অবৈধ মিঞাৰ বিৰুদ্ধে দিনে দিনে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শিৱসাগৰৰ পৰা মিঞাক আশ্ৰয় নিদিবলৈ ৰাজ্যবাসীক কৰিলে আহ্বান।
মিঞাক সকীয়নি দি শিৱসাগৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, মিঞা অসমত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিব লাগে।
মিঞাক মাটি, গাড়ী, ৰিক্সা, ঠেলা একোৱেই নিদিব।বাংলাদেশীবোৰক লাইন লগাই ৰে’লত বহোৱাই বাংলাদেশলৈ পঠিয়াই দিবতো নোৱাৰি।গতিকে মিঞাৰ লগতে এনেকুৱা পৰিস্থিতি সৃষ্টি কৰিব লাগিব যে, বাংলাদেশীবোৰে নিজেই অসম এৰি গুচি যায়।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মিঞা খেদিব লাগিব কিন্তু মিঞা বুলি মুছলমানক অত্যাচাৰ নকৰিব। আকৌ মুছলমান বুলি মিঞাক ৰক্ষণাবেক্ষণো নিদিব।ৰিক্সাত উঠাব সময়ত কাৰ ৰিক্সাত উঠিব সেই কথাও চিন্তা কৰক।
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,প্ৰত্যেক দিনে অসমৰ পৰা ২০-২৫টা বাংলাদেশী গৈ আছে।এতিয়ালৈকে ডেৰ লাখ বিঘা মাটি খালী কৰা হ’ল।এই উচ্ছেদ চলি থাকিব। যদি বাংলাদেশী হয় তেনেহলে মিঞাক কেতিয়াও আশ্ৰয় নিদিব।
লগতে পঢ়ক: চিকেন নেক’ত ভূগৰ্ভস্থ ৰে’ল লাইন : উত্তৰ-পূবলৈ সুৰক্ষিত কৰিড’ৰৰ আশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ









