তেজপুৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছৰ বিৰুদ্ধে অসমক অৱহেলা কৰাৰ অভিযোগ

তেজপুৰত এন ডি এৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ নেতা পৃথ্বীৰাজ ৰাভাৰ সমৰ্থনত এখন নিৰ্বাচনী জনসভাত ভাষণ প্ৰদান ৰাজনাথ সিঙৰ

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যলৈ ঘটিছে বিজেপিৰ ৰথী-মহাৰথীৰ । ইয়াৰ মাজতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত উপস্থিত হোৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে । তেওঁ অভিযোগ উত্থাপন কৰে যে কংগ্ৰেছে নিজৰ শাসনকালত অসমক “মাহী আইৰ দৰে ব্যৱহাৰ” কৰিছিল ।

তেজপুৰত এন ডি এৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ নেতা পৃথ্বীৰাজ ৰাভাৰ সমৰ্থনত এখন নিৰ্বাচনী জনসভাত ভাষণ দি ৰাজনাথ সিঙে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট পুনৰ ক্ষমতালৈ আহিব বুলি মন্তব্য কৰে । অসমৰ সাংস্কৃতিক আৰু ঐতিহাসিক উত্তৰাধিকাৰৰ কথা উল্লেখ কৰি সিঙে কয় যে ৰাজ্যখন চাহ আৰু বীৰত্বৰ বাবে বিশ্বজুৰি পৰিচিত । এই প্ৰসংগত তেওঁ আহোম সেনাপতি লাচিত বৰফুকনৰ আদৰ্শৰ কথা সোঁৱৰণ কৰে । তেওঁ কয়, “অসমৰ ভূমি সংস্কৃতি আৰু প্ৰকৃতিৰে চহকী । ইয়াৰ জনসাধাৰণৰ সাহস আৰু ত্যাগে সমগ্ৰ দেশক অনুপ্ৰাণিত কৰে ।”

তেওঁ দাবী কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন “ডাবল ইঞ্জিন চৰকাৰে” অসমৰ সংস্কৃতি আৰু পৰিচয় সুৰক্ষিত কৰাৰ বাবে কাম কৰিছে । সিঙে অভিযোগ কৰে যে কংগ্ৰেছৰ শাসনকালত ৰাজ্যখন অৱহেলিত হৈছিল আৰু সেই সময়ত ৰাজহুৱা চৰ্চাত কেৱল উগ্ৰবাদ, দৰিদ্ৰতা আৰু অশান্তিয়েহে প্ৰাধান্য পাইছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবৰ সৈতে বৃদ্ধি কৰা যোগাযোগৰ শলাগ লৈ তেওঁ কয়, “আজি ধাৰণা সলনি হৈছে । এতিয়া অসমৰ কথা উন্নয়নৰ পৰিপ্ৰেক্ষিতত আলোচনা কৰা হয় । এদিন ‘শেষ গাঁও’ বুলি গণ্য কৰা সীমান্তৰ গাঁওবোৰক এতিয়া দেশৰ ‘প্ৰথম গাঁও’ হিচাপে স্বীকৃতি দিয়া হৈছে ।”

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা কেইবছৰমানত বহুবাৰ উত্তৰ-পূৱ ভ্ৰমণ কৰিছে, যিটো কংগ্ৰেছৰ কাৰ্যকালত হোৱা বিৰল ভ্ৰমণৰ সম্পূৰ্ণ বিপৰীত ।

তেওঁ পুনৰ কয় যে উত্তৰ-পূৰ্বাঞ্চলক লৈ থকা ধাৰণা এতিয়া “পিছপৰা অৱস্থা”ৰ পৰা “উন্নয়ন আৰু প্ৰগতি”লৈ পৰিৱৰ্তন হৈছে । তেওঁ এই পৰিৱৰ্তনৰ কৃতিত্ব কেন্দ্ৰ চৰকাৰৰ নিৰন্তৰ নীতিগত গুৰুত্ব আৰু জনসম্পৰ্কক প্ৰদান কৰে ।

তেওঁ উল্লেখ কৰে যে যোৱা ১২ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চল প্ৰায় ৩০ বাৰ ভ্ৰমণ কৰিছে, যিটো কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত প্ৰধানমন্ত্ৰীসকলৰ বিৰল ভ্ৰমণৰ সম্পূৰ্ণ বিপৰীত ।

ৰাজনাথ সিঙে কয় যে অসমত উন্নয়নৰ গতি ত্বৰান্বিত হৈছে আৰু ৰাজ্যখন উত্তৰ-পূবৰ বিকাশৰ এক অন্যতম চালক হিচাপে আত্মপ্ৰকাশ কৰিছে । তেওঁ কয়, “অসম এক নতুন আত্মবিশ্বাসেৰে আগবাঢ়িছে । এইখন এতিয়া এই অঞ্চলটোৰ বিকাশৰ ইঞ্জিন হৈ পৰিছে ।”

ৰাজ্যkVৰ প্ৰগতিক ৰাষ্ট্ৰীয় আকাংক্ষাৰ সৈতে জড়িত কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে ভাৰতৰ সামগ্ৰিক উন্নয়ন অসমৰ বিকাশৰ সৈতে ওতপ্ৰোতভাৱে জড়িত । তেওঁ লগতে কয়, “অসম উন্নত হ’লেহে ভাৰত উন্নত হ’ব ।”

লগতে পঢ়ক : বংগ নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰি টেনিছ কিংবদন্তি লিয়েণ্ডাৰ পেজৰ

বংগ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে চতুৰ্থখন প্ৰাৰ্থী তালিকা

পশ্চিমবংগৰ ২৯৪খন আসনৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিয়ে

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে আন এখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে । এই চতুৰ্থ তালিকাত ১৩ জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰা হৈছে । দ্বিতীয় তালিকাত ঘোষণা কৰা এজন প্ৰাৰ্থীকো সলনি কৰা হৈছে । তালিকা অনুসৰি দ্বিতীয় তালিকাত ঘোষণা কৰা মায়নাগুৰি (অনুসূচিত জাতি) আসনৰ পৰা এতিয়া বিজেপিৰ প্ৰাৰ্থী হ’ব ডালিম ৰায় ।

নতুন তালিকা অনুসৰি আশুতোষ বাৰ্মাক সীতাই আসনৰ পৰা, নাটাবাৰীৰ পৰা গিৰিজা শংকৰ ৰায়, বাগদাৰ পৰা সোমা ঠাকুৰ, মগৰাহাট পূবৰ পৰা উত্তম কুমাৰ বানিক আৰু ফাল্টাৰ পৰা দেবাংশু পাণ্ডাক টিকট দিয়া হৈছে । সোণাৰপুৰ উত্তৰৰ পৰা দেবাশীষ পাঠক, হাওৰা দক্ষিণৰ পৰা শ্যামল হাতী, পঞ্চলা আসনৰ পৰা ৰঞ্জন কুমাৰ পল, চণ্ডীপুৰৰ পৰা পিয়ুষ কান্তি দাস, গৰবেটাৰ পৰা প্ৰদীপ লোধা, মেমাৰীৰ পৰা মানৱ গুহা আৰু বাৰাবাণী আসনৰ পৰা অৰিজিত ৰায় বিজেপিৰ প্ৰাৰ্থী হ’ব ।

উল্লেখ্য যে, পশ্চিম বংগত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । ২৩ তাৰিখে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ২৯ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । অহা ৪ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল ।

পশ্চিমবংগৰ ২৯৪খন আসনৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিয়ে । এই পৰ্যন্ত বিজেপিয়ে ২৮৭খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে । প্ৰথমখন তালিকাত ১৪৪ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ পোৱাৰ পিছতে দ্বিতীয় তালিকাত ১১১ গৰাকী আৰু তৃতীয় তালিকাত ১৯ গৰাকীৰ নাম প্ৰকাশ কৰিছে দলটোৱে । এতিয়া চতুৰ্থ তালিকাত ১৩ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে । সুৱেন্দু অধিকাৰী, দিলীপ ঘোষ, অগ্নিমিত্ৰ পল, স্বপন দাসগুপ্ত, নিশিত প্ৰমানিক, ৰূপা গাংগুলী, জিতেন্দ্ৰ কুমাৰ তিৱাৰী, কৌস্তৱ বাগচিকে ধৰি কেইবাগৰাকীও বিশিষ্ট নেতাই প্ৰতিদ্বন্দ্বিতা কৰিব বংগ বিজেপিৰ ।

লগতে পঢ়ক : ইউনিফৰ্ম চিভিল ক’ডৰ পৰা দুই লাখ চাকৰিলৈঃ নিৰ্বাচনী ইস্তাহাৰত বিজেপিৰ বিশেষ ঘোষণা

ইউনিফৰ্ম চিভিল ক’ডৰ পৰা দুই লাখ চাকৰিলৈঃ নিৰ্বাচনী ইস্তাহাৰত বিজেপিৰ বিশেষ ঘোষণা

ইস্তাহাৰ মুকলি কৰি তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিলে আগন্তুক পাঁচ বছৰৰ ভিতৰত এই সকলোবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব বুলি বিজেপিয়ে ঘোষণা কৰিছে

মঙলবাৰে গুৱাহাটীত ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকৰ ‘সংকল্প পত্ৰ’ উন্মোচন কৰে । এই ইস্তাহাৰত ইউনিফৰ্ম চিভিল ক’ড (UCC), দুই লাখ চৰকাৰী চাকৰি, বানমুক্ত অসম আৰু ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্যকে ধৰি ৩১ টা প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত কৰা হৈছে । ইস্তাহাৰ মুকলি কৰি ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিলে আগন্তুক পাঁচ বছৰৰ ভিতৰত এই সকলোবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব বুলি দলটোৱে ঘোষণা কৰিছে ।

বিজেপিৰ এই ইস্তাহাৰ মুকলি কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । এই অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকে ।

ইউনিফৰ্ম চিভিল ক’ড-

দলটোৱে নিৰ্বাচনী ইস্তাহাৰত ইউনিফৰ্ম চিভিল ক’ড (UCC) ৰূপায়ণৰ দিশত কাম কৰিবলৈ প্ৰতিশ্ৰুতি উল্লেখ কৰিছে । অৱশ্যে ইয়াৰ পৰা ষষ্ঠ অনুসূচীভুক্ত এলেকা আৰু জনজাতীয় সম্প্ৰদায়সমূহক ৰেহাই দিয়া হ’ব বুলি উল্লেখ কৰিছে ইস্তাহাৰত । ইয়াৰ উপৰিও, দলটোৱে “লাভ জেহাদ” নাইকীয়া কৰিবলৈ এক বিশেষ আইন আৰু “লেণ্ড জেহাদ”ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰো প্ৰতিশ্ৰুতি দিছে ।

আন্তঃগাথনি-

আন্তঃগাঁথনিক লৈ এই ইস্তাহাৰত কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপি দলে । ‘অসম গতি শক্তি মাষ্টাৰ প্লেন’ৰ অধীনত অসমক ভাৰতৰ ‘পূবৰ প্ৰৱেশদ্বাৰ’ হিচাপে গঢ়ি তুলিবলৈ বিজেপিয়ে ৫ লাখ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে ।

পথ প্ৰকল্পসমূহৰ ভিতৰত আছে :

-এক নতুন শিলিগুৰি-শ্বিলং-শিলচৰ এক্সপ্ৰেছৱে’

-ব্ৰহ্মপুত্ৰৰ তলৰে গহপুৰ-নুমলীগড় সংযোগী পানীৰ তলৰ পথ আৰু ৰে’ল সুৰংগ

-গুৱাহাটী ৰিং ৰোড আৰু ডিব্ৰুগড় হৈ এটা গুৱাহাটী-তিনিচুকীয়া এক্সপ্ৰেছৱে’

ৰে’ল সেৱাৰ ক্ষেত্ৰত গুৱাহাটী-ডিব্ৰুগড়, গুৱাহাটী-আগৰতলা আৰু গুৱাহাটী-উত্তৰ লক্ষীমপুৰ পথত নতুন বন্দে ভাৰত ৰে’লৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । ইয়াৰোপৰি মানস, উমৰাংচু, চৰাইদেউ, ডিফু, মাজুলী আৰু ডলুত নতুন বিমানবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে । গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰত ৱাটাৰ মেট্ৰ’ ব্যৱস্থাৰ লগতে বগীবিল, পাণ্ডু আৰু যোগীঘোপাত integrated river logistics hubs স্থাপনৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে ।

বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি-

ৰাজ্যখনৰ এক চিৰস্থায়ী সমস্যা বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দলটোৱে ১৮,০০০ কোটি টকাৰো অধিক বিনিয়োগেৰে এক ‘বানমুক্ত অসম অভিযান’ আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছে । ইয়াৰ ভিতৰত আছে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি মথাউৰি নিৰ্মাণৰ বাবে এক ‘নদী পুনৰুজ্জীৱন অভিযান’, ২ নং ৰাষ্ট্ৰীয় জলপথৰ পদ্ধতিগত ড্ৰেজিং (খনন), আৰু মথাউৰিসমূহ পৰীক্ষণৰ বাবে যুৱ স্বেচ্ছাসেৱকৰ দ্বাৰা গঠিত এক ‘বান নিৰীক্ষক বাহিনী’ ।

দুই লাখ চাকৰিৰ প্ৰতিশ্ৰুতি-

নিযুক্তিৰ ক্ষেত্ৰত, ইস্তাহাৰত দুই লাখ চৰকাৰী চাকৰিৰ লগতে ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ জৰিয়তে উদ্যোগীক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, যাৰ অধীনত ১০ লাখ যুৱক-যুৱতীক সামৰি ৫ লাখ টকালৈকে আৰ্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱ কৰা হৈছে । ‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি’ৰ অধীনত নতুন স্নাতকসকলক নিযুক্তিৰ প্ৰস্তুতিৰ বাবে ২৫,০০০ টকাকৈ প্ৰদান কৰা হ’ব । ইয়াৰ উপৰি, ৰাজ্যখনত বিনিয়োগ কৰা নতুন উদ্যোগসমূহক প্ৰতিগৰাকী কৰ্মচাৰীৰ বিপৰীতে ১০,০০০ টকাকৈ মজুৰি ৰাজসাহায্য দিয়াৰো প্ৰতিশ্ৰুতি দিয়া হৈছে ।

৩,০০০ টকালৈ বৃদ্ধি পাব অৰুণোদয়ৰ ধন-

মহিলাসকলৰ বাবে, অৰুণোদয় আঁচনিৰ মাহেকীয়া সাহায্য পৰ্যায়ক্ৰমে ৩,০০০ টকালৈ বৃদ্ধি কৰা হ’ব আৰু অতিৰিক্ত ১৫ লাখ পৰিয়ালক এই আঁচনিৰ আওতালৈ অনা হ’ব বুলি ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে । ইস্তাহাৰখনত প্ৰতিটো জিলা সদৰত মহিলাৰ দ্বাৰা পৰিচালিত ‘আইৰ পাকঘৰ’ নামৰ সামূহিক ভোজনালয় স্থাপনৰো প্ৰতিশ্ৰুতি দিয়া হৈছে ।

চাহ জনগোষ্ঠীৰ বাবে ঘোষণা-

চাহ জনগোষ্ঠীৰ বাবেও ইস্তাহাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । দলটোৱে চাহ শ্ৰমিকৰ দৈনিক মজুৰি পৰ্যায়ক্ৰমে ৫০০ টকালৈ বৃদ্ধি কৰা, সকলো যোগ্য পৰিয়ালক ভূমিৰ পট্টা আৰু গৃহ প্ৰদান কৰা, লগতে এক ‘চাহ জনগোষ্ঠী মজুৰি সংস্কাৰ বিশেষজ্ঞ সমিতি’ গঠনৰ প্ৰতিশ্ৰুতি দিছে ।

ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীলৈ উন্নীত-

ডিব্ৰুগড়ৰ বাবে দলটোৱে এক দ্বিতীয় সচিবালয় আৰু বিধানসভাৰ আন্তঃগাঁথনি, বিমানবন্দৰটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীতকৰণ আৰু এখন উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠ স্থাপনৰ প্ৰতিশ্ৰুতি দিছে । ইফালে বৰাক উপত্যকাৰ বাবে, শিলচৰত এক পূৰ্ণকালীন অসম সচিবালয়, শ্ৰীভূমিত এইমছৰ এক উপ-কেন্দ্ৰ আৰু ডলু গ্ৰীণফিল্ড বিমানবন্দৰৰ দ্ৰুত উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ।

উল্লেখ্য যে, ইস্তাহাৰত ৰাজ্যখনৰ ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । অসমীয়াৰ পৰিচয় আৰু অনুপ্ৰৱেশৰ ওপৰত ইস্তাহাৰত গুৰুত্ব কেন্দ্ৰীভূত কৰিছে দলটোৱে । অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ ‘ইমিগ্ৰেণ্টছ (এক্সপালচন ফ্ৰম আছাম) এক্ট, ১৯৫০’ কাৰ্যকৰী কৰাৰ লগতে বেদখলকৃত প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰা আৰু ‘মিছন বসুন্ধৰা’ৰ অধীনত সকলো প্ৰকৃত নাগৰিকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে দলটোৱে ।

ইয়াৰ উপৰি, সত্ৰ, নামঘৰ আৰু দেৱালয়ৰ ভূমি বেদখলমুক্ত কৰা, সত্ৰ আয়োগক অধিক শক্তিশালী কৰা আৰু মধুপুৰ সত্ৰ তথা তলাতল ঘৰকে ধৰি বিভিন্ন ঐতিহ্যমণ্ডিত স্থানসমূহৰ পুনৰ্নিৰ্মাণৰো প্ৰতিশ্ৰুতি এই ইস্তাহাৰত প্ৰদান কৰা হৈছে ।

এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে বিজেপিৰ লক্ষ্য হৈছে এখন “সুৰক্ষিত অসম, উন্নত অসম” গঢ়ি তোলা । শইকীয়াই লগতে কয়, “২০২৬ চনৰ নিৰ্বাচন অসমৰ ৰাইজৰ বাবে এক অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন । এখন সুৰক্ষিত অসম গঢ়ি তোলাৰ লক্ষ্যৰে বিজেপিয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । আমি এই নিৰ্বাচনৰ বাবে সাজু । আমাৰ ‘সংকল্প’ হৈছে এখন সুৰক্ষিত অসম আৰু এখন উন্নত অসম গঢ়ি তোলা । এই সংকল্প পত্ৰখন প্ৰস্তুত কৰিবলৈ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২.৪৫ লাখ পৰামৰ্শ লাভ কৰিছোঁ ।”

লগতে পঢ়ক : ৩১টা সংকল্পৰে অসমত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি নিৰ্মলা সীতাৰমণৰ

৩১টা সংকল্পৰে অসমত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় জনতা পাৰ্টিয়ে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ প্ৰকাশ কৰে । বিজেপিৰ ইস্তাহাৰ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে কয়, এই ইস্তাহাৰৰ ভেটি হৈছে এক দশকৰ সাফল্য ।

মঙলবাৰে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ প্ৰকাশ কৰে । এই ইস্তাহাৰ মুকলি কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে অসমত শান্তি আৰু উন্নয়ন পুনৰুদ্ধাৰ কৰাটো তেতিয়াহে সম্ভৱ যেতিয়া স্থিতিশীলতা থাকে । এই ইস্তাহাৰ অসমৰ এটা দশকৰ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, যিটো কাম কংগ্ৰেছ দলে ৬০ বছৰতো কৰা নাছমিল বুলি উল্লেখ কৰে ।

অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে কয়, “এই ইস্তাহাৰৰ ভেটি হৈছে এক দশকৰ সাফল্য । মই দেখিছোঁ এনে এখন ৰাজ্য যিখন এনেদৰে ৰূপান্তৰিত হৈছে যি কংগ্ৰেছৰ ছয় দশকৰ শাসনকালত কেতিয়াও সম্ভৱ হোৱা নাছিল ।” এই ইস্তাহাৰ মুকলিৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমনৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থাকে ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে উত্তৰ-পূব অঞ্চলৰ দীৰ্ঘম্যাদী উন্নয়নত কংগ্ৰেছ দলৰ কোনো গুৰুত্ব নাছিল । অসমত শান্তি আৰু উন্নয়ন পুনৰুদ্ধাৰ কৰাটো তেতিয়াহে সম্ভৱ যেতিয়া স্থিতিশীলতা থাকে । ৰাজ্যত বিজেপিৰ শাসন কালত সুযোগ যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত অসমৰ যুৱক-যুৱতীসকল পুনৰ ৰাজ্যলৈ ঘূৰি আহিছে । কংগ্ৰেছ দলক লক্ষ্য কৰি তেওঁ কয় যে কংগ্ৰেছৰ নীতিৰ বাবে অসমত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ৩২ বছৰ ধৰি চলি থাকিল ।

“সংকল্প পত্ৰ” সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, “সংকল্প পত্ৰ’ প্ৰস্তুত কৰাৰ আঁৰৰ পটভূমি হ’ল আমি অসমৰ সকলো প্ৰান্তৰ লোকৰ কাষ চাপিছিলো । আমি ঘৰে ঘৰে গৈ পৰৱৰ্তী কাৰ্যকালত কি কৰিব লাগে সেই সম্পৰ্কে পৰামৰ্শ সংগ্ৰহ কৰিছিলো । এই ইস্তাহাৰৰ আধাৰত অৰ্থাৎ অসমৰ ৰাইজৰ পৰামৰ্শৰ আধাৰত আমি তৃতীয় কাৰ্যকালত কাম কৰিম ।” তেওঁ কয় যে তিনি লাখৰো অধিক লোকে নিজৰ পৰামৰ্শ দাখিল কৰে ।

লগতে পঢ়ক : মল্লিকাৰ্জুন খাৰ্গেক নাওবৈচালৈ মাতি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে কংগ্ৰেছেঃ মুখ্যমন্ত্ৰী

ঘৰৰ পৰাই ভোট দিব পাৰিব ২.৩৭ লাখ ভোটাৰে, অনুমতি নিৰ্বাচন আয়োগৰ

মুঠ ২.৩৭ লাখ ভোটাৰক ঘৰৰ পৰা ভোটদানৰ অনুমতি প্ৰদান কৰিছে নিৰ্বাচন আয়োগে

আগন্তুক কেৰালা, অসম আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনত মুঠ ২.৩৭ লাখ ভোটাৰক ঘৰৰ পৰা ভোটদানৰ অনুমতি প্ৰদান কৰিছে নিৰ্বাচন আয়োগে । আয়োগে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ৬০(গ)ৰ অধীনত ৮৫ বছৰৰ ওপৰৰ ভোটাৰ আৰু বিশেষভাৱে সক্ষম ভোটাৰৰ বাবে ঘৰতে ভোটদানৰ বৈকল্পিক সুবিধা প্ৰদান কৰিছে ।

ভোটাৰসকলক ঘৰুৱা ভোটদানৰ তাৰিখৰ বিষয়ে আগতীয়াকৈ জনোৱা হ’ব আৰু ভোটগ্ৰহণকাৰী দলসমূহে তেওঁলোকৰ ঘৰলৈ গৈ তেওঁলোকে ভোটদান কৰাটো নিশ্চিত কৰিব । ইতিমধ্যে কেৰালা, অসম, পুডুচেৰীৰ বিভিন্ন সমষ্টিত দুৱাৰে দুৱাৰে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৫ এপ্ৰিলৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব । প্ৰথমবাৰ ভোটাৰ উপলব্ধ নহ’লে দ্বিতীয়বাৰৰ বাবেও দলটো তেওঁৰ ওচৰলৈ যাব ।

সমগ্ৰ প্ৰক্ৰিয়াটোৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হ’ব আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ আৰু ভোটদানৰ গোপনীয়তা নিশ্চিত কৰিবলৈ আৰক্ষীৰ নিৰাপত্তা উপলব্ধ হ’ব । স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰাৰ্থীক ঘৰৰ পৰাই ভোটদান কৰা ভোটাৰৰ তালিকা প্ৰদান কৰা হ’ব । প্ৰাৰ্থীয়ে ভোটগ্ৰহণকাৰী দলৰ সৈতে প্ৰতিনিধি প্ৰেৰণ কৰিব পাৰে (প্ৰপত্ৰ ১০ পূৰণ কৰিব লাগিব)। ৮৫ বছৰৰ ওপৰৰ বা বিশেষভাৱে সক্ষম ভোটাৰ যিসকলে ঘৰৰ পৰা ভোট নিদিয়াৰ সিদ্ধান্ত লয়, তেওঁলোকৰ বাবে হুইল চেয়াৰ আৰু স্বেচ্ছাসেৱককে ধৰি সকলো সুবিধা ভোটকেন্দ্ৰত প্ৰদান কৰা হ’ব ।

ক’ত কিমান এনে ভোটাৰ আছে ?

কেৰালাত ৮৫ বছৰৰ ওপৰৰ ১৪৫,৫২১ জন আৰু বিশেষভাৱে সক্ষম ৬২,২৪০ জন ভোটাৰ আছে ।

অসমত ১৯,৭৭৪ (৮৫+) ভোটাৰ আৰু ৬,৬৩৮ জন বিশেষভাৱে সক্ষম ভোটাৰ আছে ।

পুডুচেৰীত ২,০৬৬ (৮৫+) ভোটাৰ আৰু ১,৬২১ জন বিশেষভাৱে সক্ষম ভোটাৰ আছে ।

লগতে পঢ়ক : ক্ষমতা লাভৰ বাবে সহজ-সৰল আদিবাসীসকলক উচটনি দিয়া হৈছিলঃ লোকসভাত অমিত শ্বাহৰ গৰ্জন

কেৰালাত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী শংখনাদ, পলাক্কাডত জনসভা আৰু ত্ৰিশুৰত মেগা ৰোড শ্ব’

এন ডি এৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ দেওবাৰে কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ দেওবাৰে কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তদুপৰি পলাক্কাডত এখন জনসভা আৰু ত্ৰিশুৰত এক বৃহৎ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

এই ভ্ৰমণ সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে লিখিছে, “আজি কেৰেলাৰ জনসাধাৰণৰ মাজত থাকিবলৈ আগ্ৰহী । মই পালাক্কাডত এখন সভাত ভাষণ দিম আৰু পিছত ত্ৰিশুৰত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিম । কেৰালাৰ জনসাধাৰণ এন ডি এৰ পক্ষত । এল ডি এফ আৰু ইউ ডি এফৰ অপশাসনত মানুহ বিৰক্ত হৈ পৰিছে ।”

জানিব পৰা মতে, পলাক্কাডৰ ফ’ৰ্ট গ্ৰাউণ্ডত দুপৰীয়া প্ৰায় ২:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা সভাত ভাষণ দিব । এই অনুষ্ঠানত হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এই সমাৱেশত অঞ্চলটোৰ বিজেপিৰ জ্যেষ্ঠ নেতা আৰু এন ডি এৰ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : মন কি বাতৰ ১৩২ সংখ্যক খণ্ডত দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

বিটিআৰ-ৰ ১৫ খন আসনৰ ১৫ আসনতে জয়ী হ’ব এনডিএ-ৰ প্ৰাৰ্থীঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে

তুংগত উঠিছে অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । শনিবাৰে প্ৰতিকূল বতৰকো নেওচি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিৰাং জিলাৰ বিজনী সমষ্টিত এক বিশাল নিৰ্বাচনী জনসভাত ভাষণ প্ৰদান কৰে ।

সভাত বিটিআৰ-ৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ইউপিপিএল বৰ্তমান এনডিএ-ৰ অংশ নহয় । তেওঁ কয় যে এই অঞ্চলত বিজেপি আৰু বিপিএফ-ক লৈয়ে এনডিএ গঠিত হৈছে আৰু বিটিচি-ৰ উন্নয়নৰ স্বাৰ্থত দুয়োটা দলেই ঐক্যবদ্ধ হৈ থকাটো প্ৰয়োজন । তেওঁ লগতে উল্লেখ কৰে যে যিহেতু ইউপিপিএল-এ সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, সেয়েহে দলটো মিত্ৰজোঁটৰ বাহিৰত আছে । মিত্ৰজোঁটৰ ফলাফলক লৈ দৃঢ় বিশ্বাস প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এনডিএ-ই বিটিচি-ৰ ১৫ খন আসনৰ আটাইকেইখনতে জয়লাভ কৰাটো নিশ্চিত । তেওঁ পুনৰ দোহাৰে যে বিজনী সমষ্টিত বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দে’ৰ জয় নিশ্চিত ।

নেৰানেপেৰা বৰষুণৰ মাজতো এই প্ৰচাৰ অভিযানত ৰাইজৰ বিশাল সমাগম পৰিলক্ষিত হয় । এই জনসভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে । প্ৰতিকূল বতৰৰ মাজতো হাজাৰ হাজাৰ সমৰ্থক এই সভাত সমবেত হয় ।

লগতে পঢ়ক : টেলিফোনযোগে গোলকগঞ্জৰ বিজয় সংকল্প সভাক সম্বোধন মুখ্যমন্ত্ৰীৰ

কাইলৈ বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাব অমিত শ্বাহে, বিশাল ৰোড শ্ব’ৰে কঁপাব গুৱাহাটী

গৃহমন্ত্ৰী অমিত শ্বাহে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় বিজেপি প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ২৭ মাৰ্চত অসমত উপস্থিত হ’ব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় বিজেপি প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ২৭ মাৰ্চত অসমত উপস্থিত হ’ব । শ্বাহে সন্ধিয়া গুৱাহাটীত অৱতৰণ কৰিব আৰু বিজেপিৰ চেন্ট্ৰেল গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজয় গুপ্তাৰ সমৰ্থনত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব । এই ৰোড শ্ব’টো আৰ্য বিদ্যাপীঠ খেলপথাৰৰ পৰা আৰম্ভ হ’ব আৰু সমষ্টিটোৰ গুৰুত্বপূৰ্ণ এলেকাৰ মাজেৰে পাৰ হৈ যাব । ইয়াৰ উপৰিও দিনটোৰ শেষৰ ফালে তেওঁ দলীয় বিষয়ববীয়াসকলক সাক্ষাৎ কৰাৰ কাৰ্যসূচীও আছে ।

ইফালে দেওবাৰে অমিত শ্বাহে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চাহ বাগিচাৰ ফুটবল খেলপথাৰত মন্ত্ৰী অশোক সিংহলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব । ইয়াৰ পিছত তেওঁ নলবাৰী জিলাৰ টিহুলৈ ৰাওনা হ’ব আৰু চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই নিজৰ দুদিনীয়া ভ্ৰমণসূচী সামৰিব ।

উল্লেখ্য য়ে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২ এপ্ৰিলত পুনৰ অসমলৈ আহি বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰ চলাব, য’ত তেওঁ শ্ৰীভূমি জিলাৰ মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু শিলচৰৰ প্ৰাক্তন সাংসদ ৰাজদীপ ৰয়ৰ হৈ নিৰ্বাচনী জনসভাত ভাষণ দিব ।

লগতে পঢ়ক : ‘ঐতিহাসিক বিজয়’ৰ দিশে অগ্ৰসৰ বিজেপি, ‘সম্পূৰ্ণৰূপে ধ্বংস’ বিৰোধী : মুখ্যমন্ত্ৰী

‘ঐতিহাসিক বিজয়’ৰ দিশে অগ্ৰসৰ বিজেপি, ‘সম্পূৰ্ণৰূপে ধ্বংস’ বিৰোধী : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ নিৰ্ণায়ক বিজয়ৰ ভৱিষ্যদ্বাণী কৰাৰ লগে লগে দলটোৰ মাজত আত্মবিশ্বাস তুংগত উঠিছে

আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ প্ৰৱল সমৰ্থন আৰু সাংগঠনিক তৎপৰতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্ণায়ক বিজয়ৰ ভৱিষ্যদ্বাণী কৰাৰ লগে লগে দলটোৰ মাজত আত্মবিশ্বাস তুংগত উঠিছে ।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই দলৰ জনসংযোগ অভিযানৰ প্ৰতি জনসাধাৰণৰ সঁহাৰিৰ কথা আঙুলিয়াই দি কয়, “বিজয় সংকল্প যাত্ৰা অনুষ্ঠিত হৈছিল আৰু বৃহৎ সংখ্যক ৰাইজে আহি আমাক আশীৰ্বাদ দিছে ।” তেওঁ লগতে কয় যে বিজেপিয়ে নিজৰ পক্ষত এক “ঐতিহাসিক ফলাফল” আশা কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী, AIUDFৰ বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে । কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বিজেপিয়ে “অসমৰ শত্ৰুৰ শক্তিক সম্পূৰ্ণৰূপে ধ্বংস কৰিছে” আৰু লগতে কয় যে “অহা বাৰ মই বাকী থকাখিনিও শেষ কৰিম ।”

এদিন পূৰ্বে মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰিছিল যে বিজেপিৰ শাসনকালত ৰাজ্যখনত এক “সম্পূৰ্ণ পৰিৱৰ্তন” ঘটিছে আৰু দলটোৰ প্ৰতি সমৰ্থন খিলঞ্জীয়া সকলৰ মাজত বিয়পি পৰিছে । তেওঁ কয়, “আজি মানুহে আমাৰ শক্তিশালী সংস্কৃতি আৰু ঐতিহ্যৰ ওপৰত ভিত্তি কৰি এক নতুন অসম প্ৰত্যক্ষ কৰিছে ।” তেওঁ আৰু অভিযোগ কৰে যে “বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাহিৰে বাকী সকলো মানুহ বিজেপিৰ লগত আছে” আৰু লগতে দাবী কৰে যে “কোনো স্থানীয় খিলঞ্জীয়া ভাৰতীয় লোকে কংগ্ৰেছক ভোট নিদিয়ে ।” বিৰোধীক লক্ষ্য কৰি আন এক তীক্ষ্ণ মন্তব্যত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “কংগ্ৰেছে ভাৰতত চৰকাৰ গঠন কৰিব নোৱাৰে; তেওঁলোকে পাকিস্তানতহে গঠন কৰিব পাৰিব ।”

উল্লেখ্য যে, আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপিৰ লগতে আন দলসমূহৰো প্ৰচাৰ তুংগত উঠিছে । ৰাজ্যৰ ১২৬টা সমষ্টিৰ বাবে ভোটগ্ৰহণ ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোটগণনা হ’ব ।

লগতে পঢ়ক : অহা জনমতো বৰপেটা মেডিকেলৰ নাম সলনি কৰিব নোৱাৰেঃ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ