিৰ কাৰ্যকৰ্তা হিচাবে, বিজেপিক শক্তিশালী কৰিবলৈ, অসম মাতৃ আৰু ভাৰত মাতৃৰ সেৱা কৰিবলৈ আমি একেলগে কাম কৰিম ।

লগতে পঢ়ক : গেৰুৱা বসন, গেৰুৱা টুপি পিন্ধি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান ভূপেন বৰাৰ

কাইলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই

কাইলৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব সদ্য কংগ্ৰেছ ত্যাগী নেতা, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই

অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ । চলিত বছৰৰ এপ্ৰিল মাহত ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে এতিয়া ককালত টঙালি বান্ধিছে । ইয়াৰ মাজতে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে । যাৰ বাবে এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত শলঠেকত পৰিছে দলটো ।

২২ ফেব্ৰুৱাৰী, দেওবাৰ ৰাজ্যৰ ৰাজনীতিৰ এটা উল্লেখযোগ্য দিন হিচাবে পৰিগণিত হ’বলৈ গৈ আছে । এই দিনটোতে কংগ্ৰেছ এৰি শ শ লোকে বিজেপি দলত যোগদান কৰিব । বিশেষভাৱে চৰ্চিত বিষয়টো হ’ল যে, কাইলৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব সদ্য কংগ্ৰেছ ত্যাগী নেতা, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই । পুৱা ১০ বজাত বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ভূপেন কুমাৰ বৰাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব । আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইয়াক ৰাজ্যৰ ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে গণ্য কৰা হৈছে ।

এই যোগদান কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ উপৰিও বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু দলৰ জ্যেষ্ঠ নেতা বৈজয়ন্ত পাণ্ডাও এই অনুষ্ঠানত উপস্থিত থাকিব ।

ভূপেন বৰাই ইয়াৰ পূৰ্বে ঘোষণা কৰিছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছত ৩২ বছৰ কটোৱাৰ পিছত তেওঁ বিজেপিত যোগদান কৰি এক নতুন ৰাজনৈতিক অধ্যায় আৰম্ভ কৰিব । এই সিদ্ধান্তক তেওঁ দৃঢ়তা আৰু স্পষ্টতাৰে লোৱা এক পদক্ষেপ বুলি অভিহিত কৰিছে ।

ইফালে চৰ্চা অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনত ভঊপেন বৰাই বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে, যদিও তেওঁৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ।

লগতে পঢ়ক : এতিয়া অসমক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিবঃ কচুতলীৰ পৰা অবৈধ বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰীৰ

এতিয়া অসমক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিবঃ কচুতলীৰ পৰা অবৈধ বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰীৰ

এতিয়া কোনোবাই যদি অসমলৈ ৰঙা চকুৰে চাই সেই ৰঙা চকু আমি কাঢ়ি উলিয়াই আনিম । কচুতলীৰ পৰা হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

এইখন নতুন অসম । এতিয়া অসমক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব । এতিয়া কোনোবাই যদি অসমলৈ ৰঙা চকুৰে চাই সেই ৰঙা চকু আমি কাঢ়ি উলিয়াই আনিম । সোণাপুৰৰ কচুতলীৰ পৰা অবৈধ বিদেশীক এই হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে কচুতলীত অনুষ্ঠিত হোৱা চিআৰপিএফৰ প্ৰতিষ্ঠা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- কচুতলীত ৭০৮ বিঘা মাটি সন্দেহজনক লোকে দখল কৰি আছিল । স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি এই অবৈধ লোকসকলক উচ্ছেদৰ বাবে দাবী জনাই আহিছিল যদিও কোনোৱে সাহস কৰা নাছিল । কিন্তু বিজেপি চৰকাৰৰ নেতৃত্বত কচুতলীৰ এই ৭০৮ বিঘা মাটি অবৈধ দখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হ’ল । বিজেপি চৰকাৰে শাসনত নহা হ’লে কোনোৱে এই কাম কৰিব নোৱাৰিলেহেতেন ।

অসমত বিগত পাঁচ বছৰত এক লাখ দহ বিঘা মাটিত উচ্ছেদ চলোৱা হৈছে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । লগতে ২৬ হাজাৰ বিঘা চৰকাৰী মাটি আৰু ভিজিআৰ-পিজিআৰ ৭ হাজাৰ বিঘা মাটিত উচ্ছেদ চলোৱা হৈছে বুলিও জনায় তেওঁ । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই মাটিত অবৈধ বাংলাদেশী বহি আছিল আৰু বিগত পাঁচ বছৰত ৰাজ্যত ডেৰ লাখ বিঘা মাটি অবৈধ লোকৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে । আনহাতে এইবাৰ নিৰ্বাচনত ৰাজ্যৰ শাসনলৈ পুনৰ বিজেপি চৰকাৰ আহিলে পাঁচ লাখ বিঘা মাটিৰ পৰা অবৈধ বাংলাদেশীক উচ্ছেদ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এতিয়া অসম পূৰ্বৰ দৰে নহয় বুলি হুংকাৰ দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- অসমক আমি বাংলাদেশীৰ পৰা মুক্ত কৰিবই লাগিব । শ্বহীদসকলৰ তেজৰ মূল্য আমি দিবই লাগিব । আজি আমি অবৈধ বাংলাদেশীক বুজাই দিলো যে এতিয়াৰ অসম পূৰ্বৰ দৰে নহয় । কোনোবাই যদি আমাৰ ফালে ৰঙা চকুৰে চাই তেন্তে আমি সেই ৰঙা চকু কাঢ়ি আনিম কিন্তু আমি কাৰো লগত আপোচ নকৰোঁ । এইখন নতুন অসম, অটল, অবিচল, অগ্ৰগামী অসম ।

অসমৰ মাটি আৰু নতুনকৈ কোনোৱে দখল কৰিব নোৱাৰিব বুলি উল্লেখ কৰি তেওঁ কয়- অসমৰ গঁড় কোনোবাই যদি হত্যা কৰিব বিচাৰে দহবাৰ চিন্তা কৰিব লাগিব যে তেওঁ উভতি যাব পাৰিব নে নোৱাৰে । অসমত এতিয়া ছেমিকণ্ডাক্টৰ আহিছে, অসমৰ ৰাজপথত এতিয়া কেৱল মটৰ গাড়ীয়েই নচলে, অসমৰ ৰাজপথত এতিয়া এৰোপ্লেনো লেণ্ডিং কৰিব পাৰে । এনেকুৱা সাহস বিগত পাঁচ বছৰত অসমীয়াই গোটাব পাৰিলে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, এতিয়া অসমীয়াই সকলোকে বুজাই দিছে যে আগৰ দিন নাই । এতিয়া দিন পৰিৱৰ্তন হৈছে । অসমৰ পৰা আমি এনেকুৱা পৰিৱশ সৃষ্টি কৰিম কেৱল কচুতলীয়েই নহয় সমগ্ৰ অসমৰ পৰা এদিন এই বাংলাদেশী পলাব লাগিব ।

লগতে পঢ়ক : কংগ্ৰেছে কৰা ‘পাপ’ৰ পৰা অসমক মুক্ত কৰিব বিজেপিয়ে: কচুতলীৰ পৰা অমিত শ্বাহৰ হুংকাৰ

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা: মুখ্যমন্ত্ৰী

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ১৪ মাৰ্চত বৰাক উপত্যকালৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত দেখা গৈছে নিৰ্বাচন কেন্দ্ৰীক কুচ-কাৱাজ । নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও ইতিমধ্যে প্ৰায় প্ৰত্যেকটো দলেই নিজৰ নিজৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ পথত আগবাঢ়িছে । ইয়াৰ মাজতে বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ ৰাজ্যত বিশেষভাৱে চৰ্চা চলিছে ।

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । কাছাৰত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নত ফাকুৱাৰ পূৰ্বে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা নকৰে বুলি স্পষ্ট কৰি দিয়ে । প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতহে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- হোলীৰ পূৰ্বে প্ৰকাশ নাপায় প্ৰাৰ্থী তালিকা । প্ৰধানমন্ত্ৰী যোৱাৰ পিছতহে প্ৰকাশ ৰা হ’ব ।

১৪ মাৰ্চত বৰাকলৈ আহিব প্ৰধানমন্ত্ৰী-

নিৰ্বাচনৰ পূৰ্বে পুনৰ অসমলা আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ১৪ মাৰ্চত বৰাক উপত্যকালৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই ভ্ৰমণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিবলৈ দিয়ে তেওঁ । মুখ্যমন্ত্ৰীয়ে কয় যে, এই ভ্ৰমণত পাঁচগ্ৰামৰ পৰা গুৱাহাটীলৈ নিৰ্মাণ হ’বলগা এক্সপ্ৰেছ হাইৱেৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । এই পথটোৱে গুৱাহাটীলৈ যাত্ৰাৰ সময় চাৰে চাৰি ঘন্টা হ্ৰাস কৰাৰ লগতে প্ৰকল্পটোৰ বাবে ভূমি অধিগ্ৰহণকে ধৰি প্ৰায়বোৰ কাম ইতিমধ্যে সমাপ্ত হৈছে বুলিও জানিবলৈ দিয়ে তেওঁ । ইফালে শিলচৰ উৰণ সেতুৰো প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : অৱহেলিত অতীতৰ পৰা দেশৰ কেন্দ্ৰবিন্দুলৈ : বৰাকক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

অৱহেলিত অতীতৰ পৰা দেশৰ কেন্দ্ৰবিন্দুলৈ : বৰাকক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ উন্নয়ন আৰু ভাৰতৰ ‘এক্ট ইষ্ট’ নীতিত বৰাক উপত্যকাৰ বৰ্ধিত গুৰুত্বৰ কথা আলোকপাত কৰে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কাছাৰৰ পৰা দেশজুৰি ‘ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰেম ২’ (Vibrant Village Programme II) মুকলি কৰাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ উন্নয়ন আৰু ভাৰতৰ ‘এক্ট ইষ্ট’ নীতিত বৰাক উপত্যকাৰ বৰ্ধিত গুৰুত্বৰ কথা আলোকপাত কৰে ।

এক্সত কৰা এটা পোষ্টত মুখ্যমন্ত্ৰী ড০ শৰ্মাই আগন্তুক বৰাক উপত্যকা সচিবালয়ৰ প্ৰসংগ উত্থাপন কৰি কয় : “আজি যেতিয়া আদৰণীয়া অমিত শ্বাহ ডাঙৰীয়াই কাছাৰৰ পৰা দেশজুৰি ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰেম ২ মুকলি কৰিবলৈ সাজু হৈছে, ই ৰাষ্ট্ৰীয় পৰ্যায়ত এই অঞ্চলটোৰ গুৰুত্বকে প্ৰতিফলিত কৰিছে ।” তেওঁ উল্লেখ কৰে যে এসময়ত অৱহেলিত এই অঞ্চলটো এতিয়া “অসমৰ উন্নয়নৰ দৃষ্টিভংগী আৰু ৰাষ্ট্ৰীয় এক্ট ইষ্ট ভিজনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অঞ্চল ।”

ড০ শৰ্মাই আন্তঃগাঁথনিমূলক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে এখন এক্সপ্ৰেছৱেৰ জৰিয়তে গুৱাহাটী আৰু শিলচৰৰ মাজৰ ভ্ৰমণৰ সময় মাত্ৰ পাঁচ ঘণ্টালৈ হ্ৰাস পাব । তেওঁ দৃঢ়তাৰে কয়, “আমাৰ ডাবল ইঞ্জিন চৰকাৰ অধিক কাম কৰিবলৈ আৰু বৰাক তথা ব্ৰহ্মপুত্ৰ—উভয় উপত্যকাৰে সম-উন্নয়ন নিশ্চিত কৰিবলৈ দায়বদ্ধ ।”

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য প্ৰকাশ পাইছে ।

লগতে পঢ়ক : তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ

‘কংগ্ৰেছে ৩০ লাখ বিঘা ভূমি বেদখলকাৰীক এৰি দিছিল’; বিধানসভাত কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিনত কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ দিনত ৩০ লাখ বিঘা ভূমি বেদখলকাৰীক এৰি দিছিল।

পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিন।এই বিধানসভাৰ মজিয়াতেই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আমাৰ চৰকাৰে কংগ্ৰেছৰ নীতি-বিৰোধী পৰম্পৰাৰ বিৰুদ্ধে যুঁজ দি আহিছে।কংগ্ৰেছৰ দিনতে বাল্য বিবাহ আৰু বহু বিবাহৰ কু-প্ৰথা আৰম্ভ হৈছিল। আৰু এতিয়া আমি সেইবোৰ নিৰ্মূল কৰি আছো।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছে দশকৰ পাছত দশক শাসন কৰিলে কিন্তু অসমৰ ৰাজপথ সমূহ পকী নকৰালে।কিন্তু এতিয়া ৰাজ্যৰ চহৰে-গাঁৱে সকলোৰে বাট-পথ অতি সুচল। কংগ্ৰেছৰ গোটেই ৰাজত্বকালত ব্ৰহ্মপুত্ৰত মাত্ৰ এখনহে দলং আছিল।

কেৱল ইমানেই নহয় কংগ্ৰেছে ৩০ লাখ বিঘা ভূমি বেদখলকাৰীক এৰি দিছিল। কংগ্ৰেছৰ সেই পুৰণি অসমক আমি বৰ্তমান সলনি কৰিলোঁ।চৰকাৰৰ বৰ্তমানৰ লক্ষ্য— এহাতে পট্টা, আনহাতে উচ্ছেদ।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছৰ দিনৰ অশান্ত জৰ্জৰ অসমখন এতিয়া দেশৰ ভিতৰতে শান্তিপূৰ্ণ ৰাজ্য। যোৱা এটা দশকত অসমে কেৱল শান্তিৰ প্ৰকৃত সোৱাদ পাইছে।যোৱা ১০ বছৰত নাই কোনো বোমা বিস্ফোৰণ, নাই কোনো গুলীচালনা।

আনকি এগৰাকীও জোৱান বা অসমীয়া যুৱকে হিংসাত প্ৰাণ হেৰুৱাব লগা হোৱা নাই। অসমৰ এই ৰূপান্তৰৰ গতি এতিয়া অপ্ৰতিৰোধ্য।উন্নতিৰ পথত আগবঢ়া অসমে আৰু কেতিয়াও পিছলৈ ঘূৰি নাচায়।

লগতে পঢ়ক: “একলা চলো” নীতিৰে উত্তৰ প্ৰদেশ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বি এছ পি; মায়াৱতীৰ ডাঙৰ ঘোষণা

‘কংগ্ৰেছৰ সময়ত CM হোৱা হ’লে কাললৈ কলংক ৰৈ গ’লহেতেন’: হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, সেই সময়ত যে মই মুখ্যমন্ত্ৰী নহ’লো সেয়া মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ আছিল । কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱা হ’লে কাললৈ এটা কলংক থাকি গ’লহেতেন ।

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দল ত্যাগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি । ইয়াৰ মাজতে কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আন বিস্ফোৰণ ঘটাইছে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই মঙলবাৰে কয় যে ২০১৪ চনত যেতিয়া ৫৮ জন দলীয় বিধায়কে তেওঁৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰিছিল, তেতিয়া কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে তেওঁক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ তাৰিখ নিৰ্ধাৰণ কৰিবলৈ কৈছিল ।

ৰাজ্যিক বিধানসভাত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সেই সময়ত বিদেশত থকা ৰাহুল গান্ধীৰ হস্তক্ষেপৰ বাবে এই পৰিকল্পনা বাস্তৱায়িত নহ’ল । ড০ শৰ্মাই কয়, “মেডাম (ছোনিয়া গান্ধী), যাক মই আজিও সেই বুলিয়েই সম্বোধন কৰোঁ, তেওঁ মোক তাৰিখ থিৰাং কৰিবলৈ কৈছিল । মই তেওঁক জনাইছিলোঁ যে জুন মাহত (২০১৪) কামাখ্যা মন্দিৰত অম্বুবাচী মেলাৰ পিছত মই শপত ল’ম ।”

তেওঁৰ মতে, ৰাহুল গান্ধীয়ে দলীয় নেতৃত্বক “ফোন কৰাৰ” পিছত পৰিস্থিতি সলনি হৈছিল । সেই কথোপকথনৰ সবিশেষ তেওঁ উল্লেখ কৰা নাছিল যদিও ইয়াৰ ফলত ৰাজ্যিক কংগ্ৰেছৰ ভিতৰচ’ৰাৰ পৰিঘটনাৰ গতিপথ সলনি হোৱা বুলি তেওঁ ইংগিত দিয়ে ।

সেই সময়ৰ কথা স্মৰণ কৰি শৰ্মাই কয়, “মই তেতিয়া আঘাত পাইছিলোঁ, কিন্তু এতিয়া মই বিশ্বাস কৰোঁ যে মানুহৰ জীৱনত যি ঘটে সেয়া মংগলৰ বাবেই হয় । মই কংগ্ৰেছত থকা হ’লে যি পালোঁহেঁতেন, ভগৱানে মোক তাতকৈ বহুত বেছি দিছে ।”

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, সেই সময়ত যে মই মুখ্যমন্ত্ৰী নহ’লো সেয়া মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ আছিল । কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱা হ’লে কাললৈ এটা কলংক থাকি গ’ল হেতেন ।

লগতে তেওঁক সেই সময়ত মুখ্যমন্ত্ৰী নপতাৰ বাবে ৰাহুল গান্ধীক ধন্যবাদ জনাই ড০ শৰ্মাই কয় যে “মোক কংগ্ৰেছে গোৰ মাৰি গংগাত পেলালে । যাৰ বাবে আজি মই অসমৰ বাবে আৰু সনাতন ধৰ্মৰ বাবে বুকু ডাঠ কৰি কাম কৰিব পাৰিছোঁ ।“

তেওঁ কয় যে বিজেপিৰ অধীনত মুখ্যমন্ত্ৰী হোৱাৰ বাবে তেওঁ এনে কিছুমান সুযোগ পালে যিবোৰ অন্যথা সম্ভৱ নহ’লহেঁতেন বুলি তেওঁ বিশ্বাস কৰে । তেওঁ কয়, “বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে মই অসম আৰু সনাতন ধৰ্মক আন্তৰিকতাৰে সেৱা কৰাৰ সুযোগ পালোঁ, যিটো কংগ্ৰেছত থকা হ’লে সম্ভৱ নহ’লহেঁতেন ।”

লগতে পঢ়ক : অসম প্ৰদেশ কংগ্ৰেছ কমিটী এতিয়া APCC-Rলৈ পৰিণত হৈছেঃ ক্ষোভ উজাৰিলে ভূপেন বৰাই

‘অহা ৫ বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব’; মুখ্যমন্ত্ৰী

ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছ দলক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অহা ৫ বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব বুলিও তেওঁ কৈছে।

সোমবাৰে ভূপেন বৰাই পদত্যাগ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘ভূপেন বৰাৰ পদত্যাগক লৈ মই আচৰিত নহয়।

কাৰণ কংগ্ৰেছত এতিয়া হিন্দুৰ স্থান নোহোৱা হৈছে। অসম প্ৰদেশ কংগ্ৰেছত এতিয়া হিন্দু আৰু সাধাৰণ ঘৰৰ পৰা ল’ৰা থকাৰ পৰিৱেশ একেবাৰে নাই।

যিদিনা ভূপেন বৰাক অপসাৰণ কৰা হৈছিল সিদিনাই মই কৈছিলো। সাধাৰণ ঘৰৰ ল’ৰাই কংগ্ৰেছ দলত নেতৃত্ব ল’ব নোৱাৰে।নিজৰ ধৰ্মক সন্মান আৰু মৰম কৰা মানুহে কংগ্ৰেছত থাকিব নোৱাৰে।   

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, কংগ্ৰেছত থাকিবলৈ দুটা চৰ্ত থাকিব লাগিব। হয় তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হ’ব লাগিব নহ’লে ধৰ্ম সংখ্যালঘু হ’ব লাগিব।

মই আগতেই জানিছিলো যে ভূপেন বৰাই পদত্যাগ কৰিবই লাগিব।আৰু মোৰ দ্বিতীয় ভৱিষ্যদ্বাণীটো হৈছে ২০২৯ৰ নিৰ্বাচনৰ পূৰ্বে প্রদ্যুৎ বৰদলৈও কংগ্ৰেছ এৰিব লাগিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ৰকিবুল হুছেইনে কংগ্ৰেছ দলক গ্ৰাস কৰি লৈছে।গৌৰৱ গগৈয়ে অহাবাৰ যোৰহাট নহয়, নগাঁৱৰ পৰা লোকসভা নিৰ্বাচন খেলিব। গতিকে গৌৰৱ গগৈক ৰকিবুল হুছেইনক প্ৰয়োজন হ’ব।

সেইবাবে গড় হত্যাৰ অভিযোগৰ পিছতো গৌৰৱ গগৈয়ে ৰকিবুলক মাজুলীলৈ লৈ গৈছিল।কংগ্ৰেছ দলটো এতিয়া ৰকিবুল হুছেইনকে ধৰি একাংশ সংখ্যালঘু নেতাৰ কথাত উঠাবহা কৰে। আপোনাকোলে লিখি ৰাখক , অহা ৫ বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব।

ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কাইলৈ মই ভূপেন বৰাৰ বাসগৃহলৈ গৈ তেওঁক সাক্ষাৎ কৰিম।তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক সিদ্ধান্ত সন্দৰ্ভত খবৰ ল’ম।

অৱশ্যে বৰ্তমানলৈকে তেওঁ বিজেপিৰ সৈতে কোনো যোগাযোগ কৰা নাই। কিন্তু ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ সদায় খোলা আছে।

আনকি তেওঁ বিজেপিত যোগদান কৰিলে  বিজেপিৰ পৰা ভূপেন বৰাক বিধায়ক বনোৱাৰো চেষ্টা কৰা হ’ব। অৱশ্যে ভূপেন বৰাই বিজেপিত যোগদান নকৰিলেও আমি তেওঁক শুভেচ্ছা জনাম।

লগতে পঢ়ক: “কংগ্ৰেছত এতিয়া স্বেচ্ছাচাৰী শাসন চলিছে”; দল এৰাৰ পিছতে ভূপেন বৰাৰ প্ৰতিক্ৰিয়া…

‘অসমত চলি থাকিব উচ্ছেদ অভিযান’; বেদখলকাৰীক মুখ্যমন্ত্ৰীৰ সকীয়নি

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ এক ডাঙৰ মন্তব্য কৰিছে। বেদখলকাৰীক কঠোৰ সকীয়নি দি উচ্ছেদ চলি যাব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ।

নগাঁৱৰ পৰা বেদখলকাৰীত কঠোৰ সকীয়নি দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱৰ নেহৰুবালিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত এক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী গৰাকীয়ে বেদখলকাৰীক কঠোৰ সকীয়নি কৈছে যে, যোৱা ৫ বছৰত ১.৫০ লাখ বিঘা ভূমি উচ্ছেদ কৰা হৈছে। আৰু অহা ৫ বছৰত আকৌ ৫ লাখ বিঘা ভূমিত উচ্ছেদ চলিব।

মই বেদখলকাৰীৰ নাম, গাঁৱৰ নাম, ফৰেষ্টৰ নাম লিখি লৈছো।তাৰ পিছত তালিকা লৈ ঠায়ে ঠায়ে উচ্ছেদ চলোৱা হ’ব।মোক ভয় দেখুৱাই লাভ নাই, মই সেইবোৰলৈ ভয় নাখাও। উচ্ছেদ চলি আছিল আৰু মই থকালৈকে উচ্ছেদ চলাই যাম।

লগতে পঢ়ক: ভাৰতৰ প্ৰথটো Rail cum Road tunnel হ’ব অসমত; অসমবাসীক কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে