বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।এই তালিকাখনক মুখ্যমন্ত্ৰীয়ে বংশবাদৰ অন্যতম দলিল বুলি আখ্যা দিছে।
মঙলবাৰে বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে তেওঁলোকৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকা প্ৰকাশ পোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘কংগ্ৰেছৰ যিখন তালিকা সেই তালিকাখন হৈছে পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ প্ৰতিফলন।কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাখন বংশবাদৰ অন্যতম দলিল’।
‘এই তালিকাত প্রদ্যুৎ বৰদলৈৰ সন্তান, ড০ ভূমিধৰ বৰ্মনৰ সন্তান, প্ৰয়াত তৰুণ গগৈৰ সন্তান, প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সন্তান, ৰকিবুল হুছেইনৰ সন্তানক দিয়া হৈছে প্ৰাৰ্থিত্ব। কংগ্ৰেছৰ গোটেই প্ৰাৰ্থীৰ তালিকাখন সতি-সন্ততি, কোনোবা নেতাৰ ল’ৰা ছোৱালিৰে বংশানুক্ৰমিক এখন প্ৰাৰ্থী তালিকা’।
‘ কিন্তু বিজেপিৰ ৰাজ্যসভাৰ প্ৰৰ্থীৰ তালিকাখন বংশানুক্ৰমিক প্ৰাৰ্থীৰ তালিকা নহয়। ভাৰতীয় জনতা পাৰ্টীৰ মূল লক্ষ্যটো হৈছে সাধাৰণ পৰিয়ালৰ, সাধাৰণ ল’ৰা-ছোৱালীক আগুৱাই দিয়া। সেই কাৰণে কংগ্ৰেছৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে’।
‘ কংগ্ৰেছ দলৰ ডাঙৰ নেতাৰ ল’ৰা ছোৱালীক টিকট দিয়াটো তেওঁলোকৰ এটা ৰাজনৈতিক চৰিত্ৰ। আৰু বিজেপিৰ ৰাজনৈতি চৰিত্ৰ হৈছে সাধাৰণ মধ্যবিত্ত বা দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীক ৰাজনীতিৰ পথাৰ খনলৈ লৈ অনা। বিজেপিৰ প্ৰৰ্থীৰ তালিকাত ৯৯% সাধাৰণ, মধ্যবিত্ত,নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ সন্তানক হে আমি দলৰ পৰা মনোনয়ন দিম। সেইটোৱেই হৈছে আমাৰ আৰু কংগ্ৰেছৰ ৰাজনৈতিক পাৰ্থক্য’।
তেওঁ লগতে কয় যে,কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাখন প্ৰথম ময়েই পাইছো। কংগ্ৰেছৰ প্ৰথমে ZOOM মিটিং হৈছিল। সেই কথা বেলেগ নাজানে কিন্তু মই জানো। এই ZOOM মিটিঙৰ পিছতেই প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ পাইছে। তালিকা খন মই পোৱাৰ লগে লগে অসমৰ সাংবাদিকলৈ ময়েই প্ৰেৰণ কৰিছো। কংগ্ৰেছৰ কোন কেইখন আসনক লৈ নিজৰ ভিতৰত খেলি-মেলি হৈ আছে সেই গোটেই কিনি মই জানো। মুছলমান আসন কেইখন দিলেই গণ্ডগোল আৰম্ভ হ’ব।
লগতে পঢ়ক: ‘ব্লেকমেইলিঙৰ চিকাৰ হৈছে অখিল গগৈ,কংগ্ৰেছে এই ব্লেকমেইল কৰি আছে’; মুখ্যমন্ত্ৰী









