কাজিৰঙাৰ সুৰক্ষা আৰু পৰ্যটন সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা

এই বৈঠকত কাজিৰঙাত বহনক্ষম পৰ্যটন শক্তিশালী কৰাৰ লক্ষ্যৰে উত্থাপিত বিভিন্ন প্ৰস্তাৱসমূহ বিতংভাৱে পৰ্যালোচনা কৰা হয়

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা আৰু ইয়াৰ প্ৰাকৃতিক ভাৰসাম্য অটুট ৰাখি কেনেকৈ এক দায়িত্বশীল পৰ্যটন গঢ়ি তুলিব পাৰি, সেই সন্দৰ্ভত আজি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় । কহৰাস্থিত ফৰেষ্ট কনভেনচন চেণ্টাৰত অনুষ্ঠিত এই বৈঠকত পৌৰোহিত্য কৰে অসম চৰকাৰৰ বিত্ত, পৰিৱেশ আৰু বন, আৰু খনি তথা খনিজ সম্পদ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । বন বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু পৰ্যটন খণ্ডৰ অংশীদাৰসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত কাজিৰঙাত বহনক্ষম পৰ্যটন শক্তিশালী কৰাৰ লক্ষ্যৰে উত্থাপিত বিভিন্ন প্ৰস্তাৱসমূহ বিতংভাৱে পৰ্যালোচনা কৰা হয় ।

উদ্যানখনৰ সংবেদনশীল পৰিৱেশৰ সৈতে কোনো ধৰণৰ আপোচ নকৰাকৈ কেনেকৈ পৰ্যটকসকলক উন্নত অভিজ্ঞতা প্ৰদান কৰিব পৰা যায় আৰু পৰ্যটনৰ আন্তঃগাঁথনি উন্নত কৰিব পাৰি, সেই সন্দৰ্ভত অংশগ্ৰহণকাৰীসকলে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় ।

পৰ্যটন খণ্ডৰ বিকাশৰ জৰিয়তে স্থানীয় ৰাইজৰ বাবে অধিক জীৱিকা আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ কৌশলসমূহৰ ওপৰতো বৈঠকত বিশেষভাৱে আলোচনা কৰা হয় ।

বৈঠকত ভাষণ প্ৰদান কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে ৰাজ্য চৰকাৰে কাজিৰঙাৰ পৰ্যটন খণ্ডক এক সুপৰিকল্পিত আৰু বহনক্ষম পদ্ধতিৰে বিকশিত কৰিবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ । ইয়াৰ দ্বাৰা অঞ্চলটোৰ অৰ্থনৈতিক উন্নতি হোৱাৰ লগতে অসমৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নতো এক ইতিবাচক প্ৰভাৱ পৰিব ।

লগতে পঢ়ক : ৰাজ্যৰ পথ সংযোগ ব্যৱস্থা উন্নত কৰাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

কাজিৰঙাৰ পৰা আহিছে অতি ভাল খবৰঃ জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন বাসস্থানত এই নিশাচৰ আৰু গাঁত খন্দা স্তন্যপায়ী প্ৰাণীবিধৰ স্বাস্থ্যকৰ উপস্থিতিয়ে কাজিৰঙাৰ পৰিস্থিতিতন্ত্ৰৰ শক্তি আৰু লচিলতাক প্ৰতিফলিত কৰিছে

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক গুৰুত্বপূৰ্ণ সংৰক্ষণমূলক সাফল্যৰ কথা উল্লেখ কৰি ঘোষণা কৰিছে যে, উদ্যানখনত অতি বিৰল ‘গ্ৰেটাৰ হগ বেজাৰ’ (Greater Hog Badger) অৰ্থাৎ মাটি গাহৰি প্ৰজাতিটোৱে সফলতাৰে বংশবৃদ্ধি কৰিছে ।

সামাজিক মাধ্যম এক্স (X)-ত এই সফলতাৰ কথা শ্বেয়াৰ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কেমেৰা-ট্ৰেপ বাইকেচ ডাটা ব্যৱহাৰ কৰি কৰা প্ৰথমটো বৈজ্ঞানিক মূল্যায়নত কাজিৰঙাৰ ভিতৰত ৬০ টাতকৈও অধিক গ্ৰেটাৰ হগ বেজাৰ নথিভুক্ত কৰা হৈছে, যাক স্থানীয়ভাৱে ‘মাটি গাহৰি’ বুলি জনা যায় । ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন বাসস্থানত এই নিশাচৰ আৰু গাঁত খন্দা স্তন্যপায়ী প্ৰাণীবিধৰ স্বাস্থ্যকৰ উপস্থিতিয়ে কাজিৰঙাৰ পৰিস্থিতিতন্ত্ৰৰ শক্তি আৰু লচিলতাক প্ৰতিফলিত কৰিছে । সংৰক্ষণবিদসকলৰ মতে, এই ফলাফলে ইংগিত দিয়ে যে উদ্যানখনৰ পৰিস্থিতিতন্ত্ৰ কেৱল ইয়াৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবেই নহয়, বৰঞ্চ অন্যান্য বিভিন্ন বন্যপ্ৰাণী প্ৰজাতিকো সুৰক্ষা দিব পৰাকৈ এক সুষম বাসস্থান হিচাপে গঢ়ি উঠিছে ।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ডাঙৰ বা সৰু প্ৰতিটো প্ৰজাতিয়েই পৰিৱেশৰ ভাৰসাম্য আৰু জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এই মূল্যায়নে কাজিৰঙাত ভৱিষ্যতৰ বন্যপ্ৰাণী সংৰক্ষণ আৰু বাসস্থান ব্যৱস্থাপনাৰ প্ৰচেষ্টাৰ বাবে মূল্যৱান বৈজ্ঞানিক তথ্য প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

প্ৰকৃতিগতভাৱে অতি সংগোপনে থকা আৰু নিশাচৰ স্বভাৱৰ বাবে গ্ৰেটাৰ হগ বেজাৰক দেখা পোৱাটো অতি বিৰল । এই শেহতীয়া তথ্যই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চহকী জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত নিৰন্তৰ সংৰক্ষণমূলক পদক্ষেপৰ গুৰুত্বক পুনৰ এবাৰ প্ৰমাণ কৰিলে ।

লগতে পঢ়ক : “নলবাৰী আৰু গোৱালপাৰা কাণ্ড গাপ দিবলৈ আৰ্যনগৰ কাণ্ডৰ সৃষ্টি কৰা হ’ল”; মুখ্যমন্ত্ৰী

চৰাইৰো স্বৰ্গভূমি কাজিৰঙা! ৰাষ্ট্ৰীয় উদ্যানখনৰ পক্ষী বৈচিত্ৰ্যক লৈ গৌৰৱান্বিত মুখ্যমন্ত্ৰী

শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ এই চহকী জৈৱ-বৈচিত্ৰ্যৰ কথা শলাগি এক বিশেষ বার্তা প্ৰেৰণ কৰে

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প কেৱল এশিঙীয়া গঁড়ৰ বাবেই নহয়, বৰঞ্চ ইয়াৰ অপূৰ্ব পক্ষী বৈচিত্ৰ্যৰ বাবেও সমানেই চহকী । শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ এই চহকী জৈৱ-বৈচিত্ৰ্যৰ কথা শলাগি এক বিশেষ বার্তা প্ৰেৰণ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই সুৰক্ষিত বনাঞ্চলখন ভাৰতত পোৱা আঠটা ধনেশ (stork) প্ৰজাতিৰ ভিতৰত ছয়টা প্ৰজাতিৰে বাসস্থান । ইয়াৰ উপৰি, সমগ্ৰ দেশৰ ভিতৰতে প্ৰায় ৪৫ শতাংশ চিকাৰী চৰাই (raptor) প্ৰজাতি কেৱল কাজিৰঙাতে পোৱা যায় ।

সামাজিক মাধ্যম ‘এক্স’ (পূৰ্বৰ টুইটাৰ)-ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে (OfficeofHBS) কৰা এটা পোষ্টত কোৱা হৈছে যে কাজিৰঙাই ভাৰতৰ আটাইতকৈ আকৰ্ষণীয় চৰাই প্ৰজাতিসমূহৰ বাবে এক সমৃদ্ধিশালী বাসস্থান হিচাপে সেৱা আগবঢ়াই আহিছে । ই ৰাজ্যখনত চলোৱা বন্যপ্ৰাণী সংৰক্ষণ প্ৰচেষ্টাৰ অভূতপূৰ্ব সফলতাকে প্ৰতিফলিত কৰে ।

এই পোষ্টটোত আন এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰি উল্লেখ কৰা হৈছে যে ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি সংখ্যক বিলুপ্তপ্ৰায় ‘কুৰুৱা চৰাই’ (Pallas’s Fish Eagle)-ৰ বাঁহ সজা স্থান কাজিৰঙাতে আছে । এই কথাই উদ্যানখনক পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ বাসস্থান হিচাপে গোলকীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিছে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দৃঢ়তাৰে কয়, “কাজিৰঙাই অসমত সংৰক্ষণৰ সফলতাক ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰি আহিছে ।”

উল্লেখ্য যে, কাজিৰঙাৰ বিস্তীৰ্ণ ঘাঁহনি অঞ্চল আৰু ইয়াৰ পৰিস্থিতিতন্ত্ৰৰ সৈতে জড়িত হৈ থকা জলাশয়সমূহে থলুৱা আৰু বিভিন্ন দেশৰ পৰা অহা পৰিভ্ৰমী দুয়ো ধৰণৰ পক্ষীক আশ্ৰয় প্ৰদান কৰি আহিছে । ইউনেস্কোৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰখন ভাৰতৰ অন্যতম প্ৰধান জৈৱ-বৈচিত্ৰ্যৰ হটস্পট হিচাপে পৰিগণিত হৈছে, যাৰ বাবে ই সমগ্ৰ বিশ্বৰ বন্যপ্ৰাণী প্ৰেমী, গৱেষক আৰু পক্ষী নিৰীক্ষকসকলৰ বাবে সদায় এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে ।

লগতে পঢ়ক : ৰাজ্যচৰকাৰৰ কৰ্মচাৰীলৈ ভাল খবৰ; বৃদ্ধি পালে মৰগীয়া বানচ

অসমৰ পৰিৱেশ-পৰ্যটনৰ বাটকটীয়া অচিন্ত্য বৰুৱাৰ দেহাৱসান

অসমৰ পৰ্যটন ইতিহাসত অচিন্ত্য বৰুৱাৰ নাম সদায় স্বৰ্ণাক্ষৰে লিখা ৰ’ব । অসমলৈ, বিশেষকৈ কাজিৰঙালৈ বিদেশী পৰ্যটকৰ আগমন সুগম কৰিবৰ বাবে তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক সৈমান কৰাইছিল ।

অসমৰ পৰিৱেশ-পৰ্যটন (eco-tourism) খণ্ডৰ বাবে এক অত্যন্ত শোকাবহ খবৰ । উত্তৰ-পূব ভাৰতত বহনক্ষম বন্যপ্ৰাণী পৰ্যটনৰ অন্যতম দূৰদৰ্শী ব্যক্তি তথা কাজিৰঙাৰ বিখ্যাত ‘ৱাইল্ড গ্ৰাছ ৰিজৰ্ট’ৰ প্ৰতিষ্ঠাপক অচিন্ত্য বৰুৱাৰ আজি দেহাৱসান ঘটে । বন্যপ্ৰাণী আৰু পৰ্যটন জগতত সকলোৰে মৰমৰ “মঞ্জু দা” বুলি পৰিচিত বৰুৱাৰ চিকিৎসাৰ বাবে বোকাখাতৰ চিকিৎসালয়লৈ নি থকা অৱস্থাত পথতে দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব পৰ্যটনৰ মানচিত্ৰত এক বিশেষ স্থান দিয়াত অচিন্ত্য বৰুৱাই এক ঐতিহাসিক আৰু পৰিৱৰ্তনকাৰী ভূমিকা পালন কৰিছিল । যি সময়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে বহু পৰিমাণে অচিনাকী হৈ আছিল, তেনে এক কঠিন সময়ত তেওঁ কাজিৰঙাত ‘ৱাইল্ড গ্ৰাছ ৰিজৰ্ট’ প্ৰতিষ্ঠা কৰি অসমত পৰিৱেশ-পৰ্যটনৰ এক নতুন ধাৰণাৰ সূচনা কৰিছিল ।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা-

১৯৫২ চনৰ ২৩ জানুৱাৰীত অসমৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক প্ৰয়াত বিৰিঞ্চি কুমাৰ বৰুৱা আৰু শান্তি ছায়া বৰুৱাৰ গৃহত জন্মগ্ৰহণ কৰা অচিন্ত্য বৰুৱা শৈশৱৰে পৰাই অতি মেধাৱী আছিল । তেওঁ গুৱাহাটীৰ চেন্ট মেৰীছ স্কুল আৰু শ্বিলঙৰ চেন্ট এডমণ্ডছ স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত নতুন দিল্লীৰ বিখ্যাত চেন্ট ষ্টিফেনছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

স্থানীয় সমাজৰ সৱলীকৰণ আৰু বন্যপ্ৰাণী সংৰক্ষণ-

কেৱল ব্যৱসায়িক পৰ্যটনতে আৱদ্ধ নাথাকি, বৰুৱাই কাজিৰঙাৰ আশে-পাশে থকা স্থানীয় সমাজখনক অৰ্থনৈতিকভাৱে সৱলীকৰণ কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল । তেওঁৰ বলিষ্ঠ নেতৃত্ব আৰু প্ৰচেষ্টাৰ বাবেই বৃহত্তৰ কাজিৰঙা অঞ্চলৰ বহু থলুৱা যুৱকে পৰ্যটন গাইড, চালক আৰু ৰিজৰ্টৰ কৰ্মচাৰী হিচাপে আত্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰোপৰি, তেওঁ বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় লোকৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ বিভিন্ন সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচীও চলাই গৈছিল ।

অসমৰ পৰ্যটন খণ্ডত ঐতিহাসিক অৱদান-

অসমৰ পৰ্যটন ইতিহাসত অচিন্ত্য বৰুৱাৰ নাম সদায় স্বৰ্ণাক্ষৰে লিখা ৰ’ব । অসমলৈ, বিশেষকৈ কাজিৰঙালৈ বিদেশী পৰ্যটকৰ আগমন সুগম কৰিবৰ বাবে তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক সৈমান কৰাইছিল । তেওঁৰ এই দূৰদৰ্শী পদক্ষেপৰ বাবেই পৰৱৰ্তী সময়ত ৰাজ্যখনৰ পৰ্যটন খণ্ডৰ দুৱাৰ আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থীৰ বাবে মুকলি হৈছিল ।

শোকৰ ছাঁ-

অচিন্ত্য বৰুৱাৰ আকস্মিক মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে পৰ্যটন আৰু বন্যপ্ৰাণী সংৰক্ষণ ক্ষেত্ৰখনত গভীৰ শোকৰ ছাঁ পৰিছে । বিভিন্ন সতীৰ্থ তথা গুণমুগ্ধই তেওঁক এগৰাকী প্ৰকৃত সংৰক্ষক, মাৰ্গদৰ্শক আৰু এজন অসাধাৰণ গল্পকাৰ হিচাপে স্মৰণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । সকলোৱে একমুখে স্বীকাৰ কৰিছে যে, যাৰ সমগ্ৰ জীৱন অসমৰ অৰণ্য আৰু মানুহৰ সৈতে গভীৰভাৱে জড়িত হৈ আছিল, সেইগৰাকী মহান ব্যক্তিৰ প্ৰয়াণ অসমৰ পৰিৱেশ-পৰ্যটন আৰু সংৰক্ষণ আন্দোলনৰ বাবে এক অপূৰণীয় ক্ষতি ।

লগতে পঢ়ক : অসম মালা ২.০: ৰাজ্যত প্ৰায় ১,০০০ কিলোমিটাৰ পথৰ দ্ৰুত উন্নয়ন

কাজিৰঙাত অৰ্কিড উদ্যান মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মঙলবাৰে কহঁৰাত অসম চৰকাৰৰ উদ্যানশস্য বিভাগৰ দ্বাৰা স্থাপিত কাজিৰঙা অৰ্কিড উদ্যান  আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

অসমৰ পৰ্যটন খণ্ডত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মঙলবাৰে কহঁৰাত অসম চৰকাৰৰ উদ্যানশস্য বিভাগৰ দ্বাৰা স্থাপিত কাজিৰঙা অৰ্কিড উদ্যান  আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰাত প্ৰথম পৰ্যায়ত ১৫.৯৩ কোটি টকা ব্যয়ৰে ২০ বিঘা মাটিত নিৰ্মাণ কৰা এই উদ্যানখনত থলুৱা আৰু বিদেশী প্ৰজাতিৰ অৰ্কিডৰ এক বিশাল সংগ্ৰহ প্ৰদৰ্শিত কৰা হৈছে । এই প্ৰকল্পত বৈজ্ঞানিক সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে সাতখন অত্যাধুনিক গ্লাছ হাউচ (Glass house), এক মুকলি সাংস্কৃতিক মঞ্চ, পৰ্যটকৰ বাবে থকাৰ সুবিধা, শিশু উদ্যান আৰু এখন ৰেষ্টুৰেণ্ট অন্তৰ্ভুক্ত কৰা হৈছে । কাজিৰঙাৰ বিশ্ববিখ্যাত বন্যপ্ৰাণী ঐতিহ্যৰ উপৰিও এই প্ৰকল্পই পৰ্যটনৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কাজিৰঙাই ইতিমধ্যে ইয়াৰ প্ৰাকৃতিক ঐতিহ্যৰ বাবে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে অসমৰ পৰ্যটন খণ্ডক এক বিশেষ গতি প্ৰদান কৰিছিল, যাৰ ফলত অভূতপূৰ্ব ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ হৈছিল । অৰ্কিড পাৰ্কৰ সংযোজনে পৰ্যটনৰ ক্ষেত্ৰখনক অধিক বৈচিত্ৰ্যময় কৰি তোলাৰ লগতে পৰিৱেশ-সাংস্কৃতিক অভিজ্ঞতা বৃদ্ধি কৰিব আৰু স্থানীয় যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰিব ।

উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ছত্তীশগড়ৰ বিত্ত মন্ত্ৰী তথা কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰভাৰী অ’ পি চৌধুৰী আৰু বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী উপস্থিত থাকে ।

ইয়াৰ উপৰিও কৃষি বিভাগৰ আয়ুক্ত তথা সচিব আৰু APC অৰুণা ৰাজোৰিয়া, গোলাঘাটৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, দলীয় বিষয়ববীয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি, শিক্ষানুষ্ঠানৰ মুৰব্বী, ছাত্ৰ-ছাত্ৰী আৰু বিভাগীয় বিষয়াসকলৰ লগতে স্থানীয় ৰাইজ এই কাৰ্যসূচীত উপস্থিত থাকে ।

লগতে পঢ়ক : দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য