আল্লাহেই শেষ ভৰষা; মনোনয়নৰ পূৰ্বে মছজিদত দোৱা গৌৰৱ গগৈৰ

বিধানসভা নিৰ্বাচনৰ বাবে যোৰহাটৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছে গৌৰৱ গগৈয়ে। আজি মনোনয়ন দাখিলৰ অন্তিম দিনটোত তৰাজানৰ এটা মছজিদত দোৱা কৰিলে গৈৰৱ গগৈয়ে।

আজি অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন। অন্তিম দিনটোত শাসক-বিৰোধীৰ বহু হেভীৱেট প্ৰাৰ্থীয়ে দাখিল কৰিছে নিজৰ নিজৰ মনোনয়ন। যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থী গৌৰৱ গগৈয়েও আজি মনোনয়ন দাখিল কৰে।

মনোনয়ন দাখিলৰ পূৰ্বে মছজিদত গৌৰৱ গগৈৱে আল্লাহৰ ওচৰত কৰিলে দোৱা। যোৰহাটৰ তৰাজানৰ এটা মছজিদত দলৰ আন আন সদস্যৰ সৈতে উপস্থিত হয় গৌৰৱ গগৈ। মছজিদত দোৱা কৰি মনোনয়ন দাখিল কৰিলে গৌৰৱ গগৈয়ে।  

লগতে পঢ়ক: ৰাইজৰ দল ত্যাগ টিকট বঞ্চিত শ্বেৰমান আলীৰ, তৃণমূলৰ পৰা খেলিব নিৰ্বাচন

৪০ কিলোমিটাৰ জোৰা ৰোড শ্ব’ৰে আৰম্ভ হ’ব নিৰ্বাচনী প্ৰচাৰঃ মুখ্যমন্ত্ৰী

বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতাহ । আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰত্যেকটো দলে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । ইয়াৰ মাজতে ৰাজ্যত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বিজেপিয়ে অসমত ৪২ কিলোমিটাৰ জোৰা এক ৰোড শ্ব’ৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, মনোনয়ন দাখিলৰ সময়সীমা শেষ হোৱাৰ ঠিক এদিন পিছত, অৰ্থাৎ ২৪ মাৰ্চত ভৱানীপুৰ-সৰভোগ সমষ্টিত এই বিশাল ৰোড শ্ব’টো অনুষ্ঠিত হ’ব ।

সংবাদ মাধ্যমৰ সন্মখত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে মিত্ৰজোঁটে ২৪ মাৰ্চৰ পৰা আনুষ্ঠানিকভাৱে প্ৰচাৰ আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ২৬ মাৰ্চৰ পৰা নিয়মীয়া নিৰ্বাচনী সভা অনুষ্ঠিত হ’ব । তেওঁ কয়, “ভৱানীপুৰ-সৰভোগ সমষ্টিত এটা ৰোড শ্ব’ অনুষ্ঠিত হ’ব যিয়ে প্ৰায় ৪০ কিলোমিটাৰ পথ সামৰি ল’ব । কিন্তু ২৬ মাৰ্চৰ পৰাহে নিয়মীয়া সভাসমূহ আৰম্ভ হ’ব ।”

ইফালে গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ শৰ্মাই টিকট বঞ্চিত ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আসন ভাগ-বাটোৱাৰাৰ বাধ্যবাধকতাৰ বাবেহে এই সিদ্ধান্ত লোৱা হৈছে ।

তেওঁ কয়, “আসনৰ বুজাবুজিৰ বাবেহে তেওঁ আসনখন পোৱা নাই । এনেকুৱা নহয় যে তেওঁক প্ৰত্যাখ্যান কৰা হৈছে । তেওঁৰ কৰ্মীসকল সুখী নোহোৱাটো, অলপ হতাশ হোৱাটো আৰু অলপ খং উঠাটো স্বাভাৱিক । কিন্তু লাহে লাহে আমি কথা পাতিব লাগিব আৰু তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত হ’ব বুলি তেওঁলোকক আশ্বস্ত কৰিব লাগিব ।”

লগতে পঢ়ক : জয়ন্ত দাসৰ পদত্যাগক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া; ক’লে ‘দলে সঠিক সিদ্ধান্তই লৈছে’

জয়ন্ত দাসৰ পদত্যাগক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া; ক’লে ‘দলে সঠিক সিদ্ধান্তই লৈছে’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জয়ন্ত দাসে টিভিত যি ক’লে, তাৰ পৰা স্পষ্ট যে তেওঁ কেতিয়াও বিজেপি চৰকাৰক সম্পূৰ্ণৰূপে সমৰ্থন কৰা নাছিল

বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে দলৰ পৰা পদত্যাগ কৰাৰ পাছত আগবঢ়োৱা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “জয়ন্ত দাসে টিভিত যি ক’লে, তাৰ পৰা স্পষ্ট যে তেওঁ কেতিয়াও বিজেপি চৰকাৰক সম্পূৰ্ণৰূপে সমৰ্থন কৰা নাছিল; অন্যথা তেওঁ এনে মন্তব্য নকৰিলেহেঁতেন । ইয়াৰ পৰা প্ৰমাণ হয় যে আমাৰ দলে সঠিক সিদ্ধান্ত লৈছিল । তেওঁৰ অন্তৰ কেতিয়াও প্ৰকৃততে বিজেপিৰ সৈতে নাছিল ।”

তেওঁ লগতে কয়, “কেতিয়াবা জ্যেষ্ঠ নেতাসকল অসন্তুষ্ট হ’ব পাৰে । টিকট নোপোৱাৰ বাবে বা অন্য কাৰণত তেওঁলোক কেতিয়াবা অসন্তুষ্ট হ’ব পাৰে । কিন্তু জয়ন্ত দাসে যিদৰে ৰাজহুৱাকৈ কথা কৈছে তাৰ পিছত তেওঁৰ দলত থকাৰ কোনো থল নাই । মই তেওঁক শুভেচ্ছা জনাইছো আৰু যদি তেওঁ দিছপুৰ সমষ্টিত জয়লাভ কৰিব পাৰে, তাৰ বাবেও মই শুভকামনা জনাইছো ।”

উল্লেখ্য যে, ২০ মাৰ্চত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীলৈ প্ৰেৰণ কৰা এখন পত্ৰত “ব্যক্তিগত সমস্যা”ৰ দোহাই দি বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে দলৰ প্ৰাথমিক সদস্যপদৰ লগতে সকলো পদৰ পৰা পদত্যাগ কৰিছিল । পদত্যাগ পত্ৰত দাসে উল্লেখ কৰিছিল: “মই ইয়াৰ দ্বাৰা মোৰ ব্যক্তিগত অসুবিধাৰ বাবে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰাথমিক সদস্যপদৰ লগতে সকলো পদৰ পৰা মোৰ পদত্যাগ পত্ৰ দাখিল কৰিছো ।”

দাসে ছচিয়েল মিডিয়াৰ জৰিয়তেও নিজৰ পদত্যাগৰ কথা ঘোষণা কৰি দলৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন কৰিছিল । দিছপুৰ সমষ্টিৰ পৰা জয়ন্ত দাসে প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা কৰিছিল যদিও দলে তেওঁক টিকট নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতে পদত্যাগ কৰে ।

লগতে পঢ়ক : প্ৰত্যেকটো ক্ষেত্ৰতে অৱহেলিত, উপেক্ষিতঃ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল এৰাৰ কাৰণ ব্যাখ্যা প্ৰদ্যুৎ বৰদলৈৰ

বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

বিজেপিয়ে শনিবাৰে দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নিজৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে

আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ বাবে ভাৰতীয় জনতা পাৰ্টি তথা বিজেপিয়ে শনিবাৰে দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নিজৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে।

​দলৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে প্ৰকাশ কৰা অনুসৰি, এই তালিকাত দলগাঁও আৰু চিচিবৰগাঁও বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। ৫১নং দলগাঁও সমষ্টিৰ পৰা সুশ্ৰী কৃষ্ণা সাহাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু ৭৯ নং চিচিবৰগাঁও আসনৰ বাবে জীৱন গগৈক প্ৰক্ষেপ কৰিছে দলে ।

​ইয়াৰ পূৰ্বে দলটোৱে ১৯ মাৰ্চত ৮৮ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। ১৯ মাৰ্চত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বৰ্ডে অহা অসম বিধানসভা নিৰ্বাচনৰ ৮৯টা সমষ্টিৰ ভিতৰত ৮৮টাৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰিছে আৰু বাকী থকা চিচিবৰগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম অতি সোনকালে ঘোষণা কৰা হ’ব।

​ তেওঁ লগতে কয় যে ৰাজ্যজুৰি দলীয় কৰ্মীসকলে এই তালিকাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে আৰু এইবাৰো বিজেপিয়ে শক্তিশালী নিৰ্বাচনী ফলাফল আগবঢ়াব বুলি তেওঁ আত্মবিশ্বাস ব্যক্ত কৰে।

লগতে পঢ়ক : তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী যুঁজঃ কোন প্ৰাৰ্থীয়ে কোন সমষ্টিৰ বাবে দিলে মনোনয়ন ?

তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী যুঁজঃ কোন প্ৰাৰ্থীয়ে কোন সমষ্টিৰ বাবে দিলে মনোনয়ন ?

৩৫খন জিলাৰ বিভিন্ন সমষ্টিত মুঠ ১০৯ গৰাকী প্ৰাৰ্থীয়ে ২০৯খন মনোনয়ন পত্ৰ দাখিল কৰিছে

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ২০ মাৰ্চ, শুকুৰবাৰে শাসক-বিৰোধীৰ কেইবাজনো প্ৰাৰ্থীয়ে নিজ নিজ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে । বৃহৎ সংখ্যক সমৰ্থকেৰে বিশাল ৰেলী কৰি জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে প্ৰাৰ্থীসকলে ।


অসমৰ মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, ২০ মার্চত ৰাজ্যখনৰ ৩৫খন জিলাৰ বিভিন্ন সমষ্টিত মুঠ ১০৯ গৰাকী প্ৰাৰ্থীয়ে ২০৯খন মনোনয়ন পত্ৰ দাখিল কৰিছে । ইয়াৰ লগে লগে এতিয়ালৈকে মুঠ ১১৬ গৰাকী প্ৰাৰ্থীয়ে ২১৯খন মনোনয়ন পত্ৰ দাখিল কৰিছে । ২৩ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী তৎপৰতা ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।


২০ মাৰ্চ, শুকুৰবাৰে অগণন সমৰ্থকক লগত লৈ জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । খানাপাৰাৰ পৰা বৃহৎ ৰেলী কৰি জনস্রোতৰ মাজেৰে মনোনয়ন দাখিল কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ মনোয়ন যাত্ৰাত অগণিত সমৰ্থকৰ লগতে তেওঁক সংগ দিয়ে পত্নী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে।

ইফালে মনোনয়ন দাখিলৰ লগে লগে ​কেইবাটাও সমষ্টিত বহুকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ ইংগিত পোৱা গৈছে। ভৱানীপুৰ-সৰভোগ সমষ্টিত বিজেপিৰ ৰঞ্জিত কুমাৰ দাস আৰু চিপিআই(এম)ৰ মনোৰঞ্জন তালুকদাৰকে ধৰি তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত নামিছে। আনহাতে চামগুৰিত চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে, যিয়ে তীব্ৰ ৰাজনৈতিক যুদ্ধৰ ইংগিত দিছে।


উল্লেখ যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও প্ৰভাৱশালী নেতাই শুকুৰবাৰে মনোনয়ন দাখিল কৰে। জাগীৰোড সমষ্টিৰ বাবে মন্ত্ৰী পীয়ুষ হাজৰীকা, নগাঁও সমষ্টিৰ বাবে ৰূপক শৰ্মাই, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই নাজিৰা সমষ্টিৰ বাবে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ বাবে আৰু মন্ত্ৰী প্ৰশান্ত ফুকন ডিব্ৰুগড় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে ।


​তামুলপুৰত ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো আৰু বিজেপিৰ বিশ্বজিৎ দৈমাৰীৰ মাজত এক হাইপ্ৰফাইল যুঁজ হোৱাৰ সম্ভাৱনা আছে। একেদৰে বৰচলাত কংগ্ৰেছ নেতা ৰিপুণ বৰা বিজেপিৰ ঋতু বৰণ শৰ্মাৰ মুখামুখি হ’ব।

​তদুপৰি শুকুৰবাৰৰ দিনটোতে মনোনয়ন দাখিল কৰে- তুলিৰাম ৰংহাঙ, ৰংখাং সমষ্টি আৰু ড° হেবে টেৰণ আমৰি সমষ্টি। চিপিআই(এমএল)ৰ প্ৰাৰ্থী ৰবি কুমাৰ ফাংচোৱে হাওৰাঘাটৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

​উল্লেখযোগ্য যে, ১২৬ জনীয়া অসম বিধানসভাৰ নিৰ্বাচন ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোটগণনা হ’ব।

লগতে পঢ়ক : জনসমুদ্ৰৰ মাজেৰে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

টিকটৰ দৌৰত পিছ পৰিল বিজেপিৰ বহু পুৰণি খেলুৱৈ, নতুনে পালে অগ্ৰাধিকাৰ

দিছপুৰত জ্যেষ্ঠ বিজেপি নেতা অতুল বৰাক বাদ দি প্ৰাক্তন কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈক টিকট প্ৰদান কৰিছে দলে

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে বিজেপিয়ে ঘোষণা কৰে চূড়ান্ত প্ৰাৰ্থী তালিকা । ৮৮ জনীয়া এই তালিকাত বাদ পৰিল দলটোৰ বৰ্তমানৰ কেইবাজনো বিধায়ক তথা হাই প্ৰফাইল নেতা । তেওঁলোকৰ সলনি বিজপিয়ে প্ৰাৰ্থী তালিকাত নতুন মুখ অন্তৰ্ভুক্ত কৰা পৰিলক্ষিত হৈছে ।

গুৰুত্বপূৰ্ণ সমষ্টি দিছপুৰত জ্যেষ্ঠ বিজেপি নেতা অতুল বৰাক বাদ দি প্ৰাক্তন কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈক টিকট প্ৰদান কৰিছে বিজেপিয়ে । শেহতীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা বৰদলৈৰ প্ৰাৰ্থিত্বই যথেষ্ট চৰ্চা লাভ কৰিছে । ইফালে গুৱাহাটী পূব (নিউ গুৱাহাটী) সমষ্টিত প্ৰাক্তন ৰাজ্যিক বিজেপি সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ টিকট কৰ্তন কৰি তেওঁৰ স্থানত দিপ্লু ৰঞ্জন শৰ্মাক প্ৰক্ষেপ কৰা হৈছে ।

একেদৰে, পলাশবাৰীত হেমাংগ ঠাকুৰীয়াৰ ঠাইত হিমাংশু শেখৰ বৈশ্যক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপি দলে । বিহপুৰীয়াত জ্যেষ্ঠ বিজেপি নেতা অমিয় ভূঞাক বাদ দি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান বিজেপি নেতা ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়া হৈছে, যিয়ে সমষ্টিটোৰ নিৰ্বাচনী সমীকৰণ সলনি কৰাৰ সম্ভাৱনা আছে ।

ইফালে, ২০২১ চনৰ পৰা হোজাই সমষ্টিক প্ৰতিনিধিত্ব কৰি থকা ৰামকৃষ্ণ ঘোষৰ পৰিবৰ্তে শিলাদিত্য দেৱক প্ৰক্ষেপ কৰা হৈছে । আনহাতে, বিহালীৰ বৰ্তমানৰ বিধায়ক দিগন্ত ঘটোৱালৰ স্থানত মুনীন্দ্ৰ দাসক টিকট প্ৰদান কৰা হৈছে । আনহাতে বৰচলা সমষ্টিত বৰ্তমানৰ বিধায়ক গণেশ লিম্বুৰ পৰিৱৰ্তে ঋতু বৰণ শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে ।

ইফালে দলটোৱে কেইবাজনো জেষ্ঠ্যে প্ৰতিষ্ঠিত নেতাক পুনৰ টিকট প্ৰদান কৰিছে । ডিগবৈত সুৰেন ফুকনে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ডিব্ৰুগড়ত জ্যেষ্ঠ বিজেপি নেতা প্ৰশান্ত ফুকনক প্ৰক্ষেপ কৰা হৈছে । তিনিচুকীয়াত সঞ্জয় কিষাণৰ স্থানত পুলক গোহাঁইক প্ৰক্ষেপ কৰা হৈছে; সঞ্জয় কিষাণে এইবাৰ মাকুমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

বিশ্বনাথত অভিজ্ঞ নেতা প্ৰমোদ বৰঠাকুৰৰ ঠাইত পল্লৱ লোচন দাসক প্ৰক্ষেপ কৰা হৈছে, আনহাতে বোকাজানত বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক বাদ দি সূৰ্য ৰংফাৰক টিকট দিয়া হৈছে । ইফালে, শিলচৰত দ্বীপায়ন চক্ৰৱৰ্তীৰ পৰিৱৰ্তে প্ৰাক্তন সাংসদ ৰাজদ্বীপ ৰয়ক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

এই নিৰ্বাচনৰ আটাইতকৈ আকৰ্ষণীয় যুঁজখন যোৰহাটত হোৱাৰ সম্ভাৱনা আছে, য’ত বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ হিত্দ্ৰেন্দ্ৰ নাথ গোস্বামীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব । ই এক তীব্ৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ ইংগিত দিছে ।

টিকট বঞ্চিত বিজেপি নেতা-

নন্দিতা গাৰ্লোছা
ডাঃ নোমল মমিন
সিদ্ধাৰ্থ ভট্টাচাৰ্য
ৰাম কৃষ্ণ ঘোষ
অমিয় ভূঞা
বীৰেন সিং ইংলেং
দৰছিং ৰংহাং
অজয় ৰয়
হেমাংগ ঠাকুৰীয়া
মিহিৰ কান্তি সোম
প্ৰমোদ বৰঠাকুৰ
অতুল বৰা
গণেশ লিম্বু
দিগন্ত ঘাটোৱাল
নিহাৰ ৰঞ্জন দাস
দ্বীপায়ণ চক্ৰৱৰ্তী
সুমন হৰিপ্ৰিয়া
ৰুপছিং টেৰন

লগতে পঢ়ক : জালুকবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৮৮টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

সদ্য কংগ্ৰেছ ত্যাগী ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈয়ে পালে বিজেপিৰ টিকট

প্ৰাৰ্থী তালিকাত অতি কম সময়ৰ ব্যৱধানত কংগ্ৰেছ ত্যাগ কৰা দুজন জ্যেষ্ঠ নেতাক টিকট প্ৰদান কৰা হৈছে

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা । বিজেপিয়ে ঘোষণা কৰা ৮৮ জনীয়া এই প্ৰাৰ্থী তালিকাত অতি কম সময়ৰ ব্যৱধানত কংগ্ৰেছ ত্যাগ কৰা দুজন জ্যেষ্ঠ নেতাক টিকট প্ৰদান কৰা হৈছে ।

২০২১ চনৰ পৰা ২০২৫ চনলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন দুবাৰৰ বিধায়ক ভূপেন কুমাৰ বৰাক লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ পৰা বিজেপি দলে প্ৰক্ষেপ কৰিছে । তিনিটা দশকৰো অধিক সময় কংগ্ৰেছত অতিবাহিত কৰা ভূপেন বৰাই দলৰ ভিতৰ চ’ৰাৰ অৱহেলা আৰু আভ্যন্তৰীণ সংঘাতক দল ত্যাগৰ কাৰণ হিচাপে দৰ্শাই অসমত দলীয় কাৰ্যকলাপ সন্দৰ্ভত তেওঁৰ উদ্বেগসমূহ কেন্দ্ৰীয় নেতৃত্বই বাৰে বাৰে আওকাণ কৰা বুলি পদত্যাগ কৰি অভিযোগ কৰিছিল ।

পদত্যাগৰ কাৰণ হিচাবে ভূপেন বৰাই লগতে দাবী কৰিছিল যে ৰকিবুল হুছেইনে অসম কংগ্ৰেছত আধিপত্য বিস্তাৰ কৰিছে, যাৰ ফলত তেওঁৰ দৰে বহু জ্যেষ্ঠ নেতাৰ গুৰুত্ব হ্ৰাস পাইছে । ফেব্ৰুৱাৰী মাহত তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক দললৈ আদৰণি জনাই ।

ইফালে নগাঁৱৰ বৰ্তমানৰ লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ১৭ মাৰ্চত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ১৮ মাৰ্চত বিজেপিত যোগদান কৰে । ইয়াৰ পিছতে তেওঁক এতিয়া অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি দিছপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । পাঁচ দশকৰো অধিক সময় কংগ্ৰেছৰ সদস্য হৈ থকা বৰদলৈয়ে কয় যে যোৱা দুবছৰ ধৰি তেওঁ দলৰ ভিতৰত অপমান কৰা হৈছিল আৰু তেওঁ অকলশৰীয়া হৈ পৰিছিল ।

উল্লেখ্য যে, এই হাই-প্ৰফাইল নেতাসকলৰ উপৰিও বিজেপিৰ তালিকাত নামনি, মধ্য আৰু উজনি অসমৰ ৰঙিয়া, পলাশবাৰী, গুৱাহাটী কেন্দ্ৰীয়, নগাঁও, মঙলদৈ, ধেমাজি আৰু তিনিচুকীয়া আদি সমষ্টিসমূহ অন্তৰ্ভুক্ত হৈছে ।

লগতে পঢ়ক : জালুকবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৮৮টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

জালুকবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৮৮টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

৮৮টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে বৃহস্পতিবাৰে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে । দলটোৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰা ৮৮ জনীয়া এই তালিকাত গুৰুত্বপূৰ্ণ চহৰীয়া কেন্দ্ৰ, জনজাতীয় অঞ্চল আৰু ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ জিলাসমূহকে ধৰি বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । এই তালিকাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নামো আছে, যিয়ে পুনৰবাৰ বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । জ্যেষ্ঠ মন্ত্ৰী তথা প্ৰভাৱশালী নেতা যেনে চন্দ্রমোহন পাটোৱাৰী (টিহু), ৰঞ্জিত কুমাৰ দাস (ভৱানীপুৰ-সৰভোগ) আৰু পীযুষ হাজৰিকা (জাগীৰোড) আদিৰ নামো এই তালিকাত অন্তৰ্ভুক্ত হৈছে ।

তাৎপৰ্যপূৰ্ণভাৱে, দলটোৱে নামনি অসম, মধ্য অসম আৰু উজনি অসমৰ গুৰুত্বপূৰ্ণ সমষ্টিসমূহতো প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, যাৰ ভিতৰত পলাশবাৰী, ৰঙিয়া, দিছপুৰ, গুৱাহাটী চেন্ট্ৰেল, মঙলদৈ, নগাঁও, লক্ষীমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলা অন্যতম । এই প্ৰাৰ্থী নিৰ্বাচনত ঐতিহাসিকভাৱে ভিন্ন ভোটদানৰ ধাৰা প্ৰদৰ্শন কৰা অঞ্চলসমূহত বিজেপিৰ নিৰ্বাচনী স্থিতি অক্ষুণ্ণ ৰখাৰ প্ৰয়াস প্ৰতিফলিত হৈছে ।

কোন সমষ্টিত কোনে পালে টিকট-

গোলকগঞ্জ- অশ্বিনী ৰায় সৰকাৰ

ধুবুৰী- উত্তম প্ৰসাদ

বীৰসিং জৰুৱা- মাধৱী দাস

গোৱালপাৰা পশ্চিম- পবিত্ৰ ৰাভা

দুধনৈ- টংকেশ্বৰ ৰাভা

অভয়াপুৰী- ভূপেন ৰায়

বিজনী- অৰূপ কুমাৰ দে

ভৱানীপুৰ-সৰভোগ- ৰঞ্জিত কুমাৰ দাস

মন্দিয়া- বাদল চন্দ্ৰ আৰ্য

চমৰীয়া- জোৎস্ন্যা কলিতা

বকো-ছয়গাঁও- ৰাজু মেচ

পলাশবাৰী- হিমাংশু শেখৰ বৈশ্য

ৰঙিয়া- ভৱেশ কলিতা

কমলপুৰ- দিগন্ত কলিতা

দিছপুৰ- প্ৰদ্যুৎ বৰদলৈ

নিউ গুৱাহাটী- দিপ্লু ৰঞ্জন শৰ্মা

গুৱাহাটী চেন্ট্ৰেল- বিজয় কুমাৰ গুপ্তা

জালুকবাৰী- ড০ হিমন্ত বিশ্ব শৰ্মা

বৰক্ষেত্ৰী- নাৰায়ণ ডেকা

নলবাৰী- জয়ন্তমল্ল বৰুৱা

টিহু- চন্দ্ৰমোহন পাটোৱাৰী

তামুলপুৰ- বিশ্বজিত দৈমাৰী

গোৰেশ্বৰ- ভিক্টৰ কুমাৰ দাস

টংলা- বিকন চন্দ্ৰ ডেকা

ছিপাঝাৰ- পৰমানন্দ ৰাজবংশী

মঙলদৈ- নীলিমা দেৱী

জাগীৰোড- পীযুষ হাজৰীকা

মৰিগাঁও- ৰমাকান্ত দেউৰী

ধিং- মুকুট কুমাৰ দেৱনাথ

চামগুৰি- অনিল শইকীয়া

বঢ়মপুৰ- জিতু গোস্বামী

নগাঁও-বটদ্ৰৱাঃ ৰূপক শৰ্মা

ৰহা- শশীকান্ত দাস

হোজাই- শিলাদিত্য দেৱ

লামডিং- শিবু মিশ্ৰ

ঢেকীয়াজুলি- অশোক সিংহল

বৰছলা- ঋতুবৰণ শৰ্মা

ৰঙাপাৰা- কৃষ্ণকমল তাঁতী

নদুৱাৰ- পদ্ম হাজৰিকা

বিশ্বনাথ- পল্লবলোচন দাস

বিহালী- মুনীন্দ্ৰ দাস

গহপুৰ- উৎপল বৰা

বিহপুৰীয়া- ভূপেন বৰা

ৰঙানদী- ঋষিৰাজ হাজৰিকা

লখিমপুৰ- মানৱ ডেকা

ঢকুৱাখনা- নৱ দলে

ধেমাজি- ডাঃ ৰণোজ পেগু

জোনাই- ভূৱন পেগু

শদিয়া- বলীন চেতিয়া

ডুমডুমা- ৰূপেশ গোৱালা

মাৰ্ঘেৰিটা- ভাস্কৰ শৰ্মা

ডিগবৈ- সুৰেণ ফুকন

মাকুম- সঞ্জয় কিষাণ

তিনিচুকীয়া- পুলক গোহাঁই

চাবুৱা-লাহোৱালঃ বিনোদ হাজৰিকা

ডিব্ৰুগড়- প্ৰশান্ত ফুকন

খোৱাং- চক্ৰধৰ গগৈ

দুলীয়াজান- ৰামেশ্বৰ তেলী

টিংখং- বিমল বড়া

নাহৰকটীয়া- তৰংগ গগৈ

সোণাৰী- ধৰ্মেশ্বৰ কোঁৱৰ

মাহমৰা- সুৰুজ দিহিঙীয়া

ডিমৌ- সুশান্ত বৰগোহাঁই

নাজিৰা- ময়ূৰ বৰগোহাঁই

মাজুলী- ভূৱন গাম

যোৰহাট- হিতেন্দ্ৰনাথ গোস্বামী

মৰিয়নী- ৰূপজ্যোতি কুৰ্মী

তিতাবৰ- ধীৰজ গোৱালা

গোলাঘাট- অজন্তা নেওগ

দেৰগাঁও- মৃদুল কুমাৰ দত্ত

খুমটাই- মৃণাল শইকীয়া

সৰুপথাৰ- বিশ্বজিত ফুকন

বোকাজান- সূৰ্য ৰংফাৰ

হাওৰাঘাট- লুনসিং টেৰণ

ডিফু- নিছ টেৰাংপি

ৰংখাং- তুলিৰাম ৰংহাং

আমৰি- ডাঃ হাবে টেৰণ

হাফলং- ৰূপালী লাংথাছা

লক্ষীপুৰ- কৌশিক ৰায়

উদাৰবন্দ- ৰাজদ্বীপ গোৱালা

কাটিগঢ়া- কমলাক্ষ দে পুৰকায়স্থ

বৰখলা- কিশোৰ নাথ

শিলচৰ- ৰাজদ্বীপ ৰায়

ঢলাই- অমিয় কান্তি দাস

হাইলাকান্দি- মিলন দাস

কৰিমগঞ্জ উত্তৰ- সুব্ৰত ভট্টাচাৰ্য

পাথাৰকান্দি- কৃষ্ণেন্দু পাল

ৰামকৃষ্ণ নগৰ- বিজয় মালাকাৰ

লগতে পঢ়ক : প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে মাৰ্ঘেৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰতীক বৰদলৈয়ে

আত্মসন্মান থকা কোনো লোক কংগ্ৰেছত থাকিব নোৱাৰে : মুখ্যমন্ত্ৰী

প্ৰাক্তন প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাকে ধৰি শেহতীয়া উদাহৰণসমূহ দাঙি ধৰে আৰু ভৱিষ্যদ্বাণী কৰে যে বৰদলৈৰ দৰেই আৰু অধিক নেতা বিজেপিলৈ আহিব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি দাবী কৰে যে আত্মসন্মান থকা কোনো ব্যক্তিয়েই বিৰোধী দলটোত থাকিব নোৱাৰে । ৰাজ্যখনৰ উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ সকলো “ভাল” নেতাক ভাৰতীয় জনতা পাৰ্টিত অন্তৰ্ভুক্ত কৰাৰ ইচ্ছা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

পাঁচ দশক ধৰি দলটোৰ সৈতে জড়িত জ্যেষ্ঠ নেতা তথা কংগ্ৰেছৰ লোকসভা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে পদত্যাগ কৰি দিল্লীত বিজেপিত যোগদান কৰাৰ পিছতেই মুখ্যমন্ত্ৰী শৰ্মাই এই মন্তব্য কৰিছে । সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “কংগ্ৰেছে কি কয় ক’বলৈ দিয়ক । কিন্তু কংগ্ৰেছৰ সকলো ভাল নেতাক বিজেপিৰ শিবিৰলৈ অনাটোৱেই আমাৰ লক্ষ্য । আমি বিজেপি আৰু অসম উভয়ৰে ভৱিষ্যত ভাল কৰিব লাগিব । সেইবাবেই কংগ্ৰেছৰ যিসকল নেতা বোজা নহয় বৰঞ্চ সম্পদ, তেওঁলোকক মই লাহে লাহে বিজেপিলৈ আনিব বিচাৰো ।” তেওঁ উল্লেখ কৰে যে ২০১৬ চনৰ পৰা আৰম্ভ হোৱা বিজেপিৰ এই প্ৰচেষ্টাই ইতিমধ্যে “৯৯ শতাংশ সফলতা” লাভ কৰিছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে অসমত কংগ্ৰেছৰ বৰ্তমানৰ অৱস্থা আৰু আদৰ্শগত স্থিতিৰ পৰিপ্ৰেক্ষিতত কোনো আত্মসন্মান থকা ব্যক্তিয়ে দলটোত থাকিব নোৱাৰে । তেওঁ প্ৰাক্তন প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাকে ধৰি শেহতীয়া উদাহৰণসমূহ দাঙি ধৰে আৰু ভৱিষ্যদ্বাণী কৰে যে বৰদলৈৰ দৰেই আৰু অধিক নেতা বিজেপিলৈ আহিব । ড০ শৰ্মাই লগতে কয় যে বিজেপিয়ে অসমত সুফল দি থকাৰ বাবেহে নেতাসকলে দলটোত যোগদান কৰিছে । আগন্তুক লোকপিয়লৰ পিছত অসমীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰাটো এক প্ৰধান লক্ষ্য হ’ব বুলিও তেওঁ উল্লেখ কৰে । ইয়াৰ উপৰিও বিজেপিৰ এই জনসংযোগ অভিযানত পথ প্ৰদৰ্শন কৰাৰ বাবে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক : ক্ষন্তেক পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা