আজি সমাপ্ত হয় বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া
ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া বলিছে নিৰ্বাচনী বতাহ । আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া ৰাজ্যৰ চৌদিশে উছৱমখৰ পৰিৱেশ । ইয়াৰ মাজেত আজি সমাপ্ত হয় বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া । ৯ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ।
আজি অন্তিমটো দিনত কেইবাগৰাকীও হেভীৱেইট প্ৰাৰ্থীয়ে কৰিলে মনোনয়ন পত্ৰ । উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা বিটিআৰলৈ সকলোতে প্ৰাৰ্থীসকলে দাখিল কৰে মনোনয়ন । বিজেপিকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলে বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল কৰে ।
গোলাঘাটত মুখ্যমন্ত্ৰী-
মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি গোলাঘাটত মনোনয়ন দাখিল কৰে মিত্ৰজোঁটৰ তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে । তিনিওগৰাকী প্ৰাৰ্থীক মনোনয়ন যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গোলাঘাট সমন্বয় ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী । সমন্বয় ক্ষেত্ৰতে সমবেত হয় বোকাখাতৰ অগপ প্ৰাৰ্থী অতুল বৰা, খুমটাইৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া আৰু দেৰগাঁৱৰ বিজেপি প্ৰাৰ্থী মৃদুল দত্ত । তিনিওগৰাকী প্ৰাৰ্থীৰ উপস্থিতিত মিত্ৰজোঁটৰ সমৰ্থকসকলক উদ্দেশ্যে চমু ভাষণ দিয়ে মুখ্যমন্ত্ৰীয়ে । সমন্বয় ক্ষেত্ৰৰ পৰা অতুল বৰাৰ লগত আয়ুক্তৰ কাৰ্যালয়লৈ বিশাল সমদলতো অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সহস্ৰাধিক সমৰ্থকক লগত লৈ সমদল কৰি গোলাঘাট আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে অগপৰ সভাপতি অতুল বৰা আৰু খুমটাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই । সেউজ খুমটাইৰ সংকল্প লোৱা খুমটাইৰ প্ৰাৰ্থীগৰাকীৰ সমদলত সমৰ্থকসকলে সেউজীয়া পোছাক পিন্ধি অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।
যোৰহাটত হ’ব হাইভল্টেজ যুঁজ-
ইফালে যোৰহাট সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰব গগৈয়ে । বিধানসভা নিৰ্বাচনত অভিষেক ঘটোৱা গৌৰব গগৈয়ে যোৰহাট আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে । আনহাতে অসংখ্য কৰ্মী-সমৰ্থকৰ উপস্থিতিত যোৰহাট সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে দাখিল কৰে মনোনয়ন । মনোনয়ন যাত্ৰাত বিজেপিৰ প্ৰবীন নেতাগৰাকীক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ।
নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ শক্তি প্ৰদৰ্শন-
নলবাৰীতো বৃহৎ ৰেলীৰে মনোনয়ন দাখিল কৰে জয়ন্ত মল্ল বৰুৱাই । লগতে টিহু সমষ্টিৰ বাবে চন্দ্ৰ মোহন পাটোৱাৰী, বৰক্ষেত্ৰী সমষ্টিৰ বাবে নাৰায়ণ ডেকাইয়ো দাখিল কৰে মনোনয়ন । গৰ্ডন খেলপথাৰৰ পৰা বিশাল সমদলেৰে নলবাৰী কঁপাই তোলে তিনিওগৰাকী বিজেপি প্ৰাৰ্থীয়ে ।
বিন্নাকান্দিত বদৰুদ্দিনৰ মনোনয়ন দাখিল-
বিন্নাকান্দি সমষ্টিৰ বাবে আজি মনোনয়ন দাখিল কৰে AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে । সহস্ৰাধিক সমৰ্থকক লগত লৈ বিন্নাকান্দি সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে প্ৰবীন নেতাগৰাকীয়ে ।
গুৱাহাটীত বিজেপিৰ শক্তি প্ৰদৰ্শন-
গুৱাহাটীৰ ৪ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়েও আজি অন্তিম দিনটোত মনোনয়ন দাখিল কৰে । দিছপুৰৰ পৰা প্ৰদ্যুত বৰদলৈ, মধ্য গুৱাহাটীৰ পৰা বিজয় গুপ্তা আৰু নিউ গুৱাহাটীৰ পৰা দীপ্লুৰঞ্জন শৰ্মাই মনোনয়ন দাখিল কৰে । ইফালে ডিমৰীয়াৰ অগপ প্ৰাৰ্থী তপন দাসেও দাখিল কৰে মনোনয়ন ।
আনহাতে দিছপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ লগতে মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীয়েও মনোনয়ন দাখিল কৰে ।
মুখ্যমন্ত্ৰীক লগত লৈ মনোনয়ন দাখিল কেশৱ মহন্তৰ-
অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আজি মনোনয়ন দাখিল কৰে । নগাঁও আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে অগপ নেতাগৰাকীয়ে । তেওঁক এই যাত্ৰাত সংগ দিয়ে মুখ্যমন্ত্ৰীয়ে । মনোনয়ন দাখিলৰ পূৰ্বে কলিয়াবৰত কেশৱ মহন্তৰ হৈ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
গেৰুৱাময় হৈ পৰিল লখিমপুৰ-
সমগ্ৰ লখিমপুৰ গেৰুৱাময় কৰি বিজেপি মিত্ৰজোঁটৰ ৫ গৰাকীকৈ প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন । লখিমপুৰ সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী মানৱ ডেকা, বিহপুৰীয়া সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী ভূপেন বৰা, ৰঙানদী সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা, ঢকুৱাখনাৰ বিজেপি প্ৰাৰ্থী নৱ দলে আৰু নাওবৈচা সমষ্টিৰ বাবে অগপ প্ৰাৰ্থী বসন্ত দাসে মনোনয়ন দাখিল কৰে ।
শিৱসাগৰত কুশল দুৱৰী-সুশান্ত বৰগোহাঁইৰ মনোনয়ন দাখিল-
ডিমৌ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে । ডিমৌৰ পৰা শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে । ইফালে শিৱসাগৰ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে ।
ডিব্ৰুগড়ত অভূতপূৰ্ব পৰিৱেশ-
ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মনোনয়ন দাখিল কৰে কেইবাগৰাকীও বিজেপি প্ৰাৰ্থীয়ে । মনোনয়ন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগত লৈ দুলীয়াজান সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে দাখিল কৰে মনোনয়ন । আনহাতে নাহৰকটীয়া সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তৰংগ গগৈ, টিংখাং সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী বিমল বৰা, চাবুৱা-লাহোৱাল সমষ্টিৰ বাবে বিনোদ হাজৰিকা, খোৱাং সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে চক্ৰ গগৈয়ে ।
বিশ্বনাথত হেলিকপ্টাৰ চলাই উপস্থিত বৈজন্ত পাণ্ডা-
আজি অন্তিম দিনটোত বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসেও মনোনয়ন দাখিল কৰে । পল্লৱ লোচনৰ মনোনয়নত সংগ দিবলৈ গুৱাহাটীৰ পৰা নিজেই হেলিকপ্তাৰ চলাই বিশ্বনাথত উপস্থিত হয় বিজেপিৰ জ্যেষ্ঠ নেতা বৈজন্ত পাণ্ডা । লগতে মনোনয়ন দাখিল কৰে গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰাই ।
ষষ্ঠবাৰৰ বাবে মনোনয়ন দাখিল ৰূপজ্যোতি কুৰ্মীৰ-
সোমবাৰে একেৰাহে ষষ্ঠবাৰৰ বাবে বিধানসভাৰ নিৰ্বাচনৰ মনোনয়ন দাখিল কৰে মৰিয়নীৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে । সহস্ৰাধিক সমৰ্থকক লগত লৈ বিশাল ৰেলী কৰি মনোনয়ন দাখিল কৰে কুৰ্মীয়ে । আনহাতে তিতাবৰ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালাই । টীয়ক সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে অগপ প্ৰাৰ্থী বিকাশ শইকীয়াই ।
পলাশবাৰী সমষ্টিৰ বাবে মনোনয়ন দাখিল বিজেপিৰ যুৱ প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ । হাজো-শুৱালকুছি সমষ্টিৰ বাবে মনোনয়ন দাখিল অগপ প্ৰাৰ্থী প্ৰকাশ দাসৰ । কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা, বকো-ছয়গাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাজু মেচ আৰু ছমৰীয়া সমষ্টিৰ অগপ প্ৰাৰ্থী নুৰুল ইছলামৰো মনোনয়ন দাখিল । মনোনয়ন পৰ্বত সকলোকে সংগ দিলে পীযুষ হাজৰিকাই ।
দৰং জিলাত ৩গৰাকী বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিল । হাজাৰ হাজাৰ সমৰ্থকক লৈ মনোনয়ন দাখিল মঙলদৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী নীলিমা দেৱী, ছিপাঝাৰ সমষ্টিৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশী আৰু দলগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণা সাহাৰ ।
কোকৰাঝাৰৰ ৫টা সমষ্টিৰ বাবে মনোনয়ন দাখিল বিপিএফ প্ৰাৰ্থীৰ । কোকৰাঝাৰ সমষ্টিৰ বাবে মনোনয়ন দাখিল বিপিএফ প্ৰাৰ্থী তথা হাগ্ৰামা মহিলাৰীৰ পত্নী শেউলী মহিলাৰী, গোসাঁইগাঁও সমষ্টিত শোভাৰাম বসুমতাৰীৰ । দতমা সমষ্টিৰ বাবে মনোনয়ন দাখিল ৰবিৰাম নাৰ্জাৰীৰ । পৰ্বতঝোৰা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে ৰেজাউল কৰিমে ।
গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল বিজেপি মিত্ৰজোঁটৰ ৩ প্ৰাৰ্থীৰ । দুধনৈ সমষ্টিৰ বাবে মনোনয়ন দাখিল ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তথা বিজেপি প্ৰাৰ্থী টংকেশ্বৰ ৰাভাৰ । পশ্চিম গোৱালপাৰা সমষ্টিৰ বাবে মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী পবিত্ৰ ৰাভাৰ । দুয়োগৰাকী প্ৰাৰ্থীক সংগ দিয়ে মন্ত্ৰী অশোক সিংহলে । বিশাল সমদলেৰে মনোনয়ন দাখিল কৰে পূব গোৱালপাৰা সমষ্টিৰ অগপ প্ৰাৰ্থী আব্দুল ৰহিম জিব্ৰানে ।
ধেমাজি সমষ্টিৰ বাবে দ্বিতীয়বাৰলৈ মনোনয়ন দাখিল মন্ত্ৰী ৰণোজ পেগুৰ । ৰণোজ পেগুৰ সৈতে একেলগে মনোনয়ন দাখিল কৰিলে চিচিবৰগাঁৱৰ বিজেপি প্ৰাৰ্থী জীৱন গগৈৰ । ইফালে জোনাই সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী ভুৱন পেগুৱে ।
ডিগবৈ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে বিজেপিৰ প্ৰাৰ্থী সুৰেণ ফুকনে । লগতে মাকুম সমষ্টিৰ বাবে মনোনয়ন দিয়ে বিজেপিৰ সঞ্জয় কিষাণে । তিনিচুকীয়া সদৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী পুলক গোহাঁয়ে । তিনিচুকীয়াৰ আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ জমা দিয়ে বিজেপিৰ তিনিওগৰাকী প্ৰাৰ্থীয়ে ।
লগতে পঢ়ক : গুৱাহাটীত অন্তিম দিনটোত কেইবাগৰাকীও হেভীৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন