বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতাহ । আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰত্যেকটো দলে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । ইয়াৰ মাজতে ৰাজ্যত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বিজেপিয়ে অসমত ৪২ কিলোমিটাৰ জোৰা এক ৰোড শ্ব’ৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, মনোনয়ন দাখিলৰ সময়সীমা শেষ হোৱাৰ ঠিক এদিন পিছত, অৰ্থাৎ ২৪ মাৰ্চত ভৱানীপুৰ-সৰভোগ সমষ্টিত এই বিশাল ৰোড শ্ব’টো অনুষ্ঠিত হ’ব ।
সংবাদ মাধ্যমৰ সন্মখত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে মিত্ৰজোঁটে ২৪ মাৰ্চৰ পৰা আনুষ্ঠানিকভাৱে প্ৰচাৰ আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ২৬ মাৰ্চৰ পৰা নিয়মীয়া নিৰ্বাচনী সভা অনুষ্ঠিত হ’ব । তেওঁ কয়, “ভৱানীপুৰ-সৰভোগ সমষ্টিত এটা ৰোড শ্ব’ অনুষ্ঠিত হ’ব যিয়ে প্ৰায় ৪০ কিলোমিটাৰ পথ সামৰি ল’ব । কিন্তু ২৬ মাৰ্চৰ পৰাহে নিয়মীয়া সভাসমূহ আৰম্ভ হ’ব ।”
ইফালে গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ শৰ্মাই টিকট বঞ্চিত ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আসন ভাগ-বাটোৱাৰাৰ বাধ্যবাধকতাৰ বাবেহে এই সিদ্ধান্ত লোৱা হৈছে ।
তেওঁ কয়, “আসনৰ বুজাবুজিৰ বাবেহে তেওঁ আসনখন পোৱা নাই । এনেকুৱা নহয় যে তেওঁক প্ৰত্যাখ্যান কৰা হৈছে । তেওঁৰ কৰ্মীসকল সুখী নোহোৱাটো, অলপ হতাশ হোৱাটো আৰু অলপ খং উঠাটো স্বাভাৱিক । কিন্তু লাহে লাহে আমি কথা পাতিব লাগিব আৰু তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত হ’ব বুলি তেওঁলোকক আশ্বস্ত কৰিব লাগিব ।”
লগতে পঢ়ক : জয়ন্ত দাসৰ পদত্যাগক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া; ক’লে ‘দলে সঠিক সিদ্ধান্তই লৈছে’









