৭ বজাৰ লগে লগে আৰম্ভ হ’ল ভোটদান প্ৰক্ৰিয়া, ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী

নিৰ্বাচন আয়োগে নিকা আৰু সুচাৰুৰূপে ভোটদান সম্পন্ন কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে

বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান আৰম্ভ হৈছে । নিৰ্বাচন আয়োগে নিকা আৰু সুচাৰুৰূপে ভোটদান সম্পন্ন কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । এটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত নিজৰ মতদান সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰসমূহৰ বাহিৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে । অসমৰ ১২৬খন আসন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন । ৪ মে’ত ভোটগণনা কৰা হ’ব।

অসমত ১২৬ জনীয়া বিধানসভাৰ বাবে ২.৫ কোটিৰো অধিক ভোটাৰে নিজৰ ভোটাধিকার সাব্যস্ত কৰিব । নিৰ্বাচনী যুঁজত মুঠ ৭২২ জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । ২,৫০,৫৪,৪৬৩ জন ভোটাৰৰ ভিতৰত ১,২৫,৩১,৫৫২ জন পুৰুষ আৰু ১,২৫,২২,৫৯৩ গৰাকী মহিলা ভোটাৰ । তদুপৰি তৃতীয় লিংগৰ ৩১৮ জন আৰু ৬৩,৪২৩ জন চাৰ্ভিচ ভোটাৰ আছে । ভোটাৰসকলৰ ভিতৰত ১৮-১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা ৬,৪২,৩১৪ জন, ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ ২,৫০,০০৬ জন আৰু ২,০৫,০৮৫ জন দিব্যাঙ্গ ব্যক্তি ।

নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিবলৈ আয়োগৰ নিৰ্দেশ অনুসৰি ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে । ৩১,৪৮৬ খন মূল ভোটকেন্দ্ৰ আৰু ৪ খন সহায়ক ভোটকেন্দ্ৰকে ধৰি মুঠ ৩১,৪৯০ খন ভোটকেন্দ্ৰতে ৱেবকাষ্টিং সক্ৰিয় কৰা হৈছে । নিৰ্বাচন পৰিচালনাৰ বাবে মুঠ ১,৫১,১৩২ জন নিৰ্বাচনী কৰ্মীক নিয়োজিত কৰা হৈছে । ভোটগ্ৰহণৰ বাবে জৰুৰীকালীন ব্যৱহাৰৰ বাবে সংৰক্ষিত মেচিনসহ ৪১,৩২০ টা বেলেট ইউনিট, ৪৩,৯৭৫ টা কণ্ট্ৰল ইউনিট আৰু ৪৩,৯৯৭ টা ভিভিপেট (VVPAT) মেচিনৰ ব্যৱস্থা কৰা হৈছে । প্ৰয়োজন হ’লে অতিৰিক্ত নিৰ্বাচনী কৰ্মীকো সাজু কৰি ৰখা হৈছে ।

লগতে পঢ়ক : ভোটদানৰ মহাপৰ্বত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ আহ্বান

ভোটদানৰ মহাপৰ্বত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ আহ্বান

বিধানসভা নিৰ্বাচনৰ বাবে আজি তিনিখন ৰাজ্য অসম, পুডুচেৰী, আৰু কেৰালাত ভোটদান চলি আছে

বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে আজি তিনিখন ৰাজ্য অসম, পুডুচেৰী, আৰু কেৰালাত ভোটদান চলি আছে । এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিনিওখন ৰাজ্যৰ ভোটাৰক গণতন্ত্ৰৰ এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । বিশেষকৈ যুৱক-যুৱতী আৰু মহিলা ভোটাৰসকলক গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰিবলৈ আহ্বান জনায় তেওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ ভৱিষ্যত গঢ় দিয়াত প্ৰতিটো ভোটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অভিলেখ সৃষ্টিকাৰী ভোটাৰৰ ভোটদানৰ বাবে আবেদন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “নাগৰিকসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ ভোটদান । সকলোৱে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি গণতন্ত্ৰক সৱলীকৰণ কৰা উচিত । এই প্ৰক্ৰিয়াই ৰাজ্যৰ ভৱিষ্যত গঢ় দিয়াত সহায় কৰিব । প্ৰতিজন নাগৰিকৰ অৱদান গুৰুত্বপূৰ্ণ ।”

কেৰালা, পুডুচেৰী, অসমৰ জনসাধাৰণক পৃথক পৃথক এক্স-পোষ্টত আবেদন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অভিলেখসংখ্যক অংশগ্ৰহণৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসমূহৰ যুৱ-মহিলাসকলক আগবাঢ়ি আহি বৃহৎ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা ভাৰতৰ

আমি অসমক অনুপ্ৰৱেশকাৰীৰ চৰণীয়া পথাৰ হ’বলৈ নিদিওঁ: অমিত শ্বাহ

শ্বাহে দাবী কৰে যে বিজেপিয়ে ইতিমধ্যে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে

বিধানসভা নিৰ্বাচনৰ বাবে আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন । মঙলবাৰে পাথাৰকান্দিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । সভাত ভাষণ প্ৰদান কৰি অমিত শ্বাহে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে । তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে অসমক “অনুপ্ৰৱেশকাৰী শাসিত অঞ্চল” হ’বলৈ নিদিয়ে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰ নিৰ্বাচিত কৰিবলৈ ভোটাৰসকলক আহ্বান জনায় ।

বিৰোধীয়ে ভোট বেংকৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লক্ষ্য কৰি শ্বাহে কয়, “মই আজি ইয়াৰ পৰাই ঘোষণা কৰিছো, ৰাহুল বাবা, কথাটো স্পষ্টকৈ শুনি লওক, আমি অসমক অনুপ্ৰৱেশকাৰীৰ অধিকৃত অঞ্চল হ’বলৈ নিদিও ।” শ্বাহে দাবী কৰে যে বিজেপিয়ে ইতিমধ্যে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে । তেওঁ কয়, “বিজেপি চৰকাৰ নিৰ্বাচিত কৰক । আমি ইতিমধ্যে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰিছো । এতিয়া তেওঁলোকক এজন এজনকৈ উচ্ছেদ কৰাৰ সময় আহি পৰিছে ।” তেওঁ লগতে কয় যে যদি অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন চৰকাৰ থাকে, তেন্তে অনুপ্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ হ’ব ।

দলটোৰ সাংস্কৃতিক কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰি শ্বাহে কয়, “কেৱল বিজেপিৰহে কৰিমগঞ্জক ‘শ্ৰীভূমি’ হিচাপে নামকৰণ কৰাৰ সংকল্প আছে ।” ইয়াৰ বিপৰীতে ৰাজনৈতিক ক্ষমতা লাভৰ বাবে কংগ্ৰেছে অনুপ্ৰৱেশকাৰীৰ ওপৰত নিৰ্ভৰ কৰা বুলি তেওঁ সমালোচনা কৰে । ৰাহুল গান্ধীক কটাক্ষ কৰি শ্বাহে আঞ্চলিক আৱেগৰ প্ৰতি তেওঁৰ বুজাপৰাক লৈ প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয়, “যিসকলৰ শিপা ইটালীত আছে, তেওঁলোকে কেনেকৈ ‘শ্ৰীভূমি’ৰ গুৰুত্ব বুজি পাব ?”

কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপসমূহৰ কথা উল্লেখ কৰি শ্বাহে অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতিত্ব দিয়ে । তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰি কংগ্ৰেছে ৰাজনৈতিক লাভৰ বাবে ইয়াৰ বিৰোধিতা কৰা বুলি অভিযোগ কৰে । শ্বাহে অভিযোগ কৰে, “যেতিয়াই আমি CAAৰ কথা কওঁ, কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰে । এক ষড়যন্ত্ৰৰ জৰিয়তে তেওঁলোকে এই অঞ্চলটোক অনুপ্ৰৱেশকাৰী শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছিল । তেওঁলোকে ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী (অসমৰ পৰা বহিষ্কাৰ) আইন বাতিল কৰিছিল আৰু পিছলৈ ১৯৮৩ চনত অনুপ্ৰৱেশকাৰীসকলক আশ্ৰয় দিবলৈ আইএমডিটি আইন প্ৰৱৰ্তন কৰিছিল ।”

তেওঁ আৰু কয় যে অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ বিজেপি নেতৃত্বাধীন চৰকাৰসমূহে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সমন্বিত পদক্ষেপ গ্ৰহণ কৰিব । তেওঁ দৃঢ়তাৰে কয়, “যেতিয়াই অসম, বংগ আৰু ত্ৰিপুৰাত বিজেপি-এনডিএ চৰকাৰ গঠন হ’ব, অনুপ্ৰৱেশ বন্ধ হ’ব । আমি পদ্ধতিগতভাৱে প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰিম ।” তেওঁ লগতে কয় যে এনে উপাদানবোৰে থলুৱা লোকৰ চাকৰি, ৰেচন আৰু জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে ।

লগতে পঢ়ক : বটদ্ৰৱালৈ আহি গীতা চুই শপত খাবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

আজি সমাপ্ত হ’ব নিৰ্বাচনী প্ৰচাৰ, বিয়লি ৫ বজাৰ পৰা ৪৮ ঘণ্টীয়া ‘চাইলেন্ট পিৰিয়ড’

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ১২৬ অনুসৰি, এই সময়ছোৱাত সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ কঠোৰভাৱে নিষিদ্ধ কৰা হ’ব

অসম বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে সমাপ্ত হ’ব নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচন আয়োগে সোমবাৰে ঘোষণা কৰিছে যে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬ৰ বাবে ‘চাইলেন্ট পিৰিয়ড’ ৭ এপ্ৰিল বিয়লি ৫:০০ বজাৰ পৰা আৰম্ভ হ’ব । এই সময়ছোৱা সকলো সমষ্টিতে ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা পূৰ্বৰ পৰা কাৰ্যকৰী হ’ব ।

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ১২৬ অনুসৰি, এই সময়ছোৱাত সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ কঠোৰভাৱে নিষিদ্ধ কৰা হ’ব । ইয়াৰ ভিতৰত ৰাজহুৱা সভা, সমদল, ৰেলী আৰু যিকোনো প্ৰচাৰ সম্পৰ্কীয় কাৰ্যকলাপ অন্তৰ্ভুক্ত আছে । আয়োগে ইলেক্ট্ৰনিক আৰু ছচিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে নিৰ্বাচন সম্পৰ্কীয় সমল প্ৰচাৰতো বাধা আৰোপ কৰিছে । Bulk SMS, ফোন কল বা অনলাইন মাধ্যমৰ জৰিয়তে কৰা প্ৰচাৰৰো অনুমতি দিয়া নহ’ব ।

ইয়াৰ উপৰিও, যিবোৰ সমষ্টিৰ নিৰ্বাচক নহয় তেনে বাহিৰৰ পৰা অহা ৰাজনৈতিক পদাধিকাৰী আৰু দলীয় কৰ্মীসকলক প্ৰচাৰৰ সময় শেষ হোৱাৰ লগে লগে সমষ্টি ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । এক মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনী পৰিৱেশ অটুট ৰাখিবলৈ জিলা আৰু আৰক্ষী প্ৰশাসনক এই নিৰ্দেশনাৱলী পালন নিশ্চিত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে । লগতে, উক্ত আইনৰ ধাৰা ১২৬(১)(খ)ৰ অধীনত, নীৰৱতাৰ সময়ছোৱাত টেলিভিছন আৰু অনুৰূপ ইলেক্ট্ৰনিক মাধ্যমত নিৰ্বাচন সম্পৰ্কীয় সমল, যেনে জনমত সমীক্ষা বা জৰীপৰ ফলাফল প্ৰদৰ্শন কৰাটো কঠোৰভাৱে নিষিদ্ধ ।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সকলো প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু সংবাদ সংস্থাক এই নিৰ্দেশনাৱলীসমূহ কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে । তেওঁ সতৰ্ক কৰি দিছে যে যিকোনো উলংঘনত প্ৰাসংগিক আইনী বিধানৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

উল্লেখ্য যে, ৯ এপ্ৰিলত ৰাজ্যৰ ১২৬ টা সমষ্টিৰ বাবে এটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোট গণনা হ’ব ।

লগতে পঢ়ক : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ খাৰিজ

কোনে দখল কৰিব দিছপুৰৰ মছনদ ? কি কয় অপিনিয়ন পোলে ?

অসম বিধানসভা নিৰ্বাচনৰ চূড়ান্ত অপিনিয়ন পোলে বিজেপিৰ বাবে কঢ়িয়াই আনিছে ভাল খবৰ

৯ এপ্ৰিলত অসমৰ ১২৬ টা বিধানসভা নিৰ্বাচনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । ইয়াৰ পূৰ্বে তুংগত উঠিছে ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ । ৭ এপ্ৰিলত সমাপ্ত হ’ব বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ । ইয়াৰ মাজেত অসম বিধানসভা নিৰ্বাচনৰ চূড়ান্ত অপিনিয়ন পোলে বিজেপিৰ বাবে কঢ়িয়াই আনিছে ভাল খবৰ । মেট্ৰিজে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত বিজেপি+ দলে ৯২-১০২খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ।

মেট্ৰিজ আৰু চাণক্যৰ সমীক্ষা অনুসৰি আগন্তুক অসম বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট (বিজেপি+) শক্তিশালী অৱস্থাত আছে আৰু ক্ষমতালৈ ঘূৰি অহা বা ক্ষমতা অক্ষুণ্ণ ৰখাৰ সম্ভাৱনা অধিক । দুয়োটা সমীক্ষাৰ পৰা দেখা গৈছে যে ভোটৰ ভাগ আৰু আসন দুয়োটা দিশতে বিজেপি মিত্ৰজোঁট আগবাঢ়ি আছে । কংগ্ৰেছ মিত্ৰজোঁট পিছ পৰি আছে, আনহাতে সৰু সৰু দলসমূহৰ প্ৰভাৱ এই নিৰ্বাচনত একেবাৰে কম হোৱাৰ সম্ভাৱনা আছে ।

ভোট শ্বেয়াৰত বৃদ্ধি (মেট্ৰিজৰ সমীক্ষা)

বিজেপি+: ৪৬%

কংগ্ৰেছ+: ৩৬%

অন্যান্য : ১৮%

মেট্ৰিজৰ সমীক্ষা অনুসৰি বিজেপি মিত্ৰজোঁটে অধিক সমৰ্থন লাভ কৰিছে । কংগ্ৰেছ মিত্ৰজোঁট দৌৰত আছে যদিও পিছ পৰি আছে । আন সৰু সৰু দলবোৰৰ ভোট শ্বেয়াৰ কম ।

আসনৰ অনুমান (মেট্ৰিজৰ সমীক্ষা)

বিজেপি+ : ৯২-১০২খন আসন

কংগ্ৰেছ+ : ২২-৩২খন আসন

অন্যান্য : ৪-৭ খন আসন

আসনৰ হিচাপ অনুসৰি বিজেপি মিত্ৰজোঁটে স্পষ্ট অগ্ৰগতি লাভ কৰিছে । বিজেপি মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতাৰ সীমাত উপনীত হ’ব পাৰে বা অতিক্ৰম কৰিব পাৰে । বিৰোধীৰ ভূমিকাত থাকিব কংগ্ৰেছ মিত্ৰতা । আন দলসমূহে অতি কম আসন লাভ কৰিব পাৰে ।

চাণক্যৰ সমীক্ষা অনুসৰি আসনৰ আনুমানিক হিচাপ-

বিজেপি+: ৮৩-৯০ আসন

কংগ্ৰেছ+: ৩০-৩৬খন আসন

অন্যান্য: ৩-৬ খন আসন

চাণক্যৰ সমীক্ষাতো বিজেপি মিত্ৰজোঁট আগুৱাই আছে । কংগ্ৰেছ মিত্ৰজোঁটে কিছু আসন লাভ কৰিব পাৰে, কিন্তু চৰকাৰ গঠনৰ অৱস্থাত নাই । শেষ মুহূৰ্তৰ পৰিৱৰ্তন আৰু স্থানীয় সমস্যাৰ বাবে নিৰ্বাচনৰ ফলাফল সলনি হ’ব পাৰে যদিও বৰ্তমানৰ সমীক্ষাসমূহে ইংগিত দিয়ে যে প্ৰতিদ্বন্দ্বিতা বিজেপিৰ সপক্ষে ।

লগতে পঢ়ক : কংগ্ৰেছৰ শ্লোগান হৈছে পৰিয়াল প্ৰথমঃ অসমত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰীৰ তীক্ষ্ণ বাক্যবাণ

কংগ্ৰেছৰ শ্লোগান হৈছে পৰিয়াল প্ৰথমঃ অসমত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰীৰ তীক্ষ্ণ বাক্যবাণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ কৰে যে কংগ্ৰেছ দলটোৱে কেৱল নিজৰ স্বাৰ্থৰহে চিন্তা কৰে আৰু তেওঁলোকৰ চৰকাৰৰ দিনত অসমক উন্নয়নৰ পৰা বঞ্চিত কৰিছিল

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ উত্থাপন কৰে যে দলটোৱে কেৱল নিজৰ স্বাৰ্থৰহে চিন্তা কৰে আৰু তেওঁলোকৰ চৰকাৰৰ দিনত অসমক উন্নয়নৰ পৰা বঞ্চিত কৰিছিল । বিজেপি প্ৰাৰ্থী শিলাদিত্য দেৱৰ সমৰ্থনত হোজাইত এক নিৰ্বাচনী জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক দলক তীক্ষ্ণ সমালোচনা কৰে । লগতে জিলাখনত বিদ্যুৎ যোগান অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এনডিএ চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে তেওঁ ।

অসমক বিদ্যুতৰ ক্ষেত্ৰত এখন আৰ্হি ৰাজ্য হিচাপে অভিহিত কৰি তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে ‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ট যোজনা’ৰ অধীনত সৌৰ পেনেল স্থাপনৰ বাবে ৭০,০০০ ৰ পৰা ৮০,০০০ টকা পৰ্যন্ত সাহায্য প্ৰদান কৰিছে । হোজাইৰ পৌৰ সমস্যাসমূহৰ কথা উল্লেখ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক “পৰিয়াল প্ৰথম” নীতি গ্ৰহণ কৰাৰ বাবেও সমালোচনা কৰে ।

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত এনডিএৰ বিজয় সন্দৰ্ভত আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “হোজাই হওক বা পূব অথবা পশ্চিম কাৰ্বি আংলঙেই হওক, আপোনালোক প্ৰতিটো অঞ্চলৰ পৰাই ব্যাপক উৎসাহেৰে ইয়াত উপস্থিত হৈছে । এই পৰিৱেশে প্ৰমাণ কৰে যে অসমে বিজেপি-এনডিএক এক বৃহৎ বিজয় উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে । প্ৰতিটো অঞ্চলৰ উন্নয়ন এনডিএৰ বাবে অগ্ৰাধিকাৰ । সেইবাবেই আমাৰ চৰকাৰে আৰম্ভণিতেই হোজাইক সুকীয়া জিলা হিচাপে ঘোষণা কৰিছিল । কিন্তু কংগ্ৰেছে অসমক সমস্যাত পেলাই থৈছিল আৰু উন্নয়নৰ পৰা বঞ্চিত কৰিছিল । যেতিয়ালৈকে কংগ্ৰেছ অসমত ক্ষমতাত আছিল, তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ কথাহে চিন্তা কৰিছিল ।”

তেওঁ লগতে কয়, “এফালে বিজেপি আৰু এনডিএৰ ডাবল ইঞ্জিন চৰকাৰে অসমৰ প্ৰতিটো পৰিয়ালৰ জীৱন উন্নত কৰিবলৈ কাম কৰি আছে, আনফালে কংগ্ৰেছ কেৱল দুটা পৰিয়ালৰ ভৱিষ্যত গঢ়াত ব্যস্ত । এটা পৰিয়াল হৈছে দিল্লীত থকা ৰাজ পৰিয়াল আৰু আনটো অসমৰ এক পৰিয়াল । তেওঁলোকৰ শ্লোগান হৈছে ‘পৰিয়াল প্ৰথম’ ।”

কংগ্ৰেছে কেৱল “মিছা আৰু দুৰ্নীতি”ৰ ওপৰত গুৰুত্ব দিয়ে বুলি অভিযোগ তুলি তেওঁ গান্ধী পৰিয়ালক “আটাইতকৈ দুৰ্নীতিপৰায়ণ পৰিয়াল” বুলি অভিহিত কৰে । মোদীয়ে কয়, “পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাহিৰে তেওঁলোকৰ কোনো শক্তি নাই । সেইবাবেই তেওঁলোকে দুটা কথাৰ ওপৰত গুৰুত্ব দিয়ে— মিছা কথা আৰু দুৰ্নীতি । দিল্লীত থকা তেওঁলোকৰ ৰাজকীয় পৰিয়ালটো আটাইতকৈ দুৰ্নীতিগ্ৰস্ত পৰিয়াল । তেওঁলোকৰ বিৰুদ্ধে হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ গোচৰ চলি আছে । পৰিয়ালটো জামিনত বাহিৰত আছে ।”

উল্লেখ্য যে, হোজাইত বিজেপিৰ শিলাদিত্য দেৱৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । এই আসনখন বৰ্তমান বিজেপি বিধায়ক ৰামকৃষ্ণ ঘোষৰ দখলত আছে ।

লগতে পঢ়ক : কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক সুৰক্ষা দি খিলঞ্জীয়াক বিপদত পেলাইছে : বৰপেটাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

লখিমপুৰত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে লখিমপুৰৰ বিজেপি প্ৰাৰ্থী মানৱ ডেকাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । এইবাৰ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে লখিমপুৰৰ বিজেপি প্ৰাৰ্থী মানৱ ডেকাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় ।

নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপি চৰকাৰৰ নেতৃত্বত অসম এতিয়া এক প্ৰধান প্ৰযুক্তি আৰু ছেমিকণ্ডাক্টৰ হাব হোৱাৰ দিশত অগ্ৰসৰ হৈছে । খাণ্ডুৱে কয় যে এসময়ত অনুন্নত বুলি গণ্য কৰা এই অঞ্চলটোৱে এতিয়া দ্ৰুত বিকাশ আৰু উন্নয়নৰ সাক্ষী হৈছে ।

উত্তৰ-পূৰ্বাঞ্চলত তেওঁ ঐতিহাসিক পৰিৱৰ্তন বুলি বৰ্ণনা কৰা এই যাত্ৰা আৰম্ভ কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতিত্ব দিয়ে । খাণ্ডুৱে কয় যে অসমে অনুন্নত ৰাজ্যৰ পৰিচয় ত্যাগ কৰি নিজকে প্ৰযুক্তি আৰু উদ্ভাৱনৰ এক গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে । লগতে তেওঁ ৰাইজক এই উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হ’বলৈ আহ্বান জনায় ।

তেওঁ লখিমপুৰৰ ভোটাৰসকলক বিজেপি আৰু দলটোৰ “বিকশিত অসম” তথা “বিকশিত উত্তৰ-পূৱ” গঢ়াৰ দৃষ্টিভংগীক সমৰ্থন কৰিবলৈ অনুৰোধ জনায় । তেওঁ কয় যে বিজেপিক ধাৰাবাহিক সমৰ্থন জনোৱাটোৱে এই অঞ্চলটোৰ বাবে নিৰন্তৰ উন্নয়ন, অৰ্থনৈতিক সুযোগ আৰু এক উচ্চ-প্ৰযুক্তি সম্পন্ন ভৱিষ্যত নিশ্চিত কৰিব ।

ইফালে নাওবৈচা সমষ্টিৰ সোনাপুৰতো অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিৰ্বাচনী প্ৰচাৰ চলায় । বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বসন্ত দাসৰ হৈ সংখ্যালঘু অঞ্চলত প্ৰচাৰ চলাই অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : আপৰ সকলো অভিযোগৰ প্ৰত্যুত্তৰ ৰাঘৱ চাড্ডাৰ; ক’লে— উদঙাই দিম প্ৰতিটো মিছা কথা

মধ্য গুৱাহাটীৰ অজাপ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ অভিযোগ

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ

মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে অসম জাতীয় পৰিষদ দলক তীব্ৰ সমালোচনা কৰি দলটোৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ পটভূমি আৰু তেওঁৰ মাতৃৰ ছ’চিয়েল মিডিয়াৰ মন্তব্যক লৈ কেতবোৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কুংকী চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰী ছিকিমৰ বাসিন্দা হোৱাত তেওঁৰ কোনো আপত্তি নাই, কিন্তু তেওঁৰ ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপে “আৱেগত আঘাত দিছে” বুলি তেওঁ অভিযোগ কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ দাবী অনুসৰি, তেওঁ ইনষ্টাগ্ৰামত নিষিদ্ধ মাংস ভক্ষণ কৰা ফটো দিছিল আৰু সনাতন ধৰ্মক প্ৰত্যাহ্বান জনোৱা মন্তব্য কৰিছিল ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অভিযোগ কৰে যে তেওঁ ছ’চিয়েল মিডিয়াত শাৰ্জিল ইমাম আৰু উমৰ খালিদৰ দৰে বিতৰ্কিত ব্যক্তিক সমৰ্থন আগবঢ়াইছিল । তেওঁ দাবী কৰে যে সুজাতা চৌধুৰীৰ পোষ্টসমূহত ‘চিকেন নেক’ কৰিডৰ সম্পৰ্কীয় মন্তব্য আৰু ভগৱান কৃষ্ণক লৈ কৰা মন্তব্যই ধৰ্মীয় বিশ্বাসত আঘাত হানিছে ।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই অভিযোগ কৰে যে তেওঁ পাকিস্তান সঁচাকৈয়ে ভাৰতৰ শত্ৰু নেকি তাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল, যিটো এক উদ্বেগৰ বিষয় । তেওঁ কয় যে এনে স্থিতিৰ বাবে প্ৰাৰ্থীসকলৰ পটভূমিক লৈ গুৰুতৰ প্ৰশ্নৰ সৃষ্টি হৈছে ।

এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈক মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক এই বিষয়টো লক্ষ্য কৰিবলৈ আৰু কুংকী চৌধুৰীৰ মাতৃৰ নামত থকা ছ’চিয়েল মিডিয়া প্ৰফাইল তথা মন্তব্যসমূহ পৰীক্ষা কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : মমতাৰ দুৰ্গত বিজেপিৰ শক্তি প্ৰদৰ্শন, অমিত শ্বাহৰ উপস্থিতিত মনোনয়ন দাখিল শুভেন্দু অধিকাৰীৰ

মমতাৰ দুৰ্গত বিজেপিৰ শক্তি প্ৰদৰ্শন, অমিত শ্বাহৰ উপস্থিতিত মনোনয়ন দাখিল শুভেন্দু অধিকাৰীৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ভৱানীপুৰ বিধানসভাৰ আসনৰ বাবে দলৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে মনোনয়ন দাখিল কৰে

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে । ইফালে, বৃহস্পতিবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ভৱানীপুৰ বিধানসভাৰ আসনৰ বাবে দলৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে মনোনয়ন দাখিল কৰি নিৰ্বাচনী যুঁজখন অধিক আকৰ্ষণীয় কৰি তোলে ।

ভবানীপুৰ বিধান সভা সমষ্টিত শুভেন্দু অধিকাৰীৰ সৈতে ৰোডশ্ব’তো অংশ লয় অমিত শ্বাহে । পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি অধিকাৰীক মনোনয়ন যাত্ৰাত সংগ দি অমিত শ্বাহে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৰাজনৈতিক দুৰ্গত নিজৰ শক্তি প্ৰদৰ্শন কৰে ।

গৃহমন্ত্ৰী অমিত শ্বাহে এক্সত তেওঁৰ ৰোডশ্ব’ৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে ভৱানীপুৰত হোৱা ব্যাপক ভিৰ বংগৰ পৰিৱৰ্তনৰ প্ৰতীক । তৃণমূল কংগ্ৰেছ চৰকাৰ উৎখাত হোৱাটো নিশ্চিত । তেওঁ কয় যে বংগত মমতা বেনাৰ্জী চৰকাৰৰ তুষ্টিকৰণ অন্ত পৰাৰ দিশত, এইবাৰ বংগত  পদুম ফুলিব ।

সমাৱেশত ভাষণ দি অমিত শ্বাহে কয়, “মমতা বেনাৰ্জীক বিদায় দিবলৈ সমগ্ৰ বংগ সাজু । শুভেন্দু দাই নন্দিগ্ৰামৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে । মই তেওঁক ক’লো যে কেৱল নন্দিগ্ৰাম নহয়, আমি মমতা বেনাৰ্জীৰ ঘৰুৱা খেলপথাৰত গৈ তেওঁক পৰাস্ত কৰিব লাগিব । মমতা বেনাৰ্জীয়ে বংগত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল, কিন্তু তেওঁ নন্দীগ্ৰামত শুভেন্দু দাৰ বিৰুদ্ধে নিৰ্বাচনত পৰাস্ত হৈছিল । এইবাৰ সমগ্ৰ বংগত আৰু ভৱানীপুৰতো মমতা বেনাৰ্জী পৰাস্ত হ’ব ।”

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, “সকলোতে কেৱল এটাই মাত: এই চৰকাৰখন সলনি কৰক । মমতা বেনাৰ্জীক বিদায় দিয়ক । আজি সমগ্ৰ বংগৰ জনসাধাৰণে তুষ্টিকৰণ, তৃণমূল কংগ্ৰেছ কৰ্মীৰ গুণ্ডাগিৰি, মহিলাৰ নিৰাপত্তাহীনতা আৰু বংগৰ জনগাঁথনি সলনি কৰা অনুপ্ৰৱেশৰ পৰা বিৰক্ত হৈ পৰিছে । দৈনিক বোমা বিস্ফোৰণ আৰু বন্দুকৰ গুলী, যুৱ নিবনুৱা সমস্যা আৰু মমতা বেনাৰ্জীয়ে সৃষ্টি কৰা দুৰ্নীতিৰ অভিলেখত তেওঁলোক বিৰক্ত হৈছে ।”

তেওঁ কয়, “সমগ্ৰ বংগৰ জনসাধাৰণে দাবী জনাইছে যে মহান পশ্চিমবংগৰ ভিতৰত পৰিৱৰ্তন হওক । ইয়াত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন কৰা উচিত । পশ্চিম বংগৰ সীমান্ত ছীল কৰি পশ্চিম বংগ আৰু সমগ্ৰ দেশৰ অনুপ্ৰৱেশকাৰীক নিৰ্বাচিতভাৱে বহিষ্কাৰ কৰা উচিত ।”

ইফালে ভৱানীপুৰ সমষ্টিৰ পৰা শুভেন্দু অধিকাৰীৰ মনোনয়ন দাখিলৰ সময়ত বিজেপি আৰু টিএমচিৰ কৰ্মীৰ মাজত সংঘাতৰ সূত্ৰপাত হয় । বৃহস্পতিবাৰে বিয়লি হাজৰা ক্ৰছিঙৰ পৰা অমিত শ্বাহ আৰু শুভেন্দু অধিকাৰীয়ে আৰম্ভ কৰে ৰোড শ্ব’ । তেওঁলোকৰ সৈতে দলৰ ৰাজ্যিক সভাপতি সমীক ভট্টাচাৰ্য উপস্থিত থাকে । ভৱানীপুৰৰ বিভিন্ন প্ৰান্তৰ মাজেৰে পাৰ হৈ জৰীপ ভৱনত অন্ত পৰে এই ৰোড শ্ব’ । ইয়াৰ পিছতে অমিত শ্বাহৰ সৈতে শুভেন্দু অধিকাৰীয়ে কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে ।

লগতে পঢ়ক : বংগ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে চতুৰ্থখন প্ৰাৰ্থী তালিকা