সোণাপুৰত অসমৰ প্ৰথমখন বিজ্ঞান নগৰী উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মঙলবাৰে গুৱাহাটীৰ সোণাপুৰত ৰাজ্যৰ প্ৰথমখন বিজ্ঞান নগৰী উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে গুৱাহাটীৰ সোণাপুৰত ৰাজ্যৰ প্ৰথমখন বিজ্ঞান নগৰী (Science City) উদ্বোধন কৰে । এই প্ৰকল্পই যুৱপ্ৰজন্মৰ মাজত বৈজ্ঞানিক চিন্তা-চৰ্চা উৎসাহিত কৰিব বুলি তেওঁ মন্তব্য কৰে ।

৮২ একৰ মাটিকালি সামৰি লোৱা এই প্ৰকল্পটো ৩০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াক ৰাজ্যখনত বিজ্ঞান শিক্ষা তথা উদ্ভাৱনক প্ৰসাৰিত কৰাৰ উদ্দেশ্যেৰে ডিজাইন কৰা হৈছে ।

প্ৰকল্পটোৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই কেন্দ্ৰটোত ‘ইউৰেকা’ আৰু ‘স্পেচ অডিচী’ৰ দৰে প্ৰধান আকৰ্ষণসমূহ আছে । তেওঁ লগতে কয় যে এই কেন্দ্ৰটো কলকাতাৰ বিখ্যাত চাইন্স চিটিতকৈও ডাঙৰ ।

ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমে নিজাকৈ এখন বিজ্ঞান নগৰী পালে আৰু এয়া দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ নগৰী । গুৱাহাটীৰ সমীপত নিৰ্মিত এই প্ৰকল্পটোত কেইবাটাও অনন্য বৈশিষ্ট্য আছে আৰু ই যুৱপ্ৰজন্মক বৈজ্ঞানিক চিন্তাৰ প্ৰতি অনুপ্ৰাণিত কৰিব ।”

মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে আগন্তুক মাহবোৰত এই চৌহদটোক অধিক উন্নত কৰিবলৈ ‘বিজ্ঞান উদ্ভাৱন’ আৰু এখন ‘বিজ্ঞান উদ্যান’ৰ দৰে অতিৰিক্ত সুবিধাসমূহ বিকশিত কৰা হ’ব ।

একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমিনগাওঁ, মাজুলী, শিলচৰ, কলিয়াবৰ আৰু বঙাইগাঁৱত অৱস্থিত পাঁচটা জিলা বিজ্ঞান কেন্দ্ৰও ভাৰ্চুৱেলী উদ্বোধন কৰে । এই কেন্দ্ৰসমূহ বিজ্ঞান গেলেৰী, ডিজিটেল তাৰকাগৃহ আৰু প্ৰেক্ষাগৃহৰে সুসজ্জিত, যাৰ লক্ষ্য হৈছে শিক্ষাৰ্থী আৰু জনসাধাৰণৰ বাবে বিজ্ঞানক অধিক সুলভ কৰি তোলা ।

লগতে পঢ়ক : জুবিন ক্ষেত্ৰক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা

নিৰ্বাচনৰ পূৰ্বে ৩ কংগ্ৰেছী বিধায়কে বাজপেয়ী ভৱনত পিন্ধিলে গেৰুৱা বসন

নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে কংগ্ৰেছৰ ভেটি খহাই পুনৰ দলটোৰ তিনিজনকৈ বিধায়কে বিজেপিত যোগদান কৰে

আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে খহনীয়া । দল এৰি ইজনৰ পিছত সিজন নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে কংগ্ৰেছৰ ভেটি খহাই পুনৰ দলটোৰ তিনিজনকৈ বিধায়কে মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান কৰে ।

গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছৰ তিনিগৰাকী বিধায়ক- কমলাক্ষ দে পুৰকায়স্থ, বসন্ত দাস আৰু শশীকান্ত দাসে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । দলটোৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত তেওঁলোকক দললৈ আদৰণি জনোৱা হয় ।

দলত যোগদান কৰাৰ পিছত ভাষণ প্ৰদান কৰি কমলাক্ষ দে পুৰকায়স্থই কয় যে দেশ আৰু অসমৰ নিৰাপত্তা তথা উন্নয়ন নিশ্চিত কৰাৰ লক্ষ্যৰে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁ উল্লেখ কৰে যে তিনিওগৰাকী বিধায়কে বিজেপিৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ কাম কৰিবলৈ আৰু অসম তথা ভাৰতক আগুৱাই নিবলৈ বিজেপিত যোগদান কৰিছে । লগতে তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে দলটোৰ “তোষণৰ ৰাজনীতিয়ে” ইয়াক দুৰ্বল কৰি পেলাইছে । তেওঁ সকীয়াই দিয়ে যে যদিহে কংগ্ৰেছে ভৱিষ্যতে নিজৰ আদৰ্শ সলনি নকৰে, তেন্তে দলটো দুৰ্বল হৈ পৰিব পাৰে ।

আনহাতে, বসন্ত দাসে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা উন্নয়নমূলক কাম-কাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ এই সিদ্ধান্ত লৈছে । তেওঁৰ সমষ্টিত বৰ্তমানৰ চৰকাৰৰ দিনত উল্লেখনীয় উন্নয়ন হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নেতৃত্বত অসম তথা দেশৰ প্ৰগতিৰ বাবে কাম কৰিবলৈ তেওঁ বিজেপিত যোগদান কৰা বুলি জনায় ।

ইফালে শশীকান্ত দাসে মন্তব্য কৰে যে অসমৰ মানুহক একগোট কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাই তেওঁক অভিভূত কৰিছে । তেওঁ লগতে কয় যে মহাত্মা গান্ধীৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ যি কংগ্ৰেছ গঠন হৈছিল, বৰ্তমানৰ কংগ্ৰেছ তেনে হৈ থকা নাই । গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ চলি থকা অভিযোগৰ প্ৰসংগত দাসে কয় যে অনাগত নিৰ্বাচনত কংগ্ৰেছে বিৰোধীৰ মৰ্যাদা লাভ কৰিবলৈও সংগ্ৰাম কৰিবলগীয়া হ’ব পাৰে । তেওঁ ভৱিষ্যদ্বাণী কৰে যে বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠন কৰিব ।

লগতে পঢ়ক : APSCৰ কোচিং চেণ্টাৰক লৈ কঠোৰ মুখ্যমন্ত্ৰী

APSCৰ কোচিং চেণ্টাৰক লৈ কঠোৰ মুখ্যমন্ত্ৰী

কোচিং চেণ্টাৰসমূহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে বহুতো কোচিং চেণ্টাৰে প্ৰাৰ্থীৰ সফলতাৰ বাবে অনাহক নিজৰ কৃতিত্ব দাবী কৰে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে, কোচিং চেণ্টাৰসমূহক সফল পৰীক্ষাৰ্থীসকলৰ ফটো সম্বলিত বিজ্ঞাপনসমূহ এসপ্তাহৰ ভিতৰত আতঁৰাবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে এনে প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে APSC উত্তীৰ্ণসকলৰ সফলতাৰ কাহিনী অপব্যৱহাৰ কৰা আৰু প্ৰাৰ্থীসকলক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰে ।

অসম লোকসেৱা আয়োগ (APSC) দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এই নিৰ্দেশনা প্ৰদান কৰা হয় । নৱনিযুক্ত বিষয়াসকলক সম্বোধন কৰি ড০ শৰ্মাই কয় যে তেওঁ বিষয়াসকলক নিৰ্দেশ দিছে যাতে সফল প্ৰাৰ্থীসকলৰ আলোকচিত্ৰসমূহ প্ৰচাৰমূলক সামগ্ৰীৰ পৰা অতি সোনকালে আঁতৰোৱা হয় । কোচিং চেণ্টাৰসমূহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে বহুতো কোচিং চেণ্টাৰে প্ৰাৰ্থীৰ সফলতাৰ বাবে অনাহক নিজৰ কৃতিত্ব দাবী কৰে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই মন্তব্য কৰে যে, “APSC-এ এনেধৰণৰ প্ৰশ্নকাকত প্ৰস্তুত কৰিব লাগে যিবোৰ কোচিং চেণ্টাৰত শিকোৱা কথাবোৰৰ বিপৰীত হয় । তেওঁলোকে ছাত্ৰ-ছাত্ৰীক ভাটৌৰ দৰে কেইটামান কথা মুখস্থ কৰিবলৈ দিয়ে আৰু তাৰ পিছত সফলতাৰ কৃতিত্ব দাবী কৰে ।” তেওঁ লগতে কয় যে চৰকাৰী চাকৰি দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ প্ৰাৰ্থীৰ বাবেহে, যিসকলে মাৰ্কেটিং কেম্পেইনৰ দ্বাৰা নহয়, বৰঞ্চ নিজৰ মেধাৰ জৰিয়তে সফল হয় ।

চৰকাৰৰ কৃতিত্বৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে যোৱা পাঁচ বছৰত ১.৬ লাখ নিযুক্তি প্ৰদান কৰা হৈছে আৰু কোনো এটা নিযুক্তিৰ ক্ষেত্ৰতে সংবাদ মাধ্যম বা ছচিয়েল মিডিয়াত অনিয়মৰ অভিযোগ উত্থাপন হোৱা নাই । তেওঁ কয়, “এসময়ত APSC-ৰ জৰিয়তে চাকৰি পাবলৈ কোটি কোটি টকা দিব লগা হৈছিল । আনকি বদলিৰ বাবেও লাখ লাখ টকাৰ প্ৰয়োজন আছিল ।”

তেওঁ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ উদ্ধৃতি দি পূৰ্বৰ নিযুক্তি প্ৰক্ৰিয়াৰ দুৰ্নীতিৰ কথা সোঁৱৰাই দিয়ে আৰু কয় যে বৰ্তমান তেনে পৰিস্থিতি নাই । অৱশ্যে তেওঁ সকীয়াই দিয়ে যে নিযুক্তিৰ পিছত সততা বজাই ৰখাটো এজন ব্যক্তিৰ ব্যক্তিগত দায়িত্ব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে এচিএছ (ACS) বিষয়া নুপুৰ বৰাৰ উদাহৰণ দি কয় যে নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ হ’লেও ব্যক্তিগত আচৰণত পৰিৱৰ্তন ঘটিব পাৰে । তেওঁ কয়, “নিযুক্তিৰ পিছত এজন বিষয়াৰ প্ৰতিটো কাম চৰকাৰে নিৰীক্ষণ কৰি থকাটো সম্ভৱ নহয় ।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে যে যোৱা পাঁচ বছৰত ৰাজহ বিভাগৰ মণ্ডলসকলৰ ক্ষেত্ৰত সৰ্বাধিক গ্ৰেপ্তাৰৰ ঘটনা ঘটিছে । তেওঁ সতৰ্ক কৰি দিয়ে যে এই ডিজিটেল যুগত অবৈধ সম্পত্তি লুকুৱাই ৰখাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিব । তেওঁ কয়, “আয়কৰ বিভাগৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন লুকুৱাই ৰখাটো সহজ নহব । প্ৰয়োজন হ’লে প্ৰযুক্তিৰ জৰিয়তে আমি এমাহৰ ভিতৰতে বহু অভিযুক্ত বিষয়াক চিনাক্ত কৰি কৰায়ত্ত কৰিব পাৰোঁ ।”

লগতে পঢ়ক : ‘কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা বংশবাদৰ অন্যতম দলিল’; কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

‘কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা বংশবাদৰ অন্যতম দলিল’; কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।এই তালিকাখনক মুখ্যমন্ত্ৰীয়ে বংশবাদৰ অন্যতম দলিল বুলি আখ্যা দিছে।

মঙলবাৰে বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে তেওঁলোকৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকা প্ৰকাশ পোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘কংগ্ৰেছৰ যিখন তালিকা সেই তালিকাখন হৈছে পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ প্ৰতিফলন।কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাখন বংশবাদৰ অন্যতম দলিল’।

‘এই তালিকাত প্রদ্যুৎ বৰদলৈৰ সন্তান, ড০ ভূমিধৰ বৰ্মনৰ সন্তান, প্ৰয়াত তৰুণ গগৈৰ সন্তান, প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সন্তান, ৰকিবুল হুছেইনৰ সন্তানক দিয়া হৈছে প্ৰাৰ্থিত্ব। কংগ্ৰেছৰ গোটেই প্ৰাৰ্থীৰ তালিকাখন সতি-সন্ততি, কোনোবা নেতাৰ ল’ৰা ছোৱালিৰে বংশানুক্ৰমিক এখন প্ৰাৰ্থী তালিকা’।

‘ কিন্তু বিজেপিৰ ৰাজ্যসভাৰ প্ৰৰ্থীৰ তালিকাখন বংশানুক্ৰমিক প্ৰাৰ্থীৰ তালিকা নহয়। ভাৰতীয় জনতা পাৰ্টীৰ মূল লক্ষ্যটো হৈছে সাধাৰণ পৰিয়ালৰ, সাধাৰণ ল’ৰা-ছোৱালীক আগুৱাই দিয়া। সেই কাৰণে কংগ্ৰেছৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে’।

‘ কংগ্ৰেছ দলৰ ডাঙৰ নেতাৰ ল’ৰা ছোৱালীক টিকট দিয়াটো তেওঁলোকৰ এটা ৰাজনৈতিক চৰিত্ৰ। আৰু বিজেপিৰ ৰাজনৈতি চৰিত্ৰ হৈছে সাধাৰণ মধ্যবিত্ত বা দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীক ৰাজনীতিৰ পথাৰ খনলৈ লৈ অনা। বিজেপিৰ প্ৰৰ্থীৰ তালিকাত ৯৯% সাধাৰণ, মধ্যবিত্ত,নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ সন্তানক হে আমি দলৰ পৰা মনোনয়ন দিম। সেইটোৱেই হৈছে আমাৰ আৰু কংগ্ৰেছৰ ৰাজনৈতিক পাৰ্থক্য’।

তেওঁ লগতে কয় যে,কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাখন প্ৰথম ময়েই পাইছো। কংগ্ৰেছৰ প্ৰথমে ZOOM  মিটিং হৈছিল। সেই কথা বেলেগ নাজানে কিন্তু মই জানো। এই ZOOM মিটিঙৰ পিছতেই প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ পাইছে। তালিকা খন মই পোৱাৰ লগে লগে অসমৰ সাংবাদিকলৈ ময়েই প্ৰেৰণ কৰিছো। কংগ্ৰেছৰ কোন কেইখন আসনক লৈ নিজৰ ভিতৰত খেলি-মেলি হৈ আছে সেই গোটেই কিনি মই জানো। মুছলমান আসন কেইখন দিলেই গণ্ডগোল আৰম্ভ হ’ব।    

লগতে পঢ়ক: ‘ব্লেকমেইলিঙৰ চিকাৰ হৈছে অখিল গগৈ,কংগ্ৰেছে এই ব্লেকমেইল কৰি আছে’; মুখ্যমন্ত্ৰী

‘ব্লেকমেইলিঙৰ চিকাৰ হৈছে অখিল গগৈ,কংগ্ৰেছে এই ব্লেকমেইল কৰি আছে’; মুখ্যমন্ত্ৰী

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, কংগ্ৰেছে অখিল গগৈক ব্লেকমেইল কৰি আছে।

মঙলবাৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে। তাৰ পিছতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য দিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘বাহিৰত অখিল গগৈক কথা-বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে। কিন্তু কংগ্ৰেছে তেওঁক গুৰুত্ব কম দিয়ে। ৰাইজৰ দলে বৰচলা, মাহমৰাত টিকট বিচাৰিছিল। কিন্তু তেওঁলোকক আওঁকান কৰি কংগ্ৰেছে তাত প্ৰাৰ্থী দিছে’।

‘সোনকালেই অখিল গগৈয়ে আত্মসমৰ্পণ কৰিব পাৰে। কাৰণ অখিল গগৈয়ে অকলে শিৱসাগৰৰ পৰা জিকিব নোৱাৰে।আৰু অখিল গগৈয়ে কংগ্ৰেছৰ লগত কাজিয়া কৰিব নোৱাৰে। তেওঁ মাত্ৰ দৰ-দাম কৰি আছে। কংগ্ৰেছ দলে যদি শিৱসাগৰত প্ৰাৰ্থী দিয়ে তেন্তে অখিল গগৈয়ে দুৰ্বল অনুভৱ কৰিব’।

‘ আৰু সেই কাৰণে অখিল গগৈক কংগ্ৰেছ দলে তেওঁক ব্লেকমেইল কৰি আছে। বাহিৰত অখিল গগৈক কথা-বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে। কিন্তু বৰ্তমান অখিল গগৈ ব্লেকমেইলৰ চিকাৰ হৈ আছে’।

‘আৰু শেষত অখিল গগৈয়ে কংগ্ৰেছৰ মতে সকলো ত্যাগ কৰিব লাগিব। কাৰণ বৰ্তমান শিৱসাগৰত জিকিবৰ বাবে অখিল গগৈৰ নিজৰ সাহস নাই। এতিয়া ৰাইজৰ দলেও কংগ্ৰেছত ভয় খুৱাব বিছাৰে আৰু কংগ্ৰেছেও ৰাইজৰ দলক ভয় খুৱাব বিছাৰে’।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত ৯৯.৯ শতাংশ মিত্ৰতা হব। কিন্তু অখিল গগৈয়ে মিত্ৰতাৰ বাবে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পন কৰিব। শিৱসাগৰত জয়ী হোৱাৰ স্বাৰ্থত কংগ্ৰেছৰ সকলো চৰ্ত মানি ল’ব অখিল গগৈয়ে।

লগতে পঢ়ক: বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা হ’ল কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা

কাজিৰঙাত অৰ্কিড উদ্যান মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মঙলবাৰে কহঁৰাত অসম চৰকাৰৰ উদ্যানশস্য বিভাগৰ দ্বাৰা স্থাপিত কাজিৰঙা অৰ্কিড উদ্যান  আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

অসমৰ পৰ্যটন খণ্ডত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মঙলবাৰে কহঁৰাত অসম চৰকাৰৰ উদ্যানশস্য বিভাগৰ দ্বাৰা স্থাপিত কাজিৰঙা অৰ্কিড উদ্যান  আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰাত প্ৰথম পৰ্যায়ত ১৫.৯৩ কোটি টকা ব্যয়ৰে ২০ বিঘা মাটিত নিৰ্মাণ কৰা এই উদ্যানখনত থলুৱা আৰু বিদেশী প্ৰজাতিৰ অৰ্কিডৰ এক বিশাল সংগ্ৰহ প্ৰদৰ্শিত কৰা হৈছে । এই প্ৰকল্পত বৈজ্ঞানিক সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে সাতখন অত্যাধুনিক গ্লাছ হাউচ (Glass house), এক মুকলি সাংস্কৃতিক মঞ্চ, পৰ্যটকৰ বাবে থকাৰ সুবিধা, শিশু উদ্যান আৰু এখন ৰেষ্টুৰেণ্ট অন্তৰ্ভুক্ত কৰা হৈছে । কাজিৰঙাৰ বিশ্ববিখ্যাত বন্যপ্ৰাণী ঐতিহ্যৰ উপৰিও এই প্ৰকল্পই পৰ্যটনৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কাজিৰঙাই ইতিমধ্যে ইয়াৰ প্ৰাকৃতিক ঐতিহ্যৰ বাবে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে অসমৰ পৰ্যটন খণ্ডক এক বিশেষ গতি প্ৰদান কৰিছিল, যাৰ ফলত অভূতপূৰ্ব ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ হৈছিল । অৰ্কিড পাৰ্কৰ সংযোজনে পৰ্যটনৰ ক্ষেত্ৰখনক অধিক বৈচিত্ৰ্যময় কৰি তোলাৰ লগতে পৰিৱেশ-সাংস্কৃতিক অভিজ্ঞতা বৃদ্ধি কৰিব আৰু স্থানীয় যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰিব ।

উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ছত্তীশগড়ৰ বিত্ত মন্ত্ৰী তথা কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰভাৰী অ’ পি চৌধুৰী আৰু বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী উপস্থিত থাকে ।

ইয়াৰ উপৰিও কৃষি বিভাগৰ আয়ুক্ত তথা সচিব আৰু APC অৰুণা ৰাজোৰিয়া, গোলাঘাটৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, দলীয় বিষয়ববীয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি, শিক্ষানুষ্ঠানৰ মুৰব্বী, ছাত্ৰ-ছাত্ৰী আৰু বিভাগীয় বিষয়াসকলৰ লগতে স্থানীয় ৰাইজ এই কাৰ্যসূচীত উপস্থিত থাকে ।

লগতে পঢ়ক : দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক অসম বিধানসভা নিৰ্বাচনত বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মন্তব্য কৰে । কাজিৰঙাত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথা নিশ্চিত কৰি কয় যে আগন্তুক নিৰ্বাচনত তেলীয়ে দুলীয়াজানৰ পৰা দলক প্ৰতিনিধিত্ব কৰিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ইংগিত দিয়ে যে মাহমৰাৰ পৰা এগৰাকী সুকীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব আৰু দুলীয়াজানত তেৰছ গোৱালাৰ ঠাইত তেলীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি স্পষ্ট কৰি দিয়ে । আসনখনক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ বিশ্বাস অনুসৰি তেৰছ গোৱালাৰ পৰিৱৰ্তে ৰামেশ্বৰ তেলীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত দুলীয়াজান সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

ইফালে শেহতীয়াকৈ বিজেপিত যোগদান কৰা আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাক টিকট দিয়া নিদিয়া সন্দৰ্ভত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই স্পষ্ট কৰি দিয়ে যে আগন্তুক নিৰ্বাচনত তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ’ব বুলি তেওঁ বৰুৱাক ইতিমধ্যে জনোৱা হৈছে । এই সম্পৰ্কে বৰুৱাই দলত যোগদান কৰোঁতেই স্পষ্ট কৰি দিয়া হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে । ড০ শৰ্মাই কয় যে তেওঁক দলীয় টিকট প্ৰদান কৰা নহ’ব বুলি তেওঁ আগতেই স্পষ্ট কৰি দিয়া হৈছিল ।

ইফালে, বিজেপিয়ে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবেও প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । দলটোৱে উচ্চ সদনৰ বাবে অসমৰ পৰা তেৰছ গোৱালা আৰু যোগেন মহনক প্ৰক্ষেপ কৰিছে । তৃতীয়খন আসনৰ বাবে ইউপিপিএলৰ প্ৰমোদ বড়োৰ নাম প্ৰাৰ্থী হিচাবে ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক : ৰাজ্যসভাৰ ৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

কংগ্ৰেছে নিজৰ আত্মা বাংলাদেশী মূলৰ মুছলমানৰ ওচৰত বন্ধক দিছে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছ অসম বা অসমৰ খিলঞ্জীয়া লোকৰ লগত নাই বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছে বাংলাদেশী মূলৰ মুছলমান বসতিপূৰ্ণ সমষ্টিসমূহক কেন্দ্ৰ কৰি নিৰ্বাচনী কৌশল ৰচনা কৰিছে বুলিও কয় তেওঁ ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে, কংগ্ৰেছ দলে “বাংলাদেশী মূলৰ মুছলমান” বসতিপূৰ্ণ সমষ্টিসমূহক কেন্দ্ৰ কৰি নিৰ্বাচনী কৌশল ৰচনা কৰিছে । সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ শৰ্মাই দাবী কৰে যে কংগ্ৰেছে মিত্ৰজোঁটৰ জৰিয়তে যিবোৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে, সেইবোৰ মূলতঃ বাংলাদেশী মূলৰ মুছলমান লোকৰ আধিপত্য থকা অঞ্চল । তেওঁ কয় যে এই ৰাজনৈতিক স্থিতিৰ পৰা প্ৰমাণিত হয় যে দলটোৱে অসমৰ থলুৱা, খিলঞ্জীয়া লোকৰ পৰা আঁতৰি আহিছে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- “আপোনালোকে যদি লক্ষ্য কৰে, কংগ্ৰেছে মিত্ৰজোঁটত যিবোৰ আসনত যুঁজ দিছে, সেইবোৰৰ সৰহভাগেই বাংলাদেশী মূলৰ মুছলমানৰ সমষ্টি । অসমৰ ৰাইজে বুজিব লাগে যে কংগ্ৰেছ ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ লগত নাই । বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এই কথা স্পষ্ট হৈ পৰিছে ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত হোৱা ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ কথা উল্লেখ কৰি দাবী কৰে যে এই যুঁজখনো একেধৰণৰ, বাংলাদেশী মূলৰ মুছলমানৰ সমষ্টিতে সীমাবদ্ধ ।

তেওঁ আৰু অভিযোগ কৰে, “প্ৰথম দিনাৰ পৰাই মই কৈ আহিছো যে কংগ্ৰেছ অসম বা অসমৰ খিলঞ্জীয়া লোকৰ লগত নাই । যদি যুঁজখন যোৰহাট বা ডিব্ৰুগড়ৰ দৰে আসনক লৈ হ’লহেঁতেন, তেন্তে কথা সুকীয়া হ’লহেঁতেন । কিন্তু কংগ্ৰেছে নিজৰ আত্মা বাংলাদেশী মূলৰ মুছলমানৰ ওচৰত বন্ধক দিছে আৰু তাৰ পৰাই নিৰ্বাচন খেলি নিজৰ ৰাজনীতি চলাই নিব বিচাৰিছে ।”

লগতে পঢ়ক : এতিয়াৰে পৰা জাতীয় সাজ-পাৰ পিন্ধিহে সোমাব পাৰিব বটদ্ৰৱা থানত, নিষিদ্ধ হ’ল লংপেণ্ট-ছাৰ্ট

এতিয়াৰে পৰা জাতীয় সাজ-পাৰ পিন্ধিহে সোমাব পাৰিব বটদ্ৰৱা থানত, নিষিদ্ধ হ’ল লংপেণ্ট-ছাৰ্ট

এতিয়াৰে পৰা কেৱল জাতীয় সাজ-পাৰ পৰিধান কৰিহে বটদ্ৰৱা থানত প্ৰৱেশ কৰিব পাৰিব

বটদ্ৰৱা থানত নিষিদ্ধ হ’ল লংপেণ্ট-ছাৰ্ট । এতিয়াৰে পৰা লংপেন্ট-ছাৰ্ট পৰিধান কৰি সোমাব নোৱাৰিব থানত । কেৱল জাতীয় সাজ-পাৰ পৰিধান কৰিহে বটদ্ৰৱা থানত প্ৰৱেশ কৰিব পাৰিব । ১২ বছৰৰ উৰ্ধৰ সকলো ব্যক্তিৰ বাবে বাধ্যতামূলক কৰা হৈছে নিয়ম ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩ মাৰ্চত ঘোষণা কৰে যে নগাঁও জিলাৰ ঐতিহাসিক বৰদোৱা থানত প্ৰৱেশৰ সময়ত ১২ বছৰৰ উৰ্ধ্বৰ দৰ্শনাৰ্থীসকলৰ বাবে পৰম্পৰাগত সাজ-পাৰ পিন্ধাটো বাধ্যতামূলক হ’ব । এক জনসভাক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই স্থান হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান অৰ্থাৎ আৱিৰ্ভাৱ ক্ষেত্ৰ । তেওঁ উল্লেখ কৰে যে সত্ৰসমূহৰ সাংস্কৃতিক পবিত্ৰতা আৰু আধ্যাত্মিক পৰিৱেশ ৰক্ষা কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

বৰ্তমান দৰ্শনাৰ্থীসকলে বিভিন্ন ধৰণৰ সাজ-পাৰ পৰিধান কৰি চৌহদত প্ৰৱেশ কৰা কাৰ্য পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ধৰ্মীয় অনুষ্ঠানটিৰ পবিত্ৰতা বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে । থান চৌহদৰ ভিতৰত থকা ভাগৱত-সম্পৰ্কীয় মূৰ্তি আৰু চিহ্নসমূহৰ কথা উল্লেখ কৰি তেওঁ ইয়াৰ ধৰ্মীয় গুৰুত্বৰ কথা দোহাৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- “ৰাইজে আমি আমাৰ সত্ৰসমূহৰ সংস্কৃতি আৰু পবিত্ৰতা সুৰক্ষিত ৰখাটো বিচাৰে । আমি সিদ্ধান্ত লৈছোঁ যে ১২ বছৰৰ ওপৰৰ দৰ্শনাৰ্থীসকলে পৰম্পৰাগত সাজ-পাৰ পিন্ধিব লাগিব । ১২ বছৰৰ তলৰ দৰ্শনাৰ্থীসকলৰ ক্ষেত্ৰত এই নিয়ম শিথিল হ’ব ।”

তেওঁ লগতে কয় যে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত অনুষ্ঠানটোৰ সৈতে জড়িত পৰম্পৰাক জীয়াই ৰখাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই নিয়ম বাধ্যতামূলক কৰা হৈছে ।

উল্লেখ্য যে, অসমৰ এক প্ৰধান ধৰ্মীয় তথা সাংস্কৃতিক কেন্দ্ৰ হিচাপে পৰিচিত বৰদোৱা থানলৈ বছৰটোৰ সকলো সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ পৰাও ভক্তৰ আগমন ঘটে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে সত্ৰখনৰ ঐতিহ্য আৰু ৰীতি-নীতি যাতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সন্মানীয় আৰু সংৰক্ষিত হৈ থাকে সেয়া নিশ্চিত কৰা ।

লগতে পঢ়ক : জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীয়ে ঘড়ী উপহাৰ দিলে ভাগিনক