ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে চলিব মহাভিযোগ প্ৰক্ৰিয়া; প্ৰস্তাৱত স্বাক্ষৰ ২০৮জন সাংসদৰ

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে চলিব মহাভিযোগ প্ৰক্ৰিয়া

নগদ ধন কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব । ইয়াৰ বাবে সকলো দলৰ সাংসদৰ স্বাক্ষৰ লোৱা হয় । সৰু-বৰ সকলো দলৰ অধিকাংশ সাংসদ এই মহাভিযোগ প্রস্তাৱৰ সপক্ষে আছে ৷ প্ৰায় ২০৮ গৰাকী সাংসদে এই প্ৰস্তাৱক সমৰ্থন কৰিছে । লোকসভাৰ অধ্যক্ষ ওম বিৰলাক দাখিল কৰা জাননীখনত বিৰোধী দলপতি ৰাহুল গান্ধী, বিজেপিৰ জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদ, অনুৰাগ ঠাকুৰকে ধৰি মুঠ ১৪৫জন সদস্যই স্বাক্ষৰ কৰিছে । একে সময়তে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ক দাখিল কৰা জাননীখনত ৬৩জন সাংসদে স্বাক্ষৰ কৰিছে ।

১২৪, ২১৭ আৰু ২১৮ অনুচ্ছেদৰ অধীনত নিম্ন সদনত জাননী দিয়া হৈছে । এজন ন্যায়াধীশক অপসাৰণৰ প্ৰস্তাৱত লোকসভাৰ কমেও ১০০জন আৰু ৰাজ্যসভাৰ ৫০জন সাংসদৰ স্বাক্ষৰ থাকিব লাগে । মহাভিযোগৰ প্ৰস্তাৱ গ্ৰহণ বা নাকচ কৰাটো অধ্যক্ষৰ ওপৰত নিৰ্ভৰশীল । যদিহে প্ৰস্তাৱ গ্ৰহণ কৰা হয় তেন্তে এখন সমিতি গঠন কৰা হ’ব, যিয়ে এমাহৰ পৰা তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব ।

এই কমিটীত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলো আছে । অভিযোগৰ তদন্ত কৰি কমিটীয়ে প্ৰতিবেদন দাখিল কৰে । কমিটীয়ে অভিযোগ সঁচা বুলি বিবেচনা কৰিলে সংসদৰ দুয়োটা সদনত এটা প্ৰস্তাৱ দাখিল কৰা হয় । প্ৰতিটো সদনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে এই প্ৰস্তাৱ গৃহীত কৰিব লাগিব । দুয়োটা সদনত গৃহীত হোৱাৰ পিছত এই প্ৰস্তাৱ ৰাষ্ট্ৰপতিৰ ওচৰলৈ যায় আৰু তেওঁৰ অনুমোদনৰ পিছত ন্যায়াধীশক অপসাৰণ কৰা হয় ।

ন্যায়াধীশ বাৰ্মাৰ ঘৰত উদ্ধাৰ হৈছিল নগদ কোটি কোটি টকা-

উল্লেখ্য যে, ১৪ মাৰ্চত হোলীৰ নিশা প্ৰায় ১১.৩৫ বজাত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাংলোত অগ্নিকাণ্ড সংঘটিত হৈছিল । তেওঁ দিল্লীৰ বাহিৰত আছিল । তেওঁৰ পৰিয়ালে অগ্নিনিৰ্বাপক বাহিনীক ফোন কৰি জুই নিৰ্বাপন কৰে । জুই নিৰ্বাপন কৰিবলৈ আহিছিল বৃহৎ সংখ্যক আৰক্ষী বাহিনী । এই সময়ছোৱাত ন্যায়াধীশগৰাকীৰ বাসগৃহত বহু পৰিমাণৰ নোটৰ বাণ্ডিল পোৱা বুলি অভিযোগ উঠিছিল । অভিযোগ অনুসৰি এটা সমগ্ৰ কোঠা নোটেৰে ভৰি থকা অৱস্থাত পোৱা গৈছিল ।

মহাভিযোগ দাখিলৰ পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ত উপস্থিত ন্যায়াধীশ বাৰ্মা-

মহাভিযোগৰ বাবে প্ৰস্তুতি চলোৱাৰ পূৰ্বে ন্যায়াধীশ যশৱন্ত বাৰ্মাই উচ্চতম ন্যায়ালয়ত ইন-হাউছ তদন্তৰ প্ৰতিবেদনক প্ৰত্যাহ্বান জনাইছে । প্ৰতিবেদনত নগদ ধনৰ উৎস জনাব নোৱাৰাৰ বাবে মহাভিযোগ দাখিলৰ পৰামৰ্শ দিয়া হৈছে । ন্যায়াধীশ বাৰ্মাই দাবী কৰিছে যে ষ্ট’ৰৰুমৰ ওপৰত তেওঁৰ কোনো নিয়ন্ত্ৰণ নাছিল । উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই এই প্ৰতিবেদনৰ বৈধতা নিৰ্ণয় কৰিব । ২০২৫ চনৰ ৪ মাৰ্চত ন্যায়াধীশ বাৰ্মাৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছত কোটি কোটি নগদ ধন উদ্ধাৰ হৈছিল ।

তদন্ত সমিতিৰ প্ৰতিবেদনত উদ্ধাৰ হোৱা নগদ ধন ন্যায়াধীশ বাৰ্মা আৰু তেওঁৰ পৰিয়ালৰ আছিল আৰু তেওঁ ইয়াৰ উৎস প্ৰকাশ কৰা নাই । ইয়াৰ পিছতে তদন্ত সমিতিয়ে মহাঊিযোগ দাখিলৰ পৰামৰ্শ দিয়ে, যিটো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে লৈছে । এই নগদ ধনৰ কেলেংকাৰীৰ পিছত ন্যায়াধীশ যশৱন্ত বাৰ্মাক দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয় ।

লগতে পঢ়ক : ‘অপাৰেচন সেন্দুৰ’ লক্ষ্যত উপনীত হ’ল”; বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

মাজনিশা লোকসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক…

লোকসভাত বৃহস্পতিবাৰে মাজনিশা গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক । ১২ ঘণ্টাৰো অধিক সময় ধৰি চলি থকা মাৰাথন বিতৰ্কৰ অন্তত লোকসভাই ৱাকফ (সংশোধনী) বিধেয়ক ২০২৫ গৃহীত কৰে । এই বিধেয়কখনে ২৮৮ টা ভোট সপক্ষে আৰু ২৩২ টা বিৰোধী ভোট লাভ কৰে । আলোচনা সমাপ্ত হোৱাৰ পাছতে অধ্যক্ষ ওম বিৰলাই ভোটদান পৰিচালনা কৰে । এই সময়ছোৱাত বিধেয়কখনৰ সপক্ষে ২৮৮টা ভোট লাভ কৰাৰ বিপৰীতে বিপক্ষে ২৩২টা ভোট লাভ কৰে আৰু এইদৰে মাজনিশা ২ বজাত লোকসভাত ৱাকফ সংশোধনী বিধেয়কখন গৃহীত হয় । ইয়াৰ পূৰ্বে সদনত গৌৰৱ গগৈ, ওৱাইছিকে ধৰি বহু সদস্যই অনা সংশোধনী নাকচ কৰা হয় ।

আলোচনাৰ সময়ত শাসকীয় দলৰ সাংসদসকলে বিধেয়কখনক সমৰ্থন কৰাৰ বিপৰীতে বিৰোধী সাংসদসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে । এই সময়ছোৱাত বহু সময়ত বিশৃংখলতাও দেখা যায় । নিজৰ কথা উত্থাপন কৰাৰ পিছত এ আই এম আই এমৰ সাংসদ ওৱাইছিয়ে ৱাকফ বিল ফালি পেলায়, যাৰ ওপৰত শাসকীয় দলে প্ৰশ্ন উত্থাপন কৰে । বিজেপিৰ সাংসদ জগদম্বিকা পালে ইয়াক অসাংবিধানিক বুলি অভিহিত কৰে ।

লোকসভাত গৃহীত ৱাকফ বিধেয়ক, কি ক’লে ৰিজিজুৱে-

ভোটদানৰ পূৰ্বে বিধেয়কখনৰ ওপৰত হোৱা আলোচনাৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বিৰোধীক তীব্ৰ আক্ৰমণ কৰে । কাৰণ অবিহনে অভিযোগ উত্থাপন কৰাটো ভুল বুলিও তেওঁ কয় । তেওঁ কয় যে, আমি সংসদৰ সদস্য, আমি ব্যৱহাৰ কৰা শব্দবোৰ বুজি পোৱা উচিত । একাংশ সদস্যই উত্থাপন কৰা কথাবোৰত যুক্তি আছে যদিও কিছুমান অযুক্তিকৰ কথাও কোৱা হৈছে । ইফালে বিৰোধী দলৰ একাংশ সাংসদে কয় যে যদি এই বিধেয়কখন অসাংবিধানিক তেন্তে তেওঁলোকে ক’ব লাগে যে ই কেনেকৈ অসাংবিধানিক ।

আলোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কিৰেন ৰিজিজুৱে কয় যে সংখ্যালঘু লোকৰ বাবে বিশ্বত ভাৰততকৈ সুৰক্ষিত স্থান নাই । এই দেশৰ গৰিষ্ঠসংখ্যক লোকে নিজকে ধৰ্মনিৰপেক্ষ বুলি গণ্য কৰে । বিৰোধীয়ে চৰকাৰক সমালোচনা কৰিব পাৰে, কিন্তু ভাৰতত সংখ্যালঘু নিৰাপদ নহয় বুলি কোৱাটো সঠিক নহয় । তেওঁ কয়, ‘মই নিজে সংখ্যালঘু আৰু ক’ব পাৰো যে সংখ্যালঘু ভাৰততকৈ ক’তো নিৰাপদ নহয় । প্ৰতিটো সংখ্যালঘু সম্প্ৰদায়ে এই দেশত মৰ্যাদাৰে জীৱন নিৰ্বাহ কৰে ।‘

বিধেয়কখন মুছলমান আৰু ইছলাম বিৰোধী নহয়ঃ কিৰেন ৰিজিজু

ৰিজিজুৱে কয় যে এই বিধেয়কখন মুছলমান আৰু ইছলাম বিৰোধী নহয় । এয়া সম্পূৰ্ণ সাংবিধানিক । যদি এই বিধেয়কখন ইতিমধ্যে আছে তেন্তে ই কেনেকৈ অসাংবিধানিক হ’ব পাৰে ? প্ৰতিটো ভূমি দেশৰ মাটি । তেওঁ বিৰোধীক তৰ্ক অবিহনে অভিযোগ নকৰিবলৈ স্পষ্টকৈ কয় । কিৰেন ৰিজিজুৱে আলোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত ৱাকফ বিধেয়কখনৰ ওপৰত ভোটদান কৰা হয় য’ত ২৮৮টা ভোটৰ সপক্ষে আৰু ২৩২টা বিপক্ষে ভোটদান হয় । এইদৰে বিধেয়কখন লোকসভাত গৃহীত হয় ।

লোকসভাত ৱাকফ সংশোধনী বিধেয়ক দাখিল কৰাৰ লগে লগে হুলস্থুলীয়া পৰিৱেশ, বিৰোধীক প্ৰত্যুত্তৰ দিলে অমিত শ্বাহে

লোকসভাত উত্থাপন হৈছে ৱাকফ সংশোধনী বিধেয়ক । এই বিধেয়কখন দাখিল কৰাৰ লগে লগে কংগ্ৰেছে লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । কংগ্ৰেছে অভিযোগ কৰে যে কালি (১ এপ্ৰিল) বিয়লি তেওঁলোকে বিধেয়কখন লাভ কৰিছিল, যাৰ বাবে তেওঁলোকে সংশোধনী দিবলৈ সময় নাপালে । ইফালে কংগ্ৰেছে উত্থাপন কৰা এই অভিযোগৰ ততাতৈয়াকৈ প্ৰত্যুত্তৰ দিয়ে গৃহমন্ত্ৰী অমিত শ্বাহে ।

কে চি বেণুগোপালে দৰ্শালে আপত্তি-

কংগ্ৰেছত সাংসদ কে.চি. বেনুগোপালে কয়, “আপুনি সদনত যিখন বিধেয়ক (ৱাকফ সংশোধনী বিধেয়ক) আনিছে, অন্ততঃ সদস্যসকলৰ সংশোধনী কৰাৰ অধিকাৰ থাকিব লাগে । আপুনি বলপূৰ্বকভাৱে আইন জাপি দিছে । সংশোধনীৰ বাবে সময় দিব লাগে । সংশোধনীৰ বাবে বহু ব্যৱস্থা আছে ।”

গৃহমন্ত্ৰী অমিত শ্বাহে দিলে উত্তৰ-

 বেনুগোপালৰ এই বক্তব্যৰ প্ৰত্যুত্তৰ দি গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘মই সদনৰ সন্মুখত উত্থাপন হোৱা পইণ্ট অৱ অৰ্ডাৰৰ মূল কথা ৰাখিব বিচাৰো । ভাৰত চৰকাৰৰ কেবিনেটে এখন বিধেয়ক অনুমোদন কৰি সদনত দাখিল কৰে । ইয়াক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হয়, যাৰ বাবেও বিৰোধীয়ে অনুৰোধ জনায় । এই বিধেয়কখন বিবেচনা কৰি কমিটীয়ে মতামত দিলে । তাৰ পিছত এই মতামত পুনৰ মন্ত্ৰীসভালৈ প্ৰেৰণ কৰা হ’ল ।‘

তেওঁ পুনৰ কয় যে, কেবিনেটে জে পি চিৰ পৰামৰ্শ গ্ৰহণ কৰি সংশোধনী সদনত দাখিল কৰে কিৰেন ৰিজিজুৱে । কেবিনেটে অনুমোদন দিলেহে এয়া সম্ভৱ, গতিকে ইয়াত কোনো পইণ্ট অৱ অৰ্ডাৰ আছে বুলি মই বিশ্বাস নকৰো । আপোনাৰ অনুৰোধ আছিল যে জে পি চি গঠন হওক । যদি কমিটীয়ে কোনো সালসলনি নকৰে তেন্তে ইয়াৰ কি লাভ ?  আমাৰ কমিটীয়ে কংগ্ৰেছৰ দৰে কেৱল ছীল-মোহৰ মৰাৰ কাম নকৰে, আলোচনাৰ অন্তত সঠিক সিদ্ধান্ত গ্ৰহণ কৰি প্ৰয়োজনীয় সালসলনি কৰে ।‘

কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰৰ আগষ্ট মাহত লোকসভাত এই বিধেয়ক উত্থাপন কৰিছিল । কিন্তু পিছত সৰ্বসন্মতিক্ৰমে এই বিধেয়কখন যুটীয়া সংসদীয় সমিতি (জে পি চি)লৈ প্ৰেৰণ কৰা হয় । প্ৰায় ছমাহ ধৰি বিধেয়কখনৰ সংশোধনৰ বাবে দিয়া পৰামৰ্শসমূহ জে পি চিয়ে বিবেচনা কৰি ২৭ জানুৱাৰীত সংসদত পুনৰ উত্থাপন কৰাত অনুমোদন জনায় ।

আজি লোকসভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰাৰ প্ৰস্তুতি… একত্ৰিত এন ডি এ আৰু বিৰোধী

সমগ্ৰ দেশৰ ৱাকফ ব’ৰ্ডসমূহৰ জবাবদিহিতা আৰু স্বচ্ছতা নিশ্চিত কৰাৰ বাবে আজি দিনৰ ১২ বজাত লোকসভাত উত্থাপন কৰা হ’ব ৱাকফ সংশোধনী বিধেয়ক । ইয়াৰ জৰিয়তে বৰ্তমানৰ ৱাকফ আইনত পৰিৱৰ্তন কৰা হ’ব । বিজনেছ এডভাইজাৰী কমিটীয়ে বিধেয়কখনৰ সন্দৰ্ভত আলোচনাৰ বাবে আঠ ঘণ্টা সময় নিৰ্ধাৰণ কৰিছে ।

এই অধিৱেশনতেই দুয়োটা সদনত বিধেয়কখন গৃহীত কৰাৰ প্ৰচেষ্টা-

বিৰোধীকে ধৰি বহু মুছলমান সংগঠনে বিধেয়কখনৰ বিৰোধিতা কৰিছে যদিও এন ডি এৰ মিত্ৰ দলৰ সহায়ত বিধেয়কখন গৃহীত কৰাৰ প্ৰস্তুতি চলাইছে শাসকীয় বিজেপিয়ে । এই বিধেয়ক সন্দৰ্ভত চৰকাৰৰ লগত আছে তেলেগু দেশম পাৰ্টি আৰু জনতা দল-ইউ ।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে এই অধিবেশনতে এই বিধেয়কখন দুয়োটা সদনত গৃহীত কৰাৰ উদ্দেশ্য চৰকাৰৰ । বিজেপি, কংগ্ৰেছকে ধৰি বহু দলে নিজৰ সাংসদৰ উপস্থিতি নিশ্চিত কৰিবলৈ হুইপ জাৰি কৰিছে । বুধবাৰে লোকসভাৰ সাংসদসকলক সমগ্ৰ দিনটো সদনত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়াৰ বিপৰীতে ৰাজ্যসভাৰ সাংসদসকলক বৃহস্পতিবাৰে দিনটো সদনত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।

বিতং আলোচনাৰ অন্তত পৰৱৰ্তী অধিবেশনত দাখিল কৰিবলৈ দাবী জনাইছে বিৰোধীয়ে-

ইয়াৰ পূৰ্বে সোমবাৰে লোকসভা আৰু বি এ চিৰ বৈঠকত বিধেয়কখনক লৈ বিৰোধীয়ে হুলস্থুলৰ সৃষ্টি কৰে । এই হুলস্থুলৰ বাবেই প্রশ্ন ঘণ্টাৰ পাছত দুঘণ্টাৰ বাবে লোকসভাৰ কার্যসূচী স্থগিত ৰখা হয় ৷ একে সময়তে বি এ চিৰ বৈঠকত বিৰোধীয়ে ১২ ঘণ্টীয়া আলোচনা আৰু বিশদ আলোচনাৰ অন্তত পৰৱৰ্তী অধিবেশনত উপস্থাপন কৰাৰ দাবী জনায় । এই দাবী মানি নোলোৱাৰ পিছত বিৰোধী সদস্যই সভা বৰ্জন কৰে ।

সাংসদৰ উপস্থিতি নিশ্চিত কৰিবলৈ হুইপ জাৰি-

সহযোগী দলৰ বাহিৰেও বিজেপিয়ে একাংশ নিৰপেক্ষ দলৰ সৈতে আলোচনাত মিলিত হৈছে । এন ডি এৰ সকলো সদস্য দল একত্ৰিত হৈছে । টি ডি পিৰ তিনিটা সংশোধনী আৰু মিত্ৰশক্তিৰ পৰামৰ্শ চৰকাৰে মানি লৈছে । সমৰ্থনত টি ডি পিয়ে হুইপ জাৰি কৰিছে । একে সময়তে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে জে ডি ইউৰ সাংসদ সঞ্জয় ঝা আৰু লালন সিঙৰ বৈঠকৰ অন্তত দলটোৱে বিধেয়কখনৰ সমৰ্থনত নিজৰ সাংসদসকলৰ উপস্থিতি নিশ্চিত কৰিবলৈ হুইপ জাৰি কৰে ।

দুয়োখন সদনত চৰকাৰৰ সৈতে সংখ্যাবল :

লোকসভা- এন ডি এৰ ২৯৩ জন সদস্য । যিটো সংখ্যাগৰিষ্ঠতকৈ ২১ জন বেছি । ৫ জন নিৰ্দলীয় আৰু অন্যান্য দলীয় সাংসদো চৰকাৰৰ লগত আছে ।

ৰাজ্যসভা (বৰ্তমান ২৩৬ জন সদস্য)- সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ১১৯ । বিজেপিৰ সদস্য ৯৮, এন ডি এৰ সদস্য ১১৫ । ৬জন মনোনীত সদস্যৰে চৰকাৰৰ কাম হ’ব । এ আই এ ডি এম কেৰ চাৰিজন সদস্য, তিনিজন নিৰ্দলীয় আৰু সৰু দলৰ এজনেও যোগদান কৰিব পাৰে ।

এইবোৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ব-

-ৱাকফৰ সম্পত্তিৰ বিবাদৰ ওপৰত ন্যায়াধিকৰণৰ সিদ্ধান্ত চূড়ান্ত নহয়; ভুক্তভোগীয়ে উচ্চ ন্যায়ালয়লৈ যোৱাৰ অধিকাৰ পাব ।

-ৱাকফ ব’ৰ্ডে দান অবিহনে কোনো সম্পত্তিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে । ইয়াৰ পূৰ্বে কেৱল ব’ৰ্ডে ইয়াৰ ওপৰত কৰা দাবীৰ বাবেই সম্পত্তি ৱাকফ হৈ পৰিছিল ।

-ৱাকফ ব’ৰ্ডত মহিলা আৰু অন্য ধৰ্মৰ সদস্যকো প্ৰৱেশৰ অনুমতি দিয়া হ’ব । পুৰণি নিষেধাজ্ঞা আঁতৰাই দিয়া হ’ল ।

-ৱাকফৰ সম্পত্তি জৰীপ আৰু নিৰ্ধাৰণ কৰাৰ অধিকাৰ সংগ্ৰাহকৰ আছে ।

৩৫টা সংশোধনীৰে লোকসভাত গৃহীত বিত্ত বিধেয়ক ২০২৫…

আজি (মঙলবাৰ) লোকসভাত চৰকাৰৰ ৩৫টা সংশোধনী সন্নিবিষ্ট কৰা বিত্ত বিধেয়ক ২০২৫ গৃহীত হয় । ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হৈছে অনলাইন বিজ্ঞাপনৰ ওপৰত ৬ শতাংশ ডিজিটেল কৰ এতিয়া বাতিল কৰা হৈছে । ইয়াৰ লগে লগে লোকসভাই বাজেট প্ৰক্ৰিয়াৰ নিজৰ অংশ সম্পূৰ্ণ কৰিলে । এতিয়া এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰা হ’ব, য’ত অনুমোদন পোৱাৰ পিছত ২০২৫-২৬ চনৰ বাজেট সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব ।

২০২৫-২৬ চনৰ বাজেটত কি আছে ?

মুঠ ব্যয়ঃ ৫০.৬৫ লাখ কোটি টকা, যিটো যোৱা বছৰৰ তুলনাত ৭.৪ শতাংশ বেছি

মূলধনী ব্যয়ঃ ১১.২২ লাখ কোটি টকা

কৰ সংগ্ৰহৰ লক্ষ্য: ৪২.৭০ লাখ কোটি টকা

ঋণৰ পৰিকল্পনা: ১৪.০১ লাখ কোটি টকা

টকা ক’লৈ যাব ?

কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনিৰ বাবে : ৫.৪১ লাখ কোটি টকা । যোৱা বছৰ ৪.১৫ লাখ কোটি টকা আছিল ।

কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ বাবেঃ ১৬.২৯ লাখ কোটি টকা ।

ৰাজ্যলৈ স্থানান্তৰঃ ২৫.০১ লাখ কোটি টকা । এইটো যোৱা বছৰৰ তুলনাত ৪.৯১ লাখ কোটি টকা বেছি ।

কিয় খৰছ বাঢ়িল ?

-বজাৰ ঋণৰ সুত পৰিশোধ বৃদ্ধি পালে

-সামৰিক বাহিনীৰ বাবে অধিক ধন

-নিয়োগ আঁচনিৰ বাবে অধিক ব্যৱস্থা

বিত্তীয় ঘাটি আৰু জিডিপিৰ অনুমান

২০২৫-২৬ চনৰ বিত্তীয় ঘাটি : ৪.৪ শতাংশ (এইবাৰ ৪.৮ শতাংশ)

জি ডি পি অনুমান: ৩,৫৬,৯৭,৯২৩ কোটি টকা (যোৱা বছৰৰ তুলনাত ১০.১ শতাংশ বৃদ্ধি)

সাধাৰণ মানুহৰ বাবে কি বিশেষ-

অনলাইন বিজ্ঞাপনৰ ওপৰত কৰ আঁতৰোৱাৰ ফলত ডিজিটেল মাৰ্কেটিং সস্তা হ’ব ।

ৰাজ্যসমূহে অধিক ধন লাভ কৰিব, যাৰ ফলত উন্নয়নৰ কাম ত্বৰান্বিত হ’ব ।

নিয়োগ আঁচনিৰ ওপৰত গুৰুত্ব দিলে নতুন চাকৰিৰ সুযোগ বৃদ্ধি পাব পাৰে ।

এতিয়া ৰাজ্যসভাই কেতিয়া এই বিধেয়কখন গৃহীত কৰে আৰু নতুন বাজেট কেনেদৰে কাৰ্যকৰী হয় সেয়া লক্ষণীয় হব । এই বাজেটে অৰ্থনীতি আৰু অধিক শক্তিশালী কৰিব বুলি দাবী কৰিছে যদিও বিৰোধীয়ে ইয়াক “নিৰ্বাচনী বাজেট” বুলি অভিহিত কৰিছে ।

আদানী গোটক লৈ নিম্ন সদনত বিৰোধীৰ হুলস্থুল…স্থগিত কৰিব লগা হ’ল লোকসভাৰ কাৰ্যক্ৰম

বৃহস্পতিবাৰে আদানী গোটৰ সৈতে জড়িত এক বাতৰিক লৈ কংগ্ৰেছৰ সদস্য আৰু আন একাংশ বিৰোধী দলে লোকসভাত হুলস্থুলৰ সৃষ্টি কৰে, যাৰ বাবে সদনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ প্ৰায় পাঁচ মিনিটৰ পিছত বিয়লি ২ বজালৈ স্থগিত ৰখা হয় । সদনৰ কাৰ্য্যবিধি আৰম্ভ হোৱাৰ লগে লগে বিৰোধী সদস্যসকলে শ্লোগান দিবলৈ আৰম্ভ কৰে ।

শ্লোগানৰ মাজতে আৰম্ভ হ’ল প্ৰশ্নকাল-

বিৰোধী সাংসদসকলে শ্লোগান দিয়াৰ মাজতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰশ্ন ঘণ্টা আৰম্ভ কৰাৰ লগতে জলশক্তি মন্ত্ৰালয়ৰ সৈতে জড়িত কিছু পৰিপূৰক প্ৰশ্ন সোধা হয় । এই সময়ত অধ্যক্ষ ওম বিৰলাই বিৰোধী সদস্যসকলক শ্লোগান দিয়া বন্ধ কৰি কাৰ্য্যবিধি অব্যাহত থাকিবলৈ দিবলৈ আহ্বান জনায় ।

বিৰোধীৰ ওচৰত আবেদন জনায় ওম বিৰলাই-

লোকসভাৰ অধ্যক্ষই কয়, ‘আপোনালোকে প্ৰশ্ন ঘণ্টাত পৰিকল্পিত অচলাৱস্থাৰ সৃষ্টি কৰে, এইটো কোনো ভাল অভ্যাস নহয় । আপোনালোকে (কংগ্ৰেছে) ইমান বছৰে শাসন কৰি আহিছে…আপুনি সদনত বিঘিনিৰ সৃষ্টি কৰে । তেওঁ কয়, ‘মই কৈছো যে আমি দুপৰীয়া ১২ বজাত বিষয়টো আগবঢ়াবলৈ দিম, কিন্তু আপোনালোকে আলোচনা নিবিচাৰে । আপোনালোকে সদনলৈ গুৰুত্বপূৰ্ণ বিষয় আনিব নিবিচাৰে ।‘

হুলস্থুল বন্ধ নোহোৱাত কাৰ্য্যবিধি স্থগিত ৰখা হয়-

এই সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, ‘চৰকাৰৰ জবাবদিহিতা প্ৰশ্নৰ সময়ত সিদ্ধান্ত লোৱা হয় । এই সময় আটাইতকৈ গুৰুত্বপূৰ্ণ । সদস্য সকলৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে । ইফালে বিৰোধী সদস্যৰ হুলস্থুল বন্ধ নোহোৱাত লোকসভাৰ অধ্যক্ষই পুৱা প্ৰায় ১১:০৫ বজাত দুপৰীয়া ২:০০ বজালৈ সদন স্থগিত ৰাখে ।

চলিত সপ্তাহতে লোকসভাত উত্থাপন হ’ব পাৰে নতুন আয়-কৰ বিধেয়ক…জানক নতুন আইনৰ সৈতে কি পৰিৱৰ্তন ঘটিব

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত সপ্তাহত লোকসভাত নতুন আয়-কৰ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে । কেন্দ্ৰীয় কেবিনেটে ২০২৫ চনৰ ৭ ফেব্ৰুৱাৰী শুকুৰবাৰে এই বিধেয়কত অনুমোদন জনায় । এই বিধেয়কখনে ছয় দশক পুৰণি আয়-কৰ আইনখনৰ ঠাই ল’ব । ২০২৫ চনৰ বাজেট দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন আয়-কৰ বিধেয়ক অনাৰ কথা উল্লেখ কৰিছিল ।

নতুন আয়কৰ বিধেয়ক ২০২৫ত সম্ভাৱ্য সংস্কাৰ-

নতুন আয়কৰ বিধেয়কখনে কৰ ব্যৱস্থাৰ উন্নতিৰ বাবে এক বৃহৎ সংস্কাৰ আনিব পাৰে । এই বিধেয়কখনৰ লক্ষ্য হ’ব নিয়ম সৰল কৰি সাধাৰণ মানুহৰ হাতত অধিক ধন সঞ্চয় কৰা । এই বিধেয়কখনত এইসমূহ বৃহৎ সংস্কাৰ আশা কৰা হৈছে-

-কৰ নিয়ম সৰলীকৰণ

-ৰেহাই আৰু কৰ্তনৰ যুক্তিযুক্ততা প্ৰদান কৰা

-অনুসৰণ সৰল কৰা

-বিবাদ নিষ্পত্তি ব্যৱস্থা শক্তিশালী কৰা

-ডিজিটেল অৰ্থনীতিৰ বাবে ব্যৱস্থা

-এই বিধেয়কখনে কৰ ব্যৱস্থাৰ উন্নতিৰ বাবে এক বৃহৎ সংস্কাৰ আনিব পাৰে

কিয় পুৰণি আইনখন সলনি কৰাৰ প্ৰয়োজন ?

বৰ্তমান ৬ দশক পুৰণি আয়-কৰ আইনখনৰ বহু ত্ৰুটি আছে, যাৰ বাবে কৰ ব্যৱস্থাটো জটিল আৰু জটিল হৈ পৰিছে । এই নতুন বিধেয়কখনৰ লক্ষ্য হৈছে এই ত্ৰুটিসমূহ দূৰ কৰি সাধাৰণ মানুহৰ বাবে কৰ ব্যৱস্থাক অধিক কাৰ্যক্ষম আৰু স্বচ্ছ কৰি তোলা ।

কেতিয়া উত্থাপন হ’ব বিধেয়কখন ?

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত সপ্তাহত লোকসভাত নতুন আয়-কৰ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে । একাংশ খবৰ অনুসৰি এই বিধেয়কখন ১১ ফেব্ৰুৱাৰী মঙলবাৰে সংসদত উত্থাপন হ’ব পাৰে । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰে কোনো আনুষ্ঠানিক তথ্য দিয়া নাই ।

বিধেয়কখন গৃহীত হোৱাৰ পিছত কি হ’ব ?

সংসদৰ দুয়োটা সদনত এই বিধেয়কখন গৃহীত হ’লেই আইনত পৰিণত হ’ব ৷ এই নতুন আইনখনে পুৰণি আয়-কৰ আইনখনৰ ঠাই ল’ব আৰু ভাৰতৰ কৰ ব্যৱস্থাত যথেষ্ট পৰিৱৰ্তন আনিব ।

নতুন টেক্স শ্লেব ঘোষণা-

২০২৫ চনৰ বাজেটৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন কৰ শ্লেব ঘোষণা কৰিছিল । ইয়াৰ অধীনত ১২ লাখ টকা পৰ্যন্ত আয় কাৰ্যকৰীভাৱে কৰমুক্ত কৰা হৈছে । পূর্বে কৰবিহীন সীমা আছিল ৭ লাখ টকা পৰ্যন্ত ৷ ইয়াৰ বাহিৰেও ৪ লাখ টকা পৰ্যন্ত কোনো কৰ নাই । ৪ লাখৰ পৰা ৮ লাখ টকাৰ ভিতৰত আয়ৰ ওপৰত ৫% কৰ । ৮ লাখৰ পৰা ১২ লাখ টকাৰ ভিতৰত আয়ৰ ওপৰত ১০% কৰ । ১২ লাখৰ পৰা ১৬ লাখ টকাৰ ভিতৰত আয়ৰ ওপৰত ১৫% কৰ । ১৬ লাখৰ পৰা ২০ লাখ টকাৰ ভিতৰত আয়ৰ ওপৰত ২০% কৰ । ২০ লাখৰ পৰা ২৪ লাখ টকাৰ ভিতৰত আয়ৰ ওপৰত ২৫% কৰ । ২৪ লাখ টকাৰ ওপৰৰ আয়ৰ ওপৰত ৩০% কৰ ঘোষণা কৰা হৈছে ।

শীতকালীন অধিবেশনত বিতৰ্কৰ উত্তাপ, ৰাজ্যসভাৰ ৬০ শতাংশ আৰু লোকসভাৰ ৪২ শতাংশ সময় অপচয়

সংসদৰ সদ্য সমাপ্ত শীতকালীন অধিৱেশনত কিছু অবিস্মৰণীয় লজ্জাজনক বিতৰ্কৰ সৃষ্টি হয় । আদানী বিষয়ত চৰকাৰ আৰু বিৰোধীৰ মাজত আৰম্ভ হোৱা ৰাজনৈতিক যুদ্ধৰ ফলত তিক্ত অভিযোগ আৰু প্ৰত্যাক্ৰমণৰ পিছত সংবিধান নিৰ্মাতা আম্বেদকাৰৰ নামত জোকাৰণিৰ সৃষ্টি হয় আৰু শেষত গোচৰ ৰুজু হয় । অৱনতি ঘটা সম্পৰ্কৰ মাজতে সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে উচ্চ সদনৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰা হয় । দুয়োপক্ষৰ মাজত হোৱা উত্তপ্ত তৰ্কৰ বাবে উচ্চ সদনৰ ৬০ শতাংশ সময় আৰু লোকসভাৰ ৪২ শতাংশ সময় হুলস্থুলৰ মাজত হেৰাই যায় ।

বিৰোধী আৰু অধ্যক্ষ ধনখড়ৰ মাজত উত্তেজনা-

বিৰোধীয়ে অধিৱেশনৰ ঠিক পূৰ্বেই আমেৰিকাৰ আদালতত ঔদ্যোগিক আদানীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ অভিযোগ দুয়োটা সদনত ডাঙৰ বিষয় কৰি তুলিছিল । অধিবেশনৰ প্ৰথম সপ্তাহটো এই বিষয়ত তৰ্ক-বিতৰ্কত পাৰ হয় । ইফালে সংবিধানৰ ৭৫ বছৰৰ গৌৰৱময় যাত্ৰাক লৈ দুদিনীয়া বিশেষ আলোচনাত চৰকাৰ আৰু বিৰোধীয়ে সহমতত উপনীত হয় । কিন্তু এই সময়ছোৱাত বিৰোধীয়ে অধ্যক্ষ ধনখড়ৰ বিৰুদ্ধে বৈষম্যমূলক অভিযোগ উত্থাপন কৰি অনাস্থা প্রস্তাৱৰ জাননী দিয়াৰ বাবে উত্তেজনা আৰু অধিক বৃদ্ধি পায় ৷

লোকসভাত চাৰিখন বিধেয়ক, ৰাজ্যসভাত তিনিখন বিধেয়ক গৃহীত-

কামকাজৰ ক্ষেত্ৰত অধিবেশনৰ প্ৰদৰ্শন মধ্যমীয়া আছিল । এই সময়ছোৱাত লোকসভাত চাৰিখন বিধেয়ক আৰু ৰাজ্যসভাত তিনিখন বিধেয়ক গৃহীত হয় । লোকসভাত পুনৰ উত্থাপন হ’ল চাৰিখন বিধেয়ক । ইয়াৰ ভিতৰত এক দেশ-এক নিৰ্বাচন বিধেয়ক জে পি চি লৈ প্ৰেৰণ কৰা হয় । হুলস্থুল আৰু কামৰ স্তব্ধতাৰ বাবে কেইবাখনো বিধেয়ক দাখিল কৰিব পৰা নগ’ল । এই অধিবেশনত চৰকাৰে ৱাকফ সংশোধনী বিধেয়ক উত্থাপন কৰিব বুলি আলোচনা হৈছিল যদিও সেয়া নহ’ল ।

আম্বেদকাৰৰ সন্দৰ্ভত তিক্ততাই শিখৰত উপনীত হ’ল-

সংসদত চৰ্চিত হয় সংবিধানৰ ৭৫ বছৰীয়া যাত্ৰা । উচ্চ সদনত হোৱা আলোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আম্বেদকাৰ সন্দৰ্ভত কৰা মন্তব্যক তেওঁক অপমান বুলি অভিহিত কৰি বিৰোধীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰে । এই বিষয়ত সংসদৰ ভিতৰত আৰু বাহিৰত দুয়োটা দলে মুখামুখি হৈছিল । একে ক্ৰমতে দুয়োপক্ষৰ মাজত হোৱা হতাহতিত বিজেপিৰ দুজন সাংসদ আহত হয় । ইয়াৰ পিছতে বিজেপিয়ে ৰাহুলৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰে ।

দুয়োখন সদনৰ কাৰ্যবিধিৰ ওপৰত এক দৃষ্টি-

সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে সংসদৰ দুয়োখন সদনত দুদিনীয়া আলোচনাত সকলো দলৰ জ্যেষ্ঠ নেতাৰ সৈতে প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । আলোচনাৰ সময়ত দুয়োপক্ষই ইজনে সিজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । সংবিধানৰ প্ৰস্তাৱনা, ৭৫ বছৰৰ কৃতিত্ব আৰু প্ৰত্যাহ্বান আৰু অভাৱৰ ওপৰত এজনো বক্তাই মতামত ৰখা নাছিল । বিৰোধীয়ে চৰকাৰক সংবিধান দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে শাসকীয় দলে কংগ্ৰেছৰ কাৰ্যকালত সংঘটিত হোৱা ভুল আৰু অতিমাত্ৰাক আলোকপাত কৰে ।

এক দেশ-এক নিৰ্বাচন : হুইপৰ পিছতো ২০ জনতকৈ অধিক সাংসদ অনুপস্থিত, বিজেপিয়ে প্ৰেৰণ কৰিলে জাননী

মঙলবাৰে লোকসভাত উত্থাপন কৰা হয় ‘এক দেশ-এক নিৰ্বাচন’ বিধেয়ক । ইয়াৰ পিছতে ভাৰতীয় জনতা পাৰ্টিয়ে সদনত অনুপস্থিত থকা সাংসদসকললৈ জাননী প্ৰেৰণ কৰিছে । মঙলবাৰে ‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক উত্থাপনৰ সময়ত উপস্থিত নথকা সকলো বিজেপি সাংসদলৈ দলে প্ৰেৰণ কৰিছে জাননী ।

আজি ভোটদানৰ সময়ত সদনত উপস্থিত নাছিল ২০ জনতকৈ অধিক বিজেপি সাংসদ । মঙলবাৰে বিজেপিৰ লোকসভাৰ সদস্যসকলক সদনত উপস্থিত থাকিবলৈ তিনি শাৰীৰ হুইপ জাৰি কৰা হৈছিল । ‘এক দেশ, এক নিৰ্বাচন’ৰ বাবে মঙলবাৰে চৰকাৰে ‘সংবিধান (১২৯ সংশোধনী) বিধেয়ক ২০২৪’ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক ২০২৪ সংসদত উত্থাপন কৰে ।

জে পি চিলৈ প্ৰেৰণ কৰা হ’ল বিধেয়ক-

আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাত উত্থাপন কৰে এই বিধেয়কসমূহ । লোকসভাত হুলস্থুলৰ মাজতে বিষয়টো বিভাজনত উপনীত হয় আৰু ইয়াৰ পিছতে সদনত বিধেয়কখন দাখিল কৰিব পৰা যায় । এক দেশ, এক নিৰ্বাচনৰ ওপৰত বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন মতামত শুনা গ’ল । আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই বিধেয়কখন সদনত উত্থাপন কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ।

কংগ্ৰেছৰ পৰা আৰম্ভ কৰি সকলো বিৰোধী দলে এই বিধেয়কখনৰ বিৰোধিতা কৰিছিল । শিৱসেনা আৰু তেলেগু দেশম পাৰ্টিৰ দৰে এন ডি এৰ মিত্ৰ দলসমূহে মুকলিকৈ বিধেয়কখনৰ সপক্ষে থিয় দিয়া দেখা গ’ল । এই বিধেয়কখন বিভাজনৰ পিছত দাখিল কৰা হয় আৰু তাৰ পিছত জে পি চিলৈ প্ৰেৰণ কৰা হয় ।

সপক্ষে ২৬৯টা আৰু বিপক্ষে ১৯৮টা ভোট-

লোকসভাত এই বিধেয়কখন উত্থাপন কৰাৰ সপক্ষে ২৬৯টা ভোট আৰু ইয়াৰ বিৰুদ্ধে ১৯৮টা ভোট পৰে । বৈদ্যুতিক ভোটদানৰ পিছত ভোটদান কৰা হৈছিল আৰু ইয়াৰ পিছত এই বিধেয়কখন লোকসভাত দাখিল কৰিব পৰা হয় । সমগ্ৰ দেশতে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হৈছিল । মাৰ্চ মাহত কমিটীয়ে দাখিল কৰিছিল প্ৰতিবেদন । ইয়াৰ পিছত মোদী কেবিনেটে এই প্ৰতিবেদনত অনুমোদন জনাইছিল । এই প্ৰতিবেদনত লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে ।