মঙলবাৰে কহঁৰাত অসম চৰকাৰৰ উদ্যানশস্য বিভাগৰ দ্বাৰা স্থাপিত কাজিৰঙা অৰ্কিড উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
অসমৰ পৰ্যটন খণ্ডত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মঙলবাৰে কহঁৰাত অসম চৰকাৰৰ উদ্যানশস্য বিভাগৰ দ্বাৰা স্থাপিত কাজিৰঙা অৰ্কিড উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰাত প্ৰথম পৰ্যায়ত ১৫.৯৩ কোটি টকা ব্যয়ৰে ২০ বিঘা মাটিত নিৰ্মাণ কৰা এই উদ্যানখনত থলুৱা আৰু বিদেশী প্ৰজাতিৰ অৰ্কিডৰ এক বিশাল সংগ্ৰহ প্ৰদৰ্শিত কৰা হৈছে । এই প্ৰকল্পত বৈজ্ঞানিক সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে সাতখন অত্যাধুনিক গ্লাছ হাউচ (Glass house), এক মুকলি সাংস্কৃতিক মঞ্চ, পৰ্যটকৰ বাবে থকাৰ সুবিধা, শিশু উদ্যান আৰু এখন ৰেষ্টুৰেণ্ট অন্তৰ্ভুক্ত কৰা হৈছে । কাজিৰঙাৰ বিশ্ববিখ্যাত বন্যপ্ৰাণী ঐতিহ্যৰ উপৰিও এই প্ৰকল্পই পৰ্যটনৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কাজিৰঙাই ইতিমধ্যে ইয়াৰ প্ৰাকৃতিক ঐতিহ্যৰ বাবে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে অসমৰ পৰ্যটন খণ্ডক এক বিশেষ গতি প্ৰদান কৰিছিল, যাৰ ফলত অভূতপূৰ্ব ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ হৈছিল । অৰ্কিড পাৰ্কৰ সংযোজনে পৰ্যটনৰ ক্ষেত্ৰখনক অধিক বৈচিত্ৰ্যময় কৰি তোলাৰ লগতে পৰিৱেশ-সাংস্কৃতিক অভিজ্ঞতা বৃদ্ধি কৰিব আৰু স্থানীয় যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰিব ।
উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ছত্তীশগড়ৰ বিত্ত মন্ত্ৰী তথা কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰভাৰী অ’ পি চৌধুৰী আৰু বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী উপস্থিত থাকে ।
ইয়াৰ উপৰিও কৃষি বিভাগৰ আয়ুক্ত তথা সচিব আৰু APC অৰুণা ৰাজোৰিয়া, গোলাঘাটৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, দলীয় বিষয়ববীয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি, শিক্ষানুষ্ঠানৰ মুৰব্বী, ছাত্ৰ-ছাত্ৰী আৰু বিভাগীয় বিষয়াসকলৰ লগতে স্থানীয় ৰাইজ এই কাৰ্যসূচীত উপস্থিত থাকে ।
লগতে পঢ়ক : দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য









