নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ গ্ৰহণ লোকসভাৰ অধ্যক্ষৰ

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ২৪ মাৰ্চত অসমৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে । ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দুবাৰৰ এই সাংসদগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ কেইদিনমান পিছতে এই সিদ্ধান্ত লৈছে ।

এক চৰকাৰী জাননী অনুসৰি, ২০ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ এই পদত্যাগ গ্ৰহণ কৰা হৈছে । বৰদলৈয়ে ১৭ মাৰ্চত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল আৰু পিছদিনাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছিল । ইয়াৰ পিছতে বিজেপিয়ে অতি তৎপৰতাৰে বৰদলৈক হাই-প্ৰফাইল দিছপুৰ সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিছে আৰু ৮৮ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকাত তেওঁৰ নাম ঘোষণা কৰে ।

প্ৰাৰ্থিত্ব লাভৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰদলৈয়ে বিজেপি নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে তেওঁ দলত যোগদান কৰাৰ সময়ত কোনো পদবী বিচৰা নাছিল । ৰাজহুৱা জীৱনত অধিক অৰ্থপূৰ্ণ ভূমিকা পালন কৰাৰ ইচ্ছাৰ বাবেই তেওঁ এই সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য য়ে, প্ৰদ্যুৎ বৰদলৈয়ে ইয়াৰ পূৰ্বে চাৰিবাৰকৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে আৰু অসমত তৰুণ গগৈৰ নেতৃত্বধীন কংগ্ৰেছ চৰকাৰত প্ৰায় ১৫ বছৰ ধৰি মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰি আহিছে । পৰৱৰ্তী সময়ত তেওঁ ধাৰাবাহিকভাৱে দুটা কাৰ্যকালৰ বাবে লোকসভাত নগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ।

লগতে পঢ়ক : বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন বাতিলৰ সম্ভাৱনা

বৃদ্ধি পাব পাৰে লোকসভাৰ আসনৰ সংখ্যা! কি এই ৫০+৩৩ ফৰ্মূলা ?

চৰকাৰে শীঘ্ৰেই উত্থাপন কৰিব পাৰে এখন নতুন বিধেয়ক য’ত লোকসভাৰ মুঠ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮১৬খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে

মহিলা সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নতুন পদক্ষেপে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে । জানিব পৰা মতে চৰকাৰে শীঘ্ৰেই উত্থাপন কৰিব পাৰে এখন নতুন বিধেয়ক য’ত লোকসভাৰ মুঠ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮১৬খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । এই প্ৰস্তাৱিত গাঁথনিত মহিলাৰ বাবে প্ৰায় ২৭৩খন আসন সংৰক্ষণ থাকিব বুলি কোৱা হৈছে ।

প্ৰকাশিত বাতৰি অনুসৰি ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত এই নতুন ব্যৱস্থা ৰূপায়ণৰ পৰিকল্পনা চলি আছে । খবৰ অনুসৰি এই বিষয়ত বিৰোধী নেতাসকলৰ সৈতেও চৰকাৰ বৈঠকত মিলিত হৈ এক ব্যাপক ঐকমত্য গঢ়ি তুলিছে । যদিও এই প্ৰস্তাৱ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তথাপিও ৰাজনৈতিক মহলত ই উত্তপ্ত আলোচনাৰ সূচনা কৰিছে ।

ইতিমধ্যে মহিলা সংৰক্ষণ আইনখন সংসদে গৃহীত কৰিছে যদিও নতুন লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ ইয়াৰ কাৰ্যকৰীকৰণৰ চৰ্ত আছিল । শেহতীয়াকৈ চৰকাৰে গ্ৰহণক কৰা এই পদক্ষেপক এতিয়া সেই প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ কৌশল হিচাপে দেখা গৈছে । লোকসভাৰ আসনৰ সম্ভাৱ্য সম্প্ৰসাৰণ কেৱল মহিলাৰ প্ৰতিনিধিত্বত সীমাবদ্ধ নহয়; বৰঞ্চ ই ৰাজনৈতিক ভাৰসাম্য আৰু সংসদীয় গাঁথনিতো প্ৰভাৱ পেলাব পাৰে বুলি চৰ্চা চলিছে ।

জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মহিলা সংৰক্ষণ আইন (নাৰী শক্তি বন্দন অধিনিয়ম) সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে । সংসদত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে চৰকাৰে এক অতি বিশেষ ফৰ্মূলা প্ৰস্তুত কৰিছে । এই ফৰ্মূলা হৈছে ৫০+৩৩ইফালে চলিত সংসদীয় অধিবেশনতে এই গুৰুত্বপূৰ্ণ সংশোধনী বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে বুলি চৰ্চা চলিছে ।

প্ৰস্তাৱিত ফৰ্মূলা অনুসৰি প্ৰথমে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে লোকসভাৰ বৰ্তমানৰ আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰা হ’ব । ইয়াৰ পিছত যি মুঠ নতুন আসনৰ সৃষ্টি হ’ব, তাৰ ৩৩ শতাংশ আসন পোনপটীয়াকৈ মহিলাৰ বাবে সংৰক্ষিত কৰা হ’ব ।

উল্লেখ্য যে, বৰ্তমান লোকসভাত ৫৪৩ খন আসন আছে । নতুন প্ৰস্তাৱ অনুসৰি ৫০ শতাংশ আসন বৃদ্ধিৰ পিছত এই সংখ্যা প্ৰায় ৮১৬ লৈ বৃদ্ধি পাব । এই ৮১৬ খন আসনৰ ভিতৰত এক-তৃতীয়াংশ অৰ্থাৎ প্ৰায় ২৭৩ খন আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব ।

আনহাতে এই প্ৰক্ৰিয়া কেতিয়া আৰু কেনেকৈ কাৰ্যকৰী হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও চৰকাৰে এই দিশত দ্ৰুতগতিত আগবাঢ়িছে বুলি জানিব পৰা গৈছে । মহিলা ভোটাৰৰ ক্ৰমবৰ্ধমান ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি সংৰক্ষণৰ বিষয়টো ৰাজনৈতিক দলসমূহৰ বাবে এক মূল নিৰ্বাচনী বিষয় হিচাপে পৰিগণিত হ’ব পাৰে ।

সামাজিক দৃষ্টিকোণৰ পৰা নাৰীৰ বাবে আসন সংৰক্ষণক ৰাজনৈতিক সৱলীকৰণৰ দিশত এক ডাঙৰ পদক্ষেপ বুলি গণ্য কৰা হয় । সমৰ্থকসকলে কয় যে ইয়াৰ দ্বাৰা সংসদত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি পাব আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগী শক্তিশালী হ’ব । কিন্তু লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে ইয়াৰ সম্পৰ্কক লৈ একাংশ বিৰোধী দলে প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক : হৰমুজ প্ৰণালীত অৱৰোধ গ্ৰহণযোগ্য নহয়ঃ লোকসভাৰ পৰা বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

আজি লোকসভাৰ অধ্যক্ষ চকীত বহিব নোৱাৰিব ওম বিৰলা; সদনত উত্থাপন হ’ব অনাস্থা প্ৰস্তাৱ

আজি লোকসভাৰ কাৰ্যসূচীত এটা গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে।ইয়াৰ ভিতৰত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক পদৰ পৰা অপসাৰণৰ সৈতে জড়িত বিৰোধীৰ প্ৰস্তাৱ তালিকাভুক্ত কৰা হৈছে।

সংসদৰ দ্বিতীয় পৰ্যায়ৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে লোকসভাৰ ৰাজনৈতিক পৰিৱেশ গৰম হোৱাৰ সম্ভাৱনা আছে।আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অধ্যক্ষ হৈও সদনত নিজৰ চকীত বহিব নোৱাৰিব।দৰাচলতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক পদৰ পৰা অপসাৰণৰ প্ৰস্তাৱ আজি সদনত উত্থাপন হ’ব পাৰে।

এই সন্দৰ্ভত শাসকীয় দল আৰু বিৰোধী দুয়োটা দলে নিজ নিজ সাংসদক সদনত উপস্থিত থাকিবলৈ চাবুক জাৰি কৰিছে।এই প্ৰস্তাৱক লৈ সংসদত উত্তপ্ত বিতৰ্কৰ সম্ভাৱনা আছে।যি সময়ত বিৰোধীয়ে এই বিষয়ত চৰকাৰক কোণত ৰখাৰ প্ৰস্তুতি চলাইছে,একে সময়তে শাসকীয় দলটোৱেও নিজৰ স্থিতিৰে পূৰ্ণ শক্তিৰে খেলপথাৰত প্ৰৱেশ কৰাৰ কৌশল ৰচনা কৰিছে।এনে পৰিস্থিতিত দ্বিতীয় পৰ্যায়ৰ বাজেট অধিৱেশনৰ আৰম্ভণিৰ পৰাই লোকসভাত এক শক্তিশালী ৰাজনৈতিক যুদ্ধ দেখা যায়।

আজি লোকসভাৰ কাৰ্যসূচীত এটা গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে।ইয়াৰ ভিতৰত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক পদৰ পৰা অপসাৰণৰ সৈতে জড়িত বিৰোধীৰ প্ৰস্তাৱ তালিকাভুক্ত কৰা হৈছে।এই জাননী বিৰোধী দলসমূহে প্ৰথম পৰ্যায়ৰ বাজেট অধিৱেশনৰ সময়ত দিছিল।

নিয়ম অনুসৰি,অধ্যক্ষক অপসাৰণৰ প্ৰস্তাৱ সদনত যেতিয়া আলোচনা কৰা হয়,তেন্তে সেই সময়ত তেওঁ কাৰ্য্যবিধিৰ সভাপতিত্ব নকৰে।এনে পৰিস্থিতিত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই আলোচনাৰ সময়ত সদনৰ কাম-কাজ পৰিচালনা নকৰে আৰু সাধাৰণ সাংসদৰ দৰে সদনত বহিব।

সংবিধানত এটা স্পষ্ট বিধান আছে যে যদি লোকসভাৰ অধ্যক্ষক পদৰ পৰা অপসাৰণৰ বাবে কোনো প্ৰস্তাৱ দাখিল কৰা হয়, তেন্তে সেই সময়ত তেওঁ সদনৰ কাম-কাজৰ সভাপতিত্ব কৰিব নোৱাৰে।

লগতে পঢ়ক: ‘গৌৰৱ-ৰকিবুলৰ আকোৰগোঁজৰ স্থিতিৰ বাবেই ভংগ হ’ল মিত্ৰতা’; অখিল গগৈৰ বিস্ফোৰক মন্তব্য

অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাব : ১১৯ সাংসদৰ সমৰ্থনেৰে জাননী

প্ৰধান বিৰোধী দল কংগ্ৰেছে এতিয়া অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে । কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰিছে ।

সংসদৰ চলিত বাজেট অধিৱেশনৰ আৰম্ভণিৰে পৰা লোকসভাত সৃষ্টি হৈছে তীব্ৰ হুলস্থূলীয়া পৰিস্থিতিৰ । প্ৰধান বিৰোধী দল কংগ্ৰেছে এতিয়া অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে । কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰিছে । এই জাননীখন লোকসভা সচিবালয় আৰু লোকসভাৰ মহাসচিবলৈ দাখিল কৰিছে দলসমূহে ।

জানিব পৰা মতে  ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত আলোচনাৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক কথা ক’বলৈ নিদিয়াটোৱেই বিৰোধীয়ে অনাস্থা প্ৰস্তাৱৰ ভিত্তি হিচাপে উল্লেখ কৰিছে । লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে এই অনাস্থা প্ৰস্তাৱ ৯৪চি অনুচ্ছেদৰ অধীনত দাখিল কৰা হৈছে ।

লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে এই অনাস্থা প্ৰস্তাৱ নিশ্চিত কৰে । তেওঁ উল্লেখ কৰে যে মুঠ ১১৯ জন সাংসদে এই প্ৰস্তাৱত স্বাক্ষৰ কৰিছে । দিনৰ ১:১৪ বজাত লোকসভাৰ মহাসচিবক এই জাননী দাখিল কৰা হয় । বিৰোধীয়ে লোকসভা সচিবালয়ত অনাস্থা প্রস্তাৱৰ জাননী দাখিল কৰাৰ পাছতে অধ্যক্ষ ওম বিৰলাই সদনৰ কাম-কাজৰ অধ্যক্ষতা কৰিব নোৱাৰিব ৷

ইফালে লোকসভাত চলি থকা অচলাৱস্থা সমাধানৰ বাবে সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সকলো দলৰ নেতাৰ সৈতে বৈঠকত মিলিত হয় । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে অধ্যক্ষৰ কক্ষত অনুষ্ঠিত বৈঠকত দুপৰীয়া ২ বজাৰ পৰা সদন পুনৰ আহ্বান কৰাৰ বাবে সিদ্ধান্ত হয় ।

লগতে পঢ়ক : মহাৰাষ্ট্ৰ জিলা পৰিষদ নিৰ্বাচনত মহাযুতিৰ আধিপত্য; ৭৩১খন আসনৰ ভিতৰত ৫৫২খন দখল

অধ্যক্ষলৈ কাগজ নিক্ষেপ, উত্তপ্ত পৰিস্থিতিৰ মাজতে ৮ বিৰোধী সাংসদক নিলম্বন

লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ মাজতে একাংশ সাংসদে অধ্যক্ষৰ আসনৰ ফালে কাগজ নিক্ষেপ কৰে । লগে লগে সংশ্লিষ্ট সাংসদসকলক অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰা হয় ।

মঙলবাৰে সংসদৰ কাৰ্যবিধিৰ সময়ত সদনত মৰ্যাদা ভংগৰ এক ঘটনা পোহৰলৈ আহে । লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ মাজতে একাংশ সাংসদে অধ্যক্ষৰ আসনৰ ফালে কাগজ নিক্ষেপ কৰে । লগে লগে এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি সংশ্লিষ্ট সাংসদসকলক অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰা হয় । আঠজন সাংসদৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হয় । তীব্ৰ কোলাহল আৰু প্ৰতিবাদৰ বাবে কেইবাবাৰো সদনৰ কাৰ্যবিধি বন্ধ কৰিবলগীয়া হয় । কাইলৈ ​​অৰ্থাৎ বুধবাৰলৈ স্থগিত ৰখা হৈছে কাৰ্যবিধি ।

বিয়লি ৩ বজাত চতুৰ্থবাৰৰ বাবে লোকসভা পুনৰ আৰম্ভ হোৱাত অধ্যক্ষৰ ওপৰত কাগজ নিক্ষেপ কৰা সদস্যসকলৰ নাম লিপিবদ্ধ কৰা হ’ব বুলি স্পষ্টকৈ উল্লেখ কৰে অধ্যক্ষই । ইয়াৰ পিছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এনে সাংসদক নিলম্বন কৰাৰ প্ৰস্তাৱ আগবঢ়ায় । সদনে ধ্বনি ভোটৰ জৰিয়তে এই প্ৰস্তাৱত অনুমোদন জনায় । ইয়াৰ পিছতো হুলস্থুলীয়া পৰিৱেশৰ অন্ত পৰা নাছিল ।

কোন কোন সাংসদক নিলম্বিত কৰা হয় ?

-ডিন কুৰিয়াকোছে

-কিৰণ ৰেড্ডী

-অমৰিন্দৰ সিং ৰাজা ৱাৰিদ

-মানিকম ঠাকুৰ

-গুৰজীত আউজলা

-হিবি ইডেন

-ভেংকট ৰমন

-প্ৰশান্ত পাডোলে

ইয়াৰ পিছতে বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ সদস্যসকলে সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰি দলৰ সদস্যসকলক লোকসভাৰ পৰা নিলম্বন কৰাৰ বিৰোধিতা কৰে । মঙলবাৰে বিয়লিৰ পৰাই সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক : নিৰ্বাচনী বিজয়তে সন্তুষ্ট নহ’বলৈ সাংসদক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য

আজি লোকসভাত প্ৰদূষণ সন্দৰ্ভত আলোচনা, বিয়লি ৫ বজাত পৰিৱেশ মন্ত্ৰীয়ে দিব উত্তৰ

বৃদ্ধি পোৱা বায়ু প্ৰদূষণ সন্দৰ্ভত বৃহস্পতিবাৰে বিয়লি লোকসভাত হ’ব আলোচনা । পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে লোকসভাত প্ৰশ্ন, আপত্তি, পৰামৰ্শৰ উত্তৰ দিব ।

দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বৃদ্ধি পোৱা বায়ু প্ৰদূষণ সংকট সন্দৰ্ভত বৃহস্পতিবাৰে সংসদত বিতং আলোচনা অনুষ্ঠিত হ’ব । বিৰোধী সদস্যসকলে বাৰে বাৰে উত্থাপন কৰি অহা প্ৰশ্নৰ পিছত পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে লোকসভাত বিয়লি ৫ বজাত প্ৰশ্ন, আপত্তি, পৰামৰ্শৰ উত্তৰ দিব ।

বুধবাৰে ৰাজ্যসভাতো প্ৰতিধ্বনিত হয় প্ৰদূষণ । কেইবাজনো সাংসদে কেন্দ্রীয় চৰকাৰৰ বিপজ্জনক বায়ুৰ গুণাগুণৰ সমাধানৰ কৌশলক লৈ প্রশ্ন উত্থাপন কৰে ৷ ডি এম কেৰ সাংসদ কানিমোঝিয়ে গুৰুতৰভাৱে প্ৰদূষিত অঞ্চলত বৃহৎ পৰিসৰৰ এয়াৰ পিউৰিফায়াৰ স্থাপনৰ বাবে ধন আবণ্টন কৰা হৈছে নেকি বুলি প্ৰশ্ন কৰে ।

বিতৰ্কৰ প্ৰতি সঁহাৰি জনাই ভূপেন্দ্ৰ যাদৱে কয়, “বায়ু প্ৰদূষণ এটা ডাঙৰ সমস্যা । মই একমত ।” তেওঁ নাগৰিকসকলক এ কিউ আই ৰিডিঙৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনাই কয় যে চৰকাৰে সজাগতা আৰু বলবৎকৰণ দুয়োটা দিশতে কাম কৰি আছে । ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যসূচী (এন চি এ পি)ৰ অধীনত দেশৰ ১৩০খন চহৰত বায়ুৰ গুণাগুণ উন্নত কৰাৰ প্ৰচেষ্টা চলি আছে ।

যাদৱে উদ্যোগিক নিৰ্গমন হ্ৰাস কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ লগতে বলবৎকৰণৰ ব্যৱধান পূৰণৰ আহ্বান জনায় ।

ভূপেন্দ্ৰ যাদৱে স্পষ্ট কৰি দিয়ে যে নগৰীয়া স্থানীয় সংস্থাসমূহেই নিয়ম কাৰ্যকৰী কৰাৰ বাবে মূলতঃ দায়বদ্ধ । কেন্দ্ৰীয় চৰকাৰে অধিক চহৰত প্ৰত্যক্ষ হস্তক্ষেপৰ দাবী সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে স্থানীয় সংস্থাসমূহক সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

নিৰ্মাণ সম্পৰ্কীয় প্ৰদূষণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২০২৫ চনৰ ২ এপ্ৰিলৰ পৰা নিৰ্মাণ আৰু ভাঙি পেলোৱা নিয়মাৱলীৰ বাবে নতুন নিয়ম কাৰ্যকৰী কৰা হৈছে । ২০ হাজাৰ বৰ্গমিটাৰতকৈ অধিক প্ৰকল্পৰ বাবে এতিয়া এন্টি স্মোগ গান বাধ্যতামূলক । তদুপৰি, কেন্দ্রীয় চৰকাৰে দিল্লী চৰকাৰক ভাঙি পেলোৱা আৰু নিৰ্মাণ

আৱৰ্জনাসমূহৰ বাবে নিৰ্দিষ্ট জ’ন সৃষ্টি কৰি ব্যৱস্থাপনা উন্নত কৰাৰ বাবে পৰামৰ্শ দিছে ।

লগতে পঢ়ক : সশস্ত্ৰ বাহিনীৰ বীৰত্বক প্ৰণাম… বিজয় দিৱসত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী মোদীৰ লগতে কৃতজ্ঞ ৰাষ্ট্ৰই জনালে শ্ৰদ্ধাঞ্জলি

আজি লোকসভাত উত্থাপন হ’ব VB-G RAM G বিধেয়ক, জানক ইয়াৰ বিশেষত্ব কি ?

আজি লোকসভা উত্থাপন হ’ব ‘বিকশিত ভাৰত গ্যাৰান্টি ফৰ ৰোজগাৰ এণ্ড জীৱিকা মিশ্যন’ বা VB-G RAM G বিল ২০২৫ ।

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি লোকসভা উত্থাপন কৰিব ‘বিকশিত ভাৰত গ্যাৰান্টি ফৰ ৰোজগাৰ এণ্ড জীৱিকা মিশ্যন’ বা VB-G RAM G বিল ২০২৫ । এই বিধেয়কখন বিবেচনাৰ বাবে সদনত লোৱাৰো প্ৰস্তাৱ কৰিব মন্ত্ৰীগৰাকীয়ে ।

বিধেয়কখনৰ উদ্দেশ্য

প্ৰস্তাৱিত আইনখনৰ লক্ষ্য হৈছে বিকশিত ভাৰত ২০৪৭ৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এক নতুন গ্ৰাম্য উন্নয়নৰ কাঠামো স্থাপন কৰা । ইয়াত প্ৰতিটো গ্ৰাম্য পৰিয়ালক ১২৫ দিনৰ দৰমহাযুক্ত কৰ্মসংস্থাপনৰ বিধিগত নিশ্চয়তা প্ৰদান কৰা হৈছে, যাৰ প্ৰাপ্তবয়স্ক সদস্যসকলে স্বেচ্ছাই শ্ৰম কৰে ।

এই বিধেয়কখনৰ লক্ষ্য হৈছে ভাৰতৰ গ্ৰাম্য অঞ্চলত সৱলীকৰণ, সৰ্বাংগীন বিকাশ আৰু আঁচনিৰ উন্নত সমন্বয় আৰু অভিসৰণক প্ৰসাৰিত কৰা, যাৰ ফলত এখন সমৃদ্ধিশালী আৰু স্থিতিস্থাপক গ্ৰাম্য ভাৰতৰ ভেটি স্থাপন কৰা । ইয়াত নিয়োগ আৰু জীৱিকাৰ সৈতে জড়িত অন্যান্য সহায়ক আৰু প্ৰাসংগিক বিধানসমূহো অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক : ৰাজ কুমাৰ গোৱেলক মুখ্য তথ্য আয়ুক্ত নিযুক্তি, ৰাষ্ট্ৰপতিয়ে দিলে শপত

উচ্চ শিক্ষা আয়োগ গঠনৰ বাবে লোকসভাত উত্থাপন বিধেয়ক, যুটীয়া সমিতিলৈ প্ৰেৰণৰ প্ৰস্তুতি

সোমবাৰে লোকসভাত উত্থাপন কৰা হয় উচ্চ শিক্ষা আয়োগ আৰু তিনিখন পৰিষদ গঠনৰ লক্ষ্যৰে “বিকশিত ভাৰত শিক্ষা প্ৰতিষ্ঠান”।

উচ্চ শিক্ষা ব্যৱস্থাৰ বৃহৎ সংস্কাৰৰ দিশত এক পদক্ষেপ হিচাপে সোমবাৰে লোকসভাত উত্থাপন কৰা হয় উচ্চ শিক্ষা আয়োগ আৰু তিনিখন পৰিষদ গঠনৰ লক্ষ্যৰে “বিকশিত ভাৰত শিক্ষা প্ৰতিষ্ঠান”। লগতে চৰকাৰে বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰি সকলো অংশীদাৰৰ পৰা মতামত বিচৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ।

দেওবাৰে কংগ্ৰেছৰ এখন সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ভাবুকিমূলক শ্লোগানৰ দিয়াৰ বিষয়টোক লৈ সংসদত হোৱা হূলস্থূলীয়া পৰিৱেশৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিধেয়কখন উত্থাপন কৰে ।

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়া এজন অধ্যক্ষৰ নেতৃত্বত গঠিত উচ্চ শিক্ষা আয়োগত আই আই টি, এন আই টি, আই আই এছ চি, আই আই এছ ই আৰ, আই আই এম আৰু আই আই আই টিকে ধৰি শিক্ষা মন্ত্ৰালয়ৰ প্ৰশাসনিক পৰিসৰৰ অধীনত কাম কৰা সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনস্থ মহাবিদ্যালয়, ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহ অন্তৰ্ভুক্ত হ’ব ।

বৰ্তমান আই আই টি আৰু আই আই এম বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)ৰ দ্বাৰা নিয়ন্ত্ৰিত নহয় ।

বিধেয়কখনত কোৱা হৈছে যে, “বিকশিত ভাৰত শিক্ষা প্ৰতিষ্ঠান উচ্চ শিক্ষাৰ ব্যাপক আৰু সামগ্ৰিক উন্নয়নৰ বাবে নিৰ্দেশনা প্ৰদান আৰু পৰিষদসমূহৰ মাজত সমন্বয় নিশ্চিত কৰাৰ বাবে এক শীৰ্ষ সংস্থা হ’ব ।”

ইয়াত আৰু কোৱা হৈছে যে, “মানক পৰিষদে উচ্চ শিক্ষানুষ্ঠানসমূহত শৈক্ষিক মানদণ্ডৰ সমন্বয় আৰু নিৰ্ণয় নিশ্চিত কৰিব, নিয়ন্ত্ৰণ পৰিষদে উচ্চ শিক্ষানুষ্ঠানসমূহত মানদণ্ডৰ সমন্বয় আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিব, আনহাতে স্বীকৃতি পৰিষদে স্বীকৃতি প্ৰদানৰ এক স্বতন্ত্ৰ ব্যৱস্থা নিৰীক্ষণ আৰু তদাৰক কৰা স্বীকৃতি প্ৰদান সংস্থা হ’ব ।”

লগতে পঢ়ক : ২০২৬ চনত AIৰ সৈতে কাম কৰিবলৈ আপুনি হ’ব লাগিব আৰু স্মাৰ্ট; প্ৰয়োজনীয় হ’ব এই সমূহ দক্ষতা

অপাৰেচন সিন্দুৰক লৈ লোকসভাত সেনাৰ বীৰত্বৰ প্ৰশংসা ৰাজনাথ সিঙৰ…

অপাৰেচন সিন্দুৰক লৈ লোকসভাত ৰাজনাথ সিঙৰ মন্তব্য

লোকসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত চলি থকা বিতৰ্কত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে গ্ৰহণ কৰা পদক্ষেপক সম্পূৰ্ণৰূপে ন্যায্যতা প্ৰদান কৰি স্পষ্ট কৰি দিয়ে যে এই অভিযান সেনাবাহিনীৰ তিনিওটা সেৱাৰ মাজত উৎকৃষ্ট সমন্বয়ৰ এক অতুলনীয় উদাহৰণ, যিয়ে পাকিস্তানৰ প্ৰতিটো সন্ত্ৰাসবাদী কাৰ্য্যৰ উপযুক্ত উত্তৰ দিছিল । তেওঁ কয় যে আমি পাকিস্তানক তেওঁলোকৰ নিজৰ ভাষাতে প্ৰত্যুত্তৰ দিলোঁ ।

লোকসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত ৰাজনাথ সিঙে কয় যে ৬, ৭ মে’ত এক ঐতিহাসিক সামৰিক অভিযান সংঘটিত হৈছিল, এয়া কেৱল সামৰিক অভিযানেই নহয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ শক্তিশালী পদক্ষেপ । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে পাকিস্তানে পৰাজয় মানি লোৱাৰ পিছত ভাৰতে যুদ্ধবিৰতি কৰিছিল, ইয়াত আন কাৰো কোনো ভূমিকা নাই ।

মাত্ৰ ২২ মিনিটত সম্পূৰ্ণ হৈছিল-

সিঙে দৃঢ়তাৰে কয় যে কোনো বাহ্যিক হেঁচাত অপাৰেচন সিন্দুৰ বন্ধ কৰা হোৱা নাছিল বৰঞ্চ নিৰ্ধাৰিত লক্ষ্য সফলতাৰে লাভ কৰাৰ পিছতহে বন্ধ কৰা হৈছিল । তেওঁ পুনৰ কয় যে এই অভিযান সম্পূৰ্ণ সফল হোৱাৰ লগতে ভাৰতীয় সেনাই নিজৰ সকলো লক্ষ্যত উপনীত হয় । তেওঁ কয় যে ভাৰতৰ লক্ষ্য যুদ্ধ চলোৱা নহয় বৰঞ্চ সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰা, যিটো মাত্ৰ ২২ মিনিটতে সম্পন্ন হয় । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে যিকোনো হেঁচাত অপাৰেচন সিন্দুৰ বন্ধ কৰা হ’ল বুলি কোৱাটো ভুল; পাকিস্তানৰ অনুৰোধ আৰু ডি জি এম অ’ পৰ্যায়ত আলোচনাৰ পিছতহে ইয়াক বন্ধ কৰা হৈছিল ।

অপাৰেচন সিন্দুৰত নিহত সন্ত্ৰাসবাদী-

ৰাজনাথ সিঙে অৱগত কৰে যে অপাৰেচন সিন্দুৰ চলোৱাৰ পূৰ্বে প্ৰতিটো দিশৰ ওপৰত পুংখানুপুংখভাৱে অধ্যয়ন কৰা হৈছিল । কেৱল সন্ত্ৰাসবাদী আৰু আত্মগোপন স্থানক লক্ষ্য কৰি লোৱা আৰু পাকিস্তানৰ সাধাৰণ নাগৰিকৰ কোনো ক্ষতি নহয় বুলি নিশ্চিত কৰা হৈছিল । তেওঁ লোকসভাত কয় যে এই অভিযানত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে । তেওঁ ‘অপাৰেচন সিন্দুৰ’ক কেৱল সামৰিক অভিযানেই নহয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতিৰ নিৰ্ণায়ক প্ৰকাশ বুলি অভিহিত কৰে ।

বিৰোধীক তীব্ৰ সমালোচনা-

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহক লক্ষ্য কৰি কয় যে পাকিস্তানে ভাৰতৰ কোনো এটা লক্ষ্যত আঘাত কৰিব নোৱাৰে আৰু কোনো সম্পত্তিৰ ক্ষতি কৰিব নোৱাৰে । তেওঁ বিৰোধী দলক সমালোচনা কৰি কয় যে ভাৰতীয় বাহিনীয়ে শত্ৰুৰ কিমান বিমান ধ্বংস কৰিলে বুলি কেতিয়াও প্ৰশ্ন কৰা নাই, কিন্তু তেওঁলোকে কেৱল নিজৰ বিমান হেৰুওৱাতহে গুৰুত্ব দিছে । ৰাজনাথ সিঙে কয় যে ইয়াৰ দ্বাৰা জনসাধাৰণৰ আৱেগক শুদ্ধকৈ প্ৰতিনিধিত্ব কৰা নহয় । তেওঁ বিৰোধীক প্ৰত্যাহ্বান জনায় যে যদি তেওঁলোকে প্ৰশ্ন কৰিব লাগে, তেন্তে তেওঁলোকে সুধিব লাগে যে অপাৰেচন সিন্দুৰ সফল হ’ল নে, যাৰ প্ৰত্যক্ষ উত্তৰ হ’ল ‘হয়’ ।

সিঙে বিৰোধী দলক সমালোচনা কৰি কয় যে পৰীক্ষাত কলম বা পেঞ্চিল ভাঙিলে চিন্তা কৰিব নালাগে, বৰঞ্চ ফলাফলৰ ওপৰত গুৰুত্ব দিব লাগে । তেওঁ বুজাই দিলে, ‘যেতিয়া লক্ষ্যবোৰ ডাঙৰ হয়, তেতিয়া সৰু সৰু বিষয়বোৰত গুৰুত্ব দিয়া উচিত নহয় । ইয়াৰ ফলত দেশৰ নিৰাপত্তা, সৈনিকৰ সন্মান আৰু উৎসাহৰ পৰা মনোযোগ আঁতৰি যাব পাৰে ।’

লগতে পঢ়ক : শ্ৰীনগৰত পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদী নিহত; ভাৰতীয় সেনাৰ বৃহৎ সফলতা