জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীয়ে ঘড়ী উপহাৰ দিলে ভাগিনক

মুখ্যমন্ত্ৰীৰ মৰমৰ উপহাৰ পাই আনন্দত উৎফুল্লিত হৈ পৰে ভাগিন শান্তনু ছেত্ৰী

বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ তৃতীয় দিনটোত হাজাৰ হাজাৰ লোকে গহপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনায় । মুখ্যমন্ত্ৰীগৰাকীয়ে যাত্ৰা পথত সমবেত হোৱা জনতাক অভিবাদন জনাই । দলীয় সমৰ্থকসকলৰ লগতে উপস্থিত লোকে পুষ্প বৰ্ষণ আৰু উল্লাসধ্বনিৰে বাট-পথ ভৰাই তোলে ।

ইফালে জন আশীৰ্বাদ যাত্ৰাৰ তৃতীয়টো দিনত গহপুৰত দেখা গল এক বিশেষ দৃশ্য । জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীয়ে ভাগিনক উপহাৰ দিলে ঘড়ী । যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে পিন্ধি থকা ঘড়ীটো ভাল লগা বুলি কৈছিল শান্তনু ছেত্ৰী নামৰ ছাত্ৰজনে । ইয়াৰ পিছতেই লগে লগে মুখ্যমন্ত্ৰীয়ে ঘড়ীটো খুলি ভাগিনগৰাকীক উপহাৰ দিয়ে । মুখ্যমন্ত্ৰীৰ মৰমৰ উপহাৰ পাই আনন্দত উৎফুল্লিত হৈ পৰে ভাগিন শান্তনু ছেত্ৰী । এই দৃশ্যৰ এটা ভিডিঅ’ এক্স যোগে শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই লিখিছে, “ছাণ্টাক্লজ নহয়, কিন্তু মোৰ ভাগিনসকলৰ বাবে মোৰ হাতত সদায় উপহাৰ থাকে ।”

উল্লেখ্য যে, যোৱা দুটা দিনত জন আশীৰ্বাদ যাত্ৰাত হোৱা জনসমাগমৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাইজৰ সঁহাৰিয়ে তেওঁক ভাবিব নোৱৰাকৈ আপ্লুত কৰিছে । তেওঁ কয়, “কালি নিশা ১২:৩০ বজালৈকে যাত্ৰা চলিছিল আৰু সকলোতে মানুহ আছিল । ৰাইজে সম্পূৰ্ণ আশীৰ্বাদ দিছে । যোৱা পাঁচ বছৰত আমি কৰা কামসমূহ ৰাইজে স্বীকাৰ কৰিছে আৰু মই আশা কৰোঁ তেওঁলোকে এইবাৰ আমাক এক শক্তিশালী জনাদেশ দিব ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভূমিৰ অধিকাৰ আৰু সংস্থাপনৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে বহু লোকে তেওঁক ধন্যবাদ জনাইছে । চৰকাৰৰ স্থিতি পুনৰ দোহাৰি তেওঁ কয় যে উচ্ছেদ অভিযান অব্যাহত থাকিব আৰু অনাগত পাঁচ বছৰত পাঁচ লাখ বিঘা ‘বেদখলীকৃত’ ভূমি উদ্ধাৰ কৰা হ’ব । তেওঁ লগতে ভূমিৰ পট্টা কেৱল খিলঞ্জীয়া লোককহে প্ৰদান কৰা হ’ব বুলি কয় ।

লগতে পঢ়ক : ‘মিত্ৰতাৰ পৰিস্থিতি ভাল নহয়’; কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পত্নীলৈ চৰকাৰী চাকৰি; কেবিনেটৰ ডাঙৰ সিদ্ধান্ত

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰৰ কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই সিদ্ধান্ত সমূহ।

মূখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পত্নীক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব।উপসনা বকলিয়াল গগৈক তৃতীয় বৰ্গৰ পদত দিয়া হ’ব নিযুক্তি। তিনিচুকিয়া জিলাতে তৃতীয় বৰ্গৰ পদত তেওঁক নিযুক্তি দিয়া হ’ব।

ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বেই নিযুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে।ইয়াৰ বাবে কেবিনেটে মঞ্জুৰি গ্ৰহণ কৰিছে।  

লগতে পঢ়ক: খিলঞ্জীয়াৰ নহয়, মিঞা-মুছলমানৰ সমষ্টিক লৈহে বিৰোধীৰ কাজিয়াঃ মুখ্যমন্ত্ৰীৰ কটাক্ষ

খিলঞ্জীয়াৰ নহয়, মিঞা-মুছলমানৰ সমষ্টিক লৈহে বিৰোধীৰ কাজিয়াঃ মুখ্যমন্ত্ৰীৰ কটাক্ষ

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ভংগৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে, য’ত নব্বৈ শতাংশ মিঞা মুছলমান আছে সেই আসনকেইখনৰ বাবে মিত্ৰতা ভাগিল ।

ৰাজ্যৰ বিৰোধী মিত্ৰতাক লৈ পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মিঞা-মুছলমানৰ সমষ্টিক লৈহে বিৰোধীৰ কাজিয়া, তেওঁলোকে খিলঞ্জীয়াৰ বাবে কাজিয়া লগা নাই বুলি বিৰোধীক কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁলোকৰ ভোট বেংক মিঞা মুছলমান বুলি কয় তেওঁ ।

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ভংগৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে, য’ত নব্বৈ শতাংশ মিঞা মুছলমান আছে সেই আসনকেইখনৰ বাবে মিত্ৰতা ভাগিল । দুয়োটা দলৰে এতিয়া ভোট বেংক হৈছে মিঞা মুছলমান । যদি কাজিয়াখন যোৰহাট-ডিব্ৰুগড়ক লৈ লাগিলহেতেন তেতিয়া মনটো ভাল লাগিলহেতেন । কাজিয়াখন জনিয়া-বাঘবৰক লৈ লাগি আছে । ইয়ে প্ৰমাণ কৰিছে যে, খিলঞ্জীয়া ভাৰতীয় সনাতনী মানুহে এশ শতাংশ বিজেপিক ভোট দিব । যি ২২ টা সমষ্টিত আমি যাব নোৱাৰো তাতেই তেওঁলোকে খোৱা-কামোৰা কৰি আছে ।

বিৰোধী দলপতিৰ মৰ্যাদা লাভ কৰিবলৈ কংগ্ৰেছে ৬টাকৈ খিলঞ্জীয়া সমষ্টি জিকিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে, বৰ্তমান খিলঞ্জীয়া সমষ্টিত জিকাটো কংগ্ৰেছৰ কাৰণে সহজ নহয় । নিজৰ দলৰ চিহ্নত ২৪খন আসনত জিকিলেহে কংগ্ৰেছে বিৰোধী দলপতিৰ পদটো লাভ কৰিব । কিন্তু এতিয়া সমষ্টি মিত্ৰ দলক বিলাওতে বিলাওতে বিৰোধী দলপতিৰ আসনখনো তেওঁলোকৰ হাতৰ পৰা যাবগৈ ।

লগতে পঢ়ক : গৌৰৱ গগৈক ঘেৰাও কৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ, দল ত্যাগৰ হুংকাৰ

বিকাশৰ বিৰোধিতা কৰাসকলক উন্নয়নৰ ধুমুহাই উৰুৱাই নিবঃ মুখ্যমন্ত্ৰীৰ মন্তব্য

অসমৰ উন্নয়নৰ বিৰোধিতা কৰাসকলক উন্নয়ৰ ধুমুহাই উৰুৱাই নিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

‘মানুহে কল্পনা কৰিব নোৱৰাকৈ অসমৰ বিকাশ হৈছে । সেইবাবেই মানুহে বিজেপি দলক সমৰ্থন কৰিছে । ঋণাত্মক চিন্তা কৰা সকলক উন্নয়ৰ ধুমুহাই উৰুৱাই লৈ যাওক ।‘ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । মঙলবাৰে মৰিয়নীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত বিৰোধীক কটাক্ষ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কল্পনা কৰিব নোৱৰাকৈ বিকাশ হৈছে অসমৰ-

মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে, ৰাজ্যত কোনোৱে কল্পনা কৰিব নোৱৰাকৈ বিকাশ হৈছে । অসমৰ উন্নয়ৰ বিৰোধিতা কৰাসকলক তথা এই সম্পৰ্কে ঋণাত্মক চিন্তা কৰা সকলক উন্নয়ৰ ধুমুহাই উৰুৱাই নিব বুলি মন্তব্য কৰে তেওঁ । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ উন্নয়নৰ বাবে তেওঁ কাম কৰি আছে । লাহে লাহে ঋণাত্মক পৰিৱেশ নোহোৱা হৈছে । বহু প্ৰচেষ্টাৰ পিছতো বিগত পাঁচ বছৰত এটাও আন্দোলন বিৰোধীয়ে কৰাব নোৱাৰিলে বুলি দাবী কৰে তেওঁ । ইয়াৰ কাৰণ হিচাবে তেওঁ কয় যে, বিকাশৰ ধুমুহাৰ আগত এতিয়া কোনোৱে থিয় হ‘ব পৰা নাই ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই পুনৰ দাবী কৰে যে, ঋণাত্মক চিন্তা কৰা মানুকখিনিক বাদ দি সকলোৱে তেওঁক সমৰ্থন কৰে । কিন্তু ৰাজ্যখনত ঋণাত্মক চিন্তা কৰা মানুহো আছে । গতিকে এই ঋণাত্মক মানুহখিনি লাহে লাহে কমি আহি থাকিলে অসমৰ আৰু অধিক উন্নতি হ’ব বুলি দাবী কৰে তেওঁ ।

৯০-৯৫টা সমষ্টিত কোনো বিৰোধীয়েই নাই-

ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে । কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা হয় নে নহয় সেই বিষয়ে তেওঁৰ কোনো আগ্ৰহ নাই বুলি মন্তব্য কৰে তেওঁ । মুখ্যমন্ত্ৰীয়ে কয়- ‘এই বিষয়ে মোৰ কোনো আগ্ৰহ নাই । কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা হ’লেও বিজেপি চৰকাৰ হ’ব আৰু মিত্ৰতা নহ’লেও বিজেপিৰেই চৰকাৰ হ’ব । ইয়াক কোনোৱে ৰাখিব নোৱাৰে ।‘ ইফালে ৰাজ্যৰ ৯০-৯৫ টা সমষ্টিত কোনো বিৰোধীয়েই নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

লগতে পঢ়ক : “APHLCৰ লগত যিয়ে মিত্ৰতা কৰে সি ৰাজনীতিত ডুবিব”- মুখ্যমন্ত্ৰীৰ কটাক্ষ

“APHLCৰ লগত যিয়ে মিত্ৰতা কৰে সি ৰাজনীতিত ডুবিব”- মুখ্যমন্ত্ৰীৰ কটাক্ষ

তেওঁলোকে যিধৰণৰ ৰাজনীতি কৰে, তাৰ দ্বাৰা ধৰ্ণা আৰু প্ৰতিবাদৰে ভৰা পুৰণি কাৰ্বি আংলং পুনৰ ঘূৰি আহিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে যি ৰাজনৈতিক দলে অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স (APHLC)-ৰ সৈতে মিত্ৰতা কৰিব, সেই দলটো ৰাজনীতিত “ডুব যাব” । মঙলবাৰে বোকাজানত অনুষ্ঠিত হোৱা এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত দাবী কৰে যে পাহাৰীয়া জিলাখনৰ ভোটাৰসকলে APHLC বা তেওঁলোকৰ ৰাজনীতিৰ শৈলীক সমৰ্থন নকৰে । তেওঁ অভিযোগ কৰে যে যদি APHLC পুনৰ সক্ৰিয় হৈ উঠে, তেন্তে কাৰ্বি আংলঙত পুনৰ বন্ধ, প্ৰতিবাদ আৰু অশান্তিৰে ভৰা সেই পুৰণি দিনবোৰ ঘূৰি আহিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ” APHLCৰ সৈতে যি পাৰ্টীয়েই মিত্ৰতা কৰিব, APHLC ডুবিব আৰু লগত যি পাৰ্টীক ল’ব তাকো ডুবাব । কাৰণ ইয়াৰ মানুহে APHLCক ভাল নাপায় । তেওঁলোকে যিধৰণৰ ৰাজনীতি কৰে, তাৰ দ্বাৰা ধৰ্ণা আৰু প্ৰতিবাদৰে ভৰা পুৰণি কাৰ্বি আংলং পুনৰ ঘূৰি আহিব । সেইবাবেই ৰাইজে তেওঁলোকক বা তেওঁলোকক সমৰ্থন কৰা কোনো দলকে ভোট নিদিয়ে ।” তেওঁ আৰু মন্তব্য কৰে যে যিহেতু “যিকোনো সমাজতে বিভিন্ন ধৰণৰ লোক থাকে,” সেয়েহে APHLC-এ কিছু ভোট পাব পাৰে, কিন্তু তেওঁলোকে ব্যাপক জনসমৰ্থন লাভ কৰিব নোৱাৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাজান বিধানসভা সমষ্টিৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে, য’ত তেওঁ হাজাৰ হাজাৰ মহিলা হিতাধিকাৰীক ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ৰ অধীনত আৰ্থিক সাহায্যৰ প্ৰথম কিস্তি বিতৰণ কৰে ।

লগতে পঢ়ক : নিৰ্বাচন চলি থকালৈকে জুবিন ক্ষেত্ৰলৈ নাযাওঁ… মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

কংগ্ৰেছ-অজাপৰ মিত্ৰতা চূড়ান্ত, বাদ পৰিল অখিল গগৈ ! বিৰোধীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

অখিল গগৈক অকলশৰীয়া কৰি অজাপৰে মিত্ৰতা চূড়ান্ত কংগ্ৰেছৰ ! মুখ্যমন্ত্ৰীৰ দাবী ৰাইজৰ দলৰ সৈতে এতিয়ালৈকে কোনো বুজাবুজি হোৱা নাই কংগ্ৰেছৰ ।

কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ (AJP) মাজত প্ৰস্তাৱিত মিত্ৰতা প্ৰায় চূড়ান্ত হৈছে আৰু ৰাজ্যৰ কেইবাটাও সমষ্টিত আসন বুজাবুজিৰ আলোচনা চলি আছে । এই দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, বুজাবুজি অনুসৰি শদিয়া, বিন্নাকান্দি, খুমটাই আৰু বঢ়পুৰৰ দৰে সমষ্টিসমূহ কংগ্ৰেছে এজেপিৰ বাবে এৰি দিয়াৰ সম্ভাৱনা আছে । তেওঁ লগতে কয় যে এপিএইচচিএল (APHCL) নামৰ দলটোক কাৰ্বি আংলঙত দুখন আসন দিয়াৰ সম্ভাৱনা আছে । চি পি আইক (CPI) দুখন আৰু চি পি আই (এম এল)ক (CPI (ML)) এখন আসন এৰি দিয়াৰ বাবেও আলোচনা চলি আছে বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজৰ দলৰ সৈতে এতিয়ালৈকে কোনো ৰাজনৈতিক বুজাবুজি হোৱা নাই । তেওঁ মন্তব্য কৰে যে, “যদি তেওঁলোকে ৰাইজৰ দলক মিত্ৰজোঁটৰ মাজলৈ আনিবলৈ সক্ষম হয়, তেন্তে আমি তেওঁলোকক অভিনন্দন জনাম ।”

বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰে যে তেওঁ কংগ্ৰেছৰ ভিতৰচৰাৰ সকলো খবৰ ৰাখে । তেওঁ কয়, “ভূপেন বৰাই মোক তথ্য যোগান নধৰে, বৰঞ্চ মইহে তেওঁক বিভিন্ন ঘটনাৰ বিষয়ে জনাই আহিছো ।”

বিজেপিলৈ আহিব তিনিজন কংগ্ৰেছী বিধায়ক-

কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাস আৰু শচীকান্ত দাসে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলিও দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়-“কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাস, শচীকান্ত দাস বিজেপিলৈ আহিব এই কথা সকলোৱে জানে ।“

ক’ত টিকট পাব ভূপেন বৰাই ?

ইফালে সদ্য কংগ্ৰেছ ত্যাগী তথা নতুন বিজেজি নেতা ভূপেন বৰাই সমাগত বিধানসভা নিৰ্বাচনত কোন সমষ্টিত টিকট লাভ কৰিব তাক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ভূপেন বৰাই কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব সেই সন্দৰ্ভত দলে সিদ্ধান্ত লৈ থৈছে বুলি জনায় মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়-“মুখ্যমন্ত্ৰী হিচাবে কৈছোঁ যে, ভূপেন বৰাক ক’ত টিকত দিব লাগে দলে ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে । আমি কি কৰিম, আমাৰ ক’তো খালী নাই । বিধায়কক আনি আমি ক’ত টিকত দিম ।“

৮০ সমষ্টিৰ বাবে সাজু বিজেপিৰ প্ৰাৰ্থী তালিকা-

আসন্ন নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । তেওঁ ৮০ টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা সাজু হৈ আছে বুলি জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-“আমাৰ ৮০টা চীটৰ বাবে নাম সাজু হৈয়ে আছে । মাত্ৰ এবাৰ দিল্লীলৈ গ’লেই হ’ব । গতিকে আমাৰ আসন খালী হোৱাৰ কোনো সম্ভাৱনাই নাই ।“

লগতে পঢ়ক : নিৰ্বাচন চলি থকালৈকে জুবিন ক্ষেত্ৰলৈ নাযাওঁ… মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

নিৰ্বাচন চলি থকালৈকে জুবিন ক্ষেত্ৰলৈ নাযাওঁ… মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন ক্ষেত্ৰ কেতিয়াও ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নালাগে আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে শেহতীয়াকৈ অসম ভ্ৰমণৰ সময়ত এই ক্ষেত্ৰলৈ যোৱা কাৰ্যক সমালোচনা কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিক জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ লগতে কয় যে বিজেপি চৰকাৰে শিল্পীগৰাকীৰ মৃত্যুৰ পিছৰে পৰা তেওঁক লৈ ৰাজনীতি কৰাৰ পৰা বিৰত আছে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে জুবিন ক্ষেত্ৰ কেতিয়াও ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নালাগে আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে শেহতীয়াকৈ অসম ভ্ৰমণৰ সময়ত এই ক্ষেত্ৰলৈ যোৱা কাৰ্যক সমালোচনা কৰে । কংগ্ৰেছ নেত্ৰীগৰাকীৰ মন্তব্যৰ প্ৰসংগ টানি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰিয়ংকা গান্ধীয়ে ভ্ৰমণৰ পূৰ্বে তেওঁ জুবিন গাৰ্গৰ বিষয়ে বিশেষ একো জনা নাছিল বুলি স্বীকাৰ কৰিছে । মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে, “যদি তেওঁ পূৰ্বতে জনা নাছিল, তেন্তে এতিয়া কিয় ভ্ৰমণ কৰিলে, কেৱল ভোটৰ বাবে নেকি ?”

মুখ্যমন্ত্ৰীয়ে কয়, “তেওঁ দলীয় কাৰ্যসূচীৰ বাবে অসমলৈ আহিছিল আৰু মাত্ৰ দুই মিনিটৰ বাবে জুবিন ক্ষেত্ৰলৈ গৈছিল । যদি তেওঁ কেৱল স্মাৰক দৰ্শনৰ বাবে আহিলহেঁতেন, তেন্তে কথাটো সুকীয়া হ’লহেঁতেন ।”

জুবিন ক্ষেত্ৰৰ উন্নয়নত বিজেপি চৰকাৰৰ ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে তেওঁ আৰু মন্ত্ৰী কেশৱ মহন্ত তথা বিমল বৰাই ব্যক্তিগতভাৱে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰিছিল । তেওঁলোকে দিনটোত কেইবাবাৰো স্থানটো পৰিদৰ্শন কৰি পৰিষ্কাৰ কৰা আৰু আন্তঃগাঁথনি উন্নয়নৰ দৰে ব্যাপক কাম কৰিছিল যাতে মানুহে মৰ্যাদাৰে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাব পাৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কিৰেন ৰিজিজু আৰু জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি কেইবাজনো বিজেপি নেতাই জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে । তেওঁ লগতে কয় যে শিল্পীগৰাকীৰ শেষ জন্মদিনৰ উপলক্ষে প্ৰায় ১২,০০০ বিজেপি কৰ্মীয়ে ৰক্তদান কৰিছিল আৰু কংগ্ৰেছে তেনেকুৱা কিবা পদক্ষেপ লৈছিল নেকি বুলি প্ৰশ্ন কৰে ।

নিৰ্বাচন শেষ নোহোৱালৈকে বিজেপি নেতাসকলে স্মাৰকটো দৰ্শন কৰাৰ পৰা বিৰত থাকিব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ইয়াৰ উদ্দেশ্য হৈছে ৰাজনৈতিক অপব্যৱহাৰৰ অভিযোগ ৰোধ কৰা ।

তেওঁ কয়, “নিৰ্বাচন শেষ নোহোৱালৈকে মই জুবিন ক্ষেত্ৰলৈ নাযাওঁ । ঈশ্বৰে কৰিলে পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে মই তালৈ যাম, যাতে মানুহে ক’ব নোৱাৰে যে বিজেপিয়ে জুবিনৰ নামত ৰাজনীতি কৰিছে ।” তেওঁ কংগ্ৰেছ নেতাসকলক শিল্পীগৰাকীক লৈ মুকলিকৈ ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : ২০২৭ চনত অসমলৈ বৃন্দাবনী বস্ত্ৰ, খানাপাৰাত সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

আজিৰে পৰা কাৰ্যক্ষম হ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ অত্যাধুনিক নতুন টাৰ্মিনেল

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলত আনুষ্ঠানিকভাৱে কাৰ্যক্ষম হয় ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলত আনুষ্ঠানিকভাৱে বাণিজ্যিক কাৰ্যকলাপৰ শুভাৰম্ভ কৰে । ই উত্তৰ-পূৰ্বাঞ্চলৰ বিমান পৰিবহন আন্তঃগাঁথনিৰ এক উল্লেখনীয় সম্প্ৰসাৰণ হিচাপে চিহ্নিত হৈছে ।

যদিও ২০২৫ চনৰ ২০ ডিচেম্বৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই টাৰ্মিনেলটো উদ্বোধন কৰিছিল, আজিৰ এই অনুষ্ঠানটোৱে নতুন ভৱনটোৰ পৰা যাত্ৰী সেৱাৰ কাৰ্যকৰী আৰম্ভণি কৰে ।

শুভাৰম্ভণি অনুষ্ঠানত বিমানবন্দৰটো পৰিচালনা কৰা আদানি এয়াৰপোৰ্ট হোল্ডিংছ লিমিটেডৰ (AAHL) প্ৰতিনিধিৰ লগতে বহুতো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে । এই অনুষ্ঠানত প্ৰথমজন যাত্ৰীক আনুষ্ঠানিক বৰ্ডিং পাছ প্ৰদান কৰা হয় আৰু মুম্বাইৰ পৰা অহা ‘আকাছা এয়াৰ’ৰ এখন বিমানক নতুন টাৰ্মিনেলত আদৰণি জনোৱা হয় । ইয়াৰ উপৰিও আগমন কক্ষৰত পৰম্পৰাগত বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয় ।

মুখ্য বৈশিষ্ট্যসমূহ :

ক্ষমতা বৃদ্ধি : এই নতুন টাৰ্মিনেলটো কাৰ্যকৰী হোৱাৰ লগে লগে বিমানবন্দৰটোৰ বাৰ্ষিক যাত্ৰী ধাৰণ ক্ষমতা ১৩.১ মিলিয়নলৈ বৃদ্ধি পাইছে ।

সংযোগ : গুৱাহাটী বৰ্তমান ২১টা ঘৰুৱা গন্তব্যস্থান আৰু তিনিখন আন্তঃৰাষ্ট্ৰীয় চহৰ (বেংকক, পাৰো আৰু চিংগাপুৰ)ৰ সৈতে সংযোজিত হৈছে । ইয়াত দৈনিক ১৩০ খনতকৈও অধিক বিমান চলাচল কৰে ।

আধুনিক প্ৰযুক্তি : যাত্ৰীৰ সুবিধাৰ বাবে ‘ডিজি যাত্ৰা’ (Digi Yatra), একীকৃত পথ-নিৰ্দেশক প্ৰণালী আৰু কেন্দ্ৰীয় যোগাযোগ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে ।

স্থাপত্য শৈলী : স্থপতিবিদ নুৰু কৰিমে ডিজাইন কৰা এই টাৰ্মিনেলটোত অসমৰ সাংস্কৃতিক পৰিচয় প্ৰতিফলিত হৈছে । ইয়াৰ নক্সা কপৌ ফুলৰ দ্বাৰা অনুপ্ৰাণিত আৰু ইয়াত ১৪০ মেট্ৰিক টনতকৈও অধিক বাঁহ ব্যৱহাৰ কৰা হৈছে ।

এই সম্প্ৰসাৰিত টাৰ্মিনেলটোৱে নতুন বিমান পথ, অধিক বিমানৰ চলাচল আৰু আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক বৃদ্ধিত সহায় কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটন আৰু অৰ্থনৈতিক কাৰ্যকলাপত গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : ২০২৭ চনত অসমলৈ বৃন্দাবনী বস্ত্ৰ, খানাপাৰাত সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

২০২৭ চনত অসমলৈ বৃন্দাবনী বস্ত্ৰ, খানাপাৰাত সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

এই সংগ্ৰহালয়টোৱে ঐতিহাসিক বৃন্দাবনী বস্ত্ৰ সংৰক্ষণ কৰিব, যি এই পবিত্ৰ বস্ত্ৰ অসমলৈ ওভতাই অনাৰ দিশত ৰাজ্য চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২২ ফেব্ৰুৱাৰী, দেওবাৰে খনাপাৰাত এটা উৎসৰ্গিত সাংস্কৃতিক সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে । এই সংগ্ৰহালয়টোৱে ঐতিহাসিক বৃন্দাৱনী বস্ত্ৰ সংৰক্ষণ কৰিব, যি এই পবিত্ৰ বস্ত্ৰ অসমলৈ ওভতাই অনাৰ দিশত ৰাজ্য চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

চৰকাৰী জ্যেষ্ঠ বিষয়া, ৰাজ্যৰ বিশিষ্ট সাংস্কৃতিক ব্যক্তিত্ব আৰু জনসাধাৰণৰ উপস্থিতিত সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ এই ভূমি পূজন আৰু আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠান সম্পন্ন হয় ।

উল্লেখ্য যে,বৃন্দাবনী বস্ত্ৰ হৈছে ১৬ শতিকাৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ এক মহান সৃষ্টি । এই বস্ত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন দৃশ্য অংকন কৰা হৈছে আৰু ইয়াক অসমৰ বয়ন শিল্প তথা ভক্তি কলাৰ এক উৎকৃষ্ট নিদৰ্শন বুলি গণ্য কৰা হয় । ই ৰাজ্যবাসীৰবাবে অতি পবিত্ৰ আৰু এক আবেগ । বৰ্তমান ৰাজ্যৰ বাহিৰত সংৰক্ষিত হৈ থকা এই বস্ত্ৰই অসমৰ বাবে অপৰিসীম ঐতিহাসিক, ধৰ্মীয় আৰু শৈল্পিক গুৰুত্ব বহন কৰে ।

এইসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীত এক বিশ্বমানৰ সংগ্ৰহালয় নিৰ্মাণ কৰিলে এই পবিত্ৰ বস্ত্ৰ আন্তঃৰাষ্ট্ৰীয় সংৰক্ষণ মানদণ্ড অনুসৰি এক সুৰক্ষিত আৰু জলবায়ু-নিয়ন্ত্ৰিত পৰিৱেশত প্ৰদৰ্শন কৰাটো নিশ্চিত হ’ব । তেওঁ লগতে কয় যে এই পদক্ষেপে অসমৰ সভ্যতাৰ ঐতিহ্য পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ প্ৰতি ৰাজ্যখনৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে ।

প্ৰকল্পৰ বিশেষত্ব-

-সংগ্ৰহালয়টোত আধুনিক আৰ্কাইভেল সুবিধা থাকিব ।

-প্ৰদৰ্শনী কক্ষ আৰু ব্যাখ্যা কেন্দ্ৰৰ জৰিয়তে দৰ্শনাৰ্থীসকলক এই বস্ত্ৰৰ সৈতে জড়িত আৰ্থ-সামাজিক তথা আধ্যাত্মিক উত্তৰাধিকাৰৰ বিষয়ে অৱগত কৰা হ’ব ।

-এই প্ৰকল্পই সাংস্কৃতিক পৰ্যটনৰ বিকাশ ঘটোৱাৰ লগতে অসমৰ বৈষ্ণৱ পৰম্পৰা সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ।

চৰকাৰে পুনৰ দোহাৰে যে বৃন্দাৱনী বস্ত্ৰ ওভতাই অনাৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু এই আধাৰশিলা স্থাপন অনুষ্ঠানক ৰাজ্যখনৰ অন্যতম অমূল্য ঐতিহাসিক সম্পদৰ সৈতে পুনৰ সংযোগ স্থাপনৰ এক মাইলৰ খুঁটি বুলি অভিহিত কৰে ।

লগতে পঢ়ক : নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভেচ্ছাঃ ভূপেন বৰাক বিজেপিলে আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই